Tuesday, 23 April 2019
Stories to be in my book....: হিলী পুৰাণ (৩৪)
Stories to be in my book....: চাইকেল......
Monday, 15 April 2019
হিলী পুৰাণ (৩৪)
হিলী পুৰাণ (৩৪)
আমি থকা কোৱাৰ্টাৰবোৰত ৰানিং ৱাটাৰৰ সুবিধা নাছিল। টিউৱবেলৰ পানীয়েই সকলো। ঘৰৰ পাছফালৰ বাৰান্দাৰ কাষতে টিউৱবেলটো আছিল। তাৰ পাৰলৈ যোৱা পকা ৰাস্তাটোৰ বাদে বাকীখিনি মাটি দি ওখ কৰি লোৱা আছিল। টিউৱবেলৰ পাৰলৈ যোৱা ৰাস্তাটোৰ
লগতে আশে পাশে মাটি তুলি ওখ কৰি লোৱা ঠাইখিনিৰ ওপৰত টিনপাট আৰু চাৰিওকাষ বাহঁৰ চকুৱাৰে আবুৰ কৰি লোৱা গৈছিল। বৰষুণৰ দিনত কাপোৰ মেলা, শুকান খৰি ৰখা সকলোবোৰ কামেই তাত কৰা হৈছিল। ধুমুহা বৰষুণ আহিলে টিন উৰোৱাই ক'ৰবাত পেলাইগৈ। আমি তিতি তিতি টিউৱবেলৰ পাৰলৈ যাব লগা হয়। ফূৰ্তি এটাও হয়, আমনিও লাগে পিছে । কেতিয়াবা কেতিয়াবা টিন এচলা আতৰাই ঠাইকণ শুকাই টনটনীয়াও কৰা হৈছিল। মায়ে বৰষুণৰ দিনত পানী বাল্টিত গোটাই থয়, কাপোৰ ধুবলৈ। যিহেতু আমাৰ ঘৰকেইটা পুৰাণা আছিল, বৰষুণ দিলে ক'ৰবাত ক'ৰবাত পানীও পৰিছিল। সেই ঠাইকিটাত বাচন এটা এটা থৈ দিছিলোঁ। পানীৰে ওপছি পৰিলে পানীখিনি বাহিৰত পেলাই আকৌ বাচনটো তাতে পাতি থোৱা গৈছিল। কেতিয়াবা মজিয়াত চিটিকি পৰা পানীখিনিত পিছলি পৰীলে ওলোটাই মাৰ পৰা ম্ই হে গালি খাইছিলোঁ, পকা ঘৰত কিহৰ পিছল খাই পৰ বুলি। সেই ঘৰটো তেনেই অকণমানি আছিল, কিন্তু প্ৰয়োজনীয় সকলো বস্তুয়েই আছিল। সেইটো ঘৰৰ পৰা মিলননগৰৰ ঘৰটোলৈ বস্তু নিওতে মানুহে কৈ গৈছিল, এইটি ঘৰতেই ইমান বস্তু আছিলনে। সেইখিনি বস্তুৰেই মিলননগৰৰ ঘৰো ঠাহ খাই গৈছিল। এতিয়া থকা ঘৰটোতো সেই একেবোৰেই বস্তু কিন্তু এতিয়া অলপ আহলবহলকৈ থাকিব পৰা গৈছে। নতুন বস্তু লৈ সজাবলৈ মন যায়, পিছে পুৰণিবোৰ বেছিবলৈও মন নাযায়। সেই পুৰণি দাইনিংখন এতিয়াও আছে। ডিভানখনো আছে। টিভিটোও, ফ্ৰিজটোও, চিলাই মেচিনটোও আছে। পটকৈ নতুন বস্তু লোৱাৰ আগতে চিন্তা, পুৰণিটো কি কৰোঁ। বেছিবলৈও পটকৈ সুবিধা নিমিলে। এলাহো লাগে, গতিকে কেতিয়াবা কিছুমান বস্তু দুটাই হৈ যায় কিছুমান ঘৰতে। এতিয়া আমাৰ ঘৰতে দুটা টিভি। এতিয়া এই দুটাৰ সলনি বেলেগ এটাৰ কথা চিন্তা চৰ্চা হৈ আছে , দেখা যাওঁকচোন কি হয়গৈ।
হিলী
ৰজাভেটা
Tuesday, 9 April 2019
হিলী পুৰাণ (৩৩)
ইংৰাজীত কথা পাতিব যে পাৰিম কেতিয়াবা সপোনৰো অগোচৰ আছিল। কোনোমতে কেতিয়াবা ক'বলৈ চেষ্টা কৰিলেও গ্ৰামাৰ ভুল হোৱাৰ ভয়তে মাতেই নুলাইছিল। আৰু ক'লেই খৰকৈ মুখৰ ভিতৰতে কৈ থৈ দিওঁ আৰু কোনোৱে নুবুজে। দাদাৰ লগত কিবাকিবি পাতিছিলো যদিও মনৰ ভয় আতঁৰাবলৈ সম্ভৱপৰ হোৱা নাছিলোঁ। মেট্ৰিক পৰীক্ষা দি উঠি যেতিয়া টিউছনবোৰলৈ যোৱা আৰম্ভ কৰিছিলোঁ, তেতিয়া লাহে লাহে এটা এটাকৈ সম্পূৰ্ণ বাক্য কোৱাৰ চেষ্টা কৰিছিলোঁ। কোনোবাই কোনোবাই কৈছিল, বাহ্ ইংলিছত হে কোৱা হৈছোঁ দেখোন, কিন্তু বিশেষ কাণসাৰ নিদি চেষ্টা অব্যাহত ৰাখিছিলোঁ। মোৰ ভুল শুনি হাঁহি নিদি ক'বলৈ উৎষাহ দিয়া স্নেহা আৰু ডলীলৈ ম্ই আজিও ঋণী । ভাস্কৰ চাৰৰ ঘৰৰ টিউছনৰ প্ৰথম দিনটোত প্ৰথম লগ পোৱা স্নেহা আৰু ডলীয়ে যদি মোক সেইদিনা উৎসাহ নিদিলে হয় ম্ই চাগৈ কাৰোবাৰ আগত ইংৰাজীত কথা পাতিবলৈ এতিয়াও সংকোচ কৰিলোঁ হেতেন।
চিচিলী মেম , ম্ই জীৱনত প্ৰথমবাৰৰ বাবে সকলোৰে আগত ইংৰাজীত কথা কৈছিলো আপোনাৰ ক্লাছত। আমিবোৰে অল্টাৰনেটিভ ইংলিছ লোৱা নাছিলোঁ, কিন্তু সেইদিনা আপুনি আমাকো অল্টাৰনেটিভ ইংলিছৰ ক্লাছৰ বুলি ভাৱি তাৰেই এটা chapter
বুজাবলৈ লৈছিল। ম্ই সেইটোকে আপোনাক ভুলে শুদ্ধকৈ কৈছিলোঁ। আপুনি বুজা নাছিল। বাকী ক্লাছৰ বেলেগ ল'ৰাছোৱালীয়ে বুজাই দিছিল ম্ই কি কৈছোঁ। ম্ই বহুত ভয় খাইছিলোঁ, আপুনি টানকৈ ক'ব বুলি। কিন্তু আপুনি একো নকৈ ধুনীয়াকৈ মোক বহিবলৈ কৈ বেলেগ topic পঢ়াবলৈ আৰম্ভ কৰিছিল। সেইটোদিনৰ পৰা ম্ই লাহে লাহে ইংৰাজীত কথা ক'বলৈ ভয় নকৰা হৈছিলোঁ।
বিটেক্ ডনবস্কোত পঢ়িবলৈ গৈ প্ৰথমে ইংৰাজীত সকলো কথা ক'বলৈ খোকোজা লাগিছিল। কিন্তু সকলোৰে সহায় আৰু উৎসাহত বহুতখিনি শুধৰণি হৈছিল। আজিকালিও বৰ ফৰফৰাই ক'ব নোৱাৰো যদিও কাম চলাই দিব পৰা হৈছোঁ।
যিখিনি ক'ব পৰা হৈছোঁ একমাত্ৰ মোৰ আশে পাশে থকা ভাল মানুহখিনিৰ চেষ্টা আৰু উৎসাহৰ বাবেই।
হিলী
তেজপুৰ বিশ্ববিদ্যালয়