Monday, 29 June 2020

হিলী পুৰাণ ৪৬

ম্ই ক্লাছ নাইন টেনত টিউছন কৰিছিলোঁ আছিফ চাৰৰ ওচৰত। সাধাৰণ গণিত আৰু ঐচ্ছিক গণিত বিষয়ত। দৰাচলতে ক্লাছ নাইনত মোৰ অৱ্স্হা অতি শোচনীয় হোৱাতহে ক্লাছ নাইনত টিউছন ল'ব লগা হ'ল। নাইনত চাৰৰ লগত পঢ়ি ভাল লাগিল বাবেই টেনটো চাৰৰ লগতে পঢ়িলোঁ।

পোণপ্ৰথমবাৰ যেতিয়া চাৰৰ ওচৰত পঢ়িবলৈ যাওঁ, তেখেতে দশম শ্ৰেণীৰ ল'ৰা ছোৱালী কেইজনমান ইংৰাজী মাধ্যমৰ পঢ়োৱাই আছিল। তেখেতে মোকো দশম শ্ৰেণীৰেই বুলি ভাৱি অংক দুটামানো কৰালে। পিছে ময়ে অলপ পাছত চাৰক সোৱঁৰাই দিলোঁ ম্ই নৱম শ্ৰেণীৰ হে বুলি। চাৰে নিজৰ ভুলটো ধৰিব পাৰি মোৰ টিউছনৰ সময়টো সলনি কৰি দিলে। কিন্তু সেইটো টিউছনৰ গ্ৰুপটো কেৱল ল'ৰাৰেই। ছোৱালীৰ গ্ৰুপটোত মোৰো সময় নিমিলে আৰু তাত ঠায়ো নাছিল। গতিকে গোটেই ল'ৰাসোপাৰ মাজতেই মোৰ টিউছন চলি থাকিল। সৰুৰেপৰা দাদাৰ লগত ডাঙৰ হোৱাৰ বাবে মোৰ ল'ৰাৰ প্ৰতি সংকোচ ইমান নাছিল। তথাপি অচিনাকি ল'ৰাকিটাৰ লগত চিনাকি হ'বলৈ অলপ সময় লাগিছিল। কোনোবা এবাৰ বন্ধৰ দিনত ম্ই সময়তকৈ আগত এবি ভৱন (য'ত আছিফ চাৰ আৰু ভাস্কৰ চাৰে পঢ়োৱাই) পালোঁ গৈ। অকলে অকলে ৰৈ থকাৰ পাছত ল'ৰা এজন আহিল চাইকেল চলাই। চিনাকি হ'লো। নীলু। শংকৰদেৱ বিদ্যানিকেতনৰ চোকা ছাত্ৰ। অলপ বৰফ গলিল। তাৰপিছত আহিল শৰ্মা। শৰ্মা আৰু নীলুৰ ঘৰুৱা সম্পৰ্ক। গতিকে সেইদিনাই প্ৰথম বেলেগ স্কুলৰ ল'ৰাৰ লগত পোণপটীয়া চিনাকি। লাহে লাহে গোটেইকেইজনকে চিনি পোৱা হ'লো। তাৰে কেইজনমান আন দুটামান বিষয়ৰো টিউছনৰ সহপাঠী হ'লগৈ। আছিফ চাৰৰ পঢ়োৱাৰ ধৰণ বহুত ভাল লগা। মনত ক'ৰপৰানো অংকবিষয়টোৰ প্ৰতি আত্মবিশ্বাস জন্মিল গমেই নাপালোঁ। নিজৰ ওপৰত বিশ্ৱাস ৰাখি অংক কৰিব শিকিলোঁ। প্ৰতিদিনাই ক্লাছৰ শেষত দুটামান অংক কৰিবলৈ দিয়ে। যি প্ৰথম কৰিব মৰ্টন পাব লগতে কাৰ্ড এখনত ১০০% নে ০% লিখি দিছিল। তেনেকৈয়ে টিউছনত পঢ়ি ভাল লগা হ'ল।  ছোৱালী কেৱল ম্ই, বাকীবোৰ সৱ ল'ৰা। সাধাৰণ গণিতৰ ক্লাছ প্ৰথমতে হয় তাৰপিছত ঐচ্ছিক গণিতৰ । ঐচ্ছিক গণিতৰ ক্লাছলৈ আমি কেইটামানহে থাকোঁ। স্ৱাভাৱিকতে আমাৰ কথা বতৰা বেছি হ'ল। আমি সকলোৱেই অসমীয়া মাধ্যমৰ আৰু নিজ নিজ শ্ৰেণীত ৰেংক পোৱা। গতিকে আমাৰ ক্লাছটোত বহুত প্ৰতিযোগিতা মূলকেই হৈছিল।
এতিয়া সকলোৱেই ভাল স্হানত আছে। যিহেতু ময়েই ছোৱালী আছিলোঁ চাৰে কাঢ়া নজৰ ৰাখিছিল যাতে মোক কোনেও আমনি নকৰে। আমনি নকৰা নহয় কিন্তু সেই সময়ত মোক কৰা আমনিবোৰ ম্ই অকণো গুৰুত্ব দিয়া নাছিলোঁ। চাৰে আমাৰ লগত বহুত কষ্ট কৰিছিল। গোটা গোটা আখৰেৰে অংক লিখি  পাত এখিলাত,  জেৰক্স কৰোৱাই আনি সৱকে দিছিল প্ৰেক্টিছ কৰিবলৈ। দিস্তা কাগজ আনি আনি ঘৰত ভাগৰি গৈছিল। চাৰে আমাক ষ্টেন্ড কৰিবলৈ কিদৰে পঢ়িব লাগে তাৰবাবে বাকীবোৰ বিষয়ো পঢ়িবলৈ উৎসাহ দিছিল। চাৰৰ উৎসাহৰ বাবেই ম্ই  আটাইতকৈ বেয়া পোৱা বিষয় সমাজ বিদ্যাৰ সৱ প্ৰশ্ন লিখি নোটছ বনাইছিলোঁ। যদিও ম্ই ভাস্কৰ চাৰৰ ওচৰত বিজ্ঞান পঢ়া নাছিলোঁ চাৰক মাজে মাজে ম্ই লিখা উত্তৰবোৰ দেখোৱাইছিলোঁ। চাৰে অকণো দ্বিধাবোধ নোহোৱাকৈ চাই বুজাই দিছিল।
চাৰসকলৰ উৎসাহ আৰু কষ্টৰ বাবেই আমাৰ সকলোৰে সেই সময়ছোৱা পঢ়াৰ মাজতেই পাৰ হ'ল। মাজতে দুবাৰমান চাৰ দুজনক লগো কৰি আহিলোঁ। দুয়োজনেই তৎক্ষণাত মোক চিনি পাইছিল। এতিয়া বহুত দিনেই হ'ল চাৰ সকলক লগ কৰা। ফেচবুকৰ পাততে দেখা হৈ থাকে। চাৰসকলৰ স্বাস্হ্য ভালে থাকক, আমাৰদৰে কণ কণ মাইনাবোৰৰ আগুৱাই যোৱাৰ পথ প্ৰদৰ্শক হ্ওঁক তাৰেই কামনা কৰিছোঁ।

Wednesday, 17 June 2020

হিলী পুৰাণ।(৪৫)

সেইদিনা ঘৰত আমাৰ ঘৰৰ পুৰণি টেপ ৰেকৰ্ডাৰটো পালোঁ। সেইটোত ৰেডিঅ' আৰু কেছেট প্লেয়াৰ দুয়োবিধৰে সুবিধা আছে। জনা হোৱাৰে পৰা সেইটোতেই ৰেডিঅ'ৰ অনুষ্ঠান সমূহ আৰু কেছেট বজাই গান শুনা মনত পৰে। ৰেডিঅ'ৰ অনুষ্ঠান অনুযায়ী দৈনন্দিন জীৱনটো চলিছিল। আৰু মন গ'লেই কেছেট বজাই বিভিন্ন গান শুনিছিলোঁ। মাহতেঁ কিনা জিতুল সোনোৱালৰ ধুনীয়া গীতৰ কেছেট, অথৱা ধুনীয়া বিহুৰ কেছেটবোৰ পাছলৈ দাদাই কিনি অনা নতুন বলীউডৰ চিনেমাৰ গান সকলোবোৰেই তাতেই শুনিছিলোঁ। মাজে মাজে বন্ধ হ'লে গান বজা, কেছেটটো উলিয়াই ৰিলটো কলম নহ'লে পেন্সিলেৰে ঘূৰাই ঘূৰাই ঠিক কৰি আকৌ শুনিছিলোঁ।  আগতে নাচৰ গানবোৰ চাৰে  কেছেটত ৰেকৰ্ড কৰি দিয়ে, সেইয়া বজাই বজাই ঘৰত অনুশীলন কৰিছিলোঁ। খালী (ব্লেংক) কেছেটবোৰৰ বাকছটোত আচঁ টনা কাগজ এখন থাকে তাতেই গানবোৰৰ বিষয়ে একাদিক্ৰমে লিখি থ'ব পাৰি। ঘৰত কিজানি কেছেটবোৰ এতিয়াও ক'ৰবাত পাম। বাজিব নে নাই নাজানোঁ বাৰু। আগতে ক'ৰবাত প্ৰতিযোগিতাত নাচিবলৈ গ'লে নিজৰ কেছেট লৈ যাওঁ। যিটো গানত নাচিম সেইটো গানেই যাতে লগে লগে বাজিব পাৰে তাৰ সুবিধা দাদাই  কৰি পঠাইছিল। আজিকালিৰ দৰে মোবাইল অথৱা পেন ড্ৰাইভৰ সুবিধা তেতিয়া নাছিল।

ম্ই কোন শ্ৰেণীত আছিলোঁ মনত নাই , কিন্তু সেই সময়ছোৱাত আমাৰ স্কুলত sound system ৰ সুবিধা নাছিল মানে গান বজাব পৰাৰ সুবিধা নাছিল। কোনো এবাৰ মোৰ কি হে পালে নাজানো কিন্তু স্কুলত  পাতিবলগীয়া শিক্ষক দিৱসৰ দিনা নাছিম বুলি জনালোঁ। ঘৰত ওখল মাখল। ছোৱালীক সজাই পৰাই দিব বাৰু কিন্তু গান ক'ত বজাব। গতিকে ঘৰৰ পৰাই এই এক গুলীত দুই চিকাৰ কৰিব পৰা সেই সৰু কেছেট প্লেয়াৰটো ল'লো। বজোৱাৰ দ্বায়িত্ব দাদাৰ। মোৰ সেইবাৰেই চাগৈ স্কুলত প্ৰদৰ্শন কৰা প্ৰথম একক নৃত্য। গানটো আছিল 'নিচলা আইৰে'। ম্ই নাছি থাকোঁতে হেনো দাদা বৰ গপচত মুখখন উফন্দাই থিয় হৈ ৰৈ আছিল। কাৰণটো বাৰু এতিয়াও নাজানোঁ। কিন্তু সেই একেটা মানুহেই স্কুলৰ ৰূপালী জয়ন্তীৰ দিনা মাৰ অনুপস্হিতিত মোৰ নৃত্যৰ গোটেই দায়িত্ব লৈছিল। মেক্আপৰ পৰা আৰম্ভ কৰি চুলিত খোপা বেণী সিয়েই কৰি দিছিল।
এই কেছেট প্লেয়াৰটো অলপ বেয়া হোৱাত আন এটা অনা গ'ল। য'ত কেছেট প্লেয়াৰ দুটা আছিল। ৰেডিঅ' ৰ কামো কৰে। গান ৰেকৰ্ডো কৰিব পাৰি। পিছে কেছেটৰ ব্যৱহাৰ কমাৰ লগে লগে কেছেট প্লেয়াৰো এলাগী হ'ল, কেৱল ৰেডিঅ ৰ কাম হে ক'ৰা হ'ল। এতিয়া সেইটোও বেয়া হ'ল। সৰু অকণমান ৰেডিঅ আৰু মোবাইল এপৰ যোগেদিয়েই কাম চলি যায়।

পিছে বহুত দিনৰ মূৰত দেখা প্ৰাণহীন যন্ত্ৰ বিধে বহু কথাই কৈ গ'ল।

হিলী

Sunday, 14 June 2020

খনিকৰ

আমাৰ জীৱনটো বৰ মূল্যবান কিন্তু ক্ষণস্হায়ী।  কাহানিবা ধুমুহা এজাকে  ঠন ধৰি উঠা বৰ বৃক্ষ এজোপাকো উভালি পেলোৱাৰ দৰে আমাকো কলীয়া বতাহ এজাকে ভাঙি পেলাব পাৰে। উভালি পৰা গছজোপা চাবচোন, মৰি নাযায়। কেইটামান দিনৰ সংগ্ৰামৰ পাছতে সৰু সৰু বহুত ঠাল ঠেঙুলিত পাতেৰে সৈতে গছজোপাই নিজকে সজাই পৰাই লয়। ঠিক তেনেদৰে আমি বোৰেও জানো নিজকে অলপ সময় দি অলপ নতুনকৈ সজাই ল'ব নোৱাৰোঁ। উভালি পৰা গছজোপা যে আকৌ নতুনকৈ ঠন ধৰি উঠাত মাটি পানী বায়ুয়ে সহায় কৰে ঠিক তেনেদৰে আমাৰো শক্তি হ'ল আমাৰ লগৰীয়া সমূহ। সুখৰ দিনত যেনেকৈ গছজোপাৰ লগৰী বহুত ঠিক তেনেদৰে আমাৰ লগতো একেই। কিন্তু দুখৰ দিনত লগত থিয় দিয়া সমনীয়া খুব কমেই। এনেকুৱা নহয় যে সুখৰ দিনৰ বন্ধুত্ব অনৰ্থক , তেওঁলোকৰ লগতো আমি বহুত শিকিবলৈ পাওঁ। তেনেদৰে বিপদৰ বন্ধুসকলেও আমাক ভাঙি পৰিলে ঠন ধৰাত সহায় কৰে। এই যে লগৰীয়াসমূহৰ সৈতে মিলাপ্ৰীতিৰে থকাটো অতি প্ৰয়োজনীয়। আৰু আমি যদি ভাঙি পৰোঁ সহায় লোৱাটো একো ডাঙৰ কথা নহয়। কাৰোবাৰ আগত যদি কান্দিলে, কাৰোবাৰ মৰমৰ মাত এষাৰ, মৰম অলপে আমাক সাহস দিব পাৰে আমি কিয় নিজৰ লগতে যুজঁ দি মৰোঁ। আমাৰ আলোচনাই যদি আমাক নতুনকৈ গঢ় দিয়াত সহায় কৰে আমি নিজৰ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা  উচিত।
আমি আমাৰ জীৱনটোৰ খনিকৰ নিজেই। যদি কিবা এটা বিচাৰি যাওঁতে আমি বেলেগ কিবা এটা পাওঁ , সেইটোকে লৈ আমি কেনেকৈ আগুৱাব পাৰোঁ তাৰ চেষ্টা চলোৱা উচিত। জীৱনটো নোপোৱা কিবাটোতে শেষ হোৱাটো একেবাৰে গ্ৰহণযোগ্য নহয়।