Thursday, 23 August 2018

আমাৰ মাঘ বিহু


ম্ই গাৱঁৰ পৰিৱেশৰ বিহু পোৱা নায়। সৰুৰে পৰা Dibrugarh University ৰ চৌহদত থাকি ডাঙৰ হৈছোঁ। পুৰণি তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ মাত্ৰ ছটি পৰিয়ালেৰেই আমি মিলিজুলি বিহু পাতিছিলো।ভোজৰ দিনা ৰাতিপুৱাই সন্দিকৈ খুৰা আহে পাকি বাৰ লগত আমাৰ ঘৰলৈ ভোজৰ কথা আলোচনা কৰিবলৈ। লাহে লাহে বৰাখুৰা, লাহন দাই আহি আলোচনাত ভাগ লৈ কাৰ ঘৰৰ কিমানকৈ চাউল দিব, বাকী কোনে কি খাই হিচাপমতে বজাৰ কৰিব কোন যাব, প্ইছা কিমানকৈ তুলিব সৱ সিদ্ধান্ত লয়। সাধাৰণতে সন্দিকৈ খুৰা আৰু বৰা খুৰা ভোজ ৰান্ধিবলৈ চৌকা বনোৱা আৰু ভেলাঘৰ বনোৱাৰ দ্বায়িত্বত থাকে। দুপৰীয়া মাই ভাত খাই শুবলৈ দিয়ে। কিন্তু গাত তৰণি নাই, টোপনিও নাই। বাবা , পুপুনিৰ লগত পিং পিঙাই পাছফালে থকা পথাৰৰ পৰা নৰা আনোঁগৈ। দুটা মেজি বনাওঁ। এটা ৰাতি জুই ফুৱাবলৈ, এটা পাছদিনা মেজি জ্বলাবলৈ।বজাৰ কৰি আনি হোৱাৰ লগে লগে খুৰীহঁত হাতে কামে লাগি যায়। আমি পোৱালীবোৰক টিভি চাবলৈ পঠিয়াই দিয়ে। আমাক সোনকালে খাবলৈও দিয়ে শুই থাকগৈ বুলি।এই সোনকালে শুবলৈ আহি টোপনি গ'লো। আহিল চোৰ। ঘৰৰ দৰ্জা খোলা। চোৰৰ লগত খেদাখেদি ইফালে ঘৰৰ বাহিৰত। ভাল চোৰ আহি নোসোমাল ঘৰৰ ভিতৰত।পাছদিনা পুৱাই গা পা ধুই মেজিৰ জুইৰ উম ল্ওঁ। মাহ কৰাই খুৰীহঁতে আনে। মেজিৰ জুইৰ কাষতে সকলোৱে জা জলপান খাওঁ।বহুত বছৰৰ পৰা মাঘৰ বিহুত ঘৰতেই খোৱাবোৱা কৰি আহিছোঁ। পাৰ্থক্য এইয়াই থাকে যে খোৱা জুইত বনোৱা হয়। কলপাতত খোৱা হয়। কাইলৈ বহুদিনৰ মূৰত এসাজ খাম মিলিজুলি মামা আৰু মাহীৰ পৰিয়ালৰ লগত।

চাইকেল......


চাইকেল খন যেন আমাৰ মধ্যবিত্ত মানুহখিনিৰ চালিকা শক্তি। গাড়ী নথকা মানুহখিনিৰ Status symbol আছিল scooter খন। সেইখনো নথকা মানুহখিনিৰ চাইকেলে ই সকলো।
আমাৰ ঘৰত এতিয়া গাড়ী , scooter সৱ আছে। কিন্তু আমি সৰু থাকোঁতে চাইকেলখনেই সম্বল আছিল। সেই Hero কোম্পানীৰ সেই চাইকেলখন পাপাৰ যেন স্ৱাভিমান। নিজৰ চাকৰিৰ টকাৰে কিনা সেইখন পাপাক বিক্ৰী কৰিব কলেও নিবিকে। কেতিয়াবা কোনোবাই নিলেও ৰাতি হ'লেও পাপাক সেইখন দি থৈ যায়।
আজি চাইকেলখন আৰু চাইকেলৰ লগত জড়িত স্মৃতিবোৰ বুটলিবলৈ বৰকৈ মন গৈছে।
মনলৈ অহা প্ৰথম দৃশ্যটোৱেই হৈছে পাপাৰ লগত প্ৰথম স্কুল যোৱাদিনটো। পাপাৰ চাইকেলত আগফালে সৰু অকণমানি চিটটো নাছিল। ম্ই বহিবলৈ গাৰু এটা বান্ধি দিছিল। দুফালে দুটা ভৰি ওলোমাই বহি স্কুললৈ গৈছিলোঁ। পাপা , ম্ই আৰু চাইকেলখনৰ লগত যে কিমান সময় পাৰ হৈছে। পৰীক্ষা দিবলৈ যাওঁতে পাপাই সুধি যায়, " সৱ বস্তু ল'লিনে? কলম, পেন্সিল, ৰবৰ, স্কেল। " পঢ়া হ'লনে বুলি সোধা নাছিল। হয়তো জীয়েকৰ ওপৰত confidence আছিল। 😊। কেতিয়াবা পাপাই গান গাই গাই যায়। ম্ই জনা গান হ'লে ময়ো গাওঁ।
লাচিত নগৰত ম্ই হৰেন চেতিয়া চাৰৰ তাত ইংৰাজী পঢ়িছিলোঁ। ৰাতিপুৱা ছটা মানৰে পৰা চাৰে পঢ়ুৱাইছিল। সময়ত পাবলৈ পাপাই ম্ই ঘৰৰ পৰা (dibrugarh university campus) ছাৰে চাৰিটা মানটে উলাইছিলো। ঠান্ডা দিনত আন্ধাৰেই হৈ থাকিছিল। পাপাই।ইমানদূৰ মোক চাইকেলত কঢ়িয়াই নিছিল, ছাৰৰ guidance পাম বুলিয়েই। এনেকুৱা নহয় যে মোৰ চাইকেল নাছিল তেতিয়া। কিন্তু মেইন ৰাস্তাত চলাবলৈ দিবলৈ ভয়। এইটো ক্ষেত্ৰত confidence নাছিল। 😢। (এতিয়া পিছে ছোৱালী expert চাইকেল চলোৱাত। )
পাপাই পিছে এতিয়া জীয়েকক গাড়ী আৰু scooter অত ফুৰাই। জীয়েকে ফুৰাব পৰা হোৱা নাই এতিয়াও। 😢
বাকীখিনি কাহিনী পাছলৈ থ'লো।
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়

হিলী পুৰাণ (১,২)


সৰুতে ম্ই ৰাম খটাসুৰ আছিলোঁ। দা-কটাৰী যি পাইছিলো তাৰেই বাঁহ, কাঠত কাৰুকাৰ্য বনাবলৈ চেষ্টা কৰিছিলোঁ। পাপাৰ লগত আমাৰ শাকনিবাৰীত দিবলৈ জেওৰা দিবলৈ বাহঁৰ খুটি বনাইছিলো। খুটিবোৰ মিহি কৰাৰ দায়িত্ব আছিল মোৰ। এদিনটো কটাৰীৰে দাইনিং টেবুলৰ লগত অহা চকী এখনত কাৰুকাৰ্য বনাবলৈ গৈ মাৰ পৰা টামাম্ মাৰ খাইছিলোঁ।ম্ই আগৰে পৰা অলপ ছোৱালীজনী adventurous . কেইবাদিনো মাক নোকোৱাকৈ ক'ৰবালৈ ক'ৰবালৈ গুছি যাওঁ। এদিন গ'লো আতন মামাৰ লগত university market. উভতি অহাৰ পাছত মাৰ পৰা পিটন। এদিন গ'লো সন্দিকৈ খুৰা আৰু পাকি বাৰ লগত বজাৰলৈ। ঘৰ পাই আহি আকৌ পিটন। এদিন পাপাৰ লগতে evening walk অত গ'লো। মবাইল নাই আৰু তেতিয়া। পটকে খবৰ পাবলৈও টান। পুনৰ পিটন। ভাগ্যখনত পিটন খাবলৈ ভালকৈ লিখাই আনিছিলো যেন পাইছো।


হিলী পুৰাণ (৩)


গৰমৰ বন্ধৰ দিনবোৰ বৰ ভাল লগা আছিল। স্কুল নাই। ঘৰতে বহি বহি , বাহিৰা কিতাপ পঢ়ি পঢ়ি দিনবোৰ পাৰ কৰিছিলোঁ। বাহিৰা কিতাপ কিনাৰ ভূতটো গাত দাদাৰ পৰাই লাগিছিল। এনায়ে দিয়া, মাহী, মামাই দিয়া প্ইছাবোৰ দুটা মোনাত ভৰাই গড্ ৰেজত থৈছিলো। গ্ৰন্হমেলালৈ গৈ এসোপামান কিতাপেই কিনিছিলোঁ। সেইবোৰ বিছনাতে গাৰু এটা লৈ উবুৰি খাই পৰি , চেপেটা লাগি লাগি পঢ়িয়েই আৰাম কৰিছিলোঁ। গানৰ স্কুল, নাচৰ স্কুললৈ সময়মতেই গৈছিলোঁ। বাৰিষাৰ বৰষুণৰ কোবত আমি থকা ঘৰৰ আশে পাশে পানী হৈছিল। কেতিয়াবা কেতিয়াবা পাকঘৰটো পানী সোমাইছিল। কেতিয়াবা ক'ৰবাৰ পৰা ছেঙেলী কেইটামান আহি সোমাই , চায়েই মজা লাগে। ম্ই খিৰিকীৰে বাহিৰৰ পানীবোৰ চাই বৰ ভাল পাইছিলো। বৰষুণ দিলে কচুপাটবোৰত সৰু সৰু টোপালবোৰ অলপ দেৰি থাকি তলত পৰি যোৱা, গৰৈ মাছৰ(?) মাকে সোণালী পোৱালী এপাল লৈ ঘূৰি ফুৰা চাই চাই সময়বোৰ কেনেকৈ যে পাৰ হৈছিল গ'মেই নাপাইছিলোঁ।
স্কুল খোলাৰ আগে আগে ছমহীয়া পৰীক্ষাৰ প্ৰশ্নবোৰ উলিয়াই চাইছিলো, কিহত কিমান পাম। ক'ৰবাত কম নম্বৰ পাম বুলি ভাৱিয়েই জীৱ ওলাই লৰ মাৰিছিল। তথাপি উপায় নাছিল। স্কুলৰ ডিউটিবোৰ ভালকৈ কৰাৰ বাবেই কিজানি মাৰ পৰা পিটন খোৱাৰ বাটটো বন্ধ হৈছিল।
পাপাৰ পৰা পিটনৰ ৰূপত কেৱল দুটা চৰেই খাইছো বাৰু এতিয়ালৈ। 😊
ইতি
হিলী
(কাৰোবাৰ আমনি লাগিব্ও পাৰে কাহিনীবোৰ পঢ়ি, তথাপি ম্ই আমনি দিবলৈ যাক যাক পাৰোঁ বুলি আশা কৰিছোঁ, তেওঁলোকে পঢ়িলেই ম্ই ধন্য মানিম )

হিলী পুৰাণ (৪)


আমাৰ ঘৰত দুজোপা আম গছ আছিল। এজোপা বহুত মিঠা, এজোপা ৰাম টেঙা। টেঙা আমকিটা ডাঙৰ ডাঙৰ, কিন্তু দুটামানহে লাগে গছজোপাত। মিঠা আমজোপাত ধেৰ লাগে আম,কিন্তু পোক ওলায়। আমাৰ বাৰীত ধেৰ পানী সৱফালে। আমবোৰ জপং জপং কৈ পানীত সৰি পৰে। এতিয়া আৰু মিঠা আমবোৰ পানীত পৰিলে বুলিয়েই নাখাম নেকি। পাপাই লু্ংগী আঠুঁলৈকে কোচাঁই, পানীৰ মাজে মাজে গৈ আম বুটলি আনেগৈ বাল্টিয়ে বাল্টিয়ে। খাম কিমান, বিলাম কিমান। আম বেছি হ'লে মায়ে জাম বনোৱাই আনে। বহুতদিন চলে। ম্ই কিন্তু মেংগ চেক্ বনাই বনাই খালোঁ। বহুতে গৰমত চাহৰ সলনি মেংগ চেক্ খাম বুলিও ফৰ্মাইছ্ দিয়া হ'ল। আমজোপাৰ কিন্তু সোৱাদ আছিল বহুত। এতিয়া আমজোপাত আম লগা দেখা নাই বহুত দিন।
ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ৰ engineering college অৰ সন্মূখৰ পাৰ্কিং areat থকা আম দুজোপালৈ এতিয়াও চাওঁ। আম দুজোপা আছে, আম ইমান নালাগে হেনো।
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়

হিলী পুৰাণ (৫)


সৰু থাকোঁতে ম্ই পঢ়িবলৈ ভাল পোৱা নাছিলোঁ। ৰাতি ৰাতি মাই পঢ়াবলৈ লোৱা কামটোত ম্ই ইমান ভাল পোৱা নাছিলোঁ। মন দি নপঢ়িছিলোঁ। দুষ্টামিৰ শেষ নাছিল। মাৰ মুখে মুখে উত্তৰ দি মাৰ খং উঠাইছিলোঁ। সকলোবোৰ অত্যাচাৰ সহ্য কৰি কৰি মায়ে শেষত পাছফালৰ বাৰান্দাত লাইট নুমুৱাই থৈ দিয়ে। ম্ই আন্ধাৰ বাৰান্দাত ৰৈ দৰজা ঢকিয়াই কান্দি কান্দি আৰু উৎপাত নকৰোঁ বুলি ক্ওঁ আৰু। মায়ে আক' হাহিঁ হাহিঁ খুলি দিয়ে দৰ্জা। 
পাছলৈ এই অধমৰ অত্যাচাৰৰ পৰা মা ৰক্ষা পৰিল আৰু। গতিকে এই নিমাখিত প্ৰাণীটিৰ ওপৰত জোৰ জলম কমিল।
হিলী
ৰজাভেটা, ডিব্ৰুগড়

হিলী পুৰাণ (৬)


ম্ই তেতিয়া ক্লাছ ফ'ৰ নে ফাইভত। পাহৰিছোঁ। বিশ্ৱ পৰিৱেশ দিৱস উপলক্ষে আমাৰ স্কুলত শ্লগান প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। সেই শ্ল'গানটো আকৌ বেনাৰ হিচাপে বনাই নিবলৈ কোৱা হৈছিল, যাতে সেইখন শোভাযাত্ৰাটো লৈ যাব পৰা যায়। দাদা আৰু ম্ই মিলি শ্ল'গান ভাৱি, অতি কষ্টৰে বেনাৰ বনাই লৈ গৈছিলোঁ। দাদাৰ আখৰ ভাল কাৰণে মোৰ বেনাৰৰ আখৰ দাদাই লিখি দিছিল। শোভাযাত্ৰা হোৱাৰ আগদিনা সকলোকে বেনাৰ জমা দিবলৈ কোৱা গৈছিল। মোৰ বেনাৰখনত কৰবাৰপৰা অকণমান পানী পৰিছিল। শুকাবলৈ আমাৰ ক্লাছৰ বাহিৰতে ৰ'দ পৰা ঠাইত থৈ দিছিলোঁ। এবাৰ ম্ই বাহিৰলৈ আহিছিলোঁ। ভাৱিলোঁ বেনাৰখন শুকালেনে নাই চাওঁ। কিন্তু বেনাৰখন তাত নাছিল। ভয়ো লাগিছে কলৈ গ'ল বুলি। ফিল্ডত অলপ দূৰত বগা কিবা এটা পৰি থকা দেখি দৌৰ মাৰি গ'লো, দেখিছো কোনোবাই বেনাৰখন ফালি থৈছে। কান্দোন ওলালেই। দাদাই কৰা কষ্টখিনি কোনোবাই নষ্ট কৰা দেখি চকুপানীৰ নৈ ব'বলৈ ধৰিলে। ক্লাছত মিছক গৈ লগাই দিলোঁ। হুলস্থুল লাগিল। সেই বেনাৰখন ফালি য'ত পেলাই থোৱা আছিল তাৰ অলপ দূৰত চিনিয়ৰ দাদাকেইজনমান ৰৈ আছিল। মিছে তেঁও লোককে সন্দেহ কৰিলে। কোনোৱে পিছে হৈ নাকাঢ়ে। পাছত এজন দাদাই ক'লে যে তেওঁ ফালিছিলে। কিন্তু মোৰ মনে এতিয়াও কয় যে সকলোৱে যাতে শাস্তি নাপাই সেইবাবেই তেওঁ মিছা মাতিছিল। তেওঁৰ শাস্তি আছিল মোৰ বেনাৰখন নতুনকৈ বনাই দিয়া। পাছদিনা তেওঁ বেনাৰখন বনাই আনিছিল। দাদাই আৰু ম্ই মিলি বনোৱা বেনাৰখনতকৈ ধুনীয়া নহ'লেও সেইখন লৈয়েই শোভাযাত্ৰাত অংশগ্ৰহন কৰিছিলোঁ।