Saturday, 27 July 2019

হিলী পুৰাণ (৩৭)

দিপালী আপাৰ একান্ত প্ৰচেষ্টাত এসময়ত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ চৌহদতে গান নাছ দুয়োটাই শিকাৰ সুবিধা পাইছিলোঁ। দিপালী আপাৰ ঘৰৰ লগত ভাল অহা যোৱা আৰু পাপাৰ লগত একেটা অফিচৰে হোৱাৰ বাবে ,আপাই পাপাৰ হতুৱাই মোকো নাছৰ ক্লাছ আৰু গানৰ ক্লাছত নাম লগাই দিছিল। প্ৰতি বৃহস্পতিবাৰে মুকুল চাৰৰ ক্লাছ আৰু দেওবাৰে গানৰ মিছৰ ক্লাছ।
ম্ই প্ৰথম যিদিনা মুকুল চাৰৰ ক্লাছলৈ গৈছিলো, চাৰে নিছলা আইৰে গানটোৰ নাছ শিকাই আছিল। ম্ই একো নাজানো ৱেই তথাপি মমি বা, জোৎ্স্নালী বাহঁতৰ লগত নাছিবলৈ লগাই দিলে। এনেই হাতদুখন মেলি মেলি নাছি আছিলোঁ, তেতিয়াই চাৰে কৈছিল পাৰিব তাই। ক্লাছৰ একেবাৰে চাৰৰ ভৰি চুই আহিবলৈ ল্ওঁতেই কপালত চন্দনৰ ফোঁট এটা দিছিল। লাহে লাহে ভাৰতনাট্যম শিকা আৰম্ভ কৰিলোঁ, সৃষ্টিমূলক নৃত্য্ও শিকাই চাৰে। বিহুৰ বতৰত বিহু নাচিবলৈও ক্য় প্ৰতিযোগিতাবোৰত। সৃষ্টিশীল নৃত্যৰ যিবোৰ ষ্টেপ চাৰে শিকাইছিল, সেইবোৰেই যেন state of the art মোৰ বাবে। প্ৰতিযোগিতা দুটামানত নাচি প্ৰাইজ পোৱাৰে পৰা মনটোও ভাল লগা হ'ল। চাৰে যি টি গানৰ নাছ শিকোৱাও নাছিল। জ্যোতি সংগীত, ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত বেছিভাগতেই আমাক চাৰে নাচিব শিকাইছিল।  অদিতি বা আৰু পৰিস্মিতা বাক  ভাৰতনাট্যমৰ তিল্লানা আদিত নাচি থকা দেখি দেখি আমাৰ সৰুবোৰৰ ষ্টেপবোৰ মুখষ্ট্ই হৈ গৈছিল।

অদিতি বাক সাগৰ সংগম গানটোত নাচি থকা দেখি ময়ো ঘৰলৈ আহি পাপাক গাবলৈ দি ঘৰৰ ড্ৰয়িং ৰুমতে নাচিছিলোহি। আমাৰ ঘৰত নাচ প্ৰেক্টিছ কৰিবলৈ ডাঙৰ মুকলি ঠাই নাছিল। গডৰেজৰ আইনাৰ সন্মুখত নিজকে চাই চাই প্ৰেক্টিছ কৰিছিলোঁ। প্ৰেক্টিছ কৰি কৰি কাণফুলিও হেৰুৱাইছিলোঁ দুবাৰমান।

ম্ই বৰ সময়মতে কাম কৰা মানুহ আছিলোঁ। ক্লাছ যদি থাকে ৪ টাৰ পৰা ম্ই ৩.৪৫ তেই পাওঁ গৈ। কিন্ত্ত কোনো নাহে, ৰৈ ৰৈ আমনি লাগে। কেতিয়াবা চাৰ আহিব নোৱাৰিলে এনেই যোৱা নিছিনা হয়। কেতিয়াবা অদিতি বাৰ ঘৰতে বহি থাকোঁ। আমাৰ ক্লাছ হৈছিল পুৰনি ছাত্ৰ জিৰনি চৰাটোত। কেতিয়াবা তাৰ বাৰান্দাতে বহি থাকিছিলো। সন্ধ্যা ৭ টামানত ক্লাছৰ পৰা অহাৰ পিছত খুব ভৰি বিষাই। মায়ে গালি দিয়ে, ইমান গাৰ ভৰ  ভৰিটোতে দি দি কিয় নাছ বুলি। পাপাই ধুনীয়াকৈ ভৰি মালিচ দি দিয়ে। ধুনীয়াকৈ টোপনি আহে।

সেই নাচৰ ক্লাছৰ পৰাই বহুতকে চিনি পালোঁ। জিংকী, অদিতি বা, পৰিস্মিতা বা, মমি বা, জোৎ্স্নালী বা, চুমন বা, তৰ্পনা বা। এইয়া কেৱল আমাৰ ক্লাছৰহে। চাৰৰ বেলেগ ত হোৱা ক্লাছবোৰৰো বাহঁত, লগৰবোৰ। পৰী বা , বৰ্নালী, বন্দিতা, জিংকী, জুন্মী ,একুইন বা সৱেই বিহু ইমান ধুনীয়াকৈ নাচিছিল। এ্ই নাচৰ ক্লাছৰে চিনাকি বহুতবোৰে একেলগে চল্টব্ৰুকটো পঢ়িছিলোঁ।

নাচ শিকা পৰ্বটোতে ইমান মানুহ লগ পালোঁ, সকলোবোৰেই নিজেই নিজৰ প্ৰচেষ্টাৰে সফল। ভাৱিলে ভাল লাগে।

পিছলৈ গানৰ ক্লাছৰ কথা লিখিম। আজিলৈ সামৰিছো।

হিলী

হিলী পুৰাণ (৩৮)

হিলী পুৰাণ (৩৮)

সৰুৰে পৰা বহুত মানুহৰ সান্নিধ্য ই পাইছো। কেইজনমানৰ সৈতে এতিয়াও সুসম্পৰ্ক আছে, কেইজনমান হয়তু এতিয়া আৰু নাই, কেইজনমানৰ লগত হয়তু দেখা সাক্ষাতো নাই। কিন্তু তেখেতসকলৰ বাবেই যে কিমান স্মৰণীয় আৰু ধুনীয়া সেই সময়বোৰ আছিল।

সৰুৰেপৰা দাদাৰ কাপোৰবোৰ পিন্ধি বয় কাট চুলিৰে গোটেইটো ম্ই ল'ৰাই। বিশ্ববিদ্যালয়ৰ মাৰ্কেটৰ দোকানীবোৰে যি টি নামেৰে মাতে। মা্ইনা বুলিও মাতে । পিচিঅ, মাংসৰ দোকান, শাক পাছলি দোকানৰ দাদাবোৰ এতিয়া সৱ সলনি হ'ল।  এতিয়া মাইনা বুলি মাতা মানুহ মাৰ্কেট খনত চাগে নায়েই।

আমাৰ ঘৰত গাখীৰ দিবলৈ এজন বয়সীয়াল ব্যক্তি আহিছিল । নাম মছুৱা। ভঙা ভঙা অসমীয়াৰে বিহাৰী মানুহজনে মাক দূৰৈৰ পৰা ববুৱানী বুলি মাত লগাইছিল। তেখেত সদায় নাহিছিল। বহুত দিনৰ মূৰত গাখীৰে দৈয়ে গোটেইসোপাই দি যায়হি। আজি কথা প্ৰসংগত তেখেতে দিয়া গাখীৰ, দৈলৈ মনত পৰিল। মায়ে নোকোৱা হ'লে কিজানি তেখেতৰ কথা ম্ই অতি শীঘ্ৰে পাহৰিলোঁৱেই হয়।

সদায় ঘৰত গাখীৰ দিবলৈ অহা ৰাজু দাদা, শংকৰ দাদাক মায়ে কথা এষাৰ নপতাকৈ যাবলৈ দিয়া নাছিল। সন্ধ্যা পঢ়াৰ পাতৰ পৰা উঠি গৈ হ'লেও ম্ই মা আৰু তেওঁলোকৰ আলোচনা শুনিবলৈ গৈছিলোঁ।

এনেকুৱা সৰু সৰু বহুত কথাই লিখিবলৈ আছে। লিখি আছোঁ অতি শীঘ্ৰেই।

হিলী।
২৬/০৪/২০২০

Monday, 8 July 2019

হিলী পুৰাণ (৪৪)

হিলী পুৰাণ (৪৪)

মেট্ৰিকৰ ৰিজাল্ট পোৱাৰ দিনটো চাগৈ সকলোৰে জীৱনৰ একোটা স্মৰণীয় দিন। সেইদিনটোৰ কথা মোৰ আজিও মনত আছে, ৰিজাল্ট নোপোৱালৈ থকা উৎসুকতা আৰু ভয়।পকাতে বহি সন্ধিয়া টিভিটো চাই থাকোঁতেই ঘপককৈ শুনা পালোঁ আমুক তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব। জীৱ কপিঁ গ'লগৈ। চিঞঁৰি ঘৰত খদম দম লগাই দিলোঁ আৰু লগে লগে প্ৰশ্নকাকতখিনি আনি হিচাপ কৰিছিলোঁ, ক'ত কিমান পাম। সৱতে একেবাৰে কম কম নম্বৰ ধৰি হিচাপ কৰিছিলোঁ যাতে পিছত মনটো বেয়া নালাগক।দাদাক এজনে কৈছিল ভন্টিয়ে আৰামছে ইমান শতাংশ নম্বৰ পাব। ম্ই নাজানোঁ কিয় ১৬ নম্বৰত ষ্টেন্ড কৰিবলৈ পঢ়িছিলোঁ নাজানোঁ যিটো সময়ত আনে ১ নম্বৰটো হ'বলৈ চেষ্টা কৰিছিল। দিন ওচৰ চপাৰ লগে লগে চকুৰ টোপনি হৰিল। কিন্তু মনত বিশ্বাস আছিল ৮০ শতাংশৰ ওপৰতে থাকিব ৰিজাল্ট কিন্তু পৰীক্ষকসকল বা কেনে পৰিল ভাৱি আকৌ ভয় খাইছিলোঁ। অৱশেষত ৰিজাল্ট দিয়াৰ দিনটো আহিল।তেতিয়াৰ  দিনত আজিৰ দৰে উন্নত ইন্টাৰনেট সেৱা নাছিল। গতিকে ৰিজাল্ট ল'বলৈ দাদাই আৰু ম্ই গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত থকা ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰিবলৈ গৈছিলোঁ, মোক লগত নিবলৈ মায়ে মানা কৰিছিল যদিও দাদাই লৈ গৈছিল। তাত পৰ দিয়াৰ বহুসময়ৰ পাছতো যেতিয়া একো খবৰ নাপালোঁ দাদাই ময়ে আকৌ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাৰ্কেটৰ চাইবাৰ কেফেলৈ আহিলোঁ। মানুহৰ ভিৰ। ভিতৰলৈ সোমাব নোৱাৰ অৱস্হা। দাদাৰ চিনাকি বাবে সি ঠেলা হেচাঁৰ মাজতো গৈ মোৰ ৰিজাল্টটো চাই দিলে। পাচঁখন চিঠি আৰু ডিষ্টিংচন।কোনে পাই মোক। দাদাই ক'লে- যা ঘৰলৈ ম্ই গৈ আছোঁ। সি আকৌ মোৰ লগৰবোৰৰ ৰিজাল্ট চাবলৈ ভিতৰলৈ সোমাল কেফেৰ। ম্ই আনন্দৰে খোজ ল'লো ঘৰলৈ। মনত আচৰিত ফূৰ্তি।

আমাৰ ঘৰটোৰ এখন খিৰিকীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাৰ্কেট খন দেখিয়ে থাকি। সেইদৰে বাহিৰৰ পৰাও ভিতৰখন দেখি পাই পৰ্দা আতঁৰাই থ'লে। দূৰৈৰ পৰাই দেখিলোঁ পাপা আৰু মাক বহি থকা। ঘৰ পাবলৈ অলপ থাকোঁতেই পাপাৰ অফিচতে কাম কৰা চিনাকি খুৰা এজনে পালে। তেওঁ ৰাস্তাৰ ইটো পাৰে  আছিল বাবে আকাৰ ইংগিতেৰেই ৰিজাল্টটো ক'লো। তাৰ পিছত ৰাস্তা পাৰ হৈয়েই ঘৰলৈ লৰ মাৰিলোঁ। বাৰান্দাত সৌৱা মা। মাক ৰিজাল্ট কোৱাৰ লগে লগে সাৱতি এষাৰেই কৈছে-' যা হ্ওঁক , ছল্টব্ৰুকত আৰামত চিট পাবি'। পাপাই আকৌ কৈছিল -'ত্ই দুটাত পাবি বুলিহে ম্ই sure আছিলোঁ। আশা কৰাতকৈ বহুত ভাল ৰিজাল্ট।'  ছল্ট ব্ৰুক একাডেমীত পঢ়াৰ মোৰ সপোনটো যে পূৰ্ণ হ'ব তাকে ভাৱি সেইদিনা মোৰ টোপনিয়েই অহা নাছিল।

ছল্টব্ৰুকত পঢ়িম বুলি যিদিনা ফৰ্ম আনিবলৈ গৈছিলোঁ, ডিব্ৰুগড়ৰ পৰা স্হান লাভ কৰা বহুকেইজনক লগ পাইছিলোঁ। মনে মনে ভয় খাইছিলোঁ পাৰিমনে বাৰু একেলগে পঢ়িবলৈ। এডমিছন লোৱাৰ দিনাও আৰু ভাল ৰিজাল্ট ভাল কৰা ল'ৰা ছোৱালীবোৰ মুখ মেলি চাইছিলোঁ, ইমান চোকা ল'ৰা ছোৱালী বুলি। সেইদিনাও টোপনি অহা নাছিল।

প্ৰথম ছল্টব্ৰুকত ক্লাছ কৰাৰ দিনাও টোপনি আহা নাছিল। কি কৰিম কেনেকৈ পঢ়িম উৎকণ্ঠাত।

ছল্টব্ৰুকৰ কাহিনী আছে। পাছেপৰে লিখিম ভালকৈ। আজিলৈ সামৰিছো।

হিলী

Tuesday, 25 June 2019

হিলী পুৰাণ (৩৬)

হিলী পুৰাণ (৩৬)

চাইকেলত গাৰু বান্ধি স্কুললৈ নিয়া, মিলননগৰৰ ককাৰ ঘৰলৈ নিয়া, টিউচনলৈ নিয়া সকলো কাম পাপাই কৰিছিল মোৰ লগত। ৰংঘৰ বনোৱা হোৱাই নাছিল তেতিয়া, পিএনজিবি হোস্টেলৰ কাষেৰে জালানৰ বাগানৰ মাজেৰে মিলননগৰলৈ যোৱা ৰাস্তাৰে বহাগৰ ৰ'দত চাইকেলত উঠি মিলননগৰৰ পৰা অহা যোৱা কৰাৰ দিনা সুধিছিলো ৰংঘৰ প্ৰেক্ষাগৃহটো কেতিয়া বনাই হ'ব। তেতিয়া পাপাই কৈছিল কিবা ফান্দৰ প্ৰব্লেম হোৱাৰ কথা। চাইকেলখনতেই আমি কিমান কথা পাতিছিলো ঠিকনা নাই। সকলো কথা মনত নাই, কিন্তু অনৰ্গল পাতিছিলো। স্কুটিটো একেই। বতাহে দিগদাৰ কৰিলেও কথা পাতিব এৰা নাছিলোঁ। তেনেকুৱা এটা দিনতেই কৈছিল ম্ই হেনো পাপাৰ সোঁহাত। ম্ই ঘৰৰ পৰা হোষ্টেল আহিলে হেনো বহুত কথাই পাতিব থাকি যায়। ঘৰত থকাৰ দিনকেইটাত ম্ই বনোৱা খানা খাই তেওঁ ভাল পাইছিলে, কিয়নো ভাত দাইল ভাজিৰ বাদেও কিবা খুচখুচীয়া পাপৰ, পকৰী বনাই খোৱাইছিলো। পকৰীটোক বৰ বুলি কৈছিল পাপাই। বেলেগ বেলেগ বস্তু বনাই খোৱালেও পাপাই ভাল হৈছে বুলিয়ে কৈছিল। মায়ে অলপ ঠেহ পাতি জীয়েকে বনোৱা ভাল বুলি ক'ব্ই বুলি কৈছিল। গুৱাহাটী হ্ওক তেজপুৰ, বাছত উঠাবলৈ পাপাই যাব্ই। ঘৰৰ পৰা অকলে বাছ স্টেন্দ যাবলৈ কেতিয়াও নিদিছিল। চৌকিদিঙি বাছষ্টেন্দত গাড়ীত উঠাই গাড়ী নোযোৱালৈকে ৰৈ থাকিব। গাড়ী যোৱাৰ পাছতহে ঘৰলৈ যাব। ঘৰলৈ যাবলৈ ক'লেও সোনকালে নাযায়। জ্যোতিবাটচৰালৈকে স্কুটি লৈহে থ'ব আহে। চিকিউৰিটি থকা ঘৰটোতে বহি চাই থাকিব।  বাছত যদি টিকট নাপাও, ঘৰৰ গাড়ী লৈ থৈ আহিবলৈ বুলি গাড়ীৰ ড্ৰাইভাৰ বিছাৰি নোপোৱালৈ শান্তি নাই। মাইনাৰ লগত যাম বুলি সদায় দাড়ি চুলি কটোৱাই ৰং কৰাই ৰেডী।

আমি ধেৰ  কথা পাতিছিলো। ডাঠকৈ গাখীৰ চাহ একাপ একাপ লৈ দুয়োটাই ক'ৰ ক'ৰ কি কথা পাতিছিলো ঠিক নাই। সদায় শুৱাৰ সময়ত পাপাই ফোন কৰিছিল। বিশেষ কথা নাথাকিলেও ভাত খোৱা শাক খোৱা কথাকে পাতিছিলো। কেতিয়াবা মনটো গধুৰ লাগিলেও এনেও পাপাৰ মাতটোকে শুনিবলৈ পাম বুলি ফোন কৰিছিলোঁ।

এতিয়াও ফোনটো যেন কৰিম, কথা পাতিম বহুত, তেনেকুৱা লাগিলেও যে উপাই নাই।

I miss you Papa. A lot.

Saturday, 15 June 2019

হিলী পুৰাণ (৩৫)

আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিজ্ঞান(ফাৰ্মাচিউতিকেল) বিভাগত এটা নৰ কংকাল আছিল। এতিয়া আছেনে নাই নাজানোঁ। সেই কংকালটো আছল নে নকল আছিল সেইটোৱো নাজানোঁ কিন্তু সৰুতে সেইবিধ আছল বুলিয়েই ভাৱিছিলোঁ। সেই মহাশয়/মহাশয়া গৰাকীক এখন খিৰিকীৰ কাষত ৰাখিছিল। খিৰিকীখন ৰাস্তাৰ কিনাৰতে আছিল। গতিকে আহোঁতে যাওঁতে তেখেতৰ দৰ্শন পাবৰ বাবে আমি পোৱালীমখাই জপিয়াব লগা হৈছিল। বহু কষ্টৰ মূৰতহে তেখেতৰ দৰ্শন পোৱা হৈছিল। এতিয়া পিছে তেখেত সেই বিশেষ খিৰিকীখনৰ কাষত নাথাকে। বোধহয় কেনিবা গ'ল। আজিকালি সেই খিৰিকীখনৰ কাষেদি গ'লে  তেখেতক দেখি পোৱা নাযায়।

হিলী

Tuesday, 23 April 2019

Stories to be in my book....: হিলী পুৰাণ (৩৪)

Stories to be in my book....: হিলী পুৰাণ (৩৪): হিলী পুৰাণ (৩৪) আমি থকা কোৱাৰ্টাৰবোৰত ৰানিং ৱাটাৰৰ সুবিধা নাছিল। টিউৱবেলৰ পানীয়েই সকলো। ঘৰৰ পাছফালৰ বাৰান্দাৰ কাষতে টিউৱবেলটো আছিল। তাৰ পাৰ...

Stories to be in my book....: চাইকেল......

Stories to be in my book....: চাইকেল......: চাইকেল খন যেন আমাৰ মধ্যবিত্ত মানুহখিনিৰ চালিকা শক্তি। গাড়ী নথকা মানুহখিনিৰ Status symbol আছিল scooter খন। সেইখনো নথকা মানুহখিনিৰ চাই...

Monday, 15 April 2019

হিলী পুৰাণ (৩৪)

হিলী পুৰাণ (৩৪)

আমি থকা কোৱাৰ্টাৰবোৰত ৰানিং ৱাটাৰৰ সুবিধা নাছিল। টিউৱবেলৰ পানীয়েই সকলো। ঘৰৰ পাছফালৰ বাৰান্দাৰ কাষতে টিউৱবেলটো আছিল। তাৰ পাৰলৈ যোৱা পকা ৰাস্তাটোৰ বাদে বাকীখিনি মাটি দি ওখ কৰি লোৱা আছিল। টিউৱবেলৰ পাৰলৈ যোৱা ৰাস্তাটোৰ
লগতে আশে পাশে মাটি তুলি ওখ কৰি লোৱা ঠাইখিনিৰ ওপৰত টিনপাট আৰু চাৰিওকাষ বাহঁৰ চকুৱাৰে আবুৰ কৰি লোৱা গৈছিল। বৰষুণৰ দিনত কাপোৰ মেলা, শুকান খৰি ৰখা সকলোবোৰ কামেই তাত কৰা হৈছিল। ধুমুহা বৰষুণ আহিলে টিন উৰোৱাই ক'ৰবাত পেলাইগৈ। আমি তিতি তিতি টিউৱবেলৰ পাৰলৈ যাব লগা হয়। ফূৰ্তি এটাও হয়, আমনিও লাগে পিছে । কেতিয়াবা কেতিয়াবা টিন এচলা আতৰাই ঠাইকণ শুকাই টনটনীয়াও কৰা হৈছিল। মায়ে বৰষুণৰ দিনত পানী বাল্টিত গোটাই থয়, কাপোৰ ধুবলৈ। যিহেতু আমাৰ ঘৰকেইটা পুৰাণা আছিল, বৰষুণ দিলে ক'ৰবাত ক'ৰবাত পানীও পৰিছিল। সেই ঠাইকিটাত বাচন এটা এটা থৈ দিছিলোঁ। পানীৰে ওপছি পৰিলে পানীখিনি বাহিৰত পেলাই আকৌ বাচনটো তাতে পাতি থোৱা গৈছিল। কেতিয়াবা মজিয়াত চিটিকি পৰা পানীখিনিত পিছলি পৰীলে ওলোটাই মাৰ পৰা ম্ই হে গালি খাইছিলোঁ, পকা ঘৰত কিহৰ পিছল খাই পৰ বুলি‌। সেই ঘৰটো তেনেই অকণমানি আছিল, কিন্তু প্ৰয়োজনীয় সকলো বস্তুয়েই আছিল। সেইটো ঘৰৰ পৰা মিলননগৰৰ ঘৰটোলৈ বস্তু নিওতে মানুহে কৈ গৈছিল, এইটি ঘৰতেই ইমান বস্তু আছিলনে। সেইখিনি বস্তুৰেই মিলননগৰৰ ঘৰো ঠাহ খাই গৈছিল। এতিয়া থকা ঘৰটোতো সেই একেবোৰেই বস্তু কিন্তু এতিয়া অলপ আহলবহলকৈ থাকিব পৰা গৈছে। নতুন বস্তু লৈ সজাবলৈ মন যায়, পিছে পুৰণিবোৰ বেছিবলৈও মন নাযায়। সেই পুৰণি দাইনিংখন এতিয়াও আছে। ডিভানখনো আছে। টিভিটোও, ফ্ৰিজটোও, চিলাই মেচিনটোও আছে। পটকৈ নতুন বস্তু লোৱাৰ আগতে চিন্তা, পুৰণিটো কি কৰোঁ। বেছিবলৈও পটকৈ সুবিধা নিমিলে। এলাহো লাগে, গতিকে কেতিয়াবা কিছুমান বস্তু দুটাই হৈ যায় কিছুমান ঘৰতে। এতিয়া আমাৰ ঘৰতে দুটা টিভি। এতিয়া এই দুটাৰ সলনি বেলেগ এটাৰ কথা চিন্তা চৰ্চা হৈ আছে , দেখা যাওঁকচোন কি হয়গৈ।

হিলী
ৰজাভেটা

Tuesday, 9 April 2019

হিলী পুৰাণ (৩৩)

ইংৰাজীত কথা পাতিব যে পাৰিম কেতিয়াবা সপোনৰো অগোচৰ আছিল। কোনোমতে কেতিয়াবা ক'বলৈ চেষ্টা কৰিলেও গ্ৰামাৰ ভুল হোৱাৰ ভয়তে মাতেই নুলাইছিল। আৰু ক'লেই খৰকৈ মুখৰ ভিতৰতে কৈ থৈ দিওঁ আৰু কোনোৱে নুবুজে। দাদাৰ লগত কিবাকিবি পাতিছিলো যদিও মনৰ ভয় আতঁৰাবলৈ সম্ভৱপৰ হোৱা নাছিলোঁ। মেট্ৰিক পৰীক্ষা দি উঠি যেতিয়া টিউছনবোৰলৈ যোৱা আৰম্ভ কৰিছিলোঁ, তেতিয়া লাহে লাহে এটা এটাকৈ সম্পূৰ্ণ বাক্য কোৱাৰ চেষ্টা কৰিছিলোঁ। কোনোবাই কোনোবাই কৈছিল, বাহ্ ইংলিছত হে কোৱা হৈছোঁ দেখোন, কিন্তু বিশেষ কাণসাৰ নিদি চেষ্টা অব্যাহত ৰাখিছিলোঁ। মোৰ ভুল শুনি হাঁহি নিদি ক'বলৈ উৎষাহ দিয়া স্নেহা আৰু ডলীলৈ ম্ই আজিও ঋণী । ভাস্কৰ চাৰৰ ঘৰৰ টিউছনৰ প্ৰথম দিনটোত প্ৰথম লগ পোৱা স্নেহা আৰু ডলীয়ে যদি মোক সেইদিনা উৎসাহ নিদিলে হয় ম্ই চাগৈ কাৰোবাৰ আগত ইংৰাজীত কথা পাতিবলৈ এতিয়াও সংকোচ কৰিলোঁ হেতেন।

চিচিলী মেম , ম্ই জীৱনত প্ৰথমবাৰৰ বাবে সকলোৰে আগত ইংৰাজীত কথা কৈছিলো আপোনাৰ ক্লাছত। আমিবোৰে অল্টাৰনেটিভ ইংলিছ লোৱা নাছিলোঁ, কিন্তু সেইদিনা আপুনি আমাকো অল্টাৰনেটিভ ইংলিছৰ ক্লাছৰ বুলি ভাৱি তাৰেই এটা chapter
বুজাবলৈ লৈছিল। ম্ই সেইটোকে আপোনাক ভুলে শুদ্ধকৈ কৈছিলোঁ। আপুনি বুজা নাছিল। বাকী ক্লাছৰ বেলেগ ল'ৰাছোৱালীয়ে বুজাই দিছিল ম্ই কি কৈছোঁ। ম্ই বহুত ভয় খাইছিলোঁ, আপুনি টানকৈ ক'ব বুলি। কিন্তু আপুনি একো নকৈ ধুনীয়াকৈ মোক বহিবলৈ কৈ বেলেগ topic পঢ়াবলৈ আৰম্ভ কৰিছিল। সেইটোদিনৰ পৰা ম্ই লাহে লাহে ইংৰাজীত কথা ক'বলৈ ভয় নকৰা হৈছিলোঁ।

বিটেক্ ডনবস্কোত পঢ়িবলৈ গৈ প্ৰথমে ইংৰাজীত সকলো কথা ক'বলৈ খোকোজা লাগিছিল। কিন্তু সকলোৰে সহায় আৰু উৎসাহত বহুতখিনি শুধৰণি হৈছিল।  আজিকালিও বৰ ফৰফৰাই ক'ব নোৱাৰো যদিও কাম চলাই দিব পৰা হৈছোঁ।
যিখিনি ক'ব পৰা হৈছোঁ একমাত্ৰ মোৰ আশে পাশে থকা ভাল মানুহখিনিৰ চেষ্টা আৰু উৎসাহৰ বাবেই।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Saturday, 9 February 2019

হিলী পুৰাণ (৩২)

জীৱনত প্ৰথমবাৰ ষ্টেজত উঠিছিলোঁ, ক্লাছ থ্ৰি মানত পঢ়ি থাকোঁতে। সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত। মাৰ গুলপীয়া ৰঙৰ কাপোৰযোৰ পিন্ধি ৰৈ ৰৈ কেতেকী বিনাই অ' গানটোত নাচিছিলো।  ভয়তে নে নাৰ্ভাছ হৈ নাছি থাকোঁতেই মুখ শুকাই গৈছিল। সেইবাৰ একো প্ৰাইজ পোৱা নাছিলোঁ কিজানি কিন্তু ষ্টেজৰ প্ৰতি থকা ভয়টো আতৰিল। তাৰপিছত য'তেই যাব পাৰিছিলোঁ বা মাহতঁৰ সময় মিলিছিল মোক লৈ গৈছিল প্ৰতিযোগিতাবোৰলৈ। সৱতে প্ৰাইজ নাপালেও মায়ে মোক লৈ যাবলৈ এৰা নাছিল। আমাৰ পৰীক্ষাৰ দিনাহে মুকুল চাৰৰ বেলেগ বেলেগ স্কুলৰ ছোৱালীবোৰ লগ পাইছিলোঁ। সেইদিনাহে বহুত ছোৱালীৰ লগত চিনাকি হৈছিলোঁ যদিও ম্ই বৰ স্মাৰ্ট নাছিলোঁ । ইমান মিলিব পৰা নাছিলোঁ। তাৰ এটা অন্যতম কাৰণ আছিল সিহঁত সকলোবোৰেই ইংৰাজী মাধ্যমত পঢ়া, গোটেইবোৰেই ইংৰাজীতেই পাতে কথা। মোৰ অভ্যাস নাই ইংৰাজীত কথা পতা। অলপ হীনমন্যতাটো ভোগিছিলো চাগৈ তেতিয়া। কিন্তু সেই নাচৰ ক্লাছৰ চিনাকি কিছুসংখ্যক ছোৱালীতকৈ যেতিয়া ভাল পাৰচেন্টেজ লৈ চল্টব্ৰুকত এডমিছন লৈছিলোঁ তেতিয়া মনৰ বহুত হীনমন্যতা আতৰিছিল।

নৱবৰ্ষৰ বাবে কৰা প্ৰগেমটোৰ কথা এতিয়াও মনত আছে। সেই নাছটোৰ বাবে বহুত ঠাইৰ পৰা চাৰে নিমন্ত্ৰণো পাইছিল। আমিও ভাল পাইছিলোঁ গৈ বেলেগ বেলেগ ঠাইত নাছিবলৈ গৈ। সেইটো নাছিবলৈ যে জামিৰাৰ বিহুতলিলৈ বোকা ৰাস্তাত কেনেকৈ কোনোমতে আন্ধাৰে মুন্ধাৰে গৈ  টিউৱেলৰ পানীত ভৰি ধুই তুহঁঢলা ষ্টেজত নাচিছিলো এতিয়াও মনত আছে।আৰু এটা প্ৰগেমৰ টিভিৰ প্ৰগ্ৰেমৰ বাবে শ্ৱুটিং হৈছিল ৰাধা কৃষ্ণ মন্দিৰত। কিন্তু মোক সমস্ত ইউনিটৰ আগত যেতিয়া চাৰে বাৰে বাৰে মোক গালি দি অপদস্ত কৰিছিল বেলেগ/ভুল ষ্টেপ দিয়াৰ বাবে , ম্ই কান্দি কান্দি শ্ৱুটিং শেষ নকৰাকৈ উভতি আহিছিলোঁ। সেইখিনি হৈছিল এইটো কাৰণেই যে আমাৰ নাচৰ স্কুলত শিকোৱা ষ্টেপখিনি  চাৰে বাকীখিনি ছোৱালীক শিকোৱাতকৈ অলপ বেলেগ আছিল। মায়ে তথাপি মোক আকৌ কলৈকো নিনিও বুলি কোৱা নাছিল। সেইবাৰেই ইণ্ডিয়া ক্লাৱত পতা বছেৰেকীয়া প্ৰগেমত একেবাৰে আগত মাজত ৰৈ নাচিবলৈ সুবিধা পালোঁ আৰু প্ৰগেমৰ শেষত যেতিয়া সকলোৱে মোৰ ভাল হৈছিল বুলি কৈছিল মনটো সছাঁকৈ বহুত ভাল লাগিছিল।

মোৰ মায়ে মোক কেতিয়াও নিজকে সৰু বা কম বুলি ভাৱিবলৈ শিকোৱা মোৰ মনত নপৰে। মোৰ আজিও মনত আছে ছল্টব্ৰুকত এডমিছন লোৱা দিনটোলৈ। গৰমৰ দিন। ৰ'দ আৰু বৰষুণ, দুয়োটাৰে বাহাৰ। পাপা আৰু ম্ই ৰিক্সাত উঠি ছল্টব্ৰুক পোৱালৈ বৰষুণত জিপজিপীয়া হৈছিলোঁ, ইফালে কলেজৰ মুখত গাড়ীৰ লানি। ৰিক্সাত যোৱাৰ কাৰণে মোৰ মনটো আকৌ মনটো সেমেকা হৈছিলেই। এডমিছন লৈ আহি যেতিয়া মাক কৈছিলোঁহি যে সৱেই গাড়ী আনিছে আমি হে তিতিবুৰি গৈছোঁ, তেতিয়া মায়ে সুধিছিল, তহঁতি এডমিছন লৈ আহোঁ তে গাড়ীবোৰ আছিল নে গ'ল। ম্ই ক'লো সৱ আছিলে। তেতিয়া মায়ে বুজাইছিল, চা, গাড়ী লৈ আহিলে কি হ'ল, ত্ই দেখোন তিতি বুৰি গৈও সোনকালে এডমিছন লৈও পালিহি। সেইদিনাই মোৰ ছল্টব্ৰুকত পঢ়িবলৈ মনলৈ সাহস আহিছিল আৰু গাড়ী ঘোঁৰা নাথাকিলেও আমি আনতকৈ কম নহয় বুজি পাইছিলোঁ।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Friday, 8 February 2019

হিলী পুৰাণ (৩১)

আটাইতকৈ ভাল লগা দিন সেইকিটাই আছিল, যি কেইটা দিন মা পাপাৰ লগত বজাৰলৈ গৈছিলোঁ। বজাৰলৈ যে আমি যাওঁ, মাহতঁৰ পিছে পিছে ঘুৰি ফুৰিবলৈ নহয়, দাদা আৰু মোৰ নিছা এটা পূৰণ কৰিবলৈ। টিংকল, মৌচাক, ৰাজ কমিক্চৰ নতুন সংখ্যা বোৰ কিনা আৰু পঢ়ি শেষ কৰাৰ নিছা।  ডিব্ৰুগড় নিউ মাৰ্কেটৰ হাফ এন হাফ দোকানৰ গলিটোদি সোমাই অলপ দূৰ গৈয়েই ভাৰত জুৱেৰ্লাছ বুলি এখন গহনাৰ দোকান আছিল। তাতেই সাধাৰণতে আমাৰ পৰিয়ালৰ বহুতবোৰ বস্তু বনাবলৈ দিয়া হৈছিল। তাত এখন ক'লা দীঘল কোমল চোফা আছিল। সেইখনতে দাদা আৰু মোক দুয়োটাকে বহিবলৈ দি, হাতত টকা অলপ দি থৈ যায় মা নহ'লে পাপাই। সেই টকাৰে আমি , ভাৰত জুৱেৰ্লাছ পাৰ হৈয়ে সোঁহাতে সৰু গলি এটাৰ ভিতৰত থকা কিতাপৰ দোকানখনৰ পৰা নতুন টিংকল, কমিক্ছ কিনিছিলোঁ। সেই কোমল চোফাখনতে বহি দুয়োটাই কিতাপ পঢ়া আৰম্ভ কৰোঁ। পঢ়ি পঢ়ি সময়বোৰ কেনেকৈ পাৰ হয় গ'মেই নাপাওঁ। তাতেই বহি  অকনো আমনি নকৰাকৈ বহি থকা আমি সৱৰে বৰ মৰম পাওঁ। ভাৰত জুৱেৰ্লাছৰ সন্মুখৰ কাপোৰৰ বেপাৰীজন, বাদ্যযন্ত্ৰৰ দোকানৰ খুৰাজন, ইফালে কিতাপৰ দোকানৰ খুৰাজন সকলোৱে আমাক চিনি পাইছিল। ইফালে মা পাপাহতোঁ বজাৰ কৰি আহি পাইহি। অমৃত বেকাৰীৰ গৰম গৰম ব্ৰেড, পেটিছ, টিফিন কেক জাতীয় বস্তু বোৰ থাকেই টোপোলাত বাকী বজাৰৰ বাদেও(এতিয়াও সেইখন আছে, ব্ৰেড, বাখৰ কনী আদি এতিয়াও কিনি খাওঁ তাৰপৰা)।  তেতিয়া আজিকালিৰ নিছিনাকৈ ঘনাই টেম্প'বোৰ নচলিছিল। অকল চিটিবাছ, ৰিক্সা আৰু অটো। মাহেকীয়া বজাৰ কৰোঁতে সময় দেৰিয়েই হয়গৈ। গতিকে আংকলে আগতেই চিনাকি অটো এখন মাতি থৈ দিয়ে। কেতিয়াবা তেওঁ অটো ব্যৱস্হা কৰিব নোৱাৰিলে বেলেগ অটো বেছি ভাৰা দি আহিবলগা হৈছিল। অটোত চাৰিটাকৈ মানুহ , ড্ৰাইভাৰক ধৰি পাচঁজন, তাতে আকৌ মাহৰ বজাৰ সামগ্ৰী। কোনোমতে লেপা থেপাকৈ সকলো বহাৰ পাছত মোলৈ থিয় হোৱাৰ ঠাইকন ওলাই। বজাৰৰ পৰা ঘৰলৈকে থিয় হৈ আহোঁ, আৰু মুখেৰে অটো চলোৱাৰ শব্দ কৰি আহোঁ অনৰ্গল। অটো আহি ঘৰ পালেহিহে মুখৰ অটো চালন বন্ধ হয়।

ডাঙৰ হোৱাৰ পাছত, বজাৰলৈ ইমান বেছিকৈ ওলাই সোমাই নুফুৰা হ'লো। দাদায়ো টিউছনৰ পৰা আহোঁ তেই টিংকল, কমিছ্ক, খেলৰ মেগাজিনবোৰ অনা হ'ল। ঘৰতে বহি নিছা পুৰণ হোৱা হ'ল। অলপদিনৰ আগেয়ে ভাৰত জুৱেৰ্লাছ বন্ধ হ'ল। বহুতদিনৰ পৰাই তেওঁ লোকৰ দোকান ভালকৈ নচলা হৈছিল। গ্ৰাহক প্ৰায় নাছিলেই। যিদিনালৈ আছিল, তেতিয়ালৈ, যেতিয়াই গৈছোঁ তেওঁ লোকৰ দোকানত এবাৰ হ'লেও সোমাই মাতষাৰ দিছিলোঁ। এতিয়া সেইখনো বন্ধ হ'ল। কিন্তু মোৰ মনৰ এটুকুৰা যে বিশেষকৈ ৰাখিছোঁ কেৱল সেই দিনকেইটাৰ বাবেই।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Saturday, 19 January 2019

হিলী পুৰাণ (৩০)

হিলী পুৰাণ
(৩০)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদতে নিজৰ ল'ৰালিটো পাৰ কৰিলোঁ গতিকে ল'ৰালিৰ মধুৰ দিনকেইটাৰ স্মৃতি বুলিলে এতিয়াও সেই অকণমানি ঘৰকিটালৈয়েই মনত পৰে। তাত পাৰ কৰা বেছিভাগ সময়েই কেতিয়াবা হ'লেও কেতিয়াবা মনলৈ আহেই। যিদিনা সেই ঘৰটো একেবাৰে খালী কৰিছিলোঁ, মাৰ লগত ময়েই আছিলোঁ। ঘৰৰ সকলো বস্তু নিয়াৰ পাছত মোৰেই কিছুমান বস্তু আনিবলৈ মাৰ লগত গৈছিলোঁ। মোৰ পঢ়া টেবুল আছিল যদিও ম্ই তাত নপঢ়ি ড্ৰয়িং ৰুমৰ চোফাত, পাকঘৰৰ ডাইনিং, আগফালে বা পাছফালে ৰ'দ পৰা ঠাইত মূঢ়া লৈ, কেতিয়াবা গছৰ তলত চকী এখন আনি তাতেই পঢ়িছিলোঁ। ঘৰতো একো নকৈছিল, ছোৱালীয়ে যে পঢ়িছিলে, তাতেই মাৰ মন খুছ। গধূলি হোৱাৰ লগে লগে ৰাস্তালৈকে মোৰ চিঞৰ শুনা গৈছিল, যিহেতু ম্ই reading দি দি পঢ়িছিলোঁ। গতিকে গধূলি আমাৰ ঘৰলৈ আলহী খুৱ কমেই আহিছিল। আলহী আহিলে যে ম্ই লিকটা লাগি আলহীৰ লগতে লেকচাৰ মাৰিছিলোঁগৈ। মায়েও ভাল পাই , কিয়নো পাকঘৰত তেওঁ ভালকৈ লাগিব পাৰে। চাহ আনি দিয়া, আলহী আহিলে পানী দিয়া , সৰু সৰু কামবোৰ কৰি মাক সহায় কৰিছিলোঁ। আমাৰ ঘৰত ৰাতি দেৰিলৈকে থকাৰ কথাই নাছিল। ৮.৩০ বজাৰ লগে লগে ৰাতিৰ খানা খাই, ৯ বজাৰ ভিতৰত শুৱাটো অঘোষিত নিয়মেই আছিল। কেতিয়াবা যদি চিনেমা বা কিবা চিৰিয়েল চাব আছিল, টিভিটো একেবাৰে কম ভলোইম দি চাইছিলোঁ যাতে মাহতঁৰ ডিস্টাৰ্ব নহয়। দাদাই চিনেমা শেষলৈকে চাই দিছিল কিন্তু। ম্ই আধাতেই চেপেটা লাগি শুইছিলো।পিছলৈ ম্ই ৰাতি দেৰিলৈ থকা হ'লো, গতিকে মাৰ মোৰ লগত শুলে মাৰ দিগদাৰ হ'ব বুলিয়েই মাৰ লগত নুশুৱা হ'লো । ৰাতি ৰাতি মায়ে ম্ই গম নোপোৱাকৈ চাবলৈ আহিছিল, জীয়েকে কি কৰিছে চাবলৈ। ম্ই দুদিনমান গম পোৱা নাছিলোঁ, কেতিয়াবা গম পাইছিলোঁ। ৰাতিপুৱা দেৰিকৈ উঠিলেও ম্ই কেতিয়াও গালি খোৱা নাছিলোঁ, এতিয়াও ৮ মানলৈ শুই থাকিলেও ওলোটাই কাপোৰ দিহে দিয়ে। দাদাইহে কেতিয়াবা অত্যাচাৰ কৰেহি। ঠাণ্ডা ত কাপোৰ টানিবহি শুই উঠেই বুলি। ময়ো জেদ ধৰি নুঠু। পিছত সিও কাপোৰ গাত দি গুছি যায় আৰু। কেতিয়াবা আকৌ গাত এসোপামান কাপোৰ দি শুৱাইহে দিব।

মাইনা মানে ম্ই হেনো থাকিলে ঘৰ গৰম হৈ থাকে। ম্ই যদি নাই আৰু যদি দাদা আছে, ঘৰ নিমাওমাওৱেই হৈ থাকে। ম্ই ইমান চিঞৰোঁ, গালি এতিয়াও খাওঁ সেইটোৰ কাৰণে পাই।

ম্ই আছলতে বেলেগ কিবাহে লিখিব লৈছিলোঁ, কিন্তু হাতখনে বেলেগহে কিবা টাইপ কৰিলোঁ। যিটো লিখিম ভাৱিছিলোঁ, সোনকালেই লিখিম।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়