Friday, 8 May 2020

হিলী পুৰাণ (৪৩)

যোৱা খন্ডৰ পাছৰ পৰা.....

ডিমকেইটা ভালদৰে ব্ইল নোহোৱাত অকল পানী খায়েই আমি ট্ৰেকিঙ আৰম্ভ কৰিলোঁ(ম্ই কেচাঁই ডিম এটা খাই দিলোঁ বাৰু এসময়ত খাইছিলোঁ বাবে। সেই কাহিনী কেতিয়াবা পাছলৈ জনাম)। আমি মানে, ম্ই,বাহুবলী, হাজা, বৰা ডাঙৰীয়া , এপি আৰু নেতৃত্বত শাহ ডাঙৰীয়া।পিঠিৰ বেগত পানী বটল, হাজাই ৰাতিয়েই তিয়াই গজালি ওলোৱা চানা, আদি। নামেৰী জংগল কেম্পৰ সন্মুখেৰে লুংলুঙীয়া কেচাঁ ৰাস্তাৰে আমি বাট বুলিলোঁ। আমাৰ সহযাত্ৰী হ'ল নামেৰী কেম্পতে লগ পোৱা ধুনীয়া মুগা বৰণীয়া কুকুৰ এজনী। তাই কেতিয়াবা আগবাঢ়ে কেতিয়াবা পিছ। কেতিয়াবা হেৰাল বুলি ভাৱোঁ, কিন্তু আকৌ তাই আহি আমাৰ লগ লাগেহি।

খোজেৰেই আমি আগবাঢ়ি  গৈ আছিলোঁ। তাৰেই গাওঁ এখনৰ মাজেৰে যাওঁতে এঘৰত লমালমে ৰবাৱ টেঙা লাগি থকা দেখিলোঁ। ঘৰৰ সন্মুখতে সৰু ল'ৰা এটাই চাইকেল চলাই থকা দেখা পাই হাজা আৰু শাহ দাই এটা দিব নেকি বুলি সুধিলে। ল'ৰাজনৰ মাকেই নেকি ওলাই আমাক দেখি যিমান লাগে লৈ যোৱা বুলি অনুমতি দিলে । এপি, বৰা, হাজা আৰু শাহ দাই মিলি তিনিটামান টেঙা পাৰি আনিলে। ৰবাৱ টেঙা পাই বৰ ফূৰ্তি ৰাইজৰ। বেগত ৰবাৱ টেঙা ভৰাই লৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল।

যিহেতু আমি একোৱেই খোৱা নাছিলোঁ সৱৰে ভোকত পেট কলমটিয়াবলৈ ল'লে। নামেৰী ইক' কেম্পৰ সন্মুখতে আদহীয়া মহিলা এগৰাকীয়ে তেখেতৰ দোকান খুলিছিল। তাতে চাহ পাম নেকি সোধাত লাল চাহ পাম বুলি জনালে। তাতে লাল চাহ বিস্কুটৰ সৈতে খাই খাই মানুহগৰাকীৰ লগতে সকলোৱে কথা পাতিলোঁ। কথাই কথাই গম পালোঁ (যিমান দূৰলৈ মনত পৰিছে) তেখেতৰ বিবাহিত ল'ৰাজন ঢুকুৱা বেছি দিন হোৱাই নাই। বোৱাৰীয়েক আৰু নিচেই কণমানি নাতিৰ সৈতে তেওঁৰ পৰিয়াল। কথাবোৰ গম পাই বৰ বেয়া লাগিল মনটো। তেখেতৰ প্ৰাপ্যখিনি দি তেওঁৰ পৰা বিদায় লৈ আমি আকৌ আগবাঢ়িলোঁ।

চাহটোপা খাই গাত শক্তি পালোঁ, গতিকে ভৰিৰ গতি তীব্ৰ হ'ল। এঠাইত ৰাস্তাত পানী আছিল। তাতে ডৰিকণা দুটামানে খেলি থকাও দেখিলোঁ।  গতিকে কাষৰে হাবি ভাঙি ৰাস্তা উলিয়াই আগবাঢ়িব লগীয়া হ'ল। তেনেদৰে যাওঁতে এঠাইত বনৰীয়া হাতীয়ে ভাঙি যোৱা গছ আৰু হাতীৰ বৃষ্ঠাও দেখিলোঁ, জীৱটো উৰিয়ে গৈছিল, কিজানিবা লগেই পাবলগীয়া হয় হাতী। পিছে। হাতী সেইটো সময়ত তাত নাহে বুলি শাহ দাই আশ্বাস দিয়াত বিনাদ্বিধাই যাত্ৰা অব্যাহত ৰাখিলোঁ। ইতিমধ্যে ৰ'দটো অলপ টান হৈছিল। লাহে লাহে আমি আমাৰ লক্ষ্য স্হানো পাবৰে হ'ল। তেতিয়াই বাহুবলীলৈ ফোন আহিল, যে সিহতঁৰ ঘৰলৈ লখিমী ছোৱালী এজনী আহিল তাৰ ভতিজীৰ ৰূপত। গতিকে সেইদিনাৰ দুপৰীয়াৰ সাজঁটো তেখেতেই খোৱাব বুলি ঘোষণা কৰিলে। ৰাতিৰ সেই বিয়াগোম ভাত সাজ খাই আকৌ পাৰ্টি এটা পাম বুলি মনটো ফূৰ্তিত নাছি উঠিল।

লক্ষ্য স্হান পালোঁ। কহুৱাৰে আৱৰা নদীৰ কাষ। শুকুলা আৱৰণৰ খনৰ মাজতে নিজকে পাই ভাল লাগিল। সকলোৱে ফটো তোলাত ব্যস্ত হ'ল। ভোকটোও লাগিছে অলপ। শাহ দাই গজালি ওলোৱা চানা খিনি ধুই আনিলেগৈ। ধুই হোৱাৰ পাছতে খাই চাবলৈ ক'লে। ম্ই ল'বলৈ পোৱাই নাই যিসকলে মুখত ভৰাইছিল, মুখ বিকটাই দিলে উকলিয়াই। কাৰণটো হ'ল কেৰাচিন। গোটেইখনতে কেৰাচিনৰ কেছেমা কেছেম গোন্ধ। নোৱাৰি খাব। সৱ তাতে পেলাবলগীয়া হ'ল আৰু। আমাৰ হাজাই  চানা তিয়াওতে ৰাতি গ্ৰহণ কৰা প্ৰসাদৰ বলি হৈ কেৰাচিন তেলৰ বটল অনা পলিথিনটোৱেই ব্যৱহাৰ কৰিলে। গতিকেই চানাত কেৰাচিনৰ উপস্হিতি । গতিকে এতিয়া ৰবাৱ টেঙাতেই চকু সৱৰে। ম্ই ৰবাৱ টেঙা খাব নোৱাৰোঁ বেছি। তাতে আকৌ প্ৰায় খালী পেট। গতিকে নোখোৱাটোৱে শ্ৰেয় বুলি নাখালোঁ।

ইতিমধ্যেই দহমান বাজিল। গতিকে আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। সোনকালে কেম্প পাব লাগে বুলি আমি খোজ খৰ কৰিলোঁ। একেবাৰে আগত এইবাৰ হাজা আৰু শাহ ডাঙৰীয়া, মাজত ম্ই আৰু বাহুবলী, একেবাৰে শেষত এপি আৰু বৰা ডাঙৰীয়া। এপিয়ে জোতা খুলি লোৱাত কিজানি কষ্ট্ই পালে। ইফালে বৰা ডাঙৰীয়া সেইদিনা ভাগৰুৱা । আমাৰ লগতে যোৱা কুকুৰজনীও আমাৰ লগে লগেই কেম্প সোমালহি।

গোটেইমখাৰ ভাগৰে জুগৰে তঁত নাই। কেম্প পাই গা পা ধুই ব্ৰেকফাষ্ট কৰিলোঁ। ইফালো চিটিডনো উঠি গা পা ধুই ফিটফাট। গতিকে শ্ইকীয়া দাকো আমি মাতি দিলোঁ। শ্ইকীয়া দাৰ টেম্পটে গৈ টাউনৰ অন্নপূৰ্ণাত মাছ ভাত খাই আহি বিশ্ববিদ্যালয় পালোঁহি।

ইয়াৰ পাছতো বহুতবাৰ নামেৰীলৈ গৈছোঁ, কিন্তু এই যাত্ৰাটিৰ যে আছে পৃথক আমেজ আৰু অভিজ্ঞতা।

হিলী

Thursday, 7 May 2020

হিলী পুৰাণ(৪২)

যোৱা খন্ডৰ পাছৰে পৰা........

শ্ইকীয়া দাক বিদায় দি চাহ একাপ খাই সকলো সাজু হ'লোঁ খানা বনাবলৈ। তাত মুকলি আকাশৰ তলতে খানা বনাম বুলি ভাবিছিলোঁ যদিও জোকৰ ভয়ত সেই চিন্তা বাদ দিলোঁ। কেম্পতেই এটা মুকলিকৈ চালি এখন দিয়া আছে, তাতেই ভাল হ'ব বুলি তাতেই ষ্টোভটো বহোৱা গ'ল। তাতে কেম্পৰ মানুহেই একুৰা জুই বেলেগকৈ ধৰি দিলে যাতে  বৰাহৰ মঙহ খৰিকাত দি বনাব পাৰোঁ। খৰিকাত দিয়াৰ আগে আগে ভালকৈ ব্ইলো কৰা গ'ল মাংসখিনি। খৰিকাত দিয়া মাংসৰ দ্বায়িত্ব অৰ্পণ কৰা গ'ল বাহুবলীক। আৰু মাংসখিনি সিজাৰ পাছত সৰুকৈ কাটি চালাদৰ ৰূপ দিলোঁ ম্ই। এক প্লেট চাপ্লাই দিয়া হয় প্ৰসাদভাগি গ্ৰহণ কৰা ভকত চিটিডন, বৰা ডাঙৰীয়া আৰু হাজাক। লগে লগে ফৰমাইছ আহিও যায়। আমিও যিমান পাৰি ভকতক সন্তুষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিলোঁ।

ইফালে শাহ ডাঙৰীয়াই লোকেল মঙহ চুঙাত দি বনালে, লগতে বনালে মাংসৰ জোলো। চুঙাত দিয়া মাংস , চুঙাৰ পৰা ওলোৱাৰ লগে লগেই শেষ। আজিও সেই সোৱাদ জিভাত লাগি আছে অ'। বাহুবলীয়ে বনালে বৰাহৰ মাংসৰ শুকান ভাজি। সেইয়াও একেবাৰে টিপ টপ। মাজতে হাজাই আকৌ শুকান মাছ পাটত দিলে। সেইয়াও মজা লাগিল খাবলৈ।

খৰিকায দিয়া মাংস বনাই থকা জুইকুৰাৰ কাষত বহি  বহি আদ্দা দি ভাল লাগিছিল। মোবাইলৰ ধুনীয়া গান, আৰু ভাললগা মানুহকেইজনৰ সান্নিধ্য, লগতে অক্টোবৰ  মহীয়া শীতল বতাহ। তাতছ আকৌ আমাৰ বাহিৰে বেলেগ আলহীও শাই কেম্পত। গতিকে আমাক হাক দিবলৈ কোনো  নাছিল। হুলস্থুল হৈছিল কিন্তু অসভ্যালি কোনেও কৰা নাছিল। সেই আদ্দা দি থকাৰ মাজতে আকৌ গ'ল কাৰেন্ট। ঘোপমৰা অন্ধকাৰ।   ওপৰৰ আকাশত তৰাৰ জলমল, তলত উমি উমি জ্বলি থকা জুইকুৰা, কি যে মায়াময় পৰিবেশ। দূৰত জিলিৰ মাত। তেতিয়াই যেন উপলব্ধি কৰিছিলোঁ বিশ্ববিদ্যালয়ৰ অনবৰতে জ্বলি থকা নিয়ন লাইটৰ বগা পোহৰৰ মাজত আমি কিয় প্ৰশান্তি নাপাওঁ বিছাৰি।  সেই মুহুৰ্তটো সকলোৱেই চাগৈ হেপাঁহ পলুৱাই উপভোগ কৰিছিলোঁ।

আমি বনোৱা খানাবোৰ খাই খাই পেটত আকৌ ভায খাবলৈ ঠায়েই নাছিল।  কিন্তু খাবটো লাগিব্ই। লোকেল মাংসৰ জোল আৰু বৰাবহৰ শুকান ভজা লৈ গৰম গৰম ভাত আৰু দালি খাবলৈ বহিলোঁ। সেইখিনি সময়তে হাজাই কিনি অনা ডিম কিটাও ব্ইল হ্ওঁক বুলি ষ্টোভতে কেৰাহীত দিয়া গ'ল। ভাত কোনেও বেছিকৈ খাব্ই নোৱাৰিলে। সকলোৱে ভাগৰত খাই বৈ শুবলৈ গ'লোঁ। শোৱাৰ আগে আগে হাজাই চানা কিটা গজালি ওলাবলৈ টিয়াই ৰাখিবলৈও কিন্তু নাপাহৰিলে।

ৰাতিপুৱাল। চিটিডনৰ বাদে সকলো ট্ৰেকিঙৰ বাবে ৰেডী। গাইড আমাৰ শাহ ডাঙৰীয়া। ট্ৰেকিং কৰিবলৈ যোৱাৰ আগে আগে ব্ইল ডিম খাব লৈছোঁ। এইয়া কি, ব্ইল ডিম দেখোন হাফ ব্ইলো হোৱা নাই। প্ৰায় ২০ মিনিটমান ব্ইল কৰাটো ডিম , ডিম ভাগেই আছে।

বাকীখিনি আগলৈ....

হিলী।

Wednesday, 6 May 2020

হিলী পুৰাণ (৪১)

এতিয়া লগত আৰু ওলাল এপি ডাঙৰীয়া। কামত অতিশয় চিৰিয়াছ, গল্ড মেডেলিষ্ট হাজাৰ সৈতে একেটা গৱেষণাগাৰৰে। গতিকে এপি ডাঙৰীয়াও এই পাৰ্টিত সন্নিবিষ্ট হ'ল।

লগতে ওলাল আমাৰ দলৰ মিষ্টাৰ বাহুবলী। বাহুবলীক প্ৰথম লগ পাইছিলোঁ ২০১৩ চনত ক্লাছৰুমত। একেবাৰে অচিনাকি মানুহটোক এতিয়া চিনি পাবলৈ বাকী নাই। ২০১৩ চনৰে পৰা মোৰ প্ৰায়বোৰ টুফানি কামৰ পাৰ্টনাৰ। তেতিয়াৰে পৰা আজিলৈ কিমান যে খানা খালোঁ একেলগে তাৰ হিচাপ নাই।

এই পাৰ্টিৰ যো যা কৰোঁতেই বৰা ডাঙৰীয়াক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ। আগতে চিনি নোপোৱাৰ বাবে অলপ খোকোজা লাগিছিল মনত, কিন্তু মনৰ দোমোজাবোৰ আতঁৰ হৈছিল যেতিয়া ভালদৰে জঠৰতা আতঁৰিল। বৰা ডাঙৰীয়াৰ ৰাজনৈতিক পৰ্যবেক্ষণবোৰৰ প্ৰায়বোৰেই সছাঁলৈ পৰিণত হোৱা দেখিছোঁ।বহুবাৰ। 

আৰু এই যাত্ৰাত একমাত্ৰ ছোৱালী ম্ই, যাক হাজা আৰু চিটিডনে ছোৱালী বুলি গণ্য্ই নকৰে। ল'ৰাযেনেই লাগে হেনো‌।  মাক বহুত আগতেই ক'লে হুলস্থুল লগাব বুলি ভাৱি যাত্ৰা আৰম্ভ কৰাৰ আগতহে কৈছিলোঁ এই বিশেষ যাত্ৰাৰ কথা। কিন্তু লগত যোৱা প্ৰায়কেইজনকে মায়ে লগ পাইছিল বাবে বিশেষ একো হকা বাধা আৰু চিন্তাও নকৰিলে।

অৱশেষত দিনটো আহিল। আমাৰ পৰিকল্পনা অনুসৰি শনিবাৰে পাছবেলা ওলাম বিশ্ববিদ্যালয়ৰ পৰা। ষ্টোভ আৰু কেৰাহী লোৱা গ'ল শাহ ডাঙৰীয়া আৰু বৰা ডাঙৰীয়াৰ পাকঘৰৰ পৰা। শ্ইকীয়া দাৰ টেম্পত আৰম্ভ হ'ল আমাৰ যাত্ৰা বিশ্ববিদ্যালয়ৰ দাতিকাষৰীয়া বাটেৰে। ৰাস্তা প্ৰছন্দ বেয়া । ঠেকেছনি খাই খাই আমি আগবাঢ়িলোঁ লকৰা বজাৰ অভিমুখে। সেইখন বৰ ডাঙৰ বজাৰ। সকলো বস্তু তাতেই লোৱা গ'ল। লগতে পানীয় গলাধকৰণ কৰাসকলৰ প্ৰসাদভাগি লোৱা গ'ল বালিপাৰাৰ পৰা। হাজাই আকৌ তাৰেপৰা ব্ইল ডিম খাম বুলি ডিম পোন্ধৰটামানো ল'লে। বজাৰ সামৰি নামেৰী কেম্প পাওঁগৈ মানে আমাৰ প্ৰায় ছয় মানেই বাজিল।

গৈ পাওঁতেহে গম পালোঁ পৰ্যতক অহাৰ সময় নাইহোৱা বাবে সেইৰাতিৰ আলহী অকল আমিহে। গতিকে আলহী শুধিবৰ বাবে তেওঁলোক তৎপৰ হৈ উঠিল।

বাকীখিনি আগলৈ.....

হিলী

Tuesday, 5 May 2020

হিলী পুৰাণ(৪০)

মোৰ জীৱনৰ প্ৰায় ছটা বছৰ তেজপুৰ বিশ্ববিদ্যালয়ত পাৰ হৈছে। এই ছটা বছৰত বহুত মানুহ লগ পালোঁ, একেলগে কাম কৰিলোঁ, বহুতৰ লগত যোগাযোগ এতিয়াও আছে, বহুতৰ লগত নাই। কিন্তু স্মৃতিৰ টোপোলাত এতিয়াও সাচিঁ ৰাখিছোঁ। এই ছটা বছৰতে লগ পালোঁগৈ আগতে কেতিয়াও লগ নোপোৱা কেইজনমান এনেকুৱা মানুহ যাৰবাবেই  কিজানি বহু  দুৰ্বল মুহূৰ্তত, মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ শিকিছোঁ।
হাজা, নিজৰ খুশীমতে কাম কৰা ব্ৰিলিয়েন্ট মানুহ। গৱেষণা পত্ৰৰ হিচাপ নাই, কিন্তু নিজৰ ডিগ্ৰীটোৰ বাবে জাৰ্ণেল নোহোৱাত মানুহজনৰ বৰ দুখ। কিন্তু প্ৰতিবাৰেই ম্ই ক্ওঁ ,চিন্তা নকৰিব , অতি শীঘ্ৰেই ভাল খবৰ আহিব। আৰু আহিলেও। গতিকে ভাল পাৰ্টি এটাৰ যো যা আৰম্ভ হ'ল ক্ষীপ্ৰতাৰে।
এই আয়োজনৰ বুদ্ধিটো দিছিল চিটি ডনে। নামেৰীত গৈ ভাল খানা এটা খোৱাৰ। আমাৰ দলটিৰ দলপতি চিটিডন আটাইতকৈ ফুৰ্তিবাজ আৰু পাকৈত ৰান্ধনী, গতিকে এই প্ৰস্তাৱ অনতিপলমে সকলোৱে গ্ৰহণ কৰিলে। চিটিডন বহুগুনী। একেধাৰে গৱেষক, খোৱা বোৱাত ৰুচিসম্পন্ন আৰু পাৰ্টিৰ আয়োজক লগতে সকলো পাৰ্টিৰ মূল ব্যক্তি। তেখেতক বাদ দি কোনো পাৰ্টিয়েই কল্পনা কৰিব পৰা নাযায়।
কিন্তু এইটো পাৰ্টিৰ মূল প্ৰযোজক হাজাক কোৱাৰ গুৰু দ্বায়িত্ব পৰিল মোৰ ওপৰত। হাজাক কোৱাৰ আগে আগে শাহ ডাঙৰীয়াই ক'লে বোলে তেখেতৰ এঠাইত চিনাকি আছে। পৰা যাবনে নাই শুধি লোৱা যাওঁক। শাহ ডাঙৰীয়া অলপ এডভেন্সাৰ ভাল পোৱা আচৰিত মানুহ। পিঠিত সৰু বেগ এটা আৰু হাৱাই চেন্দেল এযোৰৰ সৈতে বিভিন্ন ঠাই ঘুৰি ফুৰা মানুহ। গতিকে তেখেতৰ চিনাকি সূত্ৰেই নামেৰী জংগল কেম্পৰ গৰাকীয়েও হাত উজান দিলে। আৰু ম্ই হাজাক ক'লো মনত বহুত চিন্তা লৈ। হাজাই বা কি কয়, কিয়নো সমগ্ৰ পাৰ্টি তেখেতৰ পৰাহে আমি আশা কৰি আছোঁ। তাকো নামেৰীত। আমাৰ সকলোৰে চিন্তাত যতি পেলাই হাজাই হয়ভৰ দিলে। নামেৰী জংগল কেম্পত এৰাতি থকা খোৱাৰ সমগ্ৰ খৰছ বহন কৰিম বুলি কোৱাত অহা যোৱাৰ খৰছটো আমি সকলোৱে মিলাই ল'ম বুলি ঠিৰাং কৰিলোঁ। যিহেতু গোটেইকেইজনেই দেওবাৰৰ বাদে বাকীকেইদিন ব্যস্ত, শনিবাৰৰ নিশা এটিয়ে উপযুক্ত হ'ব বুলি গুণা গুঠা কৰা হ'ল।
বাকীখিনি আগলৈ.......
হিলী