হিলী পুৰাণ (৩৯)
সৰুতে টিভিত সঞ্জীৱ কাপুৰৰ খানা বনোৱাৰ প্ৰগেম চাই ভাল লাগিছিল। টিভিত যেনেকৈ শিকাই, তেনেকৈ ময়ো একটিং কৰিছিলোঁ ঘৰত কোনো নথকা অৱস্হাত নহ'লে সকলো শুই থকা অৱস্হাত দুপৰীয়া। পাকঘৰৰ প্ৰতিটো বাচনতে পানী ভৰাই ধুনীয়াকৈ সজাই লৈছিলোঁ, পানীয়ে মোৰ সকলো আছিল। চাউল ,দালি ,মছলা সৱ। আৰু মোৰ একটিং আৰম্ভ হৈছিল। আজিকালি যে পাই পুতলা পাকঘৰবোৰ, তেনেকুৱা এটা দিবলৈ মাক বহুত কুটুৰিছিলোঁ, কিন্তু নাপালোঁ কেতিয়াও। দুখ এটা মনত এটাও আছে সেইকাৰণে।
সৰুৰে পৰা খোৱা বোৱাৰ ক্ষেত্ৰত ম্ই দাদাতকৈ ভাল। তাক সৰুতে যদি খানা খোৱাবলৈ মা পাপাই নৃত্য প্ৰদৰ্শন কৰিব লগা হৈছিল কাঁহী বাতি লৈ ম্ই আছিলোঁ বিপৰীত। মুখ মেলি আছিলোঁ যিকোনোধৰণৰ খাদ্য টেষ্ট কৰিবলৈ। এতিয়া আকৌ দাদাৰ সুপুত্ৰ ভতিজা ৰুণ মোৰ দৰেই। মাম্ মাম্ খাবলৈ সদায় ৰেডী। কিন্তু ম্ই নোখোৱা কিছুমান বস্তুও আছিল। জহা চাউলৰ গোন্ধৰ কাৰণে নাখাইছিলোঁ, জ্বলাও নোৱাৰিছিলোঁ, লাই শাক , বেঙেনা ইত্যাদি, বেঙেনা ম্ই এতিয়াও ইমান নাখাওঁ। বিশেষকৈ হোষ্টেলত।
যদিও দাদাই যি টি বস্তু নাখাইছিল, তাৰ প্ৰিয় নেমুটেঙা। তাৰ থালৰ পৰা এগৰাহ ভাত খোৱাও টান, ইমান নেমু কেনেকৈ পাৰে জানো খাবলৈ। ইমান দূৰে দূৰে ঘৰৰ পৰা থাকিলে, কিন্তু টোপোলাবোৰত সদায় নেমু এক নম্বৰ। লাগিলে বেলেগ বস্তু ৰৈয়েই যাওঁক। যদিও এসময়ত খানা খোৱাবলৈ কষ্ট কৰিবলগা হৈছিল, এতিয়া কিন্তু সৱ খাই। সি বহুত ভাল ৰান্ধেও। তাৰ হাতৰ জুতি লাগিলে পটককৈ পাহৰা টান। যি টি গৱেষণা কৰি সি খানা বনাই ভাল পাই। কেতিয়াবা ফেইলো মাৰে।
এইযে গৱেষণা বুলি ক'লো, এই গৱেষণাৰ আৰম্ভনি হৈছিল , ডিব্ৰুগড় বিশ্ৱবিদ্যালয় চৌহদৰ আমাৰ সৰু পজাঁৰ পাকঘৰৰ পৰা। সীমিত বস্তুৰ মাজত, আমাৰ গৱেষণা ও সীমিত আছিল। ৰন্ধন প্ৰণালী ৰ কিতাপ কিনা মানুহ বাৰু সিয়েই আমাৰ ঘৰত। তাৰপৰা যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। মেগী বনোৱাত ম্ই পাৰ্গত আছিলোঁ, যি টি বস্তু দি ব্ইল/ফ্ৰাই কৰি খাইছিলোঁ। ভাত বনাবলৈ যে আঙুলিৰে পানীৰ জোখ ল'ব লাগে সেইয়া শিকাৰ পাছত ভাতো শিকিলোঁ।বনাবলৈ। সাধাৰণ ভাত দালি ভাজিৰে ,থালি এখন বনাব জনা হ'লো। দাদা এইক্ষেত্ৰত বেছি পাৰ্গত। লাহে লাহে মাছ মাংস্ও বনাব পৰা হ'লো। কিমান নো একে ধৰণৰ মাংস খাম বুলি এদিন মাংস এখিনি মিক্সিত গুৰি কৰি ভাজি বনাই খাইছিলোঁ মনত আছে। এদিন একেৰাহী মাংস বনাই দুয়োটাই শেষ কৰিছিলো। এনে কাৰ্য মা পাপা ঘৰত নাথাকিলেহে কৰিছিলোঁ পিছে।
এতিয়া প্ৰায় দহবছৰতকৈও বেছি দিন হোষ্টেলত থাকি ইউ টিউৱ চাই চাই কিবা কিবি বনাই খাই ভাল লাগে। ঘৰত কেতিয়াও পায়স বনাই নোপোৱাজনীয়ে পূৰা কন্ফিডেন্সত বনাব জনা হ'লো। বেছিকৈ টেনছন হ'লে, ম্ই হোষ্টেলত কিবা কিবি খানা বনাইহে মনটোত শান্তি পাওঁ। ভাল খানা খালেহে মন ভাল লাগে কাৰণে বাহিৰত খোৱাও বেছি হ'ল। তাৰে ফলশ্ৰুতিত পথালি কোমোৰা বহাদি বাঢ়িলোঁ।
হিলী
২৭/০৪/২০২০