Saturday, 9 February 2019

হিলী পুৰাণ (৩২)

জীৱনত প্ৰথমবাৰ ষ্টেজত উঠিছিলোঁ, ক্লাছ থ্ৰি মানত পঢ়ি থাকোঁতে। সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত। মাৰ গুলপীয়া ৰঙৰ কাপোৰযোৰ পিন্ধি ৰৈ ৰৈ কেতেকী বিনাই অ' গানটোত নাচিছিলো।  ভয়তে নে নাৰ্ভাছ হৈ নাছি থাকোঁতেই মুখ শুকাই গৈছিল। সেইবাৰ একো প্ৰাইজ পোৱা নাছিলোঁ কিজানি কিন্তু ষ্টেজৰ প্ৰতি থকা ভয়টো আতৰিল। তাৰপিছত য'তেই যাব পাৰিছিলোঁ বা মাহতঁৰ সময় মিলিছিল মোক লৈ গৈছিল প্ৰতিযোগিতাবোৰলৈ। সৱতে প্ৰাইজ নাপালেও মায়ে মোক লৈ যাবলৈ এৰা নাছিল। আমাৰ পৰীক্ষাৰ দিনাহে মুকুল চাৰৰ বেলেগ বেলেগ স্কুলৰ ছোৱালীবোৰ লগ পাইছিলোঁ। সেইদিনাহে বহুত ছোৱালীৰ লগত চিনাকি হৈছিলোঁ যদিও ম্ই বৰ স্মাৰ্ট নাছিলোঁ । ইমান মিলিব পৰা নাছিলোঁ। তাৰ এটা অন্যতম কাৰণ আছিল সিহঁত সকলোবোৰেই ইংৰাজী মাধ্যমত পঢ়া, গোটেইবোৰেই ইংৰাজীতেই পাতে কথা। মোৰ অভ্যাস নাই ইংৰাজীত কথা পতা। অলপ হীনমন্যতাটো ভোগিছিলো চাগৈ তেতিয়া। কিন্তু সেই নাচৰ ক্লাছৰ চিনাকি কিছুসংখ্যক ছোৱালীতকৈ যেতিয়া ভাল পাৰচেন্টেজ লৈ চল্টব্ৰুকত এডমিছন লৈছিলোঁ তেতিয়া মনৰ বহুত হীনমন্যতা আতৰিছিল।

নৱবৰ্ষৰ বাবে কৰা প্ৰগেমটোৰ কথা এতিয়াও মনত আছে। সেই নাছটোৰ বাবে বহুত ঠাইৰ পৰা চাৰে নিমন্ত্ৰণো পাইছিল। আমিও ভাল পাইছিলোঁ গৈ বেলেগ বেলেগ ঠাইত নাছিবলৈ গৈ। সেইটো নাছিবলৈ যে জামিৰাৰ বিহুতলিলৈ বোকা ৰাস্তাত কেনেকৈ কোনোমতে আন্ধাৰে মুন্ধাৰে গৈ  টিউৱেলৰ পানীত ভৰি ধুই তুহঁঢলা ষ্টেজত নাচিছিলো এতিয়াও মনত আছে।আৰু এটা প্ৰগেমৰ টিভিৰ প্ৰগ্ৰেমৰ বাবে শ্ৱুটিং হৈছিল ৰাধা কৃষ্ণ মন্দিৰত। কিন্তু মোক সমস্ত ইউনিটৰ আগত যেতিয়া চাৰে বাৰে বাৰে মোক গালি দি অপদস্ত কৰিছিল বেলেগ/ভুল ষ্টেপ দিয়াৰ বাবে , ম্ই কান্দি কান্দি শ্ৱুটিং শেষ নকৰাকৈ উভতি আহিছিলোঁ। সেইখিনি হৈছিল এইটো কাৰণেই যে আমাৰ নাচৰ স্কুলত শিকোৱা ষ্টেপখিনি  চাৰে বাকীখিনি ছোৱালীক শিকোৱাতকৈ অলপ বেলেগ আছিল। মায়ে তথাপি মোক আকৌ কলৈকো নিনিও বুলি কোৱা নাছিল। সেইবাৰেই ইণ্ডিয়া ক্লাৱত পতা বছেৰেকীয়া প্ৰগেমত একেবাৰে আগত মাজত ৰৈ নাচিবলৈ সুবিধা পালোঁ আৰু প্ৰগেমৰ শেষত যেতিয়া সকলোৱে মোৰ ভাল হৈছিল বুলি কৈছিল মনটো সছাঁকৈ বহুত ভাল লাগিছিল।

মোৰ মায়ে মোক কেতিয়াও নিজকে সৰু বা কম বুলি ভাৱিবলৈ শিকোৱা মোৰ মনত নপৰে। মোৰ আজিও মনত আছে ছল্টব্ৰুকত এডমিছন লোৱা দিনটোলৈ। গৰমৰ দিন। ৰ'দ আৰু বৰষুণ, দুয়োটাৰে বাহাৰ। পাপা আৰু ম্ই ৰিক্সাত উঠি ছল্টব্ৰুক পোৱালৈ বৰষুণত জিপজিপীয়া হৈছিলোঁ, ইফালে কলেজৰ মুখত গাড়ীৰ লানি। ৰিক্সাত যোৱাৰ কাৰণে মোৰ মনটো আকৌ মনটো সেমেকা হৈছিলেই। এডমিছন লৈ আহি যেতিয়া মাক কৈছিলোঁহি যে সৱেই গাড়ী আনিছে আমি হে তিতিবুৰি গৈছোঁ, তেতিয়া মায়ে সুধিছিল, তহঁতি এডমিছন লৈ আহোঁ তে গাড়ীবোৰ আছিল নে গ'ল। ম্ই ক'লো সৱ আছিলে। তেতিয়া মায়ে বুজাইছিল, চা, গাড়ী লৈ আহিলে কি হ'ল, ত্ই দেখোন তিতি বুৰি গৈও সোনকালে এডমিছন লৈও পালিহি। সেইদিনাই মোৰ ছল্টব্ৰুকত পঢ়িবলৈ মনলৈ সাহস আহিছিল আৰু গাড়ী ঘোঁৰা নাথাকিলেও আমি আনতকৈ কম নহয় বুজি পাইছিলোঁ।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

Friday, 8 February 2019

হিলী পুৰাণ (৩১)

আটাইতকৈ ভাল লগা দিন সেইকিটাই আছিল, যি কেইটা দিন মা পাপাৰ লগত বজাৰলৈ গৈছিলোঁ। বজাৰলৈ যে আমি যাওঁ, মাহতঁৰ পিছে পিছে ঘুৰি ফুৰিবলৈ নহয়, দাদা আৰু মোৰ নিছা এটা পূৰণ কৰিবলৈ। টিংকল, মৌচাক, ৰাজ কমিক্চৰ নতুন সংখ্যা বোৰ কিনা আৰু পঢ়ি শেষ কৰাৰ নিছা।  ডিব্ৰুগড় নিউ মাৰ্কেটৰ হাফ এন হাফ দোকানৰ গলিটোদি সোমাই অলপ দূৰ গৈয়েই ভাৰত জুৱেৰ্লাছ বুলি এখন গহনাৰ দোকান আছিল। তাতেই সাধাৰণতে আমাৰ পৰিয়ালৰ বহুতবোৰ বস্তু বনাবলৈ দিয়া হৈছিল। তাত এখন ক'লা দীঘল কোমল চোফা আছিল। সেইখনতে দাদা আৰু মোক দুয়োটাকে বহিবলৈ দি, হাতত টকা অলপ দি থৈ যায় মা নহ'লে পাপাই। সেই টকাৰে আমি , ভাৰত জুৱেৰ্লাছ পাৰ হৈয়ে সোঁহাতে সৰু গলি এটাৰ ভিতৰত থকা কিতাপৰ দোকানখনৰ পৰা নতুন টিংকল, কমিক্ছ কিনিছিলোঁ। সেই কোমল চোফাখনতে বহি দুয়োটাই কিতাপ পঢ়া আৰম্ভ কৰোঁ। পঢ়ি পঢ়ি সময়বোৰ কেনেকৈ পাৰ হয় গ'মেই নাপাওঁ। তাতেই বহি  অকনো আমনি নকৰাকৈ বহি থকা আমি সৱৰে বৰ মৰম পাওঁ। ভাৰত জুৱেৰ্লাছৰ সন্মুখৰ কাপোৰৰ বেপাৰীজন, বাদ্যযন্ত্ৰৰ দোকানৰ খুৰাজন, ইফালে কিতাপৰ দোকানৰ খুৰাজন সকলোৱে আমাক চিনি পাইছিল। ইফালে মা পাপাহতোঁ বজাৰ কৰি আহি পাইহি। অমৃত বেকাৰীৰ গৰম গৰম ব্ৰেড, পেটিছ, টিফিন কেক জাতীয় বস্তু বোৰ থাকেই টোপোলাত বাকী বজাৰৰ বাদেও(এতিয়াও সেইখন আছে, ব্ৰেড, বাখৰ কনী আদি এতিয়াও কিনি খাওঁ তাৰপৰা)।  তেতিয়া আজিকালিৰ নিছিনাকৈ ঘনাই টেম্প'বোৰ নচলিছিল। অকল চিটিবাছ, ৰিক্সা আৰু অটো। মাহেকীয়া বজাৰ কৰোঁতে সময় দেৰিয়েই হয়গৈ। গতিকে আংকলে আগতেই চিনাকি অটো এখন মাতি থৈ দিয়ে। কেতিয়াবা তেওঁ অটো ব্যৱস্হা কৰিব নোৱাৰিলে বেলেগ অটো বেছি ভাৰা দি আহিবলগা হৈছিল। অটোত চাৰিটাকৈ মানুহ , ড্ৰাইভাৰক ধৰি পাচঁজন, তাতে আকৌ মাহৰ বজাৰ সামগ্ৰী। কোনোমতে লেপা থেপাকৈ সকলো বহাৰ পাছত মোলৈ থিয় হোৱাৰ ঠাইকন ওলাই। বজাৰৰ পৰা ঘৰলৈকে থিয় হৈ আহোঁ, আৰু মুখেৰে অটো চলোৱাৰ শব্দ কৰি আহোঁ অনৰ্গল। অটো আহি ঘৰ পালেহিহে মুখৰ অটো চালন বন্ধ হয়।

ডাঙৰ হোৱাৰ পাছত, বজাৰলৈ ইমান বেছিকৈ ওলাই সোমাই নুফুৰা হ'লো। দাদায়ো টিউছনৰ পৰা আহোঁ তেই টিংকল, কমিছ্ক, খেলৰ মেগাজিনবোৰ অনা হ'ল। ঘৰতে বহি নিছা পুৰণ হোৱা হ'ল। অলপদিনৰ আগেয়ে ভাৰত জুৱেৰ্লাছ বন্ধ হ'ল। বহুতদিনৰ পৰাই তেওঁ লোকৰ দোকান ভালকৈ নচলা হৈছিল। গ্ৰাহক প্ৰায় নাছিলেই। যিদিনালৈ আছিল, তেতিয়ালৈ, যেতিয়াই গৈছোঁ তেওঁ লোকৰ দোকানত এবাৰ হ'লেও সোমাই মাতষাৰ দিছিলোঁ। এতিয়া সেইখনো বন্ধ হ'ল। কিন্তু মোৰ মনৰ এটুকুৰা যে বিশেষকৈ ৰাখিছোঁ কেৱল সেই দিনকেইটাৰ বাবেই।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়