Wednesday, 29 July 2020

আপোনাৰ যাত্ৰা

ধৰা হ্ও‍্‍ঁক আপুনি বাছত উঠি ক'ৰবালৈ যাব খুজিছে। লক্ষ্য স্হান অনুসৰি আপুনি টিকেট কাটিলে। আপুনি সাধাৰণতে অকলশৰীয়া চিট ল'বলৈ ইচ্ছা কৰে গতিকে সেইদিনাও ব্যতিক্ৰম নহ'ল। যাত্ৰাৰ দিনটো আহিল। আপোনাৰ যাত্ৰা আৰম্ভ হ'ল।  এই যাত্ৰাৰ আৰম্ভণিতে বাছখনৰ সকলো চিট পূৰণ হোৱা নাছিল। কিছুসংখ্যক লোক নিশ্চয়কৈ আন বেলেগ ষ্টপত উঠিব নাইবা বাছৰ কণ্ডাক্টৰে ৰাস্তাত উঠাই ল'ব। এই যে যাত্ৰাৰ আৰম্ভণিতে আপোনাৰ লগ দিয়া যাত্ৰীসকলৰ কিছুসংখ্যকৰ চাগৈ গন্তৱ্যস্হান আপোনাৰ সৈতে নাইবা বেলেগ। আৰু বাটতে বিভিন্ন ঠাইত উঠা যাত্ৰীসকলৰ ক্ষেত্ৰটো একে কথাই খাটে। এটা সময়লৈকে আপোনাৰ যাত্ৰাটিত লগৰীয়া মানে সহযাত্ৰী অহাটো প্ৰায় বন্ধ হ'বগৈ। লাহে লাহে কেইজনমানৰ যাত্ৰা শেষ হ'ব অতি সোনকালে মানে নিজৰ গন্তৱ্যস্হান পালে আৰু বাছৰ পৰা নামি আপোনাৰ সহযাত্ৰী হোৱা উপাধিকণ হেৰুৱাব। সেই যে চিট খালী হ'ল তাত পাৰিলে আকৌ নতুন যাত্ৰী আহিব তেওঁৰ যাত্ৰাকাল নিশ্চয়কৈ আপোনাতকৈ চুটি হ'ব কিয়নো আপুনি ইতিমধ্যেই সেই বাছখনত বহু দূৰ ভ্ৰমণ কৰিছে। কিন্তু সেইজনো নিজৰ ভিন্ন অভিজ্ঞতা লৈ আহিছে। এনে যাত্ৰাকালত লগ পোৱা সহযাত্ৰীসকলে হয়তো আপোনাৰ মনত কৌতুহল সৃষ্টি এওঁলোক বা কোন। তেখেতসকলৰ কাহিনী বা কি। কাপোৰ কানি , ফোনৰ বাৰ্তালাপ, আচাৰ ব্যৱহাৰ আপুনি মন কৰি যাব। আকস্মিকভাৱে আপুনি বহুতদিনীয়া চিনাকি মানুহো লগ পাই যাব পাৰে। তেতিয়া মনটো এনেই ভাল লাগিব আহ:, ইমান দিনৰ মূৰত যে লগ পালোঁ।

লাহে লাহে আপোনাৰ যাত্ৰা শেষ হ'বলৈ হ'ব। বাছখনত ইমানপৰে দেখি থকা সহযাত্ৰীসকলৰ চিনাকি মুখ দেখোন বহুত কমিল। গন্তৱ্যস্হান একে হ'লেও তেওঁলোক কিজানি বেলেগ বেলেগ ষ্টপত নামিব। আপোনাৰ যাত্ৰাৰ একেবাৰে অন্তিম ক্ষণত আপোনাৰ লগত থাকিব ড্ৰাইভাৰ, কণ্ডাক্টৰ আৰু এজন বা কিছুসংখ্যক  চকুৰ চিনাকি  সহযাত্ৰী।

Monday, 29 June 2020

হিলী পুৰাণ ৪৬

ম্ই ক্লাছ নাইন টেনত টিউছন কৰিছিলোঁ আছিফ চাৰৰ ওচৰত। সাধাৰণ গণিত আৰু ঐচ্ছিক গণিত বিষয়ত। দৰাচলতে ক্লাছ নাইনত মোৰ অৱ্স্হা অতি শোচনীয় হোৱাতহে ক্লাছ নাইনত টিউছন ল'ব লগা হ'ল। নাইনত চাৰৰ লগত পঢ়ি ভাল লাগিল বাবেই টেনটো চাৰৰ লগতে পঢ়িলোঁ।

পোণপ্ৰথমবাৰ যেতিয়া চাৰৰ ওচৰত পঢ়িবলৈ যাওঁ, তেখেতে দশম শ্ৰেণীৰ ল'ৰা ছোৱালী কেইজনমান ইংৰাজী মাধ্যমৰ পঢ়োৱাই আছিল। তেখেতে মোকো দশম শ্ৰেণীৰেই বুলি ভাৱি অংক দুটামানো কৰালে। পিছে ময়ে অলপ পাছত চাৰক সোৱঁৰাই দিলোঁ ম্ই নৱম শ্ৰেণীৰ হে বুলি। চাৰে নিজৰ ভুলটো ধৰিব পাৰি মোৰ টিউছনৰ সময়টো সলনি কৰি দিলে। কিন্তু সেইটো টিউছনৰ গ্ৰুপটো কেৱল ল'ৰাৰেই। ছোৱালীৰ গ্ৰুপটোত মোৰো সময় নিমিলে আৰু তাত ঠায়ো নাছিল। গতিকে গোটেই ল'ৰাসোপাৰ মাজতেই মোৰ টিউছন চলি থাকিল। সৰুৰেপৰা দাদাৰ লগত ডাঙৰ হোৱাৰ বাবে মোৰ ল'ৰাৰ প্ৰতি সংকোচ ইমান নাছিল। তথাপি অচিনাকি ল'ৰাকিটাৰ লগত চিনাকি হ'বলৈ অলপ সময় লাগিছিল। কোনোবা এবাৰ বন্ধৰ দিনত ম্ই সময়তকৈ আগত এবি ভৱন (য'ত আছিফ চাৰ আৰু ভাস্কৰ চাৰে পঢ়োৱাই) পালোঁ গৈ। অকলে অকলে ৰৈ থকাৰ পাছত ল'ৰা এজন আহিল চাইকেল চলাই। চিনাকি হ'লো। নীলু। শংকৰদেৱ বিদ্যানিকেতনৰ চোকা ছাত্ৰ। অলপ বৰফ গলিল। তাৰপিছত আহিল শৰ্মা। শৰ্মা আৰু নীলুৰ ঘৰুৱা সম্পৰ্ক। গতিকে সেইদিনাই প্ৰথম বেলেগ স্কুলৰ ল'ৰাৰ লগত পোণপটীয়া চিনাকি। লাহে লাহে গোটেইকেইজনকে চিনি পোৱা হ'লো। তাৰে কেইজনমান আন দুটামান বিষয়ৰো টিউছনৰ সহপাঠী হ'লগৈ। আছিফ চাৰৰ পঢ়োৱাৰ ধৰণ বহুত ভাল লগা। মনত ক'ৰপৰানো অংকবিষয়টোৰ প্ৰতি আত্মবিশ্বাস জন্মিল গমেই নাপালোঁ। নিজৰ ওপৰত বিশ্ৱাস ৰাখি অংক কৰিব শিকিলোঁ। প্ৰতিদিনাই ক্লাছৰ শেষত দুটামান অংক কৰিবলৈ দিয়ে। যি প্ৰথম কৰিব মৰ্টন পাব লগতে কাৰ্ড এখনত ১০০% নে ০% লিখি দিছিল। তেনেকৈয়ে টিউছনত পঢ়ি ভাল লগা হ'ল।  ছোৱালী কেৱল ম্ই, বাকীবোৰ সৱ ল'ৰা। সাধাৰণ গণিতৰ ক্লাছ প্ৰথমতে হয় তাৰপিছত ঐচ্ছিক গণিতৰ । ঐচ্ছিক গণিতৰ ক্লাছলৈ আমি কেইটামানহে থাকোঁ। স্ৱাভাৱিকতে আমাৰ কথা বতৰা বেছি হ'ল। আমি সকলোৱেই অসমীয়া মাধ্যমৰ আৰু নিজ নিজ শ্ৰেণীত ৰেংক পোৱা। গতিকে আমাৰ ক্লাছটোত বহুত প্ৰতিযোগিতা মূলকেই হৈছিল।
এতিয়া সকলোৱেই ভাল স্হানত আছে। যিহেতু ময়েই ছোৱালী আছিলোঁ চাৰে কাঢ়া নজৰ ৰাখিছিল যাতে মোক কোনেও আমনি নকৰে। আমনি নকৰা নহয় কিন্তু সেই সময়ত মোক কৰা আমনিবোৰ ম্ই অকণো গুৰুত্ব দিয়া নাছিলোঁ। চাৰে আমাৰ লগত বহুত কষ্ট কৰিছিল। গোটা গোটা আখৰেৰে অংক লিখি  পাত এখিলাত,  জেৰক্স কৰোৱাই আনি সৱকে দিছিল প্ৰেক্টিছ কৰিবলৈ। দিস্তা কাগজ আনি আনি ঘৰত ভাগৰি গৈছিল। চাৰে আমাক ষ্টেন্ড কৰিবলৈ কিদৰে পঢ়িব লাগে তাৰবাবে বাকীবোৰ বিষয়ো পঢ়িবলৈ উৎসাহ দিছিল। চাৰৰ উৎসাহৰ বাবেই ম্ই  আটাইতকৈ বেয়া পোৱা বিষয় সমাজ বিদ্যাৰ সৱ প্ৰশ্ন লিখি নোটছ বনাইছিলোঁ। যদিও ম্ই ভাস্কৰ চাৰৰ ওচৰত বিজ্ঞান পঢ়া নাছিলোঁ চাৰক মাজে মাজে ম্ই লিখা উত্তৰবোৰ দেখোৱাইছিলোঁ। চাৰে অকণো দ্বিধাবোধ নোহোৱাকৈ চাই বুজাই দিছিল।
চাৰসকলৰ উৎসাহ আৰু কষ্টৰ বাবেই আমাৰ সকলোৰে সেই সময়ছোৱা পঢ়াৰ মাজতেই পাৰ হ'ল। মাজতে দুবাৰমান চাৰ দুজনক লগো কৰি আহিলোঁ। দুয়োজনেই তৎক্ষণাত মোক চিনি পাইছিল। এতিয়া বহুত দিনেই হ'ল চাৰ সকলক লগ কৰা। ফেচবুকৰ পাততে দেখা হৈ থাকে। চাৰসকলৰ স্বাস্হ্য ভালে থাকক, আমাৰদৰে কণ কণ মাইনাবোৰৰ আগুৱাই যোৱাৰ পথ প্ৰদৰ্শক হ্ওঁক তাৰেই কামনা কৰিছোঁ।

Wednesday, 17 June 2020

হিলী পুৰাণ।(৪৫)

সেইদিনা ঘৰত আমাৰ ঘৰৰ পুৰণি টেপ ৰেকৰ্ডাৰটো পালোঁ। সেইটোত ৰেডিঅ' আৰু কেছেট প্লেয়াৰ দুয়োবিধৰে সুবিধা আছে। জনা হোৱাৰে পৰা সেইটোতেই ৰেডিঅ'ৰ অনুষ্ঠান সমূহ আৰু কেছেট বজাই গান শুনা মনত পৰে। ৰেডিঅ'ৰ অনুষ্ঠান অনুযায়ী দৈনন্দিন জীৱনটো চলিছিল। আৰু মন গ'লেই কেছেট বজাই বিভিন্ন গান শুনিছিলোঁ। মাহতেঁ কিনা জিতুল সোনোৱালৰ ধুনীয়া গীতৰ কেছেট, অথৱা ধুনীয়া বিহুৰ কেছেটবোৰ পাছলৈ দাদাই কিনি অনা নতুন বলীউডৰ চিনেমাৰ গান সকলোবোৰেই তাতেই শুনিছিলোঁ। মাজে মাজে বন্ধ হ'লে গান বজা, কেছেটটো উলিয়াই ৰিলটো কলম নহ'লে পেন্সিলেৰে ঘূৰাই ঘূৰাই ঠিক কৰি আকৌ শুনিছিলোঁ।  আগতে নাচৰ গানবোৰ চাৰে  কেছেটত ৰেকৰ্ড কৰি দিয়ে, সেইয়া বজাই বজাই ঘৰত অনুশীলন কৰিছিলোঁ। খালী (ব্লেংক) কেছেটবোৰৰ বাকছটোত আচঁ টনা কাগজ এখন থাকে তাতেই গানবোৰৰ বিষয়ে একাদিক্ৰমে লিখি থ'ব পাৰি। ঘৰত কিজানি কেছেটবোৰ এতিয়াও ক'ৰবাত পাম। বাজিব নে নাই নাজানোঁ বাৰু। আগতে ক'ৰবাত প্ৰতিযোগিতাত নাচিবলৈ গ'লে নিজৰ কেছেট লৈ যাওঁ। যিটো গানত নাচিম সেইটো গানেই যাতে লগে লগে বাজিব পাৰে তাৰ সুবিধা দাদাই  কৰি পঠাইছিল। আজিকালিৰ দৰে মোবাইল অথৱা পেন ড্ৰাইভৰ সুবিধা তেতিয়া নাছিল।

ম্ই কোন শ্ৰেণীত আছিলোঁ মনত নাই , কিন্তু সেই সময়ছোৱাত আমাৰ স্কুলত sound system ৰ সুবিধা নাছিল মানে গান বজাব পৰাৰ সুবিধা নাছিল। কোনো এবাৰ মোৰ কি হে পালে নাজানো কিন্তু স্কুলত  পাতিবলগীয়া শিক্ষক দিৱসৰ দিনা নাছিম বুলি জনালোঁ। ঘৰত ওখল মাখল। ছোৱালীক সজাই পৰাই দিব বাৰু কিন্তু গান ক'ত বজাব। গতিকে ঘৰৰ পৰাই এই এক গুলীত দুই চিকাৰ কৰিব পৰা সেই সৰু কেছেট প্লেয়াৰটো ল'লো। বজোৱাৰ দ্বায়িত্ব দাদাৰ। মোৰ সেইবাৰেই চাগৈ স্কুলত প্ৰদৰ্শন কৰা প্ৰথম একক নৃত্য। গানটো আছিল 'নিচলা আইৰে'। ম্ই নাছি থাকোঁতে হেনো দাদা বৰ গপচত মুখখন উফন্দাই থিয় হৈ ৰৈ আছিল। কাৰণটো বাৰু এতিয়াও নাজানোঁ। কিন্তু সেই একেটা মানুহেই স্কুলৰ ৰূপালী জয়ন্তীৰ দিনা মাৰ অনুপস্হিতিত মোৰ নৃত্যৰ গোটেই দায়িত্ব লৈছিল। মেক্আপৰ পৰা আৰম্ভ কৰি চুলিত খোপা বেণী সিয়েই কৰি দিছিল।
এই কেছেট প্লেয়াৰটো অলপ বেয়া হোৱাত আন এটা অনা গ'ল। য'ত কেছেট প্লেয়াৰ দুটা আছিল। ৰেডিঅ' ৰ কামো কৰে। গান ৰেকৰ্ডো কৰিব পাৰি। পিছে কেছেটৰ ব্যৱহাৰ কমাৰ লগে লগে কেছেট প্লেয়াৰো এলাগী হ'ল, কেৱল ৰেডিঅ ৰ কাম হে ক'ৰা হ'ল। এতিয়া সেইটোও বেয়া হ'ল। সৰু অকণমান ৰেডিঅ আৰু মোবাইল এপৰ যোগেদিয়েই কাম চলি যায়।

পিছে বহুত দিনৰ মূৰত দেখা প্ৰাণহীন যন্ত্ৰ বিধে বহু কথাই কৈ গ'ল।

হিলী

Sunday, 14 June 2020

খনিকৰ

আমাৰ জীৱনটো বৰ মূল্যবান কিন্তু ক্ষণস্হায়ী।  কাহানিবা ধুমুহা এজাকে  ঠন ধৰি উঠা বৰ বৃক্ষ এজোপাকো উভালি পেলোৱাৰ দৰে আমাকো কলীয়া বতাহ এজাকে ভাঙি পেলাব পাৰে। উভালি পৰা গছজোপা চাবচোন, মৰি নাযায়। কেইটামান দিনৰ সংগ্ৰামৰ পাছতে সৰু সৰু বহুত ঠাল ঠেঙুলিত পাতেৰে সৈতে গছজোপাই নিজকে সজাই পৰাই লয়। ঠিক তেনেদৰে আমি বোৰেও জানো নিজকে অলপ সময় দি অলপ নতুনকৈ সজাই ল'ব নোৱাৰোঁ। উভালি পৰা গছজোপা যে আকৌ নতুনকৈ ঠন ধৰি উঠাত মাটি পানী বায়ুয়ে সহায় কৰে ঠিক তেনেদৰে আমাৰো শক্তি হ'ল আমাৰ লগৰীয়া সমূহ। সুখৰ দিনত যেনেকৈ গছজোপাৰ লগৰী বহুত ঠিক তেনেদৰে আমাৰ লগতো একেই। কিন্তু দুখৰ দিনত লগত থিয় দিয়া সমনীয়া খুব কমেই। এনেকুৱা নহয় যে সুখৰ দিনৰ বন্ধুত্ব অনৰ্থক , তেওঁলোকৰ লগতো আমি বহুত শিকিবলৈ পাওঁ। তেনেদৰে বিপদৰ বন্ধুসকলেও আমাক ভাঙি পৰিলে ঠন ধৰাত সহায় কৰে। এই যে লগৰীয়াসমূহৰ সৈতে মিলাপ্ৰীতিৰে থকাটো অতি প্ৰয়োজনীয়। আৰু আমি যদি ভাঙি পৰোঁ সহায় লোৱাটো একো ডাঙৰ কথা নহয়। কাৰোবাৰ আগত যদি কান্দিলে, কাৰোবাৰ মৰমৰ মাত এষাৰ, মৰম অলপে আমাক সাহস দিব পাৰে আমি কিয় নিজৰ লগতে যুজঁ দি মৰোঁ। আমাৰ আলোচনাই যদি আমাক নতুনকৈ গঢ় দিয়াত সহায় কৰে আমি নিজৰ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা  উচিত।
আমি আমাৰ জীৱনটোৰ খনিকৰ নিজেই। যদি কিবা এটা বিচাৰি যাওঁতে আমি বেলেগ কিবা এটা পাওঁ , সেইটোকে লৈ আমি কেনেকৈ আগুৱাব পাৰোঁ তাৰ চেষ্টা চলোৱা উচিত। জীৱনটো নোপোৱা কিবাটোতে শেষ হোৱাটো একেবাৰে গ্ৰহণযোগ্য নহয়।

Friday, 8 May 2020

হিলী পুৰাণ (৪৩)

যোৱা খন্ডৰ পাছৰ পৰা.....

ডিমকেইটা ভালদৰে ব্ইল নোহোৱাত অকল পানী খায়েই আমি ট্ৰেকিঙ আৰম্ভ কৰিলোঁ(ম্ই কেচাঁই ডিম এটা খাই দিলোঁ বাৰু এসময়ত খাইছিলোঁ বাবে। সেই কাহিনী কেতিয়াবা পাছলৈ জনাম)। আমি মানে, ম্ই,বাহুবলী, হাজা, বৰা ডাঙৰীয়া , এপি আৰু নেতৃত্বত শাহ ডাঙৰীয়া।পিঠিৰ বেগত পানী বটল, হাজাই ৰাতিয়েই তিয়াই গজালি ওলোৱা চানা, আদি। নামেৰী জংগল কেম্পৰ সন্মুখেৰে লুংলুঙীয়া কেচাঁ ৰাস্তাৰে আমি বাট বুলিলোঁ। আমাৰ সহযাত্ৰী হ'ল নামেৰী কেম্পতে লগ পোৱা ধুনীয়া মুগা বৰণীয়া কুকুৰ এজনী। তাই কেতিয়াবা আগবাঢ়ে কেতিয়াবা পিছ। কেতিয়াবা হেৰাল বুলি ভাৱোঁ, কিন্তু আকৌ তাই আহি আমাৰ লগ লাগেহি।

খোজেৰেই আমি আগবাঢ়ি  গৈ আছিলোঁ। তাৰেই গাওঁ এখনৰ মাজেৰে যাওঁতে এঘৰত লমালমে ৰবাৱ টেঙা লাগি থকা দেখিলোঁ। ঘৰৰ সন্মুখতে সৰু ল'ৰা এটাই চাইকেল চলাই থকা দেখা পাই হাজা আৰু শাহ দাই এটা দিব নেকি বুলি সুধিলে। ল'ৰাজনৰ মাকেই নেকি ওলাই আমাক দেখি যিমান লাগে লৈ যোৱা বুলি অনুমতি দিলে । এপি, বৰা, হাজা আৰু শাহ দাই মিলি তিনিটামান টেঙা পাৰি আনিলে। ৰবাৱ টেঙা পাই বৰ ফূৰ্তি ৰাইজৰ। বেগত ৰবাৱ টেঙা ভৰাই লৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল।

যিহেতু আমি একোৱেই খোৱা নাছিলোঁ সৱৰে ভোকত পেট কলমটিয়াবলৈ ল'লে। নামেৰী ইক' কেম্পৰ সন্মুখতে আদহীয়া মহিলা এগৰাকীয়ে তেখেতৰ দোকান খুলিছিল। তাতে চাহ পাম নেকি সোধাত লাল চাহ পাম বুলি জনালে। তাতে লাল চাহ বিস্কুটৰ সৈতে খাই খাই মানুহগৰাকীৰ লগতে সকলোৱে কথা পাতিলোঁ। কথাই কথাই গম পালোঁ (যিমান দূৰলৈ মনত পৰিছে) তেখেতৰ বিবাহিত ল'ৰাজন ঢুকুৱা বেছি দিন হোৱাই নাই। বোৱাৰীয়েক আৰু নিচেই কণমানি নাতিৰ সৈতে তেওঁৰ পৰিয়াল। কথাবোৰ গম পাই বৰ বেয়া লাগিল মনটো। তেখেতৰ প্ৰাপ্যখিনি দি তেওঁৰ পৰা বিদায় লৈ আমি আকৌ আগবাঢ়িলোঁ।

চাহটোপা খাই গাত শক্তি পালোঁ, গতিকে ভৰিৰ গতি তীব্ৰ হ'ল। এঠাইত ৰাস্তাত পানী আছিল। তাতে ডৰিকণা দুটামানে খেলি থকাও দেখিলোঁ।  গতিকে কাষৰে হাবি ভাঙি ৰাস্তা উলিয়াই আগবাঢ়িব লগীয়া হ'ল। তেনেদৰে যাওঁতে এঠাইত বনৰীয়া হাতীয়ে ভাঙি যোৱা গছ আৰু হাতীৰ বৃষ্ঠাও দেখিলোঁ, জীৱটো উৰিয়ে গৈছিল, কিজানিবা লগেই পাবলগীয়া হয় হাতী। পিছে। হাতী সেইটো সময়ত তাত নাহে বুলি শাহ দাই আশ্বাস দিয়াত বিনাদ্বিধাই যাত্ৰা অব্যাহত ৰাখিলোঁ। ইতিমধ্যে ৰ'দটো অলপ টান হৈছিল। লাহে লাহে আমি আমাৰ লক্ষ্য স্হানো পাবৰে হ'ল। তেতিয়াই বাহুবলীলৈ ফোন আহিল, যে সিহতঁৰ ঘৰলৈ লখিমী ছোৱালী এজনী আহিল তাৰ ভতিজীৰ ৰূপত। গতিকে সেইদিনাৰ দুপৰীয়াৰ সাজঁটো তেখেতেই খোৱাব বুলি ঘোষণা কৰিলে। ৰাতিৰ সেই বিয়াগোম ভাত সাজ খাই আকৌ পাৰ্টি এটা পাম বুলি মনটো ফূৰ্তিত নাছি উঠিল।

লক্ষ্য স্হান পালোঁ। কহুৱাৰে আৱৰা নদীৰ কাষ। শুকুলা আৱৰণৰ খনৰ মাজতে নিজকে পাই ভাল লাগিল। সকলোৱে ফটো তোলাত ব্যস্ত হ'ল। ভোকটোও লাগিছে অলপ। শাহ দাই গজালি ওলোৱা চানা খিনি ধুই আনিলেগৈ। ধুই হোৱাৰ পাছতে খাই চাবলৈ ক'লে। ম্ই ল'বলৈ পোৱাই নাই যিসকলে মুখত ভৰাইছিল, মুখ বিকটাই দিলে উকলিয়াই। কাৰণটো হ'ল কেৰাচিন। গোটেইখনতে কেৰাচিনৰ কেছেমা কেছেম গোন্ধ। নোৱাৰি খাব। সৱ তাতে পেলাবলগীয়া হ'ল আৰু। আমাৰ হাজাই  চানা তিয়াওতে ৰাতি গ্ৰহণ কৰা প্ৰসাদৰ বলি হৈ কেৰাচিন তেলৰ বটল অনা পলিথিনটোৱেই ব্যৱহাৰ কৰিলে। গতিকেই চানাত কেৰাচিনৰ উপস্হিতি । গতিকে এতিয়া ৰবাৱ টেঙাতেই চকু সৱৰে। ম্ই ৰবাৱ টেঙা খাব নোৱাৰোঁ বেছি। তাতে আকৌ প্ৰায় খালী পেট। গতিকে নোখোৱাটোৱে শ্ৰেয় বুলি নাখালোঁ।

ইতিমধ্যেই দহমান বাজিল। গতিকে আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। সোনকালে কেম্প পাব লাগে বুলি আমি খোজ খৰ কৰিলোঁ। একেবাৰে আগত এইবাৰ হাজা আৰু শাহ ডাঙৰীয়া, মাজত ম্ই আৰু বাহুবলী, একেবাৰে শেষত এপি আৰু বৰা ডাঙৰীয়া। এপিয়ে জোতা খুলি লোৱাত কিজানি কষ্ট্ই পালে। ইফালে বৰা ডাঙৰীয়া সেইদিনা ভাগৰুৱা । আমাৰ লগতে যোৱা কুকুৰজনীও আমাৰ লগে লগেই কেম্প সোমালহি।

গোটেইমখাৰ ভাগৰে জুগৰে তঁত নাই। কেম্প পাই গা পা ধুই ব্ৰেকফাষ্ট কৰিলোঁ। ইফালো চিটিডনো উঠি গা পা ধুই ফিটফাট। গতিকে শ্ইকীয়া দাকো আমি মাতি দিলোঁ। শ্ইকীয়া দাৰ টেম্পটে গৈ টাউনৰ অন্নপূৰ্ণাত মাছ ভাত খাই আহি বিশ্ববিদ্যালয় পালোঁহি।

ইয়াৰ পাছতো বহুতবাৰ নামেৰীলৈ গৈছোঁ, কিন্তু এই যাত্ৰাটিৰ যে আছে পৃথক আমেজ আৰু অভিজ্ঞতা।

হিলী

Thursday, 7 May 2020

হিলী পুৰাণ(৪২)

যোৱা খন্ডৰ পাছৰে পৰা........

শ্ইকীয়া দাক বিদায় দি চাহ একাপ খাই সকলো সাজু হ'লোঁ খানা বনাবলৈ। তাত মুকলি আকাশৰ তলতে খানা বনাম বুলি ভাবিছিলোঁ যদিও জোকৰ ভয়ত সেই চিন্তা বাদ দিলোঁ। কেম্পতেই এটা মুকলিকৈ চালি এখন দিয়া আছে, তাতেই ভাল হ'ব বুলি তাতেই ষ্টোভটো বহোৱা গ'ল। তাতে কেম্পৰ মানুহেই একুৰা জুই বেলেগকৈ ধৰি দিলে যাতে  বৰাহৰ মঙহ খৰিকাত দি বনাব পাৰোঁ। খৰিকাত দিয়াৰ আগে আগে ভালকৈ ব্ইলো কৰা গ'ল মাংসখিনি। খৰিকাত দিয়া মাংসৰ দ্বায়িত্ব অৰ্পণ কৰা গ'ল বাহুবলীক। আৰু মাংসখিনি সিজাৰ পাছত সৰুকৈ কাটি চালাদৰ ৰূপ দিলোঁ ম্ই। এক প্লেট চাপ্লাই দিয়া হয় প্ৰসাদভাগি গ্ৰহণ কৰা ভকত চিটিডন, বৰা ডাঙৰীয়া আৰু হাজাক। লগে লগে ফৰমাইছ আহিও যায়। আমিও যিমান পাৰি ভকতক সন্তুষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিলোঁ।

ইফালে শাহ ডাঙৰীয়াই লোকেল মঙহ চুঙাত দি বনালে, লগতে বনালে মাংসৰ জোলো। চুঙাত দিয়া মাংস , চুঙাৰ পৰা ওলোৱাৰ লগে লগেই শেষ। আজিও সেই সোৱাদ জিভাত লাগি আছে অ'। বাহুবলীয়ে বনালে বৰাহৰ মাংসৰ শুকান ভাজি। সেইয়াও একেবাৰে টিপ টপ। মাজতে হাজাই আকৌ শুকান মাছ পাটত দিলে। সেইয়াও মজা লাগিল খাবলৈ।

খৰিকায দিয়া মাংস বনাই থকা জুইকুৰাৰ কাষত বহি  বহি আদ্দা দি ভাল লাগিছিল। মোবাইলৰ ধুনীয়া গান, আৰু ভাললগা মানুহকেইজনৰ সান্নিধ্য, লগতে অক্টোবৰ  মহীয়া শীতল বতাহ। তাতছ আকৌ আমাৰ বাহিৰে বেলেগ আলহীও শাই কেম্পত। গতিকে আমাক হাক দিবলৈ কোনো  নাছিল। হুলস্থুল হৈছিল কিন্তু অসভ্যালি কোনেও কৰা নাছিল। সেই আদ্দা দি থকাৰ মাজতে আকৌ গ'ল কাৰেন্ট। ঘোপমৰা অন্ধকাৰ।   ওপৰৰ আকাশত তৰাৰ জলমল, তলত উমি উমি জ্বলি থকা জুইকুৰা, কি যে মায়াময় পৰিবেশ। দূৰত জিলিৰ মাত। তেতিয়াই যেন উপলব্ধি কৰিছিলোঁ বিশ্ববিদ্যালয়ৰ অনবৰতে জ্বলি থকা নিয়ন লাইটৰ বগা পোহৰৰ মাজত আমি কিয় প্ৰশান্তি নাপাওঁ বিছাৰি।  সেই মুহুৰ্তটো সকলোৱেই চাগৈ হেপাঁহ পলুৱাই উপভোগ কৰিছিলোঁ।

আমি বনোৱা খানাবোৰ খাই খাই পেটত আকৌ ভায খাবলৈ ঠায়েই নাছিল।  কিন্তু খাবটো লাগিব্ই। লোকেল মাংসৰ জোল আৰু বৰাবহৰ শুকান ভজা লৈ গৰম গৰম ভাত আৰু দালি খাবলৈ বহিলোঁ। সেইখিনি সময়তে হাজাই কিনি অনা ডিম কিটাও ব্ইল হ্ওঁক বুলি ষ্টোভতে কেৰাহীত দিয়া গ'ল। ভাত কোনেও বেছিকৈ খাব্ই নোৱাৰিলে। সকলোৱে ভাগৰত খাই বৈ শুবলৈ গ'লোঁ। শোৱাৰ আগে আগে হাজাই চানা কিটা গজালি ওলাবলৈ টিয়াই ৰাখিবলৈও কিন্তু নাপাহৰিলে।

ৰাতিপুৱাল। চিটিডনৰ বাদে সকলো ট্ৰেকিঙৰ বাবে ৰেডী। গাইড আমাৰ শাহ ডাঙৰীয়া। ট্ৰেকিং কৰিবলৈ যোৱাৰ আগে আগে ব্ইল ডিম খাব লৈছোঁ। এইয়া কি, ব্ইল ডিম দেখোন হাফ ব্ইলো হোৱা নাই। প্ৰায় ২০ মিনিটমান ব্ইল কৰাটো ডিম , ডিম ভাগেই আছে।

বাকীখিনি আগলৈ....

হিলী।

Wednesday, 6 May 2020

হিলী পুৰাণ (৪১)

এতিয়া লগত আৰু ওলাল এপি ডাঙৰীয়া। কামত অতিশয় চিৰিয়াছ, গল্ড মেডেলিষ্ট হাজাৰ সৈতে একেটা গৱেষণাগাৰৰে। গতিকে এপি ডাঙৰীয়াও এই পাৰ্টিত সন্নিবিষ্ট হ'ল।

লগতে ওলাল আমাৰ দলৰ মিষ্টাৰ বাহুবলী। বাহুবলীক প্ৰথম লগ পাইছিলোঁ ২০১৩ চনত ক্লাছৰুমত। একেবাৰে অচিনাকি মানুহটোক এতিয়া চিনি পাবলৈ বাকী নাই। ২০১৩ চনৰে পৰা মোৰ প্ৰায়বোৰ টুফানি কামৰ পাৰ্টনাৰ। তেতিয়াৰে পৰা আজিলৈ কিমান যে খানা খালোঁ একেলগে তাৰ হিচাপ নাই।

এই পাৰ্টিৰ যো যা কৰোঁতেই বৰা ডাঙৰীয়াক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ। আগতে চিনি নোপোৱাৰ বাবে অলপ খোকোজা লাগিছিল মনত, কিন্তু মনৰ দোমোজাবোৰ আতঁৰ হৈছিল যেতিয়া ভালদৰে জঠৰতা আতঁৰিল। বৰা ডাঙৰীয়াৰ ৰাজনৈতিক পৰ্যবেক্ষণবোৰৰ প্ৰায়বোৰেই সছাঁলৈ পৰিণত হোৱা দেখিছোঁ।বহুবাৰ। 

আৰু এই যাত্ৰাত একমাত্ৰ ছোৱালী ম্ই, যাক হাজা আৰু চিটিডনে ছোৱালী বুলি গণ্য্ই নকৰে। ল'ৰাযেনেই লাগে হেনো‌।  মাক বহুত আগতেই ক'লে হুলস্থুল লগাব বুলি ভাৱি যাত্ৰা আৰম্ভ কৰাৰ আগতহে কৈছিলোঁ এই বিশেষ যাত্ৰাৰ কথা। কিন্তু লগত যোৱা প্ৰায়কেইজনকে মায়ে লগ পাইছিল বাবে বিশেষ একো হকা বাধা আৰু চিন্তাও নকৰিলে।

অৱশেষত দিনটো আহিল। আমাৰ পৰিকল্পনা অনুসৰি শনিবাৰে পাছবেলা ওলাম বিশ্ববিদ্যালয়ৰ পৰা। ষ্টোভ আৰু কেৰাহী লোৱা গ'ল শাহ ডাঙৰীয়া আৰু বৰা ডাঙৰীয়াৰ পাকঘৰৰ পৰা। শ্ইকীয়া দাৰ টেম্পত আৰম্ভ হ'ল আমাৰ যাত্ৰা বিশ্ববিদ্যালয়ৰ দাতিকাষৰীয়া বাটেৰে। ৰাস্তা প্ৰছন্দ বেয়া । ঠেকেছনি খাই খাই আমি আগবাঢ়িলোঁ লকৰা বজাৰ অভিমুখে। সেইখন বৰ ডাঙৰ বজাৰ। সকলো বস্তু তাতেই লোৱা গ'ল। লগতে পানীয় গলাধকৰণ কৰাসকলৰ প্ৰসাদভাগি লোৱা গ'ল বালিপাৰাৰ পৰা। হাজাই আকৌ তাৰেপৰা ব্ইল ডিম খাম বুলি ডিম পোন্ধৰটামানো ল'লে। বজাৰ সামৰি নামেৰী কেম্প পাওঁগৈ মানে আমাৰ প্ৰায় ছয় মানেই বাজিল।

গৈ পাওঁতেহে গম পালোঁ পৰ্যতক অহাৰ সময় নাইহোৱা বাবে সেইৰাতিৰ আলহী অকল আমিহে। গতিকে আলহী শুধিবৰ বাবে তেওঁলোক তৎপৰ হৈ উঠিল।

বাকীখিনি আগলৈ.....

হিলী

Tuesday, 5 May 2020

হিলী পুৰাণ(৪০)

মোৰ জীৱনৰ প্ৰায় ছটা বছৰ তেজপুৰ বিশ্ববিদ্যালয়ত পাৰ হৈছে। এই ছটা বছৰত বহুত মানুহ লগ পালোঁ, একেলগে কাম কৰিলোঁ, বহুতৰ লগত যোগাযোগ এতিয়াও আছে, বহুতৰ লগত নাই। কিন্তু স্মৃতিৰ টোপোলাত এতিয়াও সাচিঁ ৰাখিছোঁ। এই ছটা বছৰতে লগ পালোঁগৈ আগতে কেতিয়াও লগ নোপোৱা কেইজনমান এনেকুৱা মানুহ যাৰবাবেই  কিজানি বহু  দুৰ্বল মুহূৰ্তত, মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ শিকিছোঁ।
হাজা, নিজৰ খুশীমতে কাম কৰা ব্ৰিলিয়েন্ট মানুহ। গৱেষণা পত্ৰৰ হিচাপ নাই, কিন্তু নিজৰ ডিগ্ৰীটোৰ বাবে জাৰ্ণেল নোহোৱাত মানুহজনৰ বৰ দুখ। কিন্তু প্ৰতিবাৰেই ম্ই ক্ওঁ ,চিন্তা নকৰিব , অতি শীঘ্ৰেই ভাল খবৰ আহিব। আৰু আহিলেও। গতিকে ভাল পাৰ্টি এটাৰ যো যা আৰম্ভ হ'ল ক্ষীপ্ৰতাৰে।
এই আয়োজনৰ বুদ্ধিটো দিছিল চিটি ডনে। নামেৰীত গৈ ভাল খানা এটা খোৱাৰ। আমাৰ দলটিৰ দলপতি চিটিডন আটাইতকৈ ফুৰ্তিবাজ আৰু পাকৈত ৰান্ধনী, গতিকে এই প্ৰস্তাৱ অনতিপলমে সকলোৱে গ্ৰহণ কৰিলে। চিটিডন বহুগুনী। একেধাৰে গৱেষক, খোৱা বোৱাত ৰুচিসম্পন্ন আৰু পাৰ্টিৰ আয়োজক লগতে সকলো পাৰ্টিৰ মূল ব্যক্তি। তেখেতক বাদ দি কোনো পাৰ্টিয়েই কল্পনা কৰিব পৰা নাযায়।
কিন্তু এইটো পাৰ্টিৰ মূল প্ৰযোজক হাজাক কোৱাৰ গুৰু দ্বায়িত্ব পৰিল মোৰ ওপৰত। হাজাক কোৱাৰ আগে আগে শাহ ডাঙৰীয়াই ক'লে বোলে তেখেতৰ এঠাইত চিনাকি আছে। পৰা যাবনে নাই শুধি লোৱা যাওঁক। শাহ ডাঙৰীয়া অলপ এডভেন্সাৰ ভাল পোৱা আচৰিত মানুহ। পিঠিত সৰু বেগ এটা আৰু হাৱাই চেন্দেল এযোৰৰ সৈতে বিভিন্ন ঠাই ঘুৰি ফুৰা মানুহ। গতিকে তেখেতৰ চিনাকি সূত্ৰেই নামেৰী জংগল কেম্পৰ গৰাকীয়েও হাত উজান দিলে। আৰু ম্ই হাজাক ক'লো মনত বহুত চিন্তা লৈ। হাজাই বা কি কয়, কিয়নো সমগ্ৰ পাৰ্টি তেখেতৰ পৰাহে আমি আশা কৰি আছোঁ। তাকো নামেৰীত। আমাৰ সকলোৰে চিন্তাত যতি পেলাই হাজাই হয়ভৰ দিলে। নামেৰী জংগল কেম্পত এৰাতি থকা খোৱাৰ সমগ্ৰ খৰছ বহন কৰিম বুলি কোৱাত অহা যোৱাৰ খৰছটো আমি সকলোৱে মিলাই ল'ম বুলি ঠিৰাং কৰিলোঁ। যিহেতু গোটেইকেইজনেই দেওবাৰৰ বাদে বাকীকেইদিন ব্যস্ত, শনিবাৰৰ নিশা এটিয়ে উপযুক্ত হ'ব বুলি গুণা গুঠা কৰা হ'ল।
বাকীখিনি আগলৈ.......
হিলী

Sunday, 26 April 2020

হিলী পুৰাণ (৩৯)

হিলী পুৰাণ (৩৯)

সৰুতে টিভিত সঞ্জীৱ কাপুৰৰ খানা বনোৱাৰ প্ৰগেম চাই ভাল লাগিছিল। টিভিত যেনেকৈ শিকাই, তেনেকৈ ময়ো একটিং কৰিছিলোঁ ঘৰত কোনো নথকা অৱস্হাত নহ'লে সকলো শুই থকা অৱস্হাত দুপৰীয়া। পাকঘৰৰ প্ৰতিটো বাচনতে পানী ভৰাই ধুনীয়াকৈ সজাই লৈছিলোঁ, পানীয়ে মোৰ সকলো আছিল। চাউল ,দালি ,মছলা সৱ। আৰু মোৰ একটিং আৰম্ভ হৈছিল। আজিকালি যে পাই পুতলা পাকঘৰবোৰ, তেনেকুৱা এটা দিবলৈ মাক বহুত কুটুৰিছিলোঁ, কিন্তু নাপালোঁ কেতিয়াও। দুখ এটা মনত এটাও আছে সেইকাৰণে।

সৰুৰে পৰা খোৱা বোৱাৰ ক্ষেত্ৰত ম্ই দাদাতকৈ ভাল। তাক সৰুতে যদি খানা খোৱাবলৈ মা পাপাই নৃত্য প্ৰদৰ্শন কৰিব লগা হৈছিল কাঁহী বাতি লৈ ম্ই আছিলোঁ  বিপৰীত। মুখ মেলি আছিলোঁ যিকোনোধৰণৰ খাদ্য টেষ্ট কৰিবলৈ। এতিয়া আকৌ দাদাৰ সুপুত্ৰ ভতিজা ৰুণ মোৰ দৰেই। মাম্ মাম্ খাবলৈ সদায় ৰেডী। কিন্তু ম্ই নোখোৱা কিছুমান বস্তুও আছিল। জহা চাউলৰ গোন্ধৰ কাৰণে নাখাইছিলোঁ, জ্বলাও নোৱাৰিছিলোঁ, লাই শাক , বেঙেনা ইত্যাদি, বেঙেনা ম্ই এতিয়াও ইমান নাখাওঁ। বিশেষকৈ হোষ্টেলত।

যদিও দাদাই যি টি বস্তু নাখাইছিল, তাৰ প্ৰিয় নেমুটেঙা। তাৰ থালৰ পৰা এগৰাহ ভাত খোৱাও টান, ইমান নেমু কেনেকৈ পাৰে জানো খাবলৈ। ইমান দূৰে দূৰে ঘৰৰ পৰা থাকিলে, কিন্তু টোপোলাবোৰত সদায় নেমু এক নম্বৰ। লাগিলে বেলেগ বস্তু ৰৈয়েই যাওঁক। যদিও এসময়ত খানা খোৱাবলৈ কষ্ট কৰিবলগা হৈছিল, এতিয়া কিন্তু সৱ খাই। সি বহুত ভাল ৰান্ধেও। তাৰ হাতৰ জুতি লাগিলে পটককৈ পাহৰা টান। যি টি গৱেষণা কৰি সি খানা বনাই ভাল পাই। কেতিয়াবা ফেইলো মাৰে।

এইযে গৱেষণা বুলি ক'লো, এই গৱেষণাৰ আৰম্ভনি হৈছিল , ডিব্ৰুগড় বিশ্ৱবিদ্যালয় চৌহদৰ আমাৰ সৰু পজাঁৰ পাকঘৰৰ পৰা। সীমিত বস্তুৰ মাজত, আমাৰ গৱেষণা ও সীমিত আছিল। ৰন্ধন প্ৰণালী ৰ কিতাপ কিনা মানুহ বাৰু সিয়েই আমাৰ ঘৰত। তাৰপৰা যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। মেগী বনোৱাত ম্ই পাৰ্গত আছিলোঁ, যি টি বস্তু দি ব্ইল/ফ্ৰাই কৰি খাইছিলোঁ। ভাত বনাবলৈ যে আঙুলিৰে পানীৰ জোখ ল'ব লাগে সেইয়া শিকাৰ পাছত ভাতো শিকিলোঁ।বনাবলৈ। সাধাৰণ ভাত দালি ভাজিৰে ,থালি এখন বনাব জনা হ'লো। দাদা এইক্ষেত্ৰত বেছি পাৰ্গত। লাহে লাহে মাছ মাংস্ও বনাব পৰা হ'লো। কিমান নো একে ধৰণৰ মাংস খাম বুলি এদিন মাংস এখিনি মিক্সিত গুৰি কৰি ভাজি বনাই খাইছিলোঁ মনত আছে। এদিন একেৰাহী মাংস বনাই দুয়োটাই শেষ কৰিছিলো। এনে কাৰ্য মা পাপা ঘৰত নাথাকিলেহে কৰিছিলোঁ পিছে।

এতিয়া প্ৰায় দহবছৰতকৈও বেছি দিন হোষ্টেলত থাকি ইউ টিউৱ চাই চাই কিবা কিবি বনাই খাই ভাল লাগে। ঘৰত কেতিয়াও পায়স বনাই নোপোৱাজনীয়ে পূৰা কন্ফিডেন্সত বনাব জনা হ'লো। বেছিকৈ টেনছন হ'লে, ম্ই হোষ্টেলত কিবা কিবি খানা বনাইহে মনটোত শান্তি পাওঁ। ভাল খানা খালেহে মন ভাল লাগে কাৰণে বাহিৰত খোৱাও বেছি হ'ল। তাৰে ফলশ্ৰুতিত পথালি কোমোৰা বহাদি বাঢ়িলোঁ।

হিলী
২৭/০৪/২০২০