পাপা ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ৰ কৰ্মচাৰী হোৱা হেতুকে , তাতে চৌহদত থাকিয়েই ডাঙৰ হলোঁ। আমাৰ ঘৰটো মেইন ৰাস্তাৰ কাষৰ বৰ্তমানৰ DUIET ৰ সন্মুখত আছিল। ঘৰটো চাৰিজনীয়া পৰিয়ালটোৰ বাবে জোখৰে আছিল কিন্তু বস্তু বহুত বাবে অলপ ঠেপা ঠেপি হৈছিল। কিন্তু ঘৰৰ সন্মুখৰ বাৰাণ্ডাত বহি আমাৰ বহুত কাম হৈছিল। কেতিয়াবা ঠাণ্ডাদিনত ৰ'দ পৰি থাকিলে সৰুতে গাও ধুৱাইছিল । মাৰ লগত সন্ধ্যা বহি বহি ডাঙৰ ডাঙৰ ট্ৰাকবোৰ যোৱা চাইছিলো। মায়ে কৈ থাকে "এইখনত বহী আহিছে, এইখনত মাটি পেঞ্চিল," ইত্যাদি। কথাবোৰ সচাঁ বুলিয়ে ভাৱিছিলোঁ। পূজাৰ বতৰত তাত বহি বহি পূজা চাবলৈ যোৱা মানুহবোৰ চাই বৰ ভাল লাগিছিল। বেলুন, পিষ্টল, পানী বেলুন, পেপা, ৰং বিৰংৰ কাপোৰ পিন্ধা কণ ল'ৰা ছোৱালীবোৰ, মাক দেউতাক বোৰ চাই ফূৰ্তি পাইছিলোঁ। নিজে ইমান পূজা চাবলৈ যোৱা নাছিলোঁ কিন্তু কুমাৰণীছিগাৰ পূজাভাগ চাই বেলুন আনিবলৈ পাহৰা নাছিলোঁ। Bikramjit Gohain Baruah
Tuesday, 25 September 2018
Friday, 21 September 2018
হিলী পুৰাণ (৯)
হিলী পুৰাণ (৯)
আগতেও কৈছোঁ, আমি সৰুতে থকা ডিব্ৰুগড় বিশ্ৱবিদ্যালয় চৌহদৰ সৰু চুবুৰীৰ মানুহখিনি বৰ মিলা প্ৰীতিৰে আছিলো। মাজে মাজে সকলো মিলি চিনেমা চাবলৈও গৈছিলোঁ। অসমীয়া চিনেমাও চাব গৈছিলোঁ, হিন্দী চিনেমাও। তেতিয়া চিনেমা চাবলৈ চিনেমা হলবোৰত বৰ ভিৰ হৈছিল। টিকেট ব্লেকতহে ল’ব লগা হৈছিল কেতিয়াবা। পাপা, সন্দিকৈ খুৰাই ভিৰ ফালি ফালি লাইন পাতিও টিকেট কৰিছিল। দেওবাৰৰ দিনটোত হে যাব পাৰিছিলোঁ বন্ধৰ দিন বুলি। নায়ক, টাইটানিক আদি চিনেমা চোৱাৰ কথা মনত আছে।
পাপাইটো অকলে গৈ যৌৱনে আমনি কৰে্ খন চাই আহিছিল। Hum Dil Chuke Sanam আৰু Taal চিনেমা দুখন পাপা আৰু ম্ই গৈ চাইছিলো ব্লেকত টিকেট কাটি। লাহে লাহে আমাৰ চিনেমা চোৱা কমিল। দাদা আৰু ময়ো ঘৰত নথকা হ’লো। তথাপি ৰামধেনু খন মা আৰু পাপাই গৈ চাইছিল। মাজে মাজে আমি পাপাহঁতক লৈ গেলেৰীয়া চিনেমাত গৈ চিনেমা চাইছিলোঁ। কেতিয়াবা পাপাই ফোন কৰি টিকেট কৰি দিব কয়, ভাল চিনেমা থাকিলে কৰি দিওঁ। চাই আহি ক’ব কেনেকুৱা পালে। মাৰ লগত সদায় Zee Cinema পুৰণি নতুন চিনেমা চাইছিল। সেইদিনাও পাপাৰ লগত আবেলি লেপটপত চিনেমা চালোঁ 102 Not Out.
কিন্তু সদায় ৮০ ৰাণ কৰিম বুলি কৈ থকা পাপা ৰাণ আউট হৈ থাকিল 67 ৰাণতেই।
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়
হিলী পুৰাণ (৮)
হিলী পুৰাণ
(৮)
ম্ই গান গোৱাটো পাপাই বিচাৰিছিল। সেয়েহে গান স্কুলত নাম লগাই দিছিল। শিকিছিলো। গানৰ মেট্ৰিকটো পাছ কৰি তাতেই শিক্ষা সাং কৰিলোঁ। কেতিয়াও অকলে stage অত উঠি গান গাবলৈ সাহস নহ'ল এতিয়ালৈ। সমবেত গীত গোৱাতো ম্ই পাকৈত নহ'লো। এবাৰনে দুবাৰ চাগৈ গাইছিলো সমবেত সংগীত। ৰংঘৰ প্ৰেক্ষাগৃহত স্কুলৰ বাৰ্ষিক ক্ৰীড়াৰ বটাঁ বিতৰণীৰ দিনা। এদিন হাৰমনিয়ামত সংগত কৰিলোঁ আমাৰ গানৰ স্কুলৰ তৰফৰ পৰা গোৱা গান এটাত, ৰংঘৰ প্ৰেক্ষাগৃহতেই।
অৱশ্যে আমি অষ্টম নে নৱম শ্ৰেনীত পঢ়ি থাকোঁতে, সদৌ অসম ভিত্তিত অসমৰ জাতীয় সংগীত গোৱা প্ৰতিযোগিতাত , জিলা পৰ্যায়ত , স্কুলৰ তৰফৰ পৰা যোৱা দলটিত ময়ো স্হান পাইছিলোঁ। স্কুলত হোৱা প্ৰতিযোগিতাবোৰত ভাগ লৈছিলোঁ যদি বটাঁ পোৱা নাছিলোঁ কিয়নো ভাল গান গোৱা দাদা, বা, ভন্টি ভাইটি বহুত আছিল।
পাপাৰ পৰা শিকা হুহুৰিটো বজায়েই তেজপুৰ বিশ্ৱবিদ্যালয়ত প্ৰথম আহি miss fresher's হৈছিলোঁ। নেহু চিলংটো বাহ্ বাহ্ লৈছিলোঁ।
অলপ যহাইছো, ৰাইজে দায় দোষ নধৰে যেন।
হিলী
তেজপুৰ বিশ্ববিদ্যালয়
Saturday, 1 September 2018
ব্যক্তিগত সময় আৰু অসমীয়া চেনেল
হিমা দাস অসমৰ গৌৰৱ। তিনিটাকৈ পদকেৰে চহকী হোৱা হিমাক লৈ আমি যিদৰে গৌৰৱবোধ কৰিছোঁ, তাতোকৈ বহুতখিনি অনুভৱ কৰিছে হিমাৰ পৰিয়ালবৰ্গ্ই। প্ৰতিজন দৰ্শকৰ লগতে তেওঁ লোকৰো এটাই কেৱল আশা, হিমাৰ কোলাত পদকৰ বৰষুণ হ্ওঁক। টেলিভিজনৰ সন্মুখত বহি ভগৱানৰ আশীষ বিছাৰিছিল সকলোৱেই। হিমাই পদক পাওঁক। কিন্তু একেবাৰেই ব্যক্তিগত এটি মুহূৰ্ত, য'ত পৰিয়ালবৰ্গ্ই নিশ্চয় কৈ হিমাৰ খেল চাবলৈ বহিছিল, তাত কেমেৰামেন নিউজ চেনেলৰ কি কাম।
ল'ৰাছোৱালীৰ ভাল হ'লে অৱশ্যেই সকলো সুখী হ'ব। বেয়া হ'লেও আগুৱাই যাবলৈ মনোবল দিব।
এতিয়া হিমা জিকিল। সুধিব, কেনে লাগিছে। ওৱা, ভালেই লাগিব, আৰু কি লাগিব। ৰাইজক নেদেখালেও ৰাইজে বুজিব কি বুজিব লাগে।
একান্তই ব্যক্তিগত এই সৰু সৰু সুখ দুখৰ সময়বোৰ নিজৰ হৈ থাকিবলৈ দিলেই ভাল হ'ব যেন মনে কয়।
হিলী।পুৰাণ ৭
আমি তেতিয়া তৃতীয় নে দ্বিতীয় শ্ৰেণীত। স্কুলৰ বাৰ্ষিক ক্ৰীড়াৰ সময়। আমাৰ স্কুলৰ খেলৰ প্ৰতিযোগিতা বোৰ ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ৰ খেলপথাৰত হৈছিল। আমি সৰুবোৰৰ খেলবোৰ সাধাৰণতে আগবেলাতেই পাতা হৈছিল। গতিকে পাছবেলাটো পিয়া-পি দি ঘুৰি ফুৰিছিলোঁ। তেনেকুৱা কোনোবা এটা দিনতেই স্ৱস্তিকা আৰু ম্ই ভাৱিলো যে ৰ'দত ঘুৰি ফুৰাতকৈ আমাৰ ঘৰতে গৈ পুতলাকে খেলোঁগৈ। পাপাহঁতৰ অফিছ তেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমখন গেটৰ ওচৰৰ পুৰণি administrative Building অত আছিল। পাপাৰ ওচৰ গৈ ক'লো ,'পাপা চাবিটো দিয়া, ঘৰত খেলোঁগৈ'। পাপাই চাবিটো দি ক'লে,' তহঁতি গৈ থাক, ম্ই গৈ আছোঁ।' আমাৰ ঘৰটো Pharmaceutical department পাৰ হৈয়ে পুখুৰীৰ কাষৰ প্ৰথম ঘৰটো। আমি দুয়োজনী গৈ থাকোতেই পাপাও পালেহি।
এতিয়াহে আচল কথাটো আৰম্ভ হ'ব।
ঘৰ পাই দেখোঁ, ঘৰত তলা নাই। ভাৱিলোঁ মা আহিল নেকি। মাতি আছো মাত দিয়া নাই। কলিং বেল বজাবলৈ ও কাৰেন্ট নাই। পাপায়ো মাতিছে। নাই , মাত নাই। নাজানো কি ভাৱি ম্ই বাৰান্দাৰ কাষৰ খিৰিকী খন টানিলো।
ট্ৰাংকবোৰ খোলা, কাপোৰবোৰ চেদেলি ভেদেলি। বিছনাবোৰৰো তুলি য'ত ত'ত। লগে লগে পাপাক মাতিলো। পাপাই দেখি লগে লগে ঘৰৰ পাছফালে গৈছে। নতুনকৈ দিয়া চকোৱা এৰোৱাই চোৰ আগতেই পলাল। তলা পেলাই থৈ গৈছে পাছফালৰ টিউবৱেলৰ কাষত। ঘৰৰ ভিতৰত মোক আৰু স্ৱস্তিকাক থৈ পাপা লগে লগে গ'ল থানাৰ পৰা পুলিচ আৰু মাক স্কুলৰ পৰা আনিবলৈ। থানাৰ পৰা পুলিচ পোৱাৰ আগতেই মা ঘৰ পালেহি।
মা পাপা আহি পোৱাৰ আগতেই ম্ই পিয়া পি দি চাই ফুৰিছো কিবা নিলে নেকি। একো নিবলৈ নোৱাৰিলে বাৰু চোৰে। চোৰে আলমাৰীৰ লক ভাঙিবলৈ আমাৰ ঘৰৰে হাথিয়াৰ কামত লগাইছিল। পুৰণি মজবুত আলমাৰী বুলিয়েই একো কৰিব নোৱাৰিলে চাগৈ।
চোৰৰ আচলতে ভাগ্যখন অলপ বেয়া আছিল। সদায় আলমাৰী লক কৰা নহৈছিল আমাৰ। চাবিটো আলমাৰীতেই উলমি থাকিছিল। সেইদিনা পাপাই অফিছ যোৱাৰ আগে আগে কিবা ভাৱি লক কৰি গৈছিল। আৰু বেছেৰা চোৰকিটাই জানিলে এতিয়াও দুখ কৰিব, কিয়নো চাবিটো ঘৰৰ ভিতৰতেই দৰ্জা এখনৰ কাষৰ গজাল এটাত আঁৰি থোৱা আছিল।
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়