Tuesday, 25 June 2019

হিলী পুৰাণ (৩৬)

হিলী পুৰাণ (৩৬)

চাইকেলত গাৰু বান্ধি স্কুললৈ নিয়া, মিলননগৰৰ ককাৰ ঘৰলৈ নিয়া, টিউচনলৈ নিয়া সকলো কাম পাপাই কৰিছিল মোৰ লগত। ৰংঘৰ বনোৱা হোৱাই নাছিল তেতিয়া, পিএনজিবি হোস্টেলৰ কাষেৰে জালানৰ বাগানৰ মাজেৰে মিলননগৰলৈ যোৱা ৰাস্তাৰে বহাগৰ ৰ'দত চাইকেলত উঠি মিলননগৰৰ পৰা অহা যোৱা কৰাৰ দিনা সুধিছিলো ৰংঘৰ প্ৰেক্ষাগৃহটো কেতিয়া বনাই হ'ব। তেতিয়া পাপাই কৈছিল কিবা ফান্দৰ প্ৰব্লেম হোৱাৰ কথা। চাইকেলখনতেই আমি কিমান কথা পাতিছিলো ঠিকনা নাই। সকলো কথা মনত নাই, কিন্তু অনৰ্গল পাতিছিলো। স্কুটিটো একেই। বতাহে দিগদাৰ কৰিলেও কথা পাতিব এৰা নাছিলোঁ। তেনেকুৱা এটা দিনতেই কৈছিল ম্ই হেনো পাপাৰ সোঁহাত। ম্ই ঘৰৰ পৰা হোষ্টেল আহিলে হেনো বহুত কথাই পাতিব থাকি যায়। ঘৰত থকাৰ দিনকেইটাত ম্ই বনোৱা খানা খাই তেওঁ ভাল পাইছিলে, কিয়নো ভাত দাইল ভাজিৰ বাদেও কিবা খুচখুচীয়া পাপৰ, পকৰী বনাই খোৱাইছিলো। পকৰীটোক বৰ বুলি কৈছিল পাপাই। বেলেগ বেলেগ বস্তু বনাই খোৱালেও পাপাই ভাল হৈছে বুলিয়ে কৈছিল। মায়ে অলপ ঠেহ পাতি জীয়েকে বনোৱা ভাল বুলি ক'ব্ই বুলি কৈছিল। গুৱাহাটী হ্ওক তেজপুৰ, বাছত উঠাবলৈ পাপাই যাব্ই। ঘৰৰ পৰা অকলে বাছ স্টেন্দ যাবলৈ কেতিয়াও নিদিছিল। চৌকিদিঙি বাছষ্টেন্দত গাড়ীত উঠাই গাড়ী নোযোৱালৈকে ৰৈ থাকিব। গাড়ী যোৱাৰ পাছতহে ঘৰলৈ যাব। ঘৰলৈ যাবলৈ ক'লেও সোনকালে নাযায়। জ্যোতিবাটচৰালৈকে স্কুটি লৈহে থ'ব আহে। চিকিউৰিটি থকা ঘৰটোতে বহি চাই থাকিব।  বাছত যদি টিকট নাপাও, ঘৰৰ গাড়ী লৈ থৈ আহিবলৈ বুলি গাড়ীৰ ড্ৰাইভাৰ বিছাৰি নোপোৱালৈ শান্তি নাই। মাইনাৰ লগত যাম বুলি সদায় দাড়ি চুলি কটোৱাই ৰং কৰাই ৰেডী।

আমি ধেৰ  কথা পাতিছিলো। ডাঠকৈ গাখীৰ চাহ একাপ একাপ লৈ দুয়োটাই ক'ৰ ক'ৰ কি কথা পাতিছিলো ঠিক নাই। সদায় শুৱাৰ সময়ত পাপাই ফোন কৰিছিল। বিশেষ কথা নাথাকিলেও ভাত খোৱা শাক খোৱা কথাকে পাতিছিলো। কেতিয়াবা মনটো গধুৰ লাগিলেও এনেও পাপাৰ মাতটোকে শুনিবলৈ পাম বুলি ফোন কৰিছিলোঁ।

এতিয়াও ফোনটো যেন কৰিম, কথা পাতিম বহুত, তেনেকুৱা লাগিলেও যে উপাই নাই।

I miss you Papa. A lot.

No comments:

Post a Comment