Saturday, 19 January 2019

হিলী পুৰাণ (৩০)

হিলী পুৰাণ
(৩০)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদতে নিজৰ ল'ৰালিটো পাৰ কৰিলোঁ গতিকে ল'ৰালিৰ মধুৰ দিনকেইটাৰ স্মৃতি বুলিলে এতিয়াও সেই অকণমানি ঘৰকিটালৈয়েই মনত পৰে। তাত পাৰ কৰা বেছিভাগ সময়েই কেতিয়াবা হ'লেও কেতিয়াবা মনলৈ আহেই। যিদিনা সেই ঘৰটো একেবাৰে খালী কৰিছিলোঁ, মাৰ লগত ময়েই আছিলোঁ। ঘৰৰ সকলো বস্তু নিয়াৰ পাছত মোৰেই কিছুমান বস্তু আনিবলৈ মাৰ লগত গৈছিলোঁ। মোৰ পঢ়া টেবুল আছিল যদিও ম্ই তাত নপঢ়ি ড্ৰয়িং ৰুমৰ চোফাত, পাকঘৰৰ ডাইনিং, আগফালে বা পাছফালে ৰ'দ পৰা ঠাইত মূঢ়া লৈ, কেতিয়াবা গছৰ তলত চকী এখন আনি তাতেই পঢ়িছিলোঁ। ঘৰতো একো নকৈছিল, ছোৱালীয়ে যে পঢ়িছিলে, তাতেই মাৰ মন খুছ। গধূলি হোৱাৰ লগে লগে ৰাস্তালৈকে মোৰ চিঞৰ শুনা গৈছিল, যিহেতু ম্ই reading দি দি পঢ়িছিলোঁ। গতিকে গধূলি আমাৰ ঘৰলৈ আলহী খুৱ কমেই আহিছিল। আলহী আহিলে যে ম্ই লিকটা লাগি আলহীৰ লগতে লেকচাৰ মাৰিছিলোঁগৈ। মায়েও ভাল পাই , কিয়নো পাকঘৰত তেওঁ ভালকৈ লাগিব পাৰে। চাহ আনি দিয়া, আলহী আহিলে পানী দিয়া , সৰু সৰু কামবোৰ কৰি মাক সহায় কৰিছিলোঁ। আমাৰ ঘৰত ৰাতি দেৰিলৈকে থকাৰ কথাই নাছিল। ৮.৩০ বজাৰ লগে লগে ৰাতিৰ খানা খাই, ৯ বজাৰ ভিতৰত শুৱাটো অঘোষিত নিয়মেই আছিল। কেতিয়াবা যদি চিনেমা বা কিবা চিৰিয়েল চাব আছিল, টিভিটো একেবাৰে কম ভলোইম দি চাইছিলোঁ যাতে মাহতঁৰ ডিস্টাৰ্ব নহয়। দাদাই চিনেমা শেষলৈকে চাই দিছিল কিন্তু। ম্ই আধাতেই চেপেটা লাগি শুইছিলো।পিছলৈ ম্ই ৰাতি দেৰিলৈ থকা হ'লো, গতিকে মাৰ মোৰ লগত শুলে মাৰ দিগদাৰ হ'ব বুলিয়েই মাৰ লগত নুশুৱা হ'লো । ৰাতি ৰাতি মায়ে ম্ই গম নোপোৱাকৈ চাবলৈ আহিছিল, জীয়েকে কি কৰিছে চাবলৈ। ম্ই দুদিনমান গম পোৱা নাছিলোঁ, কেতিয়াবা গম পাইছিলোঁ। ৰাতিপুৱা দেৰিকৈ উঠিলেও ম্ই কেতিয়াও গালি খোৱা নাছিলোঁ, এতিয়াও ৮ মানলৈ শুই থাকিলেও ওলোটাই কাপোৰ দিহে দিয়ে। দাদাইহে কেতিয়াবা অত্যাচাৰ কৰেহি। ঠাণ্ডা ত কাপোৰ টানিবহি শুই উঠেই বুলি। ময়ো জেদ ধৰি নুঠু। পিছত সিও কাপোৰ গাত দি গুছি যায় আৰু। কেতিয়াবা আকৌ গাত এসোপামান কাপোৰ দি শুৱাইহে দিব।

মাইনা মানে ম্ই হেনো থাকিলে ঘৰ গৰম হৈ থাকে। ম্ই যদি নাই আৰু যদি দাদা আছে, ঘৰ নিমাওমাওৱেই হৈ থাকে। ম্ই ইমান চিঞৰোঁ, গালি এতিয়াও খাওঁ সেইটোৰ কাৰণে পাই।

ম্ই আছলতে বেলেগ কিবাহে লিখিব লৈছিলোঁ, কিন্তু হাতখনে বেলেগহে কিবা টাইপ কৰিলোঁ। যিটো লিখিম ভাৱিছিলোঁ, সোনকালেই লিখিম।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Friday, 18 January 2019

এনাইৰ ঘৰ

এটা সময় আছিল যেতিয়া আমি প্ৰতি দেওবাৰে মৰাণত থকা এনাইৰ ঘৰলৈ গৈছিলোঁ। ৰাতিপুৱা ছটাতে উঠি সাতটা বজাত বাছলৈ ৰৈ থাকিছিলোঁ। বেছিভাগ সময় আমি উমেশ দা হেন্দিমেন থকা গাড়ীখনতে গৈছিলোঁ, মৰাণৰ পৰা ডিব্ৰুগড় আহোঁতেও প্ৰায়ে সেইখন গাড়ীয়েই পাইছিলোঁ। মৰাণৰ কুশল নগৰৰ ৰাস্তাটোত তেতিয়া বহুত বেছি ঘৰ নাছিল। মুনুহতঁৰ ঘৰ পাৰ হৈয়ে এনাইৰ ঘৰ বুলি চিন ৰাখিছিলোঁ। এনাইৰ ঘৰ পায়েই প্ৰথম কাম মোৰ আছিল ঊষাপূৰত থকা আপালৈ ফোন কৰা।

আপা আজি আহিবা ভাত খোৱাকৈ। আমি সৱ আহিছো।

আপা আহি পোৱালৈ এক বাতি গাখীৰ, ঘৰুৱা কণী ব্ইল , জলপান খাই আমাৰ পেট ভৰেই। কণমামাই হাহঁ কাটি বাছি টিপ টপ কৰি দিয়ে।

শুকানকৈ ভজা গাহৰি, হাহঁ মাংস কোমোৰাৰে ভজা , ভাত, এনাইৰ হাতৰ ডাঠ দাইল।

ইফালে সৱ গোট খাইছে বুলি মা পাপাৰ আপা নিছা মাহীৰ লগতে এনাইৱেও সৱে অলপ ৰঙা পানী টুপিও ধৰে। উৎপাত কিন্তু কাৰো নহয়।  ভাত পানী খাই সকলো আজৰি হৈ আৰাম কৰে মানে আমাৰো উভতিবৰ হয়। আমি সাজু হ্ও মানে এনাইৰ জীয়েকলৈ ভাগে ভাগে টোপোলাও মোনাত ভৰাই হয়।

আহিবৰ সময়ত দাদা আৰু মোৰ হাতত এশ দুশ যি পাৰে এনাইয়ে দিয়ে, যিখিনি প্ইছাৰে আমি কিতাপ কিনিছিলোঁ।

আজি কিয় জানো এই কথাবোৰে বৰকৈ আমনি কৰিছে। এনে বহু কথাই আছে মনৰ চুকে কোণে সোমায়। কেতিয়াবা সময় হ'লে আকৌ লিখিম‌।

আজিলৈ ইয়াতে সামৰিছোঁ।

হিলী পুৰাণ (২৯)

হিলী পুৰাণ
(২৯)

অংক বিষয়টো আগতে একো বুজি নাপাইছিলোঁ, অংক প্ৰেক্টিছ কৰিলেহে যে অংক কৰিব পাৰি ক্লাছ ছেভেনমান পাওঁ তেহে উপলব্ধি কৰিছিলোঁ। তাৰ আগলৈ কে অংক পৰীক্ষাৰ আগনিশা দাদাই মোক অংক শিকাইছিল । মানে আগতো শিকাই, কিন্তু পৰীক্ষাৰ আগনিশাৰ প্ৰেক্টিছ দাদাৰ লগতহে হৈছিল। নিয়মবোৰ মুখস্ত কৰোঁ, পৰীক্ষাত পাৰিলে পাৰিলো, নোৱাৰিলে নাই, এৰি দিওঁ। প্ৰশ্নকাকতৰ প্ৰথম দহটা প্ৰশ্ন কৰিবলৈও মাথাটো ঘমাবলৈ এলাহ লাগিছিল। কিন্তু এম্ ই বৃত্তি দিম  আৰু পাব লাগিব্ই বুলি জেদ ধৰি অংক্ও পাগলৰ নিছিনা কৰা হ'লো। আগতে দাদাই শিকাই দিব বুলি ভৱা অংকবোৰো দেওবাৰে দেওবাৰে নতুন দিস্তাৰ বহী বনাই বুজি নোপোৱালৈ বাৰে বাৰে কৰিছিলোঁ। লাহে লাহে অংক্ও পটকৈ কৰিব পৰা হ'লো। আমি কেনেদৰে পঢ়িছিলোঁ/লিখিছিলোঁ জাতীয়  কিতাপ পঢ়ি হাতৰ আখৰো যে ভাল হ'ব লাগে realize কৰি পৰীক্ষাৰ বহীবোৰ চাফাকৈ লিখাৰ চেষ্টা কৰিছিলোঁ। আগতে পৰীক্ষাৰ বহীখনত প্ৰথম প্ৰশ্নটোৰ উত্তৰটোৱেই ম্ই ভুলকৈ লিখি কাটি আকৌ শুদ্ধকৈ লিখি বহীখন লেতেৰা কৰিছিলোঁ লগতে বহী চাওঁতাজনৰ বহীখনৰ প্ৰতি নিগেটিভ ভাৱ এটা আনিছিলোঁ। লাহে লাহে এইবোৰ অভ্যাসো নোহোৱা হৈছিলগৈ। মেট্ৰিকত গণিত আৰু ঐচ্ছিক গণিত দুয়োটাতে শতকৰা ৯৫% পাবলৈ সক্ষম হৈছিলোঁ। পাপাই ৰিজাল্ট দিয়াৰ পাছত কৈছিল,'ত্ই বেলেগত কি লেটাৰ পাৱ নাজানো, কিন্তু এই দুটাত পাবি বুলি বিশ্বাস আছিল।'

অসমীয়া পঢ়ি লিখি ভাল পাওঁ আগৰে পৰা হ'লেও ব্যাকৰণৰ নিয়মবোৰৰ প্ৰতি অকণো মৰম নাছিল। তথাপি শুদ্ধকৈ লিখিবলৈ যথেষ্ট কষ্ট কৰিছিলোঁ। ৰেখা মিছ আৰু মিন্টুমনি মিছৰ উৎসাহৰ বাবেই বিভিন্ন ৰছনা প্ৰতিযোগিতাবোৰত অ্ংশগ্ৰহণ কৰিছিলোঁ। ৰছনা প্ৰতিযোগিতাবোৰত দাদাই লিখি দিয়া ৰছনাবোৰত প্ৰথম আৰু একেবাৰে নিজে লিখাবোৰ দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। খবৰ কাগজৰ শব্দ শৃংখলবোৰো কৰি নতুন নতুন শব্দ শিকিছিলো। পিছে মেট্ৰিকত অসমীয়াতেই লেটাৰ নোপোৱাৰ কাৰণে ৰেংক নাপালোঁ। হায়াৰ ছেকেন্দাৰী প্ৰথম বাৰ্ষিক পৰীক্ষাত আকৌ অকল অসমীয়াতেই লেটাৰ পালোঁ। দ্বিতীয় বাৰ্ষিকত আকৌ একেই, অসমীয়াত নাপালোঁ কাৰণে অলপ পাৰছেন্টেজটো কমিল। প্ৰগতি মেডামে অসমীয়াত বেলেগ কোনেও নাপালেও হিলীয়ে যে পাব সেইটো বিশ্বাস ৰাখিছিল। কিন্তু ৰাখিব নোৱাৰিলোঁ। হায়াৰ ছেকেন্দাৰীৰ পিছত যেতিয়া ক'তো ছিট পোৱা নাছিলোঁ, তেতিয়া প্ৰগতি মেডামেই মন ডাঠ কৰি ভালকৈ পঢ়িবলৈ উৎসাহ দিছিল। ছল্ট ব্ৰুকৰ স্মৃতিবোৰ সাঙুৰি লিখা প্ৰথমটো লেখা পঢ়ি মেডামেই আৰু লিখিবলৈ উৎসাহ দিছিল কৈছিল ,'ত্ই ভাল লিখ। শৰতৰ ওপৰতো লিখিবি কেতিয়াবা। শৰৎ মোৰ বৰ প্ৰিয়'। শৰৎ মোৰ জন্ম ঋতু।মোৰো প্ৰিয়। লিখাহে হোৱা নাই।

হিলী পুৰাণখন এনেই লিখিবলৈ আৰম্ভ কৰিছিলোঁ ফূৰ্টিতে। কিন্তু বহুতৰে উৎসাহ ভৰা টিপ্পনিবোৰ শুনিয়েই সাহস পাইছোঁ লিখি থকাৰ। কিছুমানে হয়তো ফেচবুকত লাইক, কমেন্ট নকৰে, কিন্তু লগ পালে মুখা মুখিকৈ খোলাকৈ লিখিবৰৈ প্ৰেৰণা দিয়ে। কিছুমানে ফেচবুকতেই লাইক কমেন্ট কৰি আগবাঢ়ি যাবলৈ সাহস দিয়ে। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আজিলৈ সামৰিছো।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Monday, 14 January 2019

হিলী পুৰাণ (২৮)

হিলী পুৰাণ
(২৮)

এতিয়া ম'বাইল ল'ৰাৰ পৰা বুঢ়া সৱৰে হাততে। ইউ টিউৱ, অনলাইন শ্ৱপিং, WhatsApp , Facebook, আৰু যে ক'ত কি। আমি সৰু থাকোঁতে ম'বাইল দূৰৰে কথা, লেণ্ডলাইন টেলিফোনো বহুত দিনৰ পাছতহে আহিছিল ঘৰলৈ। তেতিয়া কেৱল পিছিঅ। এখন দুখন পিছিঅ খোলাৰ পাছতে কেইবাখনো পিছিঅ খোলা হৈছিল university ৰ গেটৰ মুখত। এনাইৰ ঘৰলৈ ফোন কৰিবলৈ গৈ তাত লাইন পাতোঁগৈ। ফোন নম্বৰটো লগাই দিয়ে, তাতে থকা অকণমানি ঘৰটোত থকা ফোনটোত কথা পাতোঁ। বেছি বিল উঠিব বুলি দৰকাৰী কথাকিটা খৰকৈ ক্ওঁ। এনাইৰ ঘৰত লেণ্ডলাইন লোৱাৰ আগতে কাষৰ ঘৰলৈ ফোন কৰোঁ। তেতিয়া ইমানেই মিলাপ্ৰীতি মানুহৰ মাজত, অলপ পিছত ফোন কৰিবলৈ কৈ এনাই হতঁক মাতি দিয়ে। পূথাৰ চিকিৎসাৰ বাবে বম্বে যাওঁতে সিহতঁৰ ঘৰলৈ ফোন কৰিয়ে সৱিশেষ জনাই দিয়ে। আমাৰ ঘৰলৈ লেণ্ডলাইন, ম্ই তৃতীয় শ্ৰেণীত থাকোঁতে চাগৈ আনিছিল। নম্বৰটো আছিল ২৩৭০৩৮৮। প্ৰথম ফোন বাজোঁতে বৰ মজা লাগিছিল। এতিয়াও মনত আছে দিনটো। তেতিয়ালৈ আমাৰ লিংকটো দিয়া নাছিল। exchange ৰ বৰা খুৰাই trial বুলি অলপ দেৰিৰ বাবে লিংক দিছিল। ম্ই পঢ়া টেবুলখনতে আছিল ফোনটো। পটকটৈ বাজি উঠিল। ম্ই তুলিলো ৰিছিভাৰটো। তেতিয়া বৰা খুৰাই কৈছে অলপ দেৰিৰ কাৰণে লিংকটো দি check কৰি চাইছে। সেইটো ফোনটে ম্ই ঘন্টা ধৰি ঘন্টা লগৰবোৰৰ লগত কথা পাতিছিলো। মাজতে বছেৰেকীয়া পৰীক্ষা ৰ আগত খুব ব্লেংক কল কৰি কৰি ডিস্টাৰ্ব দিছিল কোনোবাই। মেট্ৰিক দিয়াৰ আগদিনা best of luck দিয়া মানুহৰ কোবত মায়ে উপায় নাপাই ৰিছিভাৰটো তুলি থৈছিল। মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পাছত ঘৰত নকিয়া মোবাইল এটা লৈছিল, বিএছ্এন্এল্ পোষ্টপেইড কানেকছন। দাদাই কলকাতা পঢ়িব যাওঁতেও সেইটো লৈ গৈছিল। সেইটো সি ফোন কৰে লেণ্ডলাইনত। আমি ঘন্টা ধৰি ঘন্টা একেৰাহে কথা পাতোঁ সদায়। লাহেকৈ  বিএছ্এন্এল্ চিম বাদ দি ভোদাফোন, এয়াৰটেল, এয়াৰচেল আহিল ঘৰলৈ। ফোনো বেলেগ বেলেগ হ'ল। এতিয়া মাৰ দুটা ফোন, মোৰ দুটা ফোন। দাদাৰ এটাই বাৰু। মায়ে আগতে অকল ফোন কৰিব জানে , ৰিছিভ কৰিব জানে। আজিকালি অনলাইনত শ্ৱপিঙো কৰিব জনা হ'ল।

এতিয়া মোৰ ভতিজাই দেতাকৰ লগত ভিডিঅ কলিং কৰে। নহ'লেযে বেছেৰাই দেতাকক লগেই নাপায়। সি আছে ডিব্ৰুগড়ত, দেতাক আছে মুম্বাইত।

হিলী
ৰজাভেটা , ডিব্ৰুগড়

Sunday, 13 January 2019

হিলী পুৰাণ (২৬)

হিলী পুৰাণ
(২৬)

আমাৰ খেতিৰ মাটি নাই। গতিকে গেলা মালকে ধৰি শাক পাছলিও প্ৰায়বোৰেই কিনি খোৱাই মানুহ আমি। ঠাণ্ডাৰ দিনত কৰা এটা দুটা শাক পাছলিৰ বাদে গোটেইবোৰ দেখোন কিনিয়ে খাওঁ। গেলামালৰ বজাৰ টাউনৰ তিনিখনমান দোকানৰ পৰাই কৰা হয়। তাৰে দুখনমানত চাহ খাবলৈও পোৱা যায় সময় বিশেষে। সাপ্তাহিক বজাৰ মানে বৰবৰুৱা বজাৰ বুলিয়েই জানো। সৰুৰে পৰা দেখিছোঁ, পাপাই প্ৰতি দেওবাৰে বৰবৰুৱা বজাৰ যাবই দুটা মোনা লৈ। কেতিয়াবা হয়তো চাইকেল লৈয়েই গুছি যায়, কেতিয়াবা পাব্লিক গাড়ীত। এটা মোনাত চাউল, এটাত আন শাক পাছলিবোৰ। আগতে ৩০০  টকা মানতে দুটা মোনা কেকোঁজেকো কৈ আনে চাইকেলত ওলোমাই। চাউলৰ বস্তাটো বৰ বেলেগ কিটিপ এটাৰে বান্ধে যাতে চাউল পৰি নাযায়। আহি পোৱাৰ লগে লগে গিলাছ এটাত পানী দিওঁ পাপাক। ডলা এখনত শাক পাছলিবোৰ ভাগে ভাগে উলিয়াও। আগতে গাহৰি মাংস অকল দেওবাৰৰ দিনাই আনে। আৰু গাহৰি মাংসৰ কোমল চৰ্বিখিনি ম্ই নাৰিকল মাংস বুলি কৈছিলোঁ। আগতে শাক পাছলিবোৰ লাগ বুলিলেই পটককে সৱতে পোৱা নহৈছিল, তাতে আকৌ গাৱঁলীয়া ফ্ৰেছ বস্তু। লাহে লাহে য'তে ত'তে বজাৰ বহা হ'ল, গতিকে দেওবৰীয়া বৰবৰুৱা বজাৰখনৰ লগত সম্পৰ্কটো কমি গৈছিল। চৌকিদিঙী, টি ভি চেন্টাৰৰ ওচৰ বজাৰখনলৈয়ো যোৱা হৈছিল।

কিন্তু যোৱাবছৰৰ পৰা বৰবৰুৱা বজাৰলৈ আকৌ অহা যোৱা আৰম্ভ হৈছে। আজিও গৈছিলোঁ। গাড়ী ঘোঁৰা ধেৰ। ভিৰ বেছি। তাতে আকৌ বগীবিল মেনিয়াৰ বাবেও যান যঁট বেছি ।

দুফালে দুটা বজাৰ ভৰ্তি মোনা দাঙিও সোঁহাতত বেজী লৈ ঘৰ পালোঁহি সুকলমে।

হিলী
ৰজাভেটা, ডিব্ৰুগড়

হিলী পুৰাণ (২৭)

হিলী পুৰাণ
(২৭)

সৰুতে ম্ই বহুত টিপ টপ আৰু পৰিপাটীকৈ আছিলোঁ বুলি খুৰী এগৰাকীয়ে কৈছিল। ম্ই ৰাতিপুৱা গা ধুই যিজোৰ কাপোৰ পিন্ধো, স্কুলৰ পৰা আহি সেইযোৰ নিপিন্ধো। বেলেগ পিন্ধো। খেলিবলৈ গ'লেও বেলেগ, খেলি আহিও বেলেগ, শুবৰ সময়তো বেলেগ। শুবৰ সময়ত আঠুঁৱা ঠিকছে ধুনীয়াকৈ ফিটিং কৰি তৰিলেহে মনটো মোৰ ভাল লাগে। বিছনা চাদৰখনো মানুহ শুৱা ঠাইখিনিৰ বাহিৰে বাকীখিনি একদম ফিট কৰিহে শুইছিলো। ৰাতি শুবৰ সময়ত পিন্ধিবলৈ মায়ে ধুনীয়াকৈ মিটাৰ কাপোৰেৰে ধুনীয়া আহল বহল ফ্ৰক চিলাই দিছিল। সেউজীয়া পাত থকা কাপোৰটো এতিয়াও মনত আছে। বগাত নীলা নীলা ফুট থকা ধুনীয়া ফ্ৰকটো, বেবী পিংক কালাৰৰ কটনৰ ফ্ৰকটো , হালধীয়া ফুলাম ফ্ৰকটো এইকিটা মোৰ বৰ পছন্দৰ আছিল। পিন্ধিব নোৱাৰ হোৱালৈকে হেপাঁহ পলুৱাই পিন্ধিলো সেইটো।

হিলী

Friday, 4 January 2019

হিলী পুৰাণ (২৫)

হিলী পুৰাণ
(২৫)

সৰু সৰু অকণমান ক্ৰীম, শ্ৱেম্পুৰ টেমাবোৰ বৰ মৰম লাগে। সৰু সৰু ভেছলিন, পন্ডছৰ টেমাবোৰ মোৰ প্ৰয়োজন নাথাকিলেও কিনো মৰমতে। আজিও ব'ৰ'প্লাছৰ ১০ টকীয়া সৰু টেমাটো কিনি আনিলোঁ। গোন্ধটোৱে অইন দিনা চাগৈ ইমান প্ৰভাৱিত নকৰে, যিমান আজি কৰিছে।

ৰাতিপুৱাই মায়ে শুই উঠি ঘৰৰ বন কৰি পাকঘৰত লাগে মানে পাপাই লাহেকৈ শুই উঠে। শুই উঠিয়ে এক গিলাছ ঠান্ডা পানী খোৱাৰ অভ্যাস পাপাৰ বহুত যুগৰ। মাজতে বহুত দিন মেথি গুটিৰ গুড়ি পানীত দি খাইছিল চুগাৰৰ কাৰণে। চাহটুপি খাই, গা পা ধুই আহি দ্ৰেছিং টেবুল আহি প্ৰথমে বহি লয়। তাৰপিছত নাৰিকল তেল চুলিত ভালকৈ ঘহিব। তাৰপিছত নিজৰ সৰু ফনিখনেৰে চুলিখিনি একদম টিপ টপ কৰিব। ঠান্ডাৰ দিনতটো নাৰিকল তেল গোট মাৰি থাকে। গতিকে পাপাই শুই উঠায়ে তেলৰ বটলটো ৰ'দত দি থয়। ৰ'দ টান হ'লে বাৰু তেল গলি যায়েই, সময়ত নগলিলে আৰু গৰম পানী কৰি তাতেই বটলটো ডুবাই দিয়ে। সোনকালে কাম হৈ যায়। দাঢ়ি চুলি কটাৰ পিছত মানুহটোক হেনচাম লাগিছিল বাৰু। দাঢ়ি কটাৰ সজুঁলি কেইটা আছিল ৰেজৰ, ব্ৰাছ, ব্লেড, ব'ৰ'প্লাছ, অল্ড স্পাইছ বুলি ক্ৰীম আছে চাগৈ সেইটো। দাঢ়ি খুৰাবৰ বাবে আমাৰ বেলেগকৈ বেছিন নাছিল। পাপাই প্ৰথমে মুঢ়া এটাত কাঠৰ টুকুৰাটো দি তাত সৰু আইনা খন এড্জাস্ত কৰি লয়। সৰু বাটি এটাত পানী আনি পীৰাখনত বহি লয় আইনাৰ সন্মুখত। অলপ অল্ড স্পাইছ ব্ৰাছটোত লগাই তিতাই থোৱা গালত থিকছে লগাই। ৰেজৰেৰে সাৱধানে দাঢ়ি খুৰায়। ভালকৈ মুখ ধোৱাৰ পাছত ব'ৰ'প্লাছ লগাব্ই সদায়। গা ধুই উঠাৰ পাছতো ব'ৰ'প্লাছ লগায়। আগতে ব'ৰ'প্লাছ দৰকাৰ হ'লে চিধাই পাপাৰ দাঢ়ি কটা সজুঁলি থকা বেগটোয়েই খুছৰোগৈ।

পাছলৈ এলাহ কৰি নাপিতৰ তাতে টিপ টপ হৈ আহে। চুলিখিনিত ৰঙো কৰাই আনে। মোৰ লগত যদি ক'ৰবালৈ যাবলৈ থাকে ধূন পেছটো অলপ বেছি হয় আৰু। মোৰ এতিয়াও মনত আছে, ম্ই সৰু থাকোঁতে এদিন গৰমৰ দিনত সন্ধ্যা পটককৈ দোকানৰ পৰা কিবা আনোগৈ বুলি লুঙিখন পিন্ধি যাবলৈ লৈছিল, ম্ই গম পাই যি চিঞৰ দিলোঁ তাৰপিছৰপৰা ওচৰতে কৰবাত যাবলৈ হ'লেও লং পেন্ট পিন্ধিহে গৈছিল।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়