Thursday, 13 December 2018

হিলী পুৰাণ (২৪)

হিলী পুৰাণ

চিঞাঁহী কলমেৰে লিখিবলৈ আগতে খুব মন যায়। বিশেষকৈ স্কুলত যেতিয়ালৈ চিঞাঁহী কলমেৰে লিখিবলৈ দিয়া নাছিল তেতিয়ালৈ মনটো লিকলিকাই থাকে। দাদাৰ কলমেৰেই অলপ অলপ লিখিবলৈ সুৱিধা পাওঁ। উইনচাং পেন বুলিহে জানো, চিঞাঁহী সোমাবলৈ ৰাবাৰৰ পেটটো টানকৈ টেপি নীলা চিঞাঁহীৰ দোৱাতৰ ভিতৰলৈ নিবটো ভৰাই দিওঁ তাৰপিছত পেটৰ হেচাঁটো ধিলা কৰি কৰি আনি থাকোঁ। চিঞাঁহী কম সোমোৱা যেন লাগিলে আকৌ একে পদ্ধতি আকৌ কৰিছিলোঁ। স্কুলত লিখিবলৈ দিয়াৰে পৰা পেন্সিল বক্সত বেলেগ বেলেগ কলম কিনি দিছিল। প্ৰথমেই উইনচাং পেনটো দিয়া নাছিল। অলপ ভোতোকা শকত কলম এটা দিছিল। মোৰ কিন্তু চকু সেই মিহি মিহি লিখা উইনচাং টোৰ ওপৰতহে। ঘৰত থাকিলে দাদাৰ কলমটোদিহে লিখো। লাহেকৈ মোৰ পেন্সিল বক্সটো উইনচাং পেন সোমাল। এল পি বৃত্তিৰ পৰীক্ষা দিয়াৰ আগে আগে পাপাই কমাৰ্ছিয়েল ফ্ৰেন্দৰপৰা সেউজীয়া কেমলিনৰ ধুনীয়া পাতল কলম এটা আনি দিছিল। ইমান যে মজা লিখিছিলে অ সেইটো কলমে। আখৰবোৰো ধুনীয়া হৈছিল তেতিয়া। পাছলৈ পাপাই পৰীক্ষাৰ আগে আগে সদায় ধুনীয়া কলম আনি দিয়া হ'ল। মেট্ৰিক দিবলৈ নিয়া পেন্সিল বক্সত অজস্ৰ বিবিধ কলম চিঞাঁহী ভৰাই নিছিলো। কিজানিবা কোনোবাটো বেয়া হৈ যায়। মাজতে এটা কলম অলপ বেয়া আছিল কিজানি, সেইটোৰে লিখি মোৰ সোঁহাতৰ আঙুলি এটাত অলপ টান আৰু ডাঠ চাল নিছিনা হৈ গৈছিল। পাছলৈ ডাক্টৰৰ অইনমেন্ট লগাইহে ভাল হৈছিল। আমি ফাইভ নে ছিক্স মানত থাকোঁতে জেল পেন ওলাইছিল, কিন্ত্ত চিঞাঁহী কলমটোহে ভাল লাগিছিল। ফাউন্টেন পেনবোৰৰ নিৱটো মাটিত পৰিলে আৰু শেষ, লিখিবলৈ বেয়া হৈ যায়। নিৱটো সলাই আনিলেও আগৰটোৰ সমান মিহি হ'বলৈ সময় লাগে কাৰণে দুখ লাগে। পাপাই অফিছৰ পৰা অনা পাইলট পেনেৰে লিখিও ভাল পাইছিলোঁ। এতিয়াও পাইলট পেন কিনি লিখোঁ।
পাৰ্কাৰ পেনৰ লগতো চিনাকি মোক পাপাই কৰি দিয়া। মেট্ৰিক পৰীক্ষাৰ পাছত হায়াৰ ছেকেন্দাৰী পঢ়িবলৈ যোৱাৰ আগতে পাৰ্কাৰ পেন আনি দিছিল। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ খবৰ ল'বলৈ অহা ৰাইজে লগত ইমানেই কলম আনিছিল যে হায়াৰ ছেকেন্দাৰীৰ প্ৰথম বছৰটো প্ৰায় সেইখিনি কলমেৰেই হৈ গৈছিল। কিন্তু পাৰ্কাৰ কলমৰ যেন নিছাহে লাগিল মোৰ গাত। বি টেক কৰিবলৈ যাওঁতেও বহুত দিনলৈ ম্ই অকল পাৰ্কাৰ পেনেৰেই লিখিছিলোঁ। দাম অলপ বেছি হোৱাৰ বাবে লাহে লাহে পাৰ্কাৰেদি নিলিখা হ'লো। আজিকালিটো কলমবোৰ ক'ত যে হেৰাই নাজানো। এটা কলমৰ ৰিফিল শেষ হোৱাৰ আগতেই হেৰাই যায়।
আগতে নীলা কলমেৰে কেৱল লিখাজনীয়ে ৰঙা কলমো ব্যৱহাৰ কৰিব পৰা হ'লো। তথাপি দেখোন সেই ফাউন্টেন পেনবোৰলৈ মনত পৰে। আজিকালি সেই দোৱাতৰ পৰা চিঞাঁহী সোমাই লিখা কলমবোৰ নোহোৱাই হ'ল যেন পাওঁ। ফাউন্টেন পেনবোৰত আজিকালি টিউৱ এটাত চিঞাঁহী সোমোৱাই থাকে। শেষ হ'লে ছিৰিঞ্জেৰে সোমোৱাব লাগে। তেনেকুৱাই কলম এটা আজি লগৰ এজনৰ পৰা ডকাহকা দি উপহাৰ ল'লো। সেইটো কলমেৰে বহুত দিনৰ মূৰত লিখিলোঁ।

এতিয়া মনলৈ আহিছে মায়ে ৰঙা কলমেৰে বগা কাগজ এখনত স্কেলেৰে আচঁ টানি দিছিল। সেইখন কাগজৰ তলত লৈ ল'বলৈ। আখৰবোৰ চিধা হ'বলৈ , যেতিয়া পোনপ্ৰথমবাৰৰ বাবে আমাক উকা কাগজত লিখিবলৈ দিয়া হৈছিল, তেতিয়া তেনেকুৱা কাগজখন বহুতৰ লগতে দেখা গৈছিল। এল পি বৃত্তি দিবলৈ যাওঁতেও তেনেকুৱাখন বনাই দিছিল মায়ে।সেইখনৰ যহতহে কাউৰীঠেঙীয়া আখৰ কেইটা পঢ়িব পৰা হৈছিল।

নীলা চিঞাঁহী ৰ দোৱাতটো, পাপাই দিয়া সেই ধুনীয়া কলমকেইটা, আখৰ ধুনীয়া কৰিবলৈ কৰা চেষ্টা সকলোবোৰ মনৰ কোনোবা একোণত সজীৱ হৈ আছে এতিয়াও।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Tuesday, 4 December 2018

হিলী পুৰাণ (২৩)

হিলী পুৰাণ

নিৰ্বাচন বুলিলে যিদৰে ৰাজনৈতিক দলবোৰৰ গাটো ইখন সিখন কৰে, ঠিক সেইদৰে চৰকাৰী বিষয়া- কৰ্মচাৰীবোৰৰ মনো উগুল- থুগুল হয়। সকলোৰে মনত এটাই চিন্তা ইলেক্ছন ডিউটি নাহিলেই হয় আৰু। আমাৰ ঘৰতো পাপাৰ দৰে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বেছিভাগৰেই চিন্তা অকল সেইয়াই। কিজানিবা নামটো নাহেই এইবাৰ। তেতিয়া মহিলাসকলক নিৰ্বাচনৰ কাম দিয়া নগৈছিল। গতিকে মাৰ ডিউটি নাহিছিলেই। যিদিনাই ডিউটিৰ লিষ্ট আহে , সেইদিনাৰ পৰাই ব্যস্ততা আৰম্ভ। পুলিং , প্ৰিজাইদিং, যাৰ যি দায়িত্ব সেইমতে ট্ৰেইনিঙো হয়। পাপাই ফাৰ্স্ট পুলিং আৰু প্ৰিজাইদিং অফিছাৰ হৈ ডিউটি কৰিবলৈ পোৱা মনত আছে। যিদিনা নিৰ্বাচন, তাৰ আগদিনা পাপাই টালি-টোপোলা সামৰি চৌকিডিঙি ফিল্ডত উপস্হিত হয়। টোপোলা কিছু ডাঙৰেই হয়। নগা শ্ৱল, ব্লেনকেট, কাপোৰ এসাজ, লাম-লাকটু থাকেই কিবাকিবি। মায়ে টিফিনত দুদিনৰ জোখাৰে খোৱা বস্তু দি পঠায়। নিৰ্বাচনী কাৰ্যালয় ৰ আশে পাশে খোৱা বা কি কেনেকুৱা পাব সেই চিন্তাত। সেইসোপা বস্তুৰ ভাৰ বৈ লোহাৰ বেলট ব্ক্স, আৰু দৰকাৰী কাগছ পত্ৰৰে টোপোলাটো সছাঁই গধুৰ হয়। লগৰ কেইজন কামত পাকৈত হোৱা যেন গম পালে পাপাই বৰ ফূৰ্তি পায়। অলপ চিন্তা কমিব বুলি।

তেতিয়াটো মবাইল ফোনো নাই, গতিকে চৌকিডিঙিৰ পৰা গাড়ী ওলাবৰ সময়ত পিচিঅ' ৰপৰা ফোন কৰে । মৰাণৰ পিনে কৰবাত পৰিলে ডিউটী বিশ্ববিদ্যালয় পোৱাৰ সময়টো আন্দাজ কৰি পাপাহতঁৰ গাড়ীবোৰ অহা চাই থাকোঁ ঘৰৰ বাৰান্দাৰ পৰা। পুলিছৰ পহৰাৰ মাজেৰে গাড়ীবোৰ এখন এখনকৈ পাৰ হয় চকুৰ আগেৰে। কোনোবাখনত পাপা আছে নেকি চাই। পাপাই আমাক দেখি বহুত দূৰৰ পৰা হাত খনেৰে চিগনেল দি আহে। ডিঙিটো পটকৈ উলিয়াই হাত খনেৰে বাই বাই দি যায়। গৈ পালেগৈ নে নাই তাকো গম পোৱা নাযায়, যদিহে আশে পাশে পিচিঅ নাথাকে। কিছুমান স্পৰ্শকাতৰ বুলি চিনাক্ত হোৱা ঠাইটো পাপাৰ ডিউটি পৰিছিল। কোনোবা এবাৰ বন্দুক লৈ দম দিবলৈ অহা ল'ৰাও পাইছিল। কোনোবা এবাৰ হাতীও ওলাইছিল। সেইবোৰ কাহিনী পাপা উভতি অহাৰ পিছতহে সুনিছিলো।
সকলোবোৰ হিচাপ পত্ৰ নিয়াৰিকৈ জমা দিলেহে দায়িত্বৰ পৰা আজৰি কৰি দিয়া হয়। ওচৰৰ কোনোবা ঠাইত ডিউটি পৰিলে সোনকালেই পাপা ঘৰ পাইহি। নহ'লে কেতিয়া পাইহি গমেই নাপাওঁ মই টোপনিৰ কোবত। কেতিয়াবা ৰাতি গাড়ী নাপালে ৰাতিপুৱাহে ঘৰ পাইহি।

ডিউটিত যোৱাৰ আগে আগে পাপাই সৱ বজাৰ কৰি থৈ গৈছিল যাতে আমাৰ একো দিগদাৰ নহয়।  নিৰ্বাচনৰ বতৰত এতিয়া সেইযে পাপাই বাছত যাওঁতে বাই বাই দি যায়, সেই দৃশ্যটো বৰকৈ মনত পৰিছে।

নিৰ্বাচন যাতে শান্তিপূৰ্ণ হয় তাৰেই আশা কৰিছোঁ।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Monday, 3 December 2018

হিলী পুৰাণ (২১)

হিলী পুৰাণ
(২১)

ঠান্ডাৰ দিনকেইটা অহাৰ লগে লেপ, ব্লেনকেট ৰ'দত দি টিপটপ কৰি থ'লে ৰাতি শুৱেই মজা লাগে। তাতে তুলি খনো দি ল'লেতো আৰু একো নালাগে। ডিব্ৰুগড়ৰ ঠান্দাটো অলপ বেছি। উৎকট গৰমৰ দিন কেইটাটো পুৱাৰ ভাগত পাতল কাপোৰ এখন ল'ব্ই লাগে। বাহঁৰ ডাংবোৰ নিয়ৰ পৰি সেমেকি থাকে। গতিকে অলপ শুকান হোৱাৰ লগে লগে ফটা কাপোৰ এখনেৰে ডাংদাল মছি লেপ, ব্লেনকেট সৱ ৰ'দত দিয়ে মায়ে। আমিবোৰে দাঙিব পৰা হোৱা পাছত আমি দিওঁ গৈ‌। ৰ'দৰ পৰা অনা গৰম গৰম লেপৰ তলত যেতিয়া দুপৰীয়া ভাত খাই আহি যেতিয়া সোমাওঁ দেহি, এনেকুৱা মজা লাগে নহয়। দুপৰীয়া মা ,ম্ই আৰু দাদা একেলগে সোমাওঁ কাপোৰত। ইমান যে কথা ওলাই দাদা আৰু মোৰ। মায়ে ঢমক দি শুৱাই থয়। শুই উঠাটোত ম্ই একেবাৰে লাষ্ট্, ৰাতিপুৱা হ্ওঁক, গধুলি। ক্লাছ এইট্ মানৰ পৰাহে চাগৈ সোনকালে উঠিবলৈ চেষ্টা কৰিছিলোঁ।

অফিছৰ পৰা আহি পাপাই মূখ-হাত ধুই চাহ টাহ খাই বিছনাত উঠে। ৰ'দত দি থোৱা লেপ এখন গায়ে মূৰে লৈ বহি থাকে। মায়ে বকে ৰাতিলৈ লেপৰ ওম ক'ত থাকিব বুলি, কিন্তু পাপা সোমালে একেবাৰে চেচাঁ লেপো গৰম হৈ গৈছিল। পাপাই যেতিয়া লেপখন লৈ বহি থাকে, ম্ই যেতিয়ালৈকে পাপাৰ কোছত বহিব পৰা হৈ আছিলোঁ, তেতিয়ালৈ বহিছিলো‌ঁ। বাদাম খাই খাই আমি যি লেক্চাৰ দিওঁ। কেতিয়াবা পাপাৰ কোছতে টোপনি যাওঁ। তেতিয়া মায়ে আঠুঁৱাৰ তলত কাপোৰ কানি দি শুৱাই দিয়ে। শুৱাৰ আগে আগে ভাত দুটিপামান মূখত ভৰাই দিয়ে। কোনোমতে চোবাই গিলিহে থ্ওঁ আৰু। পাপাৰ কোছত বহি লেপৰ উম ল'বলৈ পাইছিল টুমনেও। তেনেকৈ লেপত সোমাই থকাৰ ফটো আছে ঘৰত।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Sunday, 2 December 2018

ভুৰুকা

স্কুলৰ কথা ভাৱিলেই বাৰটা বছৰ পলকতে চকুৰ আগেৰে পাৰ হৈ যায়। এডমিছনৰ বাবে ইন্টাৰভিউ দিবলৈ যোৱা দিনটোৰ পৰা বিদায় মিটিঙৰ দিনটো, সকলোবোৰেই স্পষ্ট হৈ পৰে স্মৃতিৰ দাপোনত।

(১)
নাৰ্ছাৰীৰ ক্লাছত সোনকালে স্কুলৰ ছুটি হয়। মায়ে কেতিয়াবা স্কুলৰপৰা ঘৰলৈ নিবলৈ আহে। গৰমৰ দিনত আইচক্ৰীমৰ চলাই নিয়া গাড়ীখন আহে। তেতিয়া আৰু দীঘল দীঘল পেপছি নহ'লে বৰফটুকুৰাবোৰ। খাবলৈ মন যায়। কেতিয়াবা খাব বিছাৰিলেও নিদিয়ে। লেতেৰা পানীয়েদি বনাই বুলি কৈ ফুছুলাই ঘৰলৈ লৈ যায়।

(২)

স্কুলৰ নতুন বিল্ডিং উদ্বোধন হোৱাৰ দিনা পুৰণা স্কুলৰ পৰা গোটেইবোৰেই শাৰী পাতি ৰাস্তা পাৰ হৈ গৈছিলোঁ। গোহাঁই চাৰে সৱেই যাতে ধুনীয়াকৈ পাৰ হয় সেইটো মন কৰি থকা মনত আছে।

(৩)
ছমহীয়া , বছৰেকীয়া পৰীক্ষাত অকলে নহ'লে দুজনীয়াকৈ বহি পৰীক্ষা দিবলৈ দিয়া হয়। ইফালে সিফালে চাবলৈও সময় নথকাৰ মাজতো সুধাসুধি কৰিছিলোঁয়েই। প্ৰথম বেঞ্চত বহিবলৈ পালে যে ইমান দুখ লাগে। ছমহীয়া পৰীক্ষাৰ বহীবোৰ যেতিয়া দিবলৈ আৰম্ভ হয় ,প্ৰায় গোটেইবোৰ একেলগেই দিয়া হয়। ঘৰত সুধি থাকে আমুকৰ বহী দিলে নাই, কম নম্বৰ পালে দুদিনমান নাই দিয়া বুলিয়েই কৈ থাকোঁ। বেছি নম্বৰ পোৱা কিখনৰ কথা বাৰু ঘৰ পোৱাৰ লগে লগেই কৈছিলোঁ।

(৪)
শুকুৰবাৰে শুকুৰবাৰে পাছবেলা ড্ৰিলৰ(March Past) ক্লাছ কৰিবলৈ ৰৈ থাকোঁ। পঢ়িবলৈ নালাগে যে। বৰষুণ দিলে যে বৰ দুখ লাগে, ক্লাছ কৰিব লাগিব বুলি ভাৱি। বগাজোতাযোৰ যে চাফাকৈ ধুই ৰঙ কৰি অনাৰ দিনা বৰ ভাল লাগে পিন্ধি। যিমান পাৰি চাফাকৈ ৰাখিবলৈ চেষ্টা কৰোঁ যাতে দুসপ্তাহ মানৰ বাবে সেইযোৰ নুধুলেও হয়।

(৫)
জামিৰা চাহ বাগানলৈ আমাক লৈ যোৱা হৈছিল পৰিৱেশ বিজ্ঞানৰ project ৰ ফিল্ড ট্ৰিপৰ বাবে। বিশ্ববিদ্যালয়ৰ বাছখনত লৈ যোৱা হৈছিল আমাক। তাত গৈ পোৱাৰ আগে আগে কোনোবা এঠাইত ৰৈ গোটেইবোৰে ব্ৰেড, কল খাইছিলোঁ সেইয়া মনত আছে। কিন্তু উভতি আহোঁতেহে অথন্তৰ লাগিছিল। আমাৰ উৎপাতৰ কোবত বাছৰ আইনা এখন ভঙাৰ কথা মনত আছে। ঘটনাটো পিছে কি হৈছিল মোৰ একেবাৰেই মনত নাই দেই।

(৬)

বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্টবোৰ সাধাৰনতেই ৩০ ডিছেম্বৰ তাৰিখে দিয়া গৈছিল। ৰাতিপুৱাই ফিল্ডত সকলোৱে শাৰী পাতি থিয় হ্ওঁ। এটা এটাকৈ প্ৰতিটো শ্ৰেণীৰেই ফলাফলবোৰ দি যায়। ৰিপৰ্ট কাৰ্ডবোৰো দি যায়। নিজৰ শ্ৰেণীৰ ফলাফলটো পোৱাৰ আগে আগে বুকুখনত ধান বনা আৰম্ভ হৈ যায়। কেনেবাকৈ প্ৰথম নহ'লে মনটো বৰ বেয়া লাগে। পিছে লগে লগে পৰৱৰ্তী পৰীক্ষা ভাল কৰিম বুলি মনটো ডাঠ কৰোঁ।

এনেকৈ এক, দুইকৈ লিখি থাকিলে মোৰ লিখনি দীঘলীয়া হৈ গৈ থাকিব। ক্লাছকৰা দিনবোৰ, একেলগে টিফিন খোৱা, কাবাদী খেলা, আদ্দা মৰা, মাৰ খোৱা, একেলগে বাৰান্দাত কাণত ধৰি ৰৈ থকা দিনটো, পোণপ্ৰথমবাৰৰ বাবে জিকিৰ গোৱা, আকস্মিক বক্তৃতা দিয়া, কবিতা আবৃত্তি কৰা, নছা, গান গোৱা সকলোবোৰেই মনৰ কোনোবা কোণত এতিয়াও সজীৱ হৈ আছে। ৱালৰ কাষত থকা গছখিনিৰ কাষত ৰৈ আড্ডা মৰা দিনবোৰ যে ইমান ধুনীয়া আছিল। তেতিয়া বাৰু আমাৰ আড্ডাৰ বিষয়বোৰ কি আছিল? এতিয়াৰ দৰে গভীৰ নিশ্চয়কৈ নাছিল। পৰীক্ষা শেষ হোৱাৰ দিনা সৱে প্ইছা লৈ যাওঁ, চাওমিন খাবলৈ। ঘৰটো সেইদিনা একো নকয়। পুৰণি ফটো এলবামবোৰ খুছৰি চালে যিদৰে মন ভৰি যায়, সেইদৰে মনৰ ভিতৰত থকা ছৱিবোৰ মনলৈ আহিলেও ঠিক তেনেকুৱা অনুভৱেই হয়। আশা কৰোঁ এই সৰু সৰু   মুহূৰ্তৰ মালিতাবোৰ সুন্দৰকৈ মনৰ মাজত সদায়েই  সজীৱ হৈ থাকিব সকলোৰেই মনত।

হিলী গোহাঁই বৰুৱা
(২০০৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী)

( বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিদ্যাপীঠৰ গৱেষক ছাত্ৰী)

হিলী পুৰাণ (২২)

হিলী।পুৰাণ
(২২)

সৰুতে জ্বৰ পানী লগা হ'লে পটককৈ ডাক্টৰৰ ওচৰলৈ যোৱা হোৱা নাছিল। গা বেয়া মানেই গৰম পানী খোৱা আৰম্ভ। গধূলি হ'লেই জুইত গৰম পানী কৰি মায়ে চৰিয়াত ঢালে। গৰম পানীত নিমখ অকণ দি ভৰি কিটা ভালকৈ খছি খছি ধুৱাই। তাৰপিছত ভৰি ভালকৈ মুছাই মোজা পিন্ধাই লৈ কাপোৰত সোমোৱাই থয়। ৰাতি শুৱাৰ আগে আগে মিঠাতেলত নহৰু দি গৰম কৰি ভালকৈ মা / পাপাই মালিছ দিয়ে। ৰাতি শুলে ৰাতিপুৱালৈ অলপ ঠিক হয়। লোকেল কুকুৰাৰ জালুকীয়া খাই আৰু অলপ ভাল পাওঁ। তাৰপিছতো যদি দুদিনমানৰ পাছত ভাল নাপাওঁ, ডাক্টৰৰ দৰৱ খাই দিওঁ আৰু।

বৃহস্পতিবাৰে নাচৰ ক্লাছ থাকে। ম্ই ঘৰত নাচ প্ৰেক্টিছ কৰিলেও বহুত জোৰ দি দি নাচো বুলি মায়ে কৈছিল। তাতে ক্লাছৰ পৰা আহি ভৰিৰ বিষত কেকাই থাকো। পাপাই গৰম মিঠাতেল বা আয়ডেক্স জাতীয় কিবাৰে ভালকৈ মালিছ কৰিলেহে টোপনি গৈছিলোঁ।

আগতে ক'ৰবাত লিখিছো চাগৈ, পাহৰিছো। আকৌ লিখোঁ। ক্লাছ ফাইভ নে ছিক্সৰ বছেৰেকীয়া পৰীক্ষাৰ আগদিনা বৰ বেয়াকৈ জ্বৰ উঠিলে। বিছনাৰপৰা উঠিব নোৱাৰাকৈ। কপঁনি জ্বৰো উঠে মাজে মাজে। ইফালে পৰীক্ষা, ইফালে জ্বৰ। দিনত দৰৱ খায়ো ভাল নোপোৱা দেখি পাপাই আকৌ ডাক্টৰৰ তাত গৈ দৰৱ আনি খোওৱাৰ পাছতহে ৰাতিপুৱালৈ জ্বৰ গ'ল। পৰীক্ষাও দিব পাৰিলোঁ।

ক্লাছ এইটৰ পৰীক্ষাৰ মাজতেই মামপ্ছ হৈ ডিঙি ৰ বিষ। ডিঙিটো অলপ ফুলি থকা দেখি পৰীক্ষা দিবলৈ স্কুলত দিবলৈ নিদিব বুলিয়েই ডিঙিত মষ্ট মাৰ্ফলাৰ এখন মাৰি গৈছিলোঁ। কোনোৱে গমো নাপালে, তেনেকৈ পৰীক্ষাও দিলোঁ।

মেট্ৰিক পৰীক্ষাৰ আগে আগে স্কিনৰ ইনফেকছন হৈ অৱস্হা নায়। ডিছেম্বৰ মাহৰ মৰ জাৰত দুবাৰ গা ধুই ক্ৰিম সানিব লাগে। কপাহী কাপোৰ পিন্ধিব লাগে। চোৱেটাৰো ডাঠ ঊলৰ পিন্ধিব নোৱাৰি। লেপৰ তলত সোমাই ৰাতি, দিনত ৰ'দৰ উমতে পঢ়িবলগীয়া হৈছিল। পৰীক্ষাৰ দুদিনমানৰ আগে আগে যেনিবা বেমাৰ ভাল পালোঁ গৈ।

হায়াৰ ছেকেন্দাৰী প্ৰথম বছৰৰ পৰীক্ষাৰ আগে আগে কিবা এলাৰ্জি হৈ সোঁ নে বাওঁ চকুটো পূৰা ফুলি গৈছিল। চকু মেলিব্ই নোৱাৰি। তেনেকৈ পঢ়গ থকাৰ মাজতে সোনকণ দাদা আহি এলাৰ্জিৰ দৰৱ এটা লিখি দিলে ঘৰতে আহি। সেইটো খাইহে চকুটো ফুলা কমিল। বহুতদিনলৈ চকু টো ভাল চকুটোতকৈ অলপ সৰুয়েই আছিল। ভাল হ'বলৈ দিন লাগিছিল।

এতিয়া ভাৱিলেহে কিবাখন লাগে। পৰীক্ষাৰ মাজতেই যে মোৰ কিবা কিবি খন হৈছিল। এতিয়া হোষ্টেলত থাকি গাটো অলপ বেয়া লাগিলে যিমানপাৰি নিজেই আলপৈছান ধৰো নিজৰ।  বেছি হোৱা যেন দেখিলেই দেখোন চিধাই হেল্থচেন্টাৰ দৌৰো।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Wednesday, 21 November 2018

হিলী পুৰাণ (২০)

হিলী পুৰাণ
(২০)

'তোৰ এই খঙটো কমা। ছোৱালীৰ ইমান খং থাকিলে বেয়া। '  সৰুতে বহুত শুনিলো। জোখতকৈ বেছি আবেগিক আছিলোঁ কাৰণেই চাগৈ খঙো বেছি। আপোনজনৰ পৰা বেছিকৈ আশা কৰি আশা কৰাবোৰ নাপালে ক্ষোভত ভাঙি পৰিছিলোঁ।
খং উঠিলে ৰুমৰ দৰ্জা বন্ধ কৰি ধাম ধুম বহুত দেৰিলৈ একেৰাহে পঢ়িছিলোঁ। মায়ে কয়, 'তোৰ সদায় খং উঠালেই ভাল। পঢ়ি থাকিবি।' । লাহে লাহে দেখোন খংবোৰ কমি আহিল। খং কেতিয়াবা উঠিলেও হাহিঁৰে উৰাই দিব পৰা হ'লো। খং উঠিলে মনত ধেৰ ভাৱৰ উদয় হয়, সেইবোৰ মনৰ ভিতৰতে সামৰি থ'ব পৰা হ'লো। কাকো নোকোৱাকৈ মনতে থৈ দিয়াৰ বাবেই বৈ অহা চকুলোবোৰ মছি থ'ব পৰা হ'লো দেখোন। ম্ই কান্দিলে বেলেগে দুখ পাব বুলি লুকুৱাই কান্দিব পৰাও হ'লো।
আজিকালি মায়ে কয় 'আগতেই ভাল আছিলি। খং উঠিলে পঢ়। আজিকালি খঙো নুঠে আৰু উঠিলেও নপঢ়াই হ'লি।'

তথাপি অলপ অবুজনৰ দৰে অদৰকাৰী সৰু কথাতে জিদ ধৰি আপোনজনৰ পৰা মৰম অলপ বিছাৰিবলৈও মন যায় কেতিয়াবা।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Sunday, 18 November 2018

হিলী পুৰাণ (১৯)

হিলী পুৰাণ
(১৯)

চিংৰা আৰু ডোছা, এই দুটা বস্তুৰ ডিমাণ্ড আমাৰ ঘৰত আগৰে পৰাই আছে।গৰম গাখীৰৰ লগত গৰম গৰম চিংৰা খাই ভাল পাইছিলো, ভাল লাগে আৰু ভাল লাগি থাকিব। ডোছাৰ প্ৰতি যে হেপাঁহ আছেই। ঘৰত এই দুটা বস্তু সৰুৰে পৰা সন্ধিয়া গাখীৰ খাওঁ তে লগত খাইছিলোঁ। পাপাই অফিছৰ পৰা আহিয়ে চাহকাপ খাই বজাৰলৈ প্ৰায়েই গৈছিল। উভতি আহোঁতে লগত হয় চিংৰা, কছুৰী, পিয়াঁজী, কেক্, ডোছা এনেকুৱা বস্তুবোৰ আনেই। আমি সন্ধ্যা খেলি আহি মুখ-হাত ধুই পঢ়িব বহাৰ আগে আগে গাখীৰ আৰু তাৰেই কিবা এটা লগত খাওঁ। তাৰমাজতে গৰম গাখীৰ আৰু চিংৰাটো যে এনেকুৱা ভাল লাগিছিল। ৰামবদন আৰু প্ৰকাশ হোটেলৰ ডোছা, চিংৰাৰ টেস্ট্ এতিয়াও জিভাতে লাগি আছে। যিদিনা ডোছা খাম বুলি ভাৱো, সেইদিনা পাপাই তিনিখলপীয়া ষ্টিলৰ টিফিনটো লৈ যায়। তাতে ভৰাই আনে। আগতে ঘৰলৈ পেকিং কৰাই আনিবলৈ আজিকালিৰ নিছিনা ব্যৱস্থা নাছিল। পিছলৈ টিফিন নিনিলেও হৈছিল বাৰু। সাধাৰনতে ঘৰলৈ কিবা ভাল খবৰ আহিলে, বা আমাৰ ৰিজাল্ট ভাল হ'লে সন্ধ্যা যে কিবা এটা ভাল খাবলৈ পাম, জানিছিলোঁয়ে। সৰুতে ক্লাছত যিবাৰ ছেকেন্দ হ'বলগা হৈছিল মনটো বেয়া লাগিছিল। আনৰ ঘৰত চাগৈ গালি গালাজ চলিছিল, কিন্তু পৰীক্ষাৰ ৰিজাল্ট বেয়া হোৱাৰ দিনা এদিনো গালি এটা নাখালো, পাপাই সদায়েই কিবা এটা ভাল আনি খোৱাব্ই। কোনোবা এবাৰ ম্ই বহুত কান্দিছিলো পৰীক্ষাৰ ৰিজাল্টৰ দিনা। পাপাই কিন্তু একো কোৱা নাছিল, অফিছৰ পৰা হাফ টাইমত গৈ প্ৰকাশৰ পৰা গৰম গৰম ডোছা আনি খোৱাছিল। সেই মূহুৰ্তটো মোৰ এতিয়াও মনত আছে স্পষ্ট কৈ।
বজাৰলৈ গ'লে অনুৰাগ হোটেলত থিয় হৈ খোৱা কালাকান্দটো, চিংৰাটো, মিঠা চছ্টো! আস্, কিমান যে মজা সময়বোৰ আছিল। বজাৰৰপৰা আহোঁ তে প্ৰায়েই দেৰি হয়। চিটিবাছবোৰো বন্ধ হয়। গতিকে অটোতে আহোঁ গোটেইকিটা। শনিবাৰৰ দিনটোলৈ ৰৈ থাকোঁ, কেনেবাকৈ যাবলৈ পাওঁ ৱেই বা। সাধাৰণতে  মা আৰু পাপাই গৈছিল মাহিলী বজাৰ কৰিবলৈ। বজাৰ কৰি আহি নোপোৱালৈকে ৰৈ থাকোঁ, মোনাটোৰ পৰা বস্তুবোৰ উলিয়াবলৈ। এটা এটা উলিয়াই খোৱা বস্তুটো পালেই আৰু কি লাগে।

লিখিবলৈ ল'লে বহুত কথাই মনলৈ আহি যায়। আজিলৈ সামৰিছো।

হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়

Saturday, 17 November 2018

হিলী পুৰাণ(১৭ /১৮)

হিলী পুৰা
(১৭)

আমাৰ ঘৰৰ পাছফালৰ চোতালখন পাছফালৰ বাৰান্দাখনৰ সমানেই ওখ কৰিবৰ বাবে বাৰীৰেই দুটা চুকৰ পৰা মাটি খান্দি অনা হৈছিল। গাঁত দুটাত, বাৰীখনৰ পানী শুকোৱাৰ পাছতো পানী শুকোৱা নাছিল বহুতদিনলৈ। পানী গাতঁৰ আধামানলৈ শুকোৱাৰ পাছত , সেইটো সিচিঁ ছিলো। এইটো কাম সাধাৰণতে দেওবাৰৰ দিনটোত কৰা হৈছিল। মাছ ধৰাৰ যতন বিশেষ নাছিল ঘৰত। গতিকে বাহঁৰ পাছি, ষ্টিলৰ ফুটা লগা খৰাহী, পুৰণি ফটা কাপোৰেৰেই কাম চলাই ছিলো। গৰৈ, পুঠি, চেঙেলী, খলিহনা এনেকুৱা মাছবোৰেই বেছি পাইছিলো। মাছকিটা চাফা পানীত বাল্টিত জীয়াই থৈছিলোঁ। তেনেকৈ সিচিঁ হোৱাৰ পাছত গা পা ধুই আজৰি হৈ ভাত পানী খাওঁ তে দুপৰীয়াই হয়। দুপৰীয়া বাৰীলৈ নাযাবলৈ বাৰে বাৰে সকীয়নি পায়ো গৈছিলো। ঘোলা পানীৰে ভৰি থকা পুখুৰীত মাছ খাবলৈ সাপ সোমোৱা নিজেই দেখিলোঁ এদিন। তাৰপিছত সাপৰ ভয়তে মাছ সিচাঁ বন্ধ হ'ল আমাৰ ঘৰত।

এদিন মামাৰ লগত পুৰণা বিছনা চাদৰ লৈ বোকা পানী খছকি দৰিকণা মাছ ধৰাৰ কথাও মনত পৰিছে। বৰশী টোপাইছো কেচুঁৰ টোপেৰে। কেচুঁৰ টোপ নাথাকিলে আটাৰ লাডুৰে বৰশী টোপ দিওঁ। তেনেকৈ এদিন ডাঙৰ গৰৈ এটা আধাবাট আহিছিল, কিন্তু পিছল আটাৰ লগতে মাছো গৈ পানীত পৰিলগৈ। বৰশী টোপাই মাছ ধৰা/নধৰাৰ সেইটোৱেই চাগৈ শেষ দিন।

(১৮)

'মা, আমুকৰ মাকে ইমান ধুনীয়া টিফিন দিয়ে, তুমিও বনাই দিবাছোন।' মোৰ আব্দাৰ। আনৰ টিফিনত লুচি, তেলত ভজা আলু ভাজি, চিৰাৰ পোলাও , এনেকুৱা বস্তুবোৰ নিজৰ টিফিনত নেদেখিলে মনটো বেয়া লাগিছিল। সেইবাবে মাৰ আগত আব্দাৰ মোৰ। কিন্তু ঘৰৰ গোটেইকিটাক ভাত পানী খোৱাই নিজেও স্কুললৈ ওলাই যোৱা মাৰ বাবে সদায় টিফিনত লুচি ভাজি দিয়া সম্ভৱো নাছিল। তথাপি মায়ে ব্ৰেডত কণী লেটিয়াই ব্ৰেড অমলেট্ , চুজি, ৰিং পাপৰ , মেগী এনেকুৱা বস্তুবোৰ বনাই দিছিল। কেতিয়াবা শুকান ৰুটিও বনাই দিছিল। নিজে গেছ জ্বলাই বনাব হোৱাৰ পৰা নিজেও নিজৰ টিফিন বনাই নিছিলো। ৰাতিপুৱাই ভাত খাই যাওঁৱেই, গতিকে টিফিন হেভী নহ'লেও হৈছিল। টিফিন কেক্, ফল-মূল বিশেষকৈ আঙুৰ খুব নিছিলো টিফিনত। টিফিনত স্কুলৰ সমূখলৈ।চানাৱালা এজনো আহিছিল। চানাটানা খাই পেট বেয়া কৰিম বুলিয়েই মায়ে প্ইছাও নিদিছিল এটকাও। কেতিয়াবা খুব।কুটুৰিলে পাচঁ টকামান দিয়ে। ব্ইল মটৰ নহ'লে শুকান বুট আৰু বাদাম, এইকিটাই মোৰ চানা। বেলেগ ভাল নালাগে এতিয়াও। তেতিয়া পাচঁটকাত ব্ইল আলু আৰু টেটেলীপানী কিবাকিবি দি একপ্লেট পাইছিল, সেইটোকে খাবলৈ মাক প্ইছা খুজিলে ইমান যে গালি খাইছিলোঁ। হায়াৰ চেকেন্দাৰী পঢ়ি থাকোঁতে একেবাৰে ৰাতিপুৱাই মায়ে বনাই দিয়া গৰম গৰম খিছিৰী খাই ওলাই আহোঁ টিউছনলৈ। লগতে টিফিনটো খিছিৰীয়ে লৈ আনো। টিউছন শেষ কৰি কলেজ পাই ক্লাছ আৰম্ভ হোৱাৰ আগতে খাই ল্ওঁ। খিছিৰীত ড্ৰাই ফ্ৰুটছ্, ঘী খাই খাই ভাল ফুলিছিলো তেতিয়া।

আজিকালি মাৰ লগত বজাৰলৈ গ'লে মায়ে মোক সোধে, 'চানা খাবি? চাট্ খাবি? ' ৰাস্তাৰ কিনাৰৰ পৰা ময়ে মাক আজিকালি চানা জাতীয় বস্তু নাখাবলৈ কোৱা হ'লো। পৰঠা, ডোছাজাতীয় বস্তুবোৰ পেকিং কৰাই আনি ঘৰতে শান্তিত চাহৰ লগত খোৱাটোত হে আমেজ পোৱা হ'লো।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Wednesday, 14 November 2018

হিলী পুৰাণ (১৬)


ডিব্ৰুগড় বিশ্ৱবিদ্যালয় চৌহদত আমি যিটো ঘৰত আছিলোঁ সেইটো ঘৰৰ খিৰিকীৰে এদিন মই এটা চৰাই দেখিছিলোঁ আমাৰ বাৰীত। গছ-গছনীৰে ভৰা বিশ্ৱবিদ্যালয় চৌহদলৈ পৰিভ্ৰমী চৰাই বহুত আহে। এল্ পি বৃত্তিৰ পৰীক্ষা দি থকা দিন আছিল সেইকিটা। ঠাণ্ডা দিনৰ কোমল ৰ’দালী পুৱা এটাতে সেই চৰাইটো দেখিছিলোঁ। কাহানিও নেদেখা চৰাই। ছাঁইৰঙী, হালধীয়া বগলীৰ নিচিনা ঠেং দুটাৰে চৰাইটো যে চিনি পোৱা নাছিলোঁ। চাই আছো, তাৰ কান্ড-কাৰখানা। তেনেকৈ অলপ পৰ চাই থকাৰ পাছতে পাপা আহিল। পাপাই ক’লে বোলে চৰাইটোৰ নাম বালিঘোৰাঁ। পৰিভ্ৰমী চৰাই। চৰাইটোৱে চাগৈ গম পালে আমি চাই থকা। গুচি গ’ল।
সেইটোদিনৰ দুদিনমান পাছতেই এল্ পি বৃত্তিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নকাকত প্ৰশ্ন এটা আহিছিল। এটা পৰিভ্ৰমী চৰাইৰ নাম লিখিবলৈ দিছিল। লগে লগে লিখিছিলোঁ ‘বালিঘোৰাঁ’।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়