দিপালী আপাৰ একান্ত প্ৰচেষ্টাত এসময়ত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ চৌহদতে গান নাছ দুয়োটাই শিকাৰ সুবিধা পাইছিলোঁ। দিপালী আপাৰ ঘৰৰ লগত ভাল অহা যোৱা আৰু পাপাৰ লগত একেটা অফিচৰে হোৱাৰ বাবে ,আপাই পাপাৰ হতুৱাই মোকো নাছৰ ক্লাছ আৰু গানৰ ক্লাছত নাম লগাই দিছিল। প্ৰতি বৃহস্পতিবাৰে মুকুল চাৰৰ ক্লাছ আৰু দেওবাৰে গানৰ মিছৰ ক্লাছ।
ম্ই প্ৰথম যিদিনা মুকুল চাৰৰ ক্লাছলৈ গৈছিলো, চাৰে নিছলা আইৰে গানটোৰ নাছ শিকাই আছিল। ম্ই একো নাজানো ৱেই তথাপি মমি বা, জোৎ্স্নালী বাহঁতৰ লগত নাছিবলৈ লগাই দিলে। এনেই হাতদুখন মেলি মেলি নাছি আছিলোঁ, তেতিয়াই চাৰে কৈছিল পাৰিব তাই। ক্লাছৰ একেবাৰে চাৰৰ ভৰি চুই আহিবলৈ ল্ওঁতেই কপালত চন্দনৰ ফোঁট এটা দিছিল। লাহে লাহে ভাৰতনাট্যম শিকা আৰম্ভ কৰিলোঁ, সৃষ্টিমূলক নৃত্য্ও শিকাই চাৰে। বিহুৰ বতৰত বিহু নাচিবলৈও ক্য় প্ৰতিযোগিতাবোৰত। সৃষ্টিশীল নৃত্যৰ যিবোৰ ষ্টেপ চাৰে শিকাইছিল, সেইবোৰেই যেন state of the art মোৰ বাবে। প্ৰতিযোগিতা দুটামানত নাচি প্ৰাইজ পোৱাৰে পৰা মনটোও ভাল লগা হ'ল। চাৰে যি টি গানৰ নাছ শিকোৱাও নাছিল। জ্যোতি সংগীত, ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত বেছিভাগতেই আমাক চাৰে নাচিব শিকাইছিল। অদিতি বা আৰু পৰিস্মিতা বাক ভাৰতনাট্যমৰ তিল্লানা আদিত নাচি থকা দেখি দেখি আমাৰ সৰুবোৰৰ ষ্টেপবোৰ মুখষ্ট্ই হৈ গৈছিল।
অদিতি বাক সাগৰ সংগম গানটোত নাচি থকা দেখি ময়ো ঘৰলৈ আহি পাপাক গাবলৈ দি ঘৰৰ ড্ৰয়িং ৰুমতে নাচিছিলোহি। আমাৰ ঘৰত নাচ প্ৰেক্টিছ কৰিবলৈ ডাঙৰ মুকলি ঠাই নাছিল। গডৰেজৰ আইনাৰ সন্মুখত নিজকে চাই চাই প্ৰেক্টিছ কৰিছিলোঁ। প্ৰেক্টিছ কৰি কৰি কাণফুলিও হেৰুৱাইছিলোঁ দুবাৰমান।
ম্ই বৰ সময়মতে কাম কৰা মানুহ আছিলোঁ। ক্লাছ যদি থাকে ৪ টাৰ পৰা ম্ই ৩.৪৫ তেই পাওঁ গৈ। কিন্ত্ত কোনো নাহে, ৰৈ ৰৈ আমনি লাগে। কেতিয়াবা চাৰ আহিব নোৱাৰিলে এনেই যোৱা নিছিনা হয়। কেতিয়াবা অদিতি বাৰ ঘৰতে বহি থাকোঁ। আমাৰ ক্লাছ হৈছিল পুৰনি ছাত্ৰ জিৰনি চৰাটোত। কেতিয়াবা তাৰ বাৰান্দাতে বহি থাকিছিলো। সন্ধ্যা ৭ টামানত ক্লাছৰ পৰা অহাৰ পিছত খুব ভৰি বিষাই। মায়ে গালি দিয়ে, ইমান গাৰ ভৰ ভৰিটোতে দি দি কিয় নাছ বুলি। পাপাই ধুনীয়াকৈ ভৰি মালিচ দি দিয়ে। ধুনীয়াকৈ টোপনি আহে।
সেই নাচৰ ক্লাছৰ পৰাই বহুতকে চিনি পালোঁ। জিংকী, অদিতি বা, পৰিস্মিতা বা, মমি বা, জোৎ্স্নালী বা, চুমন বা, তৰ্পনা বা। এইয়া কেৱল আমাৰ ক্লাছৰহে। চাৰৰ বেলেগ ত হোৱা ক্লাছবোৰৰো বাহঁত, লগৰবোৰ। পৰী বা , বৰ্নালী, বন্দিতা, জিংকী, জুন্মী ,একুইন বা সৱেই বিহু ইমান ধুনীয়াকৈ নাচিছিল। এ্ই নাচৰ ক্লাছৰে চিনাকি বহুতবোৰে একেলগে চল্টব্ৰুকটো পঢ়িছিলোঁ।
নাচ শিকা পৰ্বটোতে ইমান মানুহ লগ পালোঁ, সকলোবোৰেই নিজেই নিজৰ প্ৰচেষ্টাৰে সফল। ভাৱিলে ভাল লাগে।
পিছলৈ গানৰ ক্লাছৰ কথা লিখিম। আজিলৈ সামৰিছো।
হিলী