Tuesday, 9 April 2019

হিলী পুৰাণ (৩৩)

ইংৰাজীত কথা পাতিব যে পাৰিম কেতিয়াবা সপোনৰো অগোচৰ আছিল। কোনোমতে কেতিয়াবা ক'বলৈ চেষ্টা কৰিলেও গ্ৰামাৰ ভুল হোৱাৰ ভয়তে মাতেই নুলাইছিল। আৰু ক'লেই খৰকৈ মুখৰ ভিতৰতে কৈ থৈ দিওঁ আৰু কোনোৱে নুবুজে। দাদাৰ লগত কিবাকিবি পাতিছিলো যদিও মনৰ ভয় আতঁৰাবলৈ সম্ভৱপৰ হোৱা নাছিলোঁ। মেট্ৰিক পৰীক্ষা দি উঠি যেতিয়া টিউছনবোৰলৈ যোৱা আৰম্ভ কৰিছিলোঁ, তেতিয়া লাহে লাহে এটা এটাকৈ সম্পূৰ্ণ বাক্য কোৱাৰ চেষ্টা কৰিছিলোঁ। কোনোবাই কোনোবাই কৈছিল, বাহ্ ইংলিছত হে কোৱা হৈছোঁ দেখোন, কিন্তু বিশেষ কাণসাৰ নিদি চেষ্টা অব্যাহত ৰাখিছিলোঁ। মোৰ ভুল শুনি হাঁহি নিদি ক'বলৈ উৎষাহ দিয়া স্নেহা আৰু ডলীলৈ ম্ই আজিও ঋণী । ভাস্কৰ চাৰৰ ঘৰৰ টিউছনৰ প্ৰথম দিনটোত প্ৰথম লগ পোৱা স্নেহা আৰু ডলীয়ে যদি মোক সেইদিনা উৎসাহ নিদিলে হয় ম্ই চাগৈ কাৰোবাৰ আগত ইংৰাজীত কথা পাতিবলৈ এতিয়াও সংকোচ কৰিলোঁ হেতেন।

চিচিলী মেম , ম্ই জীৱনত প্ৰথমবাৰৰ বাবে সকলোৰে আগত ইংৰাজীত কথা কৈছিলো আপোনাৰ ক্লাছত। আমিবোৰে অল্টাৰনেটিভ ইংলিছ লোৱা নাছিলোঁ, কিন্তু সেইদিনা আপুনি আমাকো অল্টাৰনেটিভ ইংলিছৰ ক্লাছৰ বুলি ভাৱি তাৰেই এটা chapter
বুজাবলৈ লৈছিল। ম্ই সেইটোকে আপোনাক ভুলে শুদ্ধকৈ কৈছিলোঁ। আপুনি বুজা নাছিল। বাকী ক্লাছৰ বেলেগ ল'ৰাছোৱালীয়ে বুজাই দিছিল ম্ই কি কৈছোঁ। ম্ই বহুত ভয় খাইছিলোঁ, আপুনি টানকৈ ক'ব বুলি। কিন্তু আপুনি একো নকৈ ধুনীয়াকৈ মোক বহিবলৈ কৈ বেলেগ topic পঢ়াবলৈ আৰম্ভ কৰিছিল। সেইটোদিনৰ পৰা ম্ই লাহে লাহে ইংৰাজীত কথা ক'বলৈ ভয় নকৰা হৈছিলোঁ।

বিটেক্ ডনবস্কোত পঢ়িবলৈ গৈ প্ৰথমে ইংৰাজীত সকলো কথা ক'বলৈ খোকোজা লাগিছিল। কিন্তু সকলোৰে সহায় আৰু উৎসাহত বহুতখিনি শুধৰণি হৈছিল।  আজিকালিও বৰ ফৰফৰাই ক'ব নোৱাৰো যদিও কাম চলাই দিব পৰা হৈছোঁ।
যিখিনি ক'ব পৰা হৈছোঁ একমাত্ৰ মোৰ আশে পাশে থকা ভাল মানুহখিনিৰ চেষ্টা আৰু উৎসাহৰ বাবেই।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

No comments:

Post a Comment