Tuesday, 9 April 2024

কৃষ্ণ গোসাঁইৰ মৰম

 কৃষ্ণ গোসাঁইৰ মৰম


আমাৰ ঘৰৰ গোসাঁই ঘৰত এখন ফটো আছে। কৃষ্ণ গোসাঁইৰ। সেইখনৰ আয়ুস নিশ্চিত ভাৱে ২৫ বছৰতকৈও অধিক। মনত পৰা দিন ধৰি সেই ফটোখনেই আমাৰ ঘৰৰ উপাসনা গৃহ। গজাল এটাত ওলমাই থোৱা এইখন ফটোৰ সমূখত ৰৈ আমি প্ৰাৰ্থনা কৰোঁ।  খেলা ধূলা কৰি আহি মুখ হাত ধুই পাপা, দাদা, ম্ই তিনিওটাই প্ৰাৰ্থনা কৰোঁ।  তাৰ পিছত কিবা এটা খাই পঢ়া শুনা কৰি উঠি ৰাতিৰ সাজ ভাত খাই শুই যোৱাই কাম। অলপ ডাঙৰ হৈ বুজা হোৱাৰ পাছত গা পা ধুই ধূপ লগোৱাটো নিয়মত পৰিণত হ'ল। ধূপ ডালো দিও সেই ফটোৰ কৃষ্ণ গোসাঁইৰ আগত। কেতিয়াবা মনত খুদুৱনি লাগি থাকিলে বা মনতকিবা চিন্তা কৰি থাকিলে, ঘৰৰ কোনো শুই নুঠুতেই ঘৰ দুৱাৰ সাৰি মছি গা পা ধুই চাকি বন্তি ভালদৰে সজাই প্ৰাৰ্থনা কৰোঁ। সেই চাকিগছিৰ জুইৰ শিখা আজিও চকুৰ মূখত ভাহি আহে। ঘৰৰ পৰা ওলাই যোৱাৰ পাছতো এই নিয়মৰ হিন দেৰি নহ'ল।


 সৰুৰে পৰা জন্মাষ্টমী আৰু সৰস্বতী পূজা আমাৰ ঘৰত পাতি অহা হৈছে। জন্মাষ্টমী আৰু সৰস্বতী পূজাৰ আয়োজনৰ উৎসাহেই সুকীয়া। চাকি বন্তি ধোৱা, কল পাত কটা/ধুৱা ইত্যাদি সৰু সৰু কামবোৰৰ দায়িত্ব মোক দি বাকী গধুৰ কামৰ ভাৰ মা পাপাই লয়। ধুনীয়াকৈ নিয়াৰিকৈ মিলি জুলি কামখিনি হৈ যায়। জন্মাষ্টমী 

ৰ দিনা আমাৰ নিৰামিষ। গধূলি পাপাই নামষাৰো গাই সেই ফটোৰ কৃষ্ণ জনাৰ সমূখতেই। পাপাই গোৱা জন্মাষ্টমীৰ নামষাৰ যে এতিয়াও ৰিণিকি ৰিণিকি কাণতেই বাজে। 


কেইবছৰমান আগতে সেই কৃষ্ণ গোসাঁইৰ ফটোৰ সমূখতেই জন্মাষ্টমীৰ চাকিগছ দি হোৱাৰ অলপ পাছতে ম্ই বিছৰা fellowship অত PhD ৰ এডমিছনৰ বাবে নিৰ্বাচিত হোৱাৰ মেইলটি পাইছিলোঁ। কাকতলীয় সংযোগত, বিয়া হোৱাৰ পাছৰ প্ৰথম ৰাজহুৱা জন্মাষ্টমীৰ নাম হৈ যো্ৱাৰ পাছতে PhDৰ যুদ্ধৰ শেষৰ দিনটিৰ বিষয়ে খবৰ পাইছোঁ। আশা কৰিছোঁ এনেদৰেই কৃষ্ণ গোসাঁইৰ মৰম আৰু আশীৰ্বাদ ৰ সহায়ত আগুৱাই যোৱাৰ শক্তি পাম।

Saturday, 6 April 2024

স্কুল

জয়জয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয় মডেল স্কুলৰ সোণালী জয়ন্তী উপলক্ষে স্কুলৰ সৈতে পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে জড়িত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

প্ৰাক্তন ছাত্ৰী হিছাপে দুআষাৰ লিখিবলৈ দিয়াত বাৰে বাৰে ভাৱিছো কি লিখোঁ। লিখিবলৈ বহু কথাই মনলৈ আহিছে। অসমত পঢ়ি অসমৰ বাহিৰত কৰ্মজীৱন আৰম্ভ কৰোঁতে স্কুলীয়া জীৱনত পোৱা বহু ভিন্ন অভিজ্ঞতাৰ অৱদানৰ কথাই লিখিবলৈ লৈছোঁ।

মোৰ দেউতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে কৰ্মচাৰী হোৱা হেতুকে আমাৰ ল'ৰালিকালটো বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৱাস গৃহতে পাৰ হ'ল। মোৰ দাদা যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় মডেল স্কুলতেই পঢ়ি আছিল, গতিকে মোকো মা পাপাই চকু মুদি নিশ্চিন্তমনেৰে তাতেই নাম ভৰ্তি কৰাই দিলে। ১৯৯৪ চনৰ পৰা ২০০৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱালৈ, এই সময়ছোৱা অতি মধুৰ। দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই মা পাপাই নাচৰ স্কুলত নাম ভৰ্তি কৰাই দিয়ে। অকল পঢ়া শুনাত ব্যস্ত থাকিলেই যে ল'ৰাছোৱালীৰ বিকাশ হয়, সেইয়া মা পাপাই অকণো বিশ্বাস কৰা নাছিল। গতিকে পঢ়া শুনাৰ লগতে মোৰ ভাৰতনাট্যমৰো অনুশীলন চলি থাকিল। চতুৰ্থ নে পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে গানৰ স্কুলো মোৰ জীৱনৰ লগত জড়িত হ'ল। মুকুল আহমেদ চাৰৰ লগত ভাৰতনাট্যমৰ শিক্ষা বৃহস্পতিবাৰে আৰু অনিতা লাহিড়ী মিছৰ লগত গানৰ স্কুল দেওবাৰে। আজিকালিৰ ল'ৰাছোৱালীৰ দৰে এগালমান টিউচন নাছিল। বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ স্কুলৰ লগতে ঘৰৰ সকলোৰে উৎসাহ পাইছিলোঁ। ২০০৬ বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰা ২০২৩ বৰ্ষত নামৰ আগত ড০ লিখিবলৈ যোগ্যতা আহৰণ কৰাৰ এই দীঘলীয়া যাত্ৰাত স্কুলীয়া জীৱনত আহৰণ কৰা বিভিন্ন অভিজ্ঞতাই প্ৰতি পদতে সহায় কৰি আহিছে। বৰ্তমান ম্ই অন্ধ্ৰপ্ৰদেশৰ Vignan's Foundation For Science , Technology and Research  ( Deemed To be university ) ত School of Computing and Informatics ত সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত। অসমীয়া মাধ্যমত শিক্ষা আৰম্ভ কৰি এই কৰ্মজীৱন আৰম্ভ কৰাত বহুলোকৰ বৰঙনি আছে।

স্কুলৰ বাৰ্ষিক প্ৰতিযোগিতাত আকস্মিক বক্তৃতা, গীত, নৃত্য, সমবেত সংগীত, কুইজ, জিকিৰ , কাবাডি, March Past সকলোতেই সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিলোঁ। জিলাভিত্তিক ৰছনা প্ৰতিযোগিতাত যোগ দিবলৈ ৰেখা মিছৰ অনুপ্ৰেৰণা যথেষ্ঠ পাইছিলোঁ। বেলেগ বেলেগ কিতাপৰ পৰা সমল গোটাই আগবাঢ়ি যাবলৈ তেওঁ উৎসাহিত কৰিছিল। সৰুৰেপৰা দলীয়ভাৱে কাম কৰিবলৈ শিকাৰ বাবেই কিজানি পাছলৈ বহু অসমীয়া, অনা অসমীয়া সহপাঠী ৰ সৈতে একগোট হৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। জিলাভিত্তিক বিভিন্ন মঞ্চত Perform কৰাৰ বাবে Stage fear ও একেবাৰেই নাছিল। সেইবাবে পৰৱৰ্তী কালত দেশী/বিদেশী conference সমূহতো গৱেষণা পত্ৰ পাঠ কৰিবলৈ পিছ হোহকা নাছিলোঁ। আমাৰ স্কুলত নিম্ন শ্ৰেণীৰ পৰাই ইংৰাজী শিক্ষাত গুৰুত্ব দিয়া হয়। লিখিবলৈ শিকিছিলোঁ যদিও ক'বলৈ মনত শংকা আছিল । এইখিনিতে যদি গগৈ মিছৰ কথা নিলিখোঁ লিখনিতো আধৰুৱা হ'ব। যদিও সৰুৰেপৰাই ইংৰাজী শিকিছোঁ, গ্ৰামাৰখিনি একমাত্ৰ গগৈ মিছৰ বাবেই ভালদৰে শিকিলোঁ। গগৈ মিছৰ বাবেই ইংৰাজীৰ প্ৰতি থকা ভয় কমিল। যদিও ইংৰাজী শিক্ষাত গুৰুত্ব দিয়া হয়, আমাৰ স্কুলত ইংৰাজীত বাৰ্তালাপ কৰিবলৈ উৎসাহ দিয়াৰো প্ৰয়োজনীয়তা আহি পৰিছে বুলি ভাৱোঁ। বৰ্তমান কৰ্মস্হলীত সহকৰ্মী লগতে ছাত্র/ছাত্ৰীৰ লগতো অনবৰতে ইংৰাজীতে কথোকথন কৰিবলৈ সক্ষম হৈছোঁ নিম্ন শ্ৰেণীৰ পৰাই ইংৰাজী শিকিবলৈ সুবিধা পোৱাৰ বাবেই। আমি পঢ়ি থকা সময়ছোৱাত বছেৰেকীয়া পৰীক্ষাত স্হান লাভ কৰিলে পুৰস্কাৰ হিছাপে কিতাপ দিয়া হৈছিল। এই সুযোগতে বিভিন্ন দেশী বিদেশী সাহিত্যৰ সোৱাদ ল'বলৈ সক্ষম হৈছিলোঁ। বাহিৰা কিতাপ পঢ়াৰ অভ্যাসো সৰুতেই গঢ় ল'লে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদতে থকাৰ বাবেই বহু বিখ্যাত ব্যক্তিৰ সান্নিধ্য ল ভ কৰিছিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰয়াত ড০ দেৱদাস কাকতিদেৱৰ কন্যা প্ৰতিমা আমাৰেই সহপাঠী হোৱাৰ বাবে তেওঁৰ সান্নিধ্য ও পাইছিলোঁ। আমাৰ স্কুলৰ বাৰ্ষিক বটাঁ বিতৰণী অনুষ্ঠানসমূহত বিশিষ্ট অতিথিৰ ৰূপত বহু গুণী ব্যক্তিৰ বক্তৃতা শুনাৰ সৌভাগ্য হৈছিল। বৰ্তমানৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাদেৱৰ সৈতে নৱম আৰু দশম শ্ৰেণীত সাধাৰণ গণিত আৰু ঐচ্ছিক গণিতৰ অনুশীলন কৰিবলৈও সুবিধা পাইছিলোঁ। এই অনুশীলন খিনিৰ বাবেই গণিতৰ সাহসত অভিযান্ত্ৰিক শিক্ষা ৰ প্ৰতি উৎসাহিত হৈছিলোঁ।  হাইস্কুল শিক্ষা ন্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বহুজন গুণী ব্যক্তিয়ে আমাৰ ঘৰলৈ আহি আৰু আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল। আশা কৰোঁ সকলোৰে আশীৰ্বাদ আৰু শুভকামনাৰ সৈতে আৰু আগুৱাই যাবলৈ সক্ষম হ'ম। 

স্কুলত পঢ়ি থাকোঁতে আমাৰ শ্ৰেণীটো আটাইতকৈ উৎপতীয়া বুলিয়েই বিখ্যাত আছিল। শ্ৰেণীকোঠাৰ বাহিৰত বাৰান্দাত / খেলপথাৰত কাণত ধৰি থিয় হৈ থকা একমাত্ৰ Batch চাগৈ আমিয়েই আছিলোঁ। এবাৰ শিক্ষা মূলক ভ্ৰমণত গৈ বিশ্ববিদ্যালয়ৰ বাছখনৰ আইনা ভাঙিও আমি বিখ্যাত হৈছিলোঁ। কাৰোৰে চাগৈ আমাৰ পৰা একো বিশেষ আশাও নাছিল। কিন্তু দশম শ্ৰেণীত সকলোকে আচৰিত কৰি আমি সমবেত সংগীত প্ৰতিযোগিতা, March past প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা টো প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়েই যেতিয়া লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ ৰেকৰ্ড কৰিছিল, আমি সকলোৱেই সুখী হৈছিলোঁ। এই সময়ছোৱাত বহুতৰ সৈতে যোগাযোগ বিছিন্ন হ'ল যদিও স্বস্তিকা, ময়ুৰীৰ সৈতে যোগাযোগ এতিয়াও অব্যাহত আছে। দুয়োগৰাকীয়েই নিজৰ নিজৰ পথত সফল। দুয়োগৰাকীৰ সৈতে আলোচনা কৰি এইবাৰ এটি বিশেষ চলন্ত ট্ৰফী বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে আগবঢ়াইছো। আশা কৰোঁ এই বটাঁৰ পৰা আমাৰ অনুজসকল অনুপ্ৰাণিত হ'ব।

ড০ হিলী গোহাঁই বৰুৱা
প্ৰাক্তন ছাত্ৰী

Wednesday, 29 July 2020

আপোনাৰ যাত্ৰা

ধৰা হ্ও‍্‍ঁক আপুনি বাছত উঠি ক'ৰবালৈ যাব খুজিছে। লক্ষ্য স্হান অনুসৰি আপুনি টিকেট কাটিলে। আপুনি সাধাৰণতে অকলশৰীয়া চিট ল'বলৈ ইচ্ছা কৰে গতিকে সেইদিনাও ব্যতিক্ৰম নহ'ল। যাত্ৰাৰ দিনটো আহিল। আপোনাৰ যাত্ৰা আৰম্ভ হ'ল।  এই যাত্ৰাৰ আৰম্ভণিতে বাছখনৰ সকলো চিট পূৰণ হোৱা নাছিল। কিছুসংখ্যক লোক নিশ্চয়কৈ আন বেলেগ ষ্টপত উঠিব নাইবা বাছৰ কণ্ডাক্টৰে ৰাস্তাত উঠাই ল'ব। এই যে যাত্ৰাৰ আৰম্ভণিতে আপোনাৰ লগ দিয়া যাত্ৰীসকলৰ কিছুসংখ্যকৰ চাগৈ গন্তৱ্যস্হান আপোনাৰ সৈতে নাইবা বেলেগ। আৰু বাটতে বিভিন্ন ঠাইত উঠা যাত্ৰীসকলৰ ক্ষেত্ৰটো একে কথাই খাটে। এটা সময়লৈকে আপোনাৰ যাত্ৰাটিত লগৰীয়া মানে সহযাত্ৰী অহাটো প্ৰায় বন্ধ হ'বগৈ। লাহে লাহে কেইজনমানৰ যাত্ৰা শেষ হ'ব অতি সোনকালে মানে নিজৰ গন্তৱ্যস্হান পালে আৰু বাছৰ পৰা নামি আপোনাৰ সহযাত্ৰী হোৱা উপাধিকণ হেৰুৱাব। সেই যে চিট খালী হ'ল তাত পাৰিলে আকৌ নতুন যাত্ৰী আহিব তেওঁৰ যাত্ৰাকাল নিশ্চয়কৈ আপোনাতকৈ চুটি হ'ব কিয়নো আপুনি ইতিমধ্যেই সেই বাছখনত বহু দূৰ ভ্ৰমণ কৰিছে। কিন্তু সেইজনো নিজৰ ভিন্ন অভিজ্ঞতা লৈ আহিছে। এনে যাত্ৰাকালত লগ পোৱা সহযাত্ৰীসকলে হয়তো আপোনাৰ মনত কৌতুহল সৃষ্টি এওঁলোক বা কোন। তেখেতসকলৰ কাহিনী বা কি। কাপোৰ কানি , ফোনৰ বাৰ্তালাপ, আচাৰ ব্যৱহাৰ আপুনি মন কৰি যাব। আকস্মিকভাৱে আপুনি বহুতদিনীয়া চিনাকি মানুহো লগ পাই যাব পাৰে। তেতিয়া মনটো এনেই ভাল লাগিব আহ:, ইমান দিনৰ মূৰত যে লগ পালোঁ।

লাহে লাহে আপোনাৰ যাত্ৰা শেষ হ'বলৈ হ'ব। বাছখনত ইমানপৰে দেখি থকা সহযাত্ৰীসকলৰ চিনাকি মুখ দেখোন বহুত কমিল। গন্তৱ্যস্হান একে হ'লেও তেওঁলোক কিজানি বেলেগ বেলেগ ষ্টপত নামিব। আপোনাৰ যাত্ৰাৰ একেবাৰে অন্তিম ক্ষণত আপোনাৰ লগত থাকিব ড্ৰাইভাৰ, কণ্ডাক্টৰ আৰু এজন বা কিছুসংখ্যক  চকুৰ চিনাকি  সহযাত্ৰী।

Monday, 29 June 2020

হিলী পুৰাণ ৪৬

ম্ই ক্লাছ নাইন টেনত টিউছন কৰিছিলোঁ আছিফ চাৰৰ ওচৰত। সাধাৰণ গণিত আৰু ঐচ্ছিক গণিত বিষয়ত। দৰাচলতে ক্লাছ নাইনত মোৰ অৱ্স্হা অতি শোচনীয় হোৱাতহে ক্লাছ নাইনত টিউছন ল'ব লগা হ'ল। নাইনত চাৰৰ লগত পঢ়ি ভাল লাগিল বাবেই টেনটো চাৰৰ লগতে পঢ়িলোঁ।

পোণপ্ৰথমবাৰ যেতিয়া চাৰৰ ওচৰত পঢ়িবলৈ যাওঁ, তেখেতে দশম শ্ৰেণীৰ ল'ৰা ছোৱালী কেইজনমান ইংৰাজী মাধ্যমৰ পঢ়োৱাই আছিল। তেখেতে মোকো দশম শ্ৰেণীৰেই বুলি ভাৱি অংক দুটামানো কৰালে। পিছে ময়ে অলপ পাছত চাৰক সোৱঁৰাই দিলোঁ ম্ই নৱম শ্ৰেণীৰ হে বুলি। চাৰে নিজৰ ভুলটো ধৰিব পাৰি মোৰ টিউছনৰ সময়টো সলনি কৰি দিলে। কিন্তু সেইটো টিউছনৰ গ্ৰুপটো কেৱল ল'ৰাৰেই। ছোৱালীৰ গ্ৰুপটোত মোৰো সময় নিমিলে আৰু তাত ঠায়ো নাছিল। গতিকে গোটেই ল'ৰাসোপাৰ মাজতেই মোৰ টিউছন চলি থাকিল। সৰুৰেপৰা দাদাৰ লগত ডাঙৰ হোৱাৰ বাবে মোৰ ল'ৰাৰ প্ৰতি সংকোচ ইমান নাছিল। তথাপি অচিনাকি ল'ৰাকিটাৰ লগত চিনাকি হ'বলৈ অলপ সময় লাগিছিল। কোনোবা এবাৰ বন্ধৰ দিনত ম্ই সময়তকৈ আগত এবি ভৱন (য'ত আছিফ চাৰ আৰু ভাস্কৰ চাৰে পঢ়োৱাই) পালোঁ গৈ। অকলে অকলে ৰৈ থকাৰ পাছত ল'ৰা এজন আহিল চাইকেল চলাই। চিনাকি হ'লো। নীলু। শংকৰদেৱ বিদ্যানিকেতনৰ চোকা ছাত্ৰ। অলপ বৰফ গলিল। তাৰপিছত আহিল শৰ্মা। শৰ্মা আৰু নীলুৰ ঘৰুৱা সম্পৰ্ক। গতিকে সেইদিনাই প্ৰথম বেলেগ স্কুলৰ ল'ৰাৰ লগত পোণপটীয়া চিনাকি। লাহে লাহে গোটেইকেইজনকে চিনি পোৱা হ'লো। তাৰে কেইজনমান আন দুটামান বিষয়ৰো টিউছনৰ সহপাঠী হ'লগৈ। আছিফ চাৰৰ পঢ়োৱাৰ ধৰণ বহুত ভাল লগা। মনত ক'ৰপৰানো অংকবিষয়টোৰ প্ৰতি আত্মবিশ্বাস জন্মিল গমেই নাপালোঁ। নিজৰ ওপৰত বিশ্ৱাস ৰাখি অংক কৰিব শিকিলোঁ। প্ৰতিদিনাই ক্লাছৰ শেষত দুটামান অংক কৰিবলৈ দিয়ে। যি প্ৰথম কৰিব মৰ্টন পাব লগতে কাৰ্ড এখনত ১০০% নে ০% লিখি দিছিল। তেনেকৈয়ে টিউছনত পঢ়ি ভাল লগা হ'ল।  ছোৱালী কেৱল ম্ই, বাকীবোৰ সৱ ল'ৰা। সাধাৰণ গণিতৰ ক্লাছ প্ৰথমতে হয় তাৰপিছত ঐচ্ছিক গণিতৰ । ঐচ্ছিক গণিতৰ ক্লাছলৈ আমি কেইটামানহে থাকোঁ। স্ৱাভাৱিকতে আমাৰ কথা বতৰা বেছি হ'ল। আমি সকলোৱেই অসমীয়া মাধ্যমৰ আৰু নিজ নিজ শ্ৰেণীত ৰেংক পোৱা। গতিকে আমাৰ ক্লাছটোত বহুত প্ৰতিযোগিতা মূলকেই হৈছিল।
এতিয়া সকলোৱেই ভাল স্হানত আছে। যিহেতু ময়েই ছোৱালী আছিলোঁ চাৰে কাঢ়া নজৰ ৰাখিছিল যাতে মোক কোনেও আমনি নকৰে। আমনি নকৰা নহয় কিন্তু সেই সময়ত মোক কৰা আমনিবোৰ ম্ই অকণো গুৰুত্ব দিয়া নাছিলোঁ। চাৰে আমাৰ লগত বহুত কষ্ট কৰিছিল। গোটা গোটা আখৰেৰে অংক লিখি  পাত এখিলাত,  জেৰক্স কৰোৱাই আনি সৱকে দিছিল প্ৰেক্টিছ কৰিবলৈ। দিস্তা কাগজ আনি আনি ঘৰত ভাগৰি গৈছিল। চাৰে আমাক ষ্টেন্ড কৰিবলৈ কিদৰে পঢ়িব লাগে তাৰবাবে বাকীবোৰ বিষয়ো পঢ়িবলৈ উৎসাহ দিছিল। চাৰৰ উৎসাহৰ বাবেই ম্ই  আটাইতকৈ বেয়া পোৱা বিষয় সমাজ বিদ্যাৰ সৱ প্ৰশ্ন লিখি নোটছ বনাইছিলোঁ। যদিও ম্ই ভাস্কৰ চাৰৰ ওচৰত বিজ্ঞান পঢ়া নাছিলোঁ চাৰক মাজে মাজে ম্ই লিখা উত্তৰবোৰ দেখোৱাইছিলোঁ। চাৰে অকণো দ্বিধাবোধ নোহোৱাকৈ চাই বুজাই দিছিল।
চাৰসকলৰ উৎসাহ আৰু কষ্টৰ বাবেই আমাৰ সকলোৰে সেই সময়ছোৱা পঢ়াৰ মাজতেই পাৰ হ'ল। মাজতে দুবাৰমান চাৰ দুজনক লগো কৰি আহিলোঁ। দুয়োজনেই তৎক্ষণাত মোক চিনি পাইছিল। এতিয়া বহুত দিনেই হ'ল চাৰ সকলক লগ কৰা। ফেচবুকৰ পাততে দেখা হৈ থাকে। চাৰসকলৰ স্বাস্হ্য ভালে থাকক, আমাৰদৰে কণ কণ মাইনাবোৰৰ আগুৱাই যোৱাৰ পথ প্ৰদৰ্শক হ্ওঁক তাৰেই কামনা কৰিছোঁ।

Wednesday, 17 June 2020

হিলী পুৰাণ।(৪৫)

সেইদিনা ঘৰত আমাৰ ঘৰৰ পুৰণি টেপ ৰেকৰ্ডাৰটো পালোঁ। সেইটোত ৰেডিঅ' আৰু কেছেট প্লেয়াৰ দুয়োবিধৰে সুবিধা আছে। জনা হোৱাৰে পৰা সেইটোতেই ৰেডিঅ'ৰ অনুষ্ঠান সমূহ আৰু কেছেট বজাই গান শুনা মনত পৰে। ৰেডিঅ'ৰ অনুষ্ঠান অনুযায়ী দৈনন্দিন জীৱনটো চলিছিল। আৰু মন গ'লেই কেছেট বজাই বিভিন্ন গান শুনিছিলোঁ। মাহতেঁ কিনা জিতুল সোনোৱালৰ ধুনীয়া গীতৰ কেছেট, অথৱা ধুনীয়া বিহুৰ কেছেটবোৰ পাছলৈ দাদাই কিনি অনা নতুন বলীউডৰ চিনেমাৰ গান সকলোবোৰেই তাতেই শুনিছিলোঁ। মাজে মাজে বন্ধ হ'লে গান বজা, কেছেটটো উলিয়াই ৰিলটো কলম নহ'লে পেন্সিলেৰে ঘূৰাই ঘূৰাই ঠিক কৰি আকৌ শুনিছিলোঁ।  আগতে নাচৰ গানবোৰ চাৰে  কেছেটত ৰেকৰ্ড কৰি দিয়ে, সেইয়া বজাই বজাই ঘৰত অনুশীলন কৰিছিলোঁ। খালী (ব্লেংক) কেছেটবোৰৰ বাকছটোত আচঁ টনা কাগজ এখন থাকে তাতেই গানবোৰৰ বিষয়ে একাদিক্ৰমে লিখি থ'ব পাৰি। ঘৰত কিজানি কেছেটবোৰ এতিয়াও ক'ৰবাত পাম। বাজিব নে নাই নাজানোঁ বাৰু। আগতে ক'ৰবাত প্ৰতিযোগিতাত নাচিবলৈ গ'লে নিজৰ কেছেট লৈ যাওঁ। যিটো গানত নাচিম সেইটো গানেই যাতে লগে লগে বাজিব পাৰে তাৰ সুবিধা দাদাই  কৰি পঠাইছিল। আজিকালিৰ দৰে মোবাইল অথৱা পেন ড্ৰাইভৰ সুবিধা তেতিয়া নাছিল।

ম্ই কোন শ্ৰেণীত আছিলোঁ মনত নাই , কিন্তু সেই সময়ছোৱাত আমাৰ স্কুলত sound system ৰ সুবিধা নাছিল মানে গান বজাব পৰাৰ সুবিধা নাছিল। কোনো এবাৰ মোৰ কি হে পালে নাজানো কিন্তু স্কুলত  পাতিবলগীয়া শিক্ষক দিৱসৰ দিনা নাছিম বুলি জনালোঁ। ঘৰত ওখল মাখল। ছোৱালীক সজাই পৰাই দিব বাৰু কিন্তু গান ক'ত বজাব। গতিকে ঘৰৰ পৰাই এই এক গুলীত দুই চিকাৰ কৰিব পৰা সেই সৰু কেছেট প্লেয়াৰটো ল'লো। বজোৱাৰ দ্বায়িত্ব দাদাৰ। মোৰ সেইবাৰেই চাগৈ স্কুলত প্ৰদৰ্শন কৰা প্ৰথম একক নৃত্য। গানটো আছিল 'নিচলা আইৰে'। ম্ই নাছি থাকোঁতে হেনো দাদা বৰ গপচত মুখখন উফন্দাই থিয় হৈ ৰৈ আছিল। কাৰণটো বাৰু এতিয়াও নাজানোঁ। কিন্তু সেই একেটা মানুহেই স্কুলৰ ৰূপালী জয়ন্তীৰ দিনা মাৰ অনুপস্হিতিত মোৰ নৃত্যৰ গোটেই দায়িত্ব লৈছিল। মেক্আপৰ পৰা আৰম্ভ কৰি চুলিত খোপা বেণী সিয়েই কৰি দিছিল।
এই কেছেট প্লেয়াৰটো অলপ বেয়া হোৱাত আন এটা অনা গ'ল। য'ত কেছেট প্লেয়াৰ দুটা আছিল। ৰেডিঅ' ৰ কামো কৰে। গান ৰেকৰ্ডো কৰিব পাৰি। পিছে কেছেটৰ ব্যৱহাৰ কমাৰ লগে লগে কেছেট প্লেয়াৰো এলাগী হ'ল, কেৱল ৰেডিঅ ৰ কাম হে ক'ৰা হ'ল। এতিয়া সেইটোও বেয়া হ'ল। সৰু অকণমান ৰেডিঅ আৰু মোবাইল এপৰ যোগেদিয়েই কাম চলি যায়।

পিছে বহুত দিনৰ মূৰত দেখা প্ৰাণহীন যন্ত্ৰ বিধে বহু কথাই কৈ গ'ল।

হিলী

Sunday, 14 June 2020

খনিকৰ

আমাৰ জীৱনটো বৰ মূল্যবান কিন্তু ক্ষণস্হায়ী।  কাহানিবা ধুমুহা এজাকে  ঠন ধৰি উঠা বৰ বৃক্ষ এজোপাকো উভালি পেলোৱাৰ দৰে আমাকো কলীয়া বতাহ এজাকে ভাঙি পেলাব পাৰে। উভালি পৰা গছজোপা চাবচোন, মৰি নাযায়। কেইটামান দিনৰ সংগ্ৰামৰ পাছতে সৰু সৰু বহুত ঠাল ঠেঙুলিত পাতেৰে সৈতে গছজোপাই নিজকে সজাই পৰাই লয়। ঠিক তেনেদৰে আমি বোৰেও জানো নিজকে অলপ সময় দি অলপ নতুনকৈ সজাই ল'ব নোৱাৰোঁ। উভালি পৰা গছজোপা যে আকৌ নতুনকৈ ঠন ধৰি উঠাত মাটি পানী বায়ুয়ে সহায় কৰে ঠিক তেনেদৰে আমাৰো শক্তি হ'ল আমাৰ লগৰীয়া সমূহ। সুখৰ দিনত যেনেকৈ গছজোপাৰ লগৰী বহুত ঠিক তেনেদৰে আমাৰ লগতো একেই। কিন্তু দুখৰ দিনত লগত থিয় দিয়া সমনীয়া খুব কমেই। এনেকুৱা নহয় যে সুখৰ দিনৰ বন্ধুত্ব অনৰ্থক , তেওঁলোকৰ লগতো আমি বহুত শিকিবলৈ পাওঁ। তেনেদৰে বিপদৰ বন্ধুসকলেও আমাক ভাঙি পৰিলে ঠন ধৰাত সহায় কৰে। এই যে লগৰীয়াসমূহৰ সৈতে মিলাপ্ৰীতিৰে থকাটো অতি প্ৰয়োজনীয়। আৰু আমি যদি ভাঙি পৰোঁ সহায় লোৱাটো একো ডাঙৰ কথা নহয়। কাৰোবাৰ আগত যদি কান্দিলে, কাৰোবাৰ মৰমৰ মাত এষাৰ, মৰম অলপে আমাক সাহস দিব পাৰে আমি কিয় নিজৰ লগতে যুজঁ দি মৰোঁ। আমাৰ আলোচনাই যদি আমাক নতুনকৈ গঢ় দিয়াত সহায় কৰে আমি নিজৰ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা  উচিত।
আমি আমাৰ জীৱনটোৰ খনিকৰ নিজেই। যদি কিবা এটা বিচাৰি যাওঁতে আমি বেলেগ কিবা এটা পাওঁ , সেইটোকে লৈ আমি কেনেকৈ আগুৱাব পাৰোঁ তাৰ চেষ্টা চলোৱা উচিত। জীৱনটো নোপোৱা কিবাটোতে শেষ হোৱাটো একেবাৰে গ্ৰহণযোগ্য নহয়।

Friday, 8 May 2020

হিলী পুৰাণ (৪৩)

যোৱা খন্ডৰ পাছৰ পৰা.....

ডিমকেইটা ভালদৰে ব্ইল নোহোৱাত অকল পানী খায়েই আমি ট্ৰেকিঙ আৰম্ভ কৰিলোঁ(ম্ই কেচাঁই ডিম এটা খাই দিলোঁ বাৰু এসময়ত খাইছিলোঁ বাবে। সেই কাহিনী কেতিয়াবা পাছলৈ জনাম)। আমি মানে, ম্ই,বাহুবলী, হাজা, বৰা ডাঙৰীয়া , এপি আৰু নেতৃত্বত শাহ ডাঙৰীয়া।পিঠিৰ বেগত পানী বটল, হাজাই ৰাতিয়েই তিয়াই গজালি ওলোৱা চানা, আদি। নামেৰী জংগল কেম্পৰ সন্মুখেৰে লুংলুঙীয়া কেচাঁ ৰাস্তাৰে আমি বাট বুলিলোঁ। আমাৰ সহযাত্ৰী হ'ল নামেৰী কেম্পতে লগ পোৱা ধুনীয়া মুগা বৰণীয়া কুকুৰ এজনী। তাই কেতিয়াবা আগবাঢ়ে কেতিয়াবা পিছ। কেতিয়াবা হেৰাল বুলি ভাৱোঁ, কিন্তু আকৌ তাই আহি আমাৰ লগ লাগেহি।

খোজেৰেই আমি আগবাঢ়ি  গৈ আছিলোঁ। তাৰেই গাওঁ এখনৰ মাজেৰে যাওঁতে এঘৰত লমালমে ৰবাৱ টেঙা লাগি থকা দেখিলোঁ। ঘৰৰ সন্মুখতে সৰু ল'ৰা এটাই চাইকেল চলাই থকা দেখা পাই হাজা আৰু শাহ দাই এটা দিব নেকি বুলি সুধিলে। ল'ৰাজনৰ মাকেই নেকি ওলাই আমাক দেখি যিমান লাগে লৈ যোৱা বুলি অনুমতি দিলে । এপি, বৰা, হাজা আৰু শাহ দাই মিলি তিনিটামান টেঙা পাৰি আনিলে। ৰবাৱ টেঙা পাই বৰ ফূৰ্তি ৰাইজৰ। বেগত ৰবাৱ টেঙা ভৰাই লৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল।

যিহেতু আমি একোৱেই খোৱা নাছিলোঁ সৱৰে ভোকত পেট কলমটিয়াবলৈ ল'লে। নামেৰী ইক' কেম্পৰ সন্মুখতে আদহীয়া মহিলা এগৰাকীয়ে তেখেতৰ দোকান খুলিছিল। তাতে চাহ পাম নেকি সোধাত লাল চাহ পাম বুলি জনালে। তাতে লাল চাহ বিস্কুটৰ সৈতে খাই খাই মানুহগৰাকীৰ লগতে সকলোৱে কথা পাতিলোঁ। কথাই কথাই গম পালোঁ (যিমান দূৰলৈ মনত পৰিছে) তেখেতৰ বিবাহিত ল'ৰাজন ঢুকুৱা বেছি দিন হোৱাই নাই। বোৱাৰীয়েক আৰু নিচেই কণমানি নাতিৰ সৈতে তেওঁৰ পৰিয়াল। কথাবোৰ গম পাই বৰ বেয়া লাগিল মনটো। তেখেতৰ প্ৰাপ্যখিনি দি তেওঁৰ পৰা বিদায় লৈ আমি আকৌ আগবাঢ়িলোঁ।

চাহটোপা খাই গাত শক্তি পালোঁ, গতিকে ভৰিৰ গতি তীব্ৰ হ'ল। এঠাইত ৰাস্তাত পানী আছিল। তাতে ডৰিকণা দুটামানে খেলি থকাও দেখিলোঁ।  গতিকে কাষৰে হাবি ভাঙি ৰাস্তা উলিয়াই আগবাঢ়িব লগীয়া হ'ল। তেনেদৰে যাওঁতে এঠাইত বনৰীয়া হাতীয়ে ভাঙি যোৱা গছ আৰু হাতীৰ বৃষ্ঠাও দেখিলোঁ, জীৱটো উৰিয়ে গৈছিল, কিজানিবা লগেই পাবলগীয়া হয় হাতী। পিছে। হাতী সেইটো সময়ত তাত নাহে বুলি শাহ দাই আশ্বাস দিয়াত বিনাদ্বিধাই যাত্ৰা অব্যাহত ৰাখিলোঁ। ইতিমধ্যে ৰ'দটো অলপ টান হৈছিল। লাহে লাহে আমি আমাৰ লক্ষ্য স্হানো পাবৰে হ'ল। তেতিয়াই বাহুবলীলৈ ফোন আহিল, যে সিহতঁৰ ঘৰলৈ লখিমী ছোৱালী এজনী আহিল তাৰ ভতিজীৰ ৰূপত। গতিকে সেইদিনাৰ দুপৰীয়াৰ সাজঁটো তেখেতেই খোৱাব বুলি ঘোষণা কৰিলে। ৰাতিৰ সেই বিয়াগোম ভাত সাজ খাই আকৌ পাৰ্টি এটা পাম বুলি মনটো ফূৰ্তিত নাছি উঠিল।

লক্ষ্য স্হান পালোঁ। কহুৱাৰে আৱৰা নদীৰ কাষ। শুকুলা আৱৰণৰ খনৰ মাজতে নিজকে পাই ভাল লাগিল। সকলোৱে ফটো তোলাত ব্যস্ত হ'ল। ভোকটোও লাগিছে অলপ। শাহ দাই গজালি ওলোৱা চানা খিনি ধুই আনিলেগৈ। ধুই হোৱাৰ পাছতে খাই চাবলৈ ক'লে। ম্ই ল'বলৈ পোৱাই নাই যিসকলে মুখত ভৰাইছিল, মুখ বিকটাই দিলে উকলিয়াই। কাৰণটো হ'ল কেৰাচিন। গোটেইখনতে কেৰাচিনৰ কেছেমা কেছেম গোন্ধ। নোৱাৰি খাব। সৱ তাতে পেলাবলগীয়া হ'ল আৰু। আমাৰ হাজাই  চানা তিয়াওতে ৰাতি গ্ৰহণ কৰা প্ৰসাদৰ বলি হৈ কেৰাচিন তেলৰ বটল অনা পলিথিনটোৱেই ব্যৱহাৰ কৰিলে। গতিকেই চানাত কেৰাচিনৰ উপস্হিতি । গতিকে এতিয়া ৰবাৱ টেঙাতেই চকু সৱৰে। ম্ই ৰবাৱ টেঙা খাব নোৱাৰোঁ বেছি। তাতে আকৌ প্ৰায় খালী পেট। গতিকে নোখোৱাটোৱে শ্ৰেয় বুলি নাখালোঁ।

ইতিমধ্যেই দহমান বাজিল। গতিকে আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। সোনকালে কেম্প পাব লাগে বুলি আমি খোজ খৰ কৰিলোঁ। একেবাৰে আগত এইবাৰ হাজা আৰু শাহ ডাঙৰীয়া, মাজত ম্ই আৰু বাহুবলী, একেবাৰে শেষত এপি আৰু বৰা ডাঙৰীয়া। এপিয়ে জোতা খুলি লোৱাত কিজানি কষ্ট্ই পালে। ইফালে বৰা ডাঙৰীয়া সেইদিনা ভাগৰুৱা । আমাৰ লগতে যোৱা কুকুৰজনীও আমাৰ লগে লগেই কেম্প সোমালহি।

গোটেইমখাৰ ভাগৰে জুগৰে তঁত নাই। কেম্প পাই গা পা ধুই ব্ৰেকফাষ্ট কৰিলোঁ। ইফালো চিটিডনো উঠি গা পা ধুই ফিটফাট। গতিকে শ্ইকীয়া দাকো আমি মাতি দিলোঁ। শ্ইকীয়া দাৰ টেম্পটে গৈ টাউনৰ অন্নপূৰ্ণাত মাছ ভাত খাই আহি বিশ্ববিদ্যালয় পালোঁহি।

ইয়াৰ পাছতো বহুতবাৰ নামেৰীলৈ গৈছোঁ, কিন্তু এই যাত্ৰাটিৰ যে আছে পৃথক আমেজ আৰু অভিজ্ঞতা।

হিলী