Monday, 8 July 2019

হিলী পুৰাণ (৪৪)

হিলী পুৰাণ (৪৪)

মেট্ৰিকৰ ৰিজাল্ট পোৱাৰ দিনটো চাগৈ সকলোৰে জীৱনৰ একোটা স্মৰণীয় দিন। সেইদিনটোৰ কথা মোৰ আজিও মনত আছে, ৰিজাল্ট নোপোৱালৈ থকা উৎসুকতা আৰু ভয়।পকাতে বহি সন্ধিয়া টিভিটো চাই থাকোঁতেই ঘপককৈ শুনা পালোঁ আমুক তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব। জীৱ কপিঁ গ'লগৈ। চিঞঁৰি ঘৰত খদম দম লগাই দিলোঁ আৰু লগে লগে প্ৰশ্নকাকতখিনি আনি হিচাপ কৰিছিলোঁ, ক'ত কিমান পাম। সৱতে একেবাৰে কম কম নম্বৰ ধৰি হিচাপ কৰিছিলোঁ যাতে পিছত মনটো বেয়া নালাগক।দাদাক এজনে কৈছিল ভন্টিয়ে আৰামছে ইমান শতাংশ নম্বৰ পাব। ম্ই নাজানোঁ কিয় ১৬ নম্বৰত ষ্টেন্ড কৰিবলৈ পঢ়িছিলোঁ নাজানোঁ যিটো সময়ত আনে ১ নম্বৰটো হ'বলৈ চেষ্টা কৰিছিল। দিন ওচৰ চপাৰ লগে লগে চকুৰ টোপনি হৰিল। কিন্তু মনত বিশ্বাস আছিল ৮০ শতাংশৰ ওপৰতে থাকিব ৰিজাল্ট কিন্তু পৰীক্ষকসকল বা কেনে পৰিল ভাৱি আকৌ ভয় খাইছিলোঁ। অৱশেষত ৰিজাল্ট দিয়াৰ দিনটো আহিল।তেতিয়াৰ  দিনত আজিৰ দৰে উন্নত ইন্টাৰনেট সেৱা নাছিল। গতিকে ৰিজাল্ট ল'বলৈ দাদাই আৰু ম্ই গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত থকা ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰিবলৈ গৈছিলোঁ, মোক লগত নিবলৈ মায়ে মানা কৰিছিল যদিও দাদাই লৈ গৈছিল। তাত পৰ দিয়াৰ বহুসময়ৰ পাছতো যেতিয়া একো খবৰ নাপালোঁ দাদাই ময়ে আকৌ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাৰ্কেটৰ চাইবাৰ কেফেলৈ আহিলোঁ। মানুহৰ ভিৰ। ভিতৰলৈ সোমাব নোৱাৰ অৱস্হা। দাদাৰ চিনাকি বাবে সি ঠেলা হেচাঁৰ মাজতো গৈ মোৰ ৰিজাল্টটো চাই দিলে। পাচঁখন চিঠি আৰু ডিষ্টিংচন।কোনে পাই মোক। দাদাই ক'লে- যা ঘৰলৈ ম্ই গৈ আছোঁ। সি আকৌ মোৰ লগৰবোৰৰ ৰিজাল্ট চাবলৈ ভিতৰলৈ সোমাল কেফেৰ। ম্ই আনন্দৰে খোজ ল'লো ঘৰলৈ। মনত আচৰিত ফূৰ্তি।

আমাৰ ঘৰটোৰ এখন খিৰিকীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাৰ্কেট খন দেখিয়ে থাকি। সেইদৰে বাহিৰৰ পৰাও ভিতৰখন দেখি পাই পৰ্দা আতঁৰাই থ'লে। দূৰৈৰ পৰাই দেখিলোঁ পাপা আৰু মাক বহি থকা। ঘৰ পাবলৈ অলপ থাকোঁতেই পাপাৰ অফিচতে কাম কৰা চিনাকি খুৰা এজনে পালে। তেওঁ ৰাস্তাৰ ইটো পাৰে  আছিল বাবে আকাৰ ইংগিতেৰেই ৰিজাল্টটো ক'লো। তাৰ পিছত ৰাস্তা পাৰ হৈয়েই ঘৰলৈ লৰ মাৰিলোঁ। বাৰান্দাত সৌৱা মা। মাক ৰিজাল্ট কোৱাৰ লগে লগে সাৱতি এষাৰেই কৈছে-' যা হ্ওঁক , ছল্টব্ৰুকত আৰামত চিট পাবি'। পাপাই আকৌ কৈছিল -'ত্ই দুটাত পাবি বুলিহে ম্ই sure আছিলোঁ। আশা কৰাতকৈ বহুত ভাল ৰিজাল্ট।'  ছল্ট ব্ৰুক একাডেমীত পঢ়াৰ মোৰ সপোনটো যে পূৰ্ণ হ'ব তাকে ভাৱি সেইদিনা মোৰ টোপনিয়েই অহা নাছিল।

ছল্টব্ৰুকত পঢ়িম বুলি যিদিনা ফৰ্ম আনিবলৈ গৈছিলোঁ, ডিব্ৰুগড়ৰ পৰা স্হান লাভ কৰা বহুকেইজনক লগ পাইছিলোঁ। মনে মনে ভয় খাইছিলোঁ পাৰিমনে বাৰু একেলগে পঢ়িবলৈ। এডমিছন লোৱাৰ দিনাও আৰু ভাল ৰিজাল্ট ভাল কৰা ল'ৰা ছোৱালীবোৰ মুখ মেলি চাইছিলোঁ, ইমান চোকা ল'ৰা ছোৱালী বুলি। সেইদিনাও টোপনি অহা নাছিল।

প্ৰথম ছল্টব্ৰুকত ক্লাছ কৰাৰ দিনাও টোপনি আহা নাছিল। কি কৰিম কেনেকৈ পঢ়িম উৎকণ্ঠাত।

ছল্টব্ৰুকৰ কাহিনী আছে। পাছেপৰে লিখিম ভালকৈ। আজিলৈ সামৰিছো।

হিলী

No comments:

Post a Comment