জয়জয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয় মডেল স্কুলৰ সোণালী জয়ন্তী উপলক্ষে স্কুলৰ সৈতে পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে জড়িত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
প্ৰাক্তন ছাত্ৰী হিছাপে দুআষাৰ লিখিবলৈ দিয়াত বাৰে বাৰে ভাৱিছো কি লিখোঁ। লিখিবলৈ বহু কথাই মনলৈ আহিছে। অসমত পঢ়ি অসমৰ বাহিৰত কৰ্মজীৱন আৰম্ভ কৰোঁতে স্কুলীয়া জীৱনত পোৱা বহু ভিন্ন অভিজ্ঞতাৰ অৱদানৰ কথাই লিখিবলৈ লৈছোঁ।
মোৰ দেউতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে কৰ্মচাৰী হোৱা হেতুকে আমাৰ ল'ৰালিকালটো বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৱাস গৃহতে পাৰ হ'ল। মোৰ দাদা যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় মডেল স্কুলতেই পঢ়ি আছিল, গতিকে মোকো মা পাপাই চকু মুদি নিশ্চিন্তমনেৰে তাতেই নাম ভৰ্তি কৰাই দিলে। ১৯৯৪ চনৰ পৰা ২০০৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱালৈ, এই সময়ছোৱা অতি মধুৰ। দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই মা পাপাই নাচৰ স্কুলত নাম ভৰ্তি কৰাই দিয়ে। অকল পঢ়া শুনাত ব্যস্ত থাকিলেই যে ল'ৰাছোৱালীৰ বিকাশ হয়, সেইয়া মা পাপাই অকণো বিশ্বাস কৰা নাছিল। গতিকে পঢ়া শুনাৰ লগতে মোৰ ভাৰতনাট্যমৰো অনুশীলন চলি থাকিল। চতুৰ্থ নে পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে গানৰ স্কুলো মোৰ জীৱনৰ লগত জড়িত হ'ল। মুকুল আহমেদ চাৰৰ লগত ভাৰতনাট্যমৰ শিক্ষা বৃহস্পতিবাৰে আৰু অনিতা লাহিড়ী মিছৰ লগত গানৰ স্কুল দেওবাৰে। আজিকালিৰ ল'ৰাছোৱালীৰ দৰে এগালমান টিউচন নাছিল। বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ স্কুলৰ লগতে ঘৰৰ সকলোৰে উৎসাহ পাইছিলোঁ। ২০০৬ বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰা ২০২৩ বৰ্ষত নামৰ আগত ড০ লিখিবলৈ যোগ্যতা আহৰণ কৰাৰ এই দীঘলীয়া যাত্ৰাত স্কুলীয়া জীৱনত আহৰণ কৰা বিভিন্ন অভিজ্ঞতাই প্ৰতি পদতে সহায় কৰি আহিছে। বৰ্তমান ম্ই অন্ধ্ৰপ্ৰদেশৰ Vignan's Foundation For Science , Technology and Research ( Deemed To be university ) ত School of Computing and Informatics ত সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত। অসমীয়া মাধ্যমত শিক্ষা আৰম্ভ কৰি এই কৰ্মজীৱন আৰম্ভ কৰাত বহুলোকৰ বৰঙনি আছে।
স্কুলৰ বাৰ্ষিক প্ৰতিযোগিতাত আকস্মিক বক্তৃতা, গীত, নৃত্য, সমবেত সংগীত, কুইজ, জিকিৰ , কাবাডি, March Past সকলোতেই সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিলোঁ। জিলাভিত্তিক ৰছনা প্ৰতিযোগিতাত যোগ দিবলৈ ৰেখা মিছৰ অনুপ্ৰেৰণা যথেষ্ঠ পাইছিলোঁ। বেলেগ বেলেগ কিতাপৰ পৰা সমল গোটাই আগবাঢ়ি যাবলৈ তেওঁ উৎসাহিত কৰিছিল। সৰুৰেপৰা দলীয়ভাৱে কাম কৰিবলৈ শিকাৰ বাবেই কিজানি পাছলৈ বহু অসমীয়া, অনা অসমীয়া সহপাঠী ৰ সৈতে একগোট হৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। জিলাভিত্তিক বিভিন্ন মঞ্চত Perform কৰাৰ বাবে Stage fear ও একেবাৰেই নাছিল। সেইবাবে পৰৱৰ্তী কালত দেশী/বিদেশী conference সমূহতো গৱেষণা পত্ৰ পাঠ কৰিবলৈ পিছ হোহকা নাছিলোঁ। আমাৰ স্কুলত নিম্ন শ্ৰেণীৰ পৰাই ইংৰাজী শিক্ষাত গুৰুত্ব দিয়া হয়। লিখিবলৈ শিকিছিলোঁ যদিও ক'বলৈ মনত শংকা আছিল । এইখিনিতে যদি গগৈ মিছৰ কথা নিলিখোঁ লিখনিতো আধৰুৱা হ'ব। যদিও সৰুৰেপৰাই ইংৰাজী শিকিছোঁ, গ্ৰামাৰখিনি একমাত্ৰ গগৈ মিছৰ বাবেই ভালদৰে শিকিলোঁ। গগৈ মিছৰ বাবেই ইংৰাজীৰ প্ৰতি থকা ভয় কমিল। যদিও ইংৰাজী শিক্ষাত গুৰুত্ব দিয়া হয়, আমাৰ স্কুলত ইংৰাজীত বাৰ্তালাপ কৰিবলৈ উৎসাহ দিয়াৰো প্ৰয়োজনীয়তা আহি পৰিছে বুলি ভাৱোঁ। বৰ্তমান কৰ্মস্হলীত সহকৰ্মী লগতে ছাত্র/ছাত্ৰীৰ লগতো অনবৰতে ইংৰাজীতে কথোকথন কৰিবলৈ সক্ষম হৈছোঁ নিম্ন শ্ৰেণীৰ পৰাই ইংৰাজী শিকিবলৈ সুবিধা পোৱাৰ বাবেই। আমি পঢ়ি থকা সময়ছোৱাত বছেৰেকীয়া পৰীক্ষাত স্হান লাভ কৰিলে পুৰস্কাৰ হিছাপে কিতাপ দিয়া হৈছিল। এই সুযোগতে বিভিন্ন দেশী বিদেশী সাহিত্যৰ সোৱাদ ল'বলৈ সক্ষম হৈছিলোঁ। বাহিৰা কিতাপ পঢ়াৰ অভ্যাসো সৰুতেই গঢ় ল'লে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদতে থকাৰ বাবেই বহু বিখ্যাত ব্যক্তিৰ সান্নিধ্য ল ভ কৰিছিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰয়াত ড০ দেৱদাস কাকতিদেৱৰ কন্যা প্ৰতিমা আমাৰেই সহপাঠী হোৱাৰ বাবে তেওঁৰ সান্নিধ্য ও পাইছিলোঁ। আমাৰ স্কুলৰ বাৰ্ষিক বটাঁ বিতৰণী অনুষ্ঠানসমূহত বিশিষ্ট অতিথিৰ ৰূপত বহু গুণী ব্যক্তিৰ বক্তৃতা শুনাৰ সৌভাগ্য হৈছিল। বৰ্তমানৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাদেৱৰ সৈতে নৱম আৰু দশম শ্ৰেণীত সাধাৰণ গণিত আৰু ঐচ্ছিক গণিতৰ অনুশীলন কৰিবলৈও সুবিধা পাইছিলোঁ। এই অনুশীলন খিনিৰ বাবেই গণিতৰ সাহসত অভিযান্ত্ৰিক শিক্ষা ৰ প্ৰতি উৎসাহিত হৈছিলোঁ। হাইস্কুল শিক্ষা ন্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বহুজন গুণী ব্যক্তিয়ে আমাৰ ঘৰলৈ আহি আৰু আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল। আশা কৰোঁ সকলোৰে আশীৰ্বাদ আৰু শুভকামনাৰ সৈতে আৰু আগুৱাই যাবলৈ সক্ষম হ'ম।
স্কুলত পঢ়ি থাকোঁতে আমাৰ শ্ৰেণীটো আটাইতকৈ উৎপতীয়া বুলিয়েই বিখ্যাত আছিল। শ্ৰেণীকোঠাৰ বাহিৰত বাৰান্দাত / খেলপথাৰত কাণত ধৰি থিয় হৈ থকা একমাত্ৰ Batch চাগৈ আমিয়েই আছিলোঁ। এবাৰ শিক্ষা মূলক ভ্ৰমণত গৈ বিশ্ববিদ্যালয়ৰ বাছখনৰ আইনা ভাঙিও আমি বিখ্যাত হৈছিলোঁ। কাৰোৰে চাগৈ আমাৰ পৰা একো বিশেষ আশাও নাছিল। কিন্তু দশম শ্ৰেণীত সকলোকে আচৰিত কৰি আমি সমবেত সংগীত প্ৰতিযোগিতা, March past প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা টো প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়েই যেতিয়া লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ ৰেকৰ্ড কৰিছিল, আমি সকলোৱেই সুখী হৈছিলোঁ। এই সময়ছোৱাত বহুতৰ সৈতে যোগাযোগ বিছিন্ন হ'ল যদিও স্বস্তিকা, ময়ুৰীৰ সৈতে যোগাযোগ এতিয়াও অব্যাহত আছে। দুয়োগৰাকীয়েই নিজৰ নিজৰ পথত সফল। দুয়োগৰাকীৰ সৈতে আলোচনা কৰি এইবাৰ এটি বিশেষ চলন্ত ট্ৰফী বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে আগবঢ়াইছো। আশা কৰোঁ এই বটাঁৰ পৰা আমাৰ অনুজসকল অনুপ্ৰাণিত হ'ব।
ড০ হিলী গোহাঁই বৰুৱা
প্ৰাক্তন ছাত্ৰী