Tuesday, 30 October 2018

হিলী পুৰাণ (১৩)

হিলী পুৰাণ

পোনপ্ৰথমবাৰৰ বাবে হিল চেন্দেল কিনিছিলো উৎপাত কৰি ক্লাছ টুত পঢ়োতে। সেইবাৰ আকৌ বগাত নীলা নীলা ফোট ফোট থকা ফ্ৰক এটাও পাইছিলোঁ। সেই ফ্ৰক আৰু চেন্দেল পিন্ধি বৰষুণৰ মাজত পূজা চাবলৈও গৈছিলো। অনভিজ্ঞ ভৰিকেইটাই হিল পিন্ধি খোজ কাঢ়ি বৰ কষ্ট পাইছিল। তথাপি পূজা প্ৰায়ভাগেই চাইছিলোঁ। সেই চেন্দেলযোৰেই ম্ই এদিন সূদা ভৰিৰে মেইন ৰাস্তাত ডিব্ৰুগড়ৰ আমোলাপটীত খোজ কাঢ়িব লগা অৱস্হাও কৰিছিল। কোন ক্লাছ পাহৰিছোঁ কিন্তু সেই চেন্দেলযোৰ তেতিয়ালৈ মোৰ প্ৰিয়্ই আছিল। য'ত হ'লেও গ'লে সেইযোৰেই মোৰ সাৰথি ,যেন বেলেগ চেন্দেল মোৰ নাই হে। ইমানকৈ অত্যাচাৰ হেলাৰঙে পাৰ কৰাৰ পাছত আৰু অৱশেষত সেই দিনটো আহিল যি দিনা চেন্দেল যোৰক বিদায় দিয়াৰ লগ্ন পৰিল।

সেইদিনা মেথ্ অলিম্পিয়াডৰ অংকবোৰৰ উত্তৰসমূহ কেনেকৈ কি কিটিপ লগাই উলিওয়া হয়, তাৰেই এটা ক্লাছ আছিল।শনিবাৰে স্কুলৰ পৰা আহিয়েই ল'ৰাল'ৰিকৈ টেম্পত উঠিলোহি । পিন্ধনত জিনচ্ টপ আৰু সেইযোৰ। টেম্পখনত মানুহ নাছিল বেছি। ভৰিখন আৰামকৈ থৈ বহো বুলি ভৰিটো মেলোতেই এটি সুন্দৰ কচকা খালোঁ। এই কচকাটো খাই ভৰিয়েটো দুখ পালেই চেন্দেলযোৰেও আৰু চাৰভিচ্ নিদো বুলি হাত দাঙি দিলে।এপাট চেন্দেল চিঙিল। সাউতকৈ নামি ঘৰ আহি সলাই যাবলৈও সময়ৰ নাটনি, গতিকে তেনেকৈয়ে ক্লাছ পালোগৈ। ক্লাছটো কৰিলো সুদা ভৰিয়েদিয়েই। ক্লাছটো কোনোৰকমে লেকেছিয়াই লেকেছিয়াই হ'লেও গৈছিলোঁ। ক্লাছ পোৱালৈ ইপাটেও চাৰেন্ডাৰ কৰি দিলে আগৰ ছিঙা পাটৰ লগত। এতিয়া ঘৰলৈ আহিবৰ পৰতহে পয়মাল হ'ল। টিকাফটা গৰমত দুপৰীয়া ৰাস্তাও গৰম, ৰাস্তাৰ কাষৰ বালিও গৰম, এতিয়া যাওঁ কেনেকৈ। মুছিও দেখি পাবলৈ নাই। উপায় নাই। খোজ কাঢ়ি কাঢ়ি টেম্পত উঠিবলৈ চাৰিআলিটোলৈ গৈ থাকোঁতেই কাষত পট্ কৈ স্কুটাৰ এখন ৰ'লহি। সেই ক্লাছলৈকে যোৱা ছোৱালী এজনী আৰু দেউতাক। জীয়েকৰ লগৰেই ছোৱালী এজনীয়ে সুদা ভৰিদি আহি থকা দেখিয়েই তেওঁ মোক লৈ আহি টেম্পত উঠাই দিছিলহি।

ঘৰ আহি পায়েই মাক গোটেইখিনি বৰ্নাই চেন্দেলযোৰক বিদায় দিছিলোঁ। সেইকান্ডৰ পাছত মায়ে বাটাৰপৰা চেপেটা ক্ৰিম কালাৰৰ চেন্দেল আনি দিছিল। সেইযোৰো সঁচ মাৰি নেপেলোৱালৈকে উধাই মুধাই পিন্ধি ছিলো। তেনেকুৱা আৰামদায়ক চেন্দেল আজিও বিছাৰি ফুৰোঁ।

হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়

অনুভৱ

অনুভৱ
(১)

ৰাতি এক বাজিছে। হোষ্টেলৰ আন্ধাৰ কোঠাটিত কৰিড'ৰত জ্বলি থকা লাইটৰ মায়াময় পোহৰ।  নীৰৱ নিশাটি, জিলিৰ গানে মাতাল কৰি তুলিছে। অকলশৰীয়া হোষ্টেলৰ ৰুমটোৰ মাদকতা যেন দুগুণ হৈ পৰিছে। আহিনমহীয়া কোমল চেচাঁ বতাহজাকেও যেন তাইক নীৰৱে দেৱীৰ উপস্হিতিৰ উমান দিছে।

(২)

'সৱে ম'বাইল বন্ধ কৰা আৰু আকাশলৈ চোৱা।' তাই চিঞৰি উঠিল। তাইৰ চিঞৰত সকলোৱে ম'বাইলত বজোৱা গান, টৰ্চ বন্ধ কৰি আকাশলৈ চালে। চাৰিওদিশ আন্ধাৰ। জ্বলাই থোৱা জুইকুৰাও উমি উমি জ্বলি আছে। ফৰকাল আকাশত সেইয়া তৰাৰ খেলধেমালি। সৰু ডাঙৰ  উজ্জ্বল, হৰেক ৰকমৰ তৰাই যেন মেল পাতিছে। ম'বাইল, লেপটপ, উজ্জ্বল লাইটৰ মাজত থকা সিহঁতবোৰৰ বাবে এই দৃশ্য বিৰল। সকলোৰে চোতালত ৰৈ এই দৃশ্য উপভোগ কৰাৰ সৌভাগ্য নহয় আজিকালি। সিহঁত বহি থাকোঁতে হঠাৎ কাৰেন্ট গ'ল, গ'ল মানে ক'তো অকনো পোহৰ নাই, আছিল মাথোঁ তিৰবিৰ তৰাৰ জিলমিল।

Friday, 5 October 2018

জন্মদিন

এখন খোলা খিৰিকী। খিৰিকীখনৰ সন্মূখত এখন নতুন মেজ। নতুন নতুন গোন্ধ এটা ৰূমটোত বিয়পি আছে। খোলা খিৰিকীৰে সেইয়া কুৱঁলীৰ ধুনীয়া বগা চাদৰখনহে দেখা গৈছে। বাকী ৰংবোৰ যেন ম্লান পৰি ৰৈছে কুৱঁলীৰ শুভ্ৰ চাদৰৰ বাবে।

মেজখনত সেইয়া অলপ শেৱালি। কোনোবাই চাগৈ তাই শুই নুঠাৰ আগতেই গৈ তলশৰা শেৱালিখিনি বুটলি আনিছেগৈ। আজি তাইৰ জন্মদিন। এই দিনটোৰ বাবেই তাইৰ হেপাঁহ বহুত। অসমীয়া কাতি মাহৰ চাৰি তাৰিখে তাইৰ জন্মদিন।

নতুন কেলেণ্ডাৰ অনাৰ লগে লগে কি বাৰ পৰিছে, পূজা পৰিছেনে দেৱালী তাই চাই। বন্ধবাৰ পৰিলেই তাই ভাল পায়। আজি পিছে দশমী। পূজাৰ বন্ধত তাই এইবাৰ এনায়েকৰ ঘৰলৈ গৈছিল। কিন্তু বাৰ্থদেৰ দিনা ঘৰতে থাকিম বুলি তাই কালিয়েই মাহীয়েকৰ লগত ঘৰলৈ আহিলে। দেউতাকে কেক অৰ্দাৰ দিয়েই থৈছে। এইবাৰ মাকে তাইলৈ বগা কোমল চোলা এটা আনিছে। টেবুলখনো অনাইছে নতুন। আগতে ঘৰত এখনহে টেবুল আছিলে, এতিয়া দুখন হ'ল।

ঘৰত বাৰ্থদে মানে কেক, লুচি ভাজি, মটৰ পনীৰ, চিংৰা, ৰছগোল্লা, পায়স। সেইয়া গধূলীলৈ। ৰাতিপুৱা দেউতাকে গোসাঁইৰ ওচৰত চাকি এগছি দিয়ে।   গধূলি ওচৰৰে দাদা বা হ'ত আহে। খুৰাক খুৰীয়েক, মোমায়েক হ'ত আহে। সদায়েই কোনোবা এজন নতুন আলহী আহেই। নমতা আলহী আহিলে হেনো ভাল। তাই ভালেই পায় সেইকাৰণে।
ৰাতিলৈ ঘৰৰ খিনিয়ে ভালকৈ মাছে মাংস্ই দি ভাতসাজ খাই তাই পোৱা উপহাৰবোৰ চাই। কাৰ্ড, কলম, পেন্সিল বক্স, টিফিন কত যে কি। কিতাপো পাই তাই কেতিয়াবা।

এইবাৰ তাইৰ দেখোন মনটো কুৱঁলীৰ ধুনীয়া নম্ৰ চেচাঁ বতাহজাকে শান্ত কৰি তুলিছে।

'মাইনা....ব্ৰাছ কৰ। গাখীৰ খাই ৰুমটো খালী কৰ। ভকত আহিবৰে হ'ব।' মাকে তাইক মাতিছে। আজি ঘৰত নাম এষাৰ গোৱাব। ঘৰটো সৰু কাৰণে কিবা পাতিলে ৰুমটো খালী কৰিব লাগে।

তাই মাকৰ মাত শুনি ব্ৰাছ কৰিবলৈ দৌৰ মাৰি গ'ল।

হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়

Monday, 1 October 2018

হিলী পুৰাণ (১২)

হিলী পুৰাণ
(১২)

আমি সৰু থাকোঁতে দেৱালী মানে আছিল কলগছ, মাটিচাকি, ফটকা আৰু খানা। দেৱালীৰ দিনা কলগছ লগাই তাতে বাঁহৰ কামি লগাই চাকিবোৰ তাতে থোৱা হৈছিল। দীঘল দীঘল কামিবোৰত শাৰী শাৰীকৈ লগোৱা চাকিবোৰ ধুনীয়া লাগিছিল। আগতে ঘৰলৈ অনা ফটকাবোৰ আছিল ফুলজাৰি(ঝিনঝিনি) , চকৰি, কলগছ, লখিমী দেৱী আকিঁ থোৱা ফটকা(ব'ম), জলকীয়া ব'ম। একেবাৰে সৰু থাকোঁতে ম্ই ফুলজাৰিদালো দীঘল লাঠি এডালত লগাইহে জ্বলাইছিলো। দাদাই লখিমীব'মটো লাথিত লগাই  ফুটাইছিল। লাহে লাহে ডাঙৰ হ'লো। চুৱেটাৰ টুপী পিন্ধি হে আমি ঘৰৰ বাহিৰ ওলাইছিলোঁ। তেতিয়া দেৱালীত বহুত ঠাণ্ডা পৰিছিল। মুখৰপৰা ধোৱাঁ ওলোৱা চাই ভাল লাগিছিল। এতিয়াও ভাল লাগে পিছে। ফটকাবোৰ     কাগজত থৈ কাগজখনত জুই লগাই দৌৰ দিওঁ, ফুটিলে ভয়ো লাগে, ভালো লাগে । কেতিয়াবা কেইবাটাও দি দিওঁ, একেলগে এটাৰ পিছত এটা ফুটে। কলগছ ফুটাবলৈ পিছলৈ শিকিছিলোঁ। চকৰিটো বাৰান্দাত লগাইছিলো। পকাত দাগ পৰে। বহুতদিন ভালকৈ মুছিলেহে দাগটো যায়। ৰকেট বেছি নানিছিলে। লোকে লগোৱাহে চাইছিলোঁ। পাছদিনা ৰাতিপুৱা উঠি দেখো, আগফালটো পূৰা বগা। কাগজবোৰ ঘাহঁত পৰি থকা নিয়ৰবোৰত লাগি ধৰে। বাহঁনি মাৰি আতঁৰাবলৈ দিগদাৰি হয়। বহুতদিনলৈ বগা ৰঙা কাগজৰ টুকুৰাবোৰ য'ত ত'ত পৰিয়েই থাকে।

লাহে লাহে কোৱাৰ্টাৰৰ মানুহখিনি বেলেগ বেলেগ ঠাইলৈ গ'ল। আমিবোৰো ডাঙৰ হ'লো। ঘৰৰ পৰা ওলাই আহিলোঁ। আমেজবোৰ যেন ক'ৰবাত হেৰাই গ'ল। ফটকা ঘৰলৈ আনিলেও ফুটাবলৈ যে মন নাযায় । অকল চাকিখিনি জ্বলাই ভালকৈ সজাই থৈ ভাল লাগে। ৰংগোলী আগতে চকেৰে বাৰান্দাত আকিঁছিলো, এতিয়া ৰঙেৰে আকিঁব পৰা হ'লো।

হোষ্টেলৰ দেৱালীত দেখোন ল'ৰালিৰ সেই আমেজবোৰ বিছাৰি নাপাওঁ। নিজকে সেই সৰুতে পোৱা দেৱালীবোৰৰ মাজতে বিছাৰি থাকোঁ।

হিলী পুৰাণ (১১)

হিলী পুৰাণ
(১১)

মোৰ সৰুতে ভাল লগা এটা খেল আছিল টিভিৰ নিউজ পঢ়া মানুহকেইগৰাকীৰ একটিং কৰা। টিভি বনাইছিলো আমাৰ ঘৰৰ চ'ফাৰ কুছন কেইটাৰে। টিভিটো বেছিভাগ বিছনাৰ ওপৰত বনাইছিলো। এটা কুছন তলত, দুটা কুছন দুফালে আৰু এটা কাষৰ কুছন দুটাৰ ওপৰত দি ম্ইজনী তাত সোমাই গৈছিলোঁ। আৰু মোৰ সন্মুখত এখন পাতল পৰ্দা দি লৈছিলোঁ, মানে সেইখন মোৰ টিভিটোৰ স্ক্ৰিন। নিউজ্ পঢ়াৰ সময়ত পৰ্দাখন আতৰাঁই লৈছিলোঁ। মোৰ সেই খেল ম্ই যেতিয়ালৈ সেই টিভিৰ ভিতৰত অনায়াসে সোমাইছিলো, তেতিয়ালৈহে বাৰু চলিছিল।

আমাৰ ঘৰৰ বাৰান্দাখনৰ পকাখন অলপ ভাঙিছিল। সেইকাৰণে অলপ হেলনীয়া হৈ গৈছিল। তাতে সৰু গাতঁ এটা কৰি আমি মানে বাবা, ম্ই আৰু পুপুনীয়ে মাৰ্বল খেলিছিলোঁ। সৰুৰে পৰা ম্ই বেছিভাগ ল'ৰাৰ লগতে খেলা। পাকি বা, নিতুমনিৰ লগত খেলিছিলোঁ যদিও ল'ৰাসোপাৰ লগতহে মোৰ দোস্তি। আগতে বাবা আৰু আমাৰ ঘৰৰ মাজৰ ঠাইখিনিত ক্ৰিকেট খেলোঁ টেনিছ বলেৰে। বল যদি ৱাল আৰু চকোৱা পাৰ হৈ যায় তেতিয়া হ'লে আউট। ৱাল আৰু চকোৱাত যদি লাগে তেতিয়া কিন্তু চিক্স। কেতিয়াবা সন্ধিয়া বল ৱাল যদি পাৰ হয়, সেই বল আৰু পোৱাৰ সম্ভাৱনা নিছেই কম।

আমি বেডমিণ্টন খেলিছোঁ, স্কিপিং ৰেছ কৰিছো। মাজে মাজে আকৌ এনেই দৌৰিছো। ঠান্দা দিনত চুৱেটাৰ পিন্ধিও ঘাহেঁ বনে বাগৰি চোৰ পুলিচ ৰ গুলীয়া গুলি হোৱাৰ একটিং কৰি খেলোঁ। লগ বাবা আৰু পুপুনী। ৰাতিলৈ চাহি উঠে গাত। মায়ে ডেটল লগাই দিয়ে, এনেকুৱা পোৰে অ'। ৰাম ৰাম। চিঞৰকিটা দিছিলোঁ আৰু।

এনেকুৱা খেল ধেমালি বহুত খেলিছিলোঁ। দাদাহঁতৰ লগত ক্ৰিকেট খেলা কাৰণেই চাগৈ বি টেক্ কৰোঁতে আমাৰ বেস্টটোৰ হৈ ক্ৰিকেট খেলিবলৈ সাহস কৰিছিলোঁ।

হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়