জীৱনত প্ৰথমবাৰ ষ্টেজত উঠিছিলোঁ, ক্লাছ থ্ৰি মানত পঢ়ি থাকোঁতে। সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত। মাৰ গুলপীয়া ৰঙৰ কাপোৰযোৰ পিন্ধি ৰৈ ৰৈ কেতেকী বিনাই অ' গানটোত নাচিছিলো। ভয়তে নে নাৰ্ভাছ হৈ নাছি থাকোঁতেই মুখ শুকাই গৈছিল। সেইবাৰ একো প্ৰাইজ পোৱা নাছিলোঁ কিজানি কিন্তু ষ্টেজৰ প্ৰতি থকা ভয়টো আতৰিল। তাৰপিছত য'তেই যাব পাৰিছিলোঁ বা মাহতঁৰ সময় মিলিছিল মোক লৈ গৈছিল প্ৰতিযোগিতাবোৰলৈ। সৱতে প্ৰাইজ নাপালেও মায়ে মোক লৈ যাবলৈ এৰা নাছিল। আমাৰ পৰীক্ষাৰ দিনাহে মুকুল চাৰৰ বেলেগ বেলেগ স্কুলৰ ছোৱালীবোৰ লগ পাইছিলোঁ। সেইদিনাহে বহুত ছোৱালীৰ লগত চিনাকি হৈছিলোঁ যদিও ম্ই বৰ স্মাৰ্ট নাছিলোঁ । ইমান মিলিব পৰা নাছিলোঁ। তাৰ এটা অন্যতম কাৰণ আছিল সিহঁত সকলোবোৰেই ইংৰাজী মাধ্যমত পঢ়া, গোটেইবোৰেই ইংৰাজীতেই পাতে কথা। মোৰ অভ্যাস নাই ইংৰাজীত কথা পতা। অলপ হীনমন্যতাটো ভোগিছিলো চাগৈ তেতিয়া। কিন্তু সেই নাচৰ ক্লাছৰ চিনাকি কিছুসংখ্যক ছোৱালীতকৈ যেতিয়া ভাল পাৰচেন্টেজ লৈ চল্টব্ৰুকত এডমিছন লৈছিলোঁ তেতিয়া মনৰ বহুত হীনমন্যতা আতৰিছিল।
নৱবৰ্ষৰ বাবে কৰা প্ৰগেমটোৰ কথা এতিয়াও মনত আছে। সেই নাছটোৰ বাবে বহুত ঠাইৰ পৰা চাৰে নিমন্ত্ৰণো পাইছিল। আমিও ভাল পাইছিলোঁ গৈ বেলেগ বেলেগ ঠাইত নাছিবলৈ গৈ। সেইটো নাছিবলৈ যে জামিৰাৰ বিহুতলিলৈ বোকা ৰাস্তাত কেনেকৈ কোনোমতে আন্ধাৰে মুন্ধাৰে গৈ টিউৱেলৰ পানীত ভৰি ধুই তুহঁঢলা ষ্টেজত নাচিছিলো এতিয়াও মনত আছে।আৰু এটা প্ৰগেমৰ টিভিৰ প্ৰগ্ৰেমৰ বাবে শ্ৱুটিং হৈছিল ৰাধা কৃষ্ণ মন্দিৰত। কিন্তু মোক সমস্ত ইউনিটৰ আগত যেতিয়া চাৰে বাৰে বাৰে মোক গালি দি অপদস্ত কৰিছিল বেলেগ/ভুল ষ্টেপ দিয়াৰ বাবে , ম্ই কান্দি কান্দি শ্ৱুটিং শেষ নকৰাকৈ উভতি আহিছিলোঁ। সেইখিনি হৈছিল এইটো কাৰণেই যে আমাৰ নাচৰ স্কুলত শিকোৱা ষ্টেপখিনি চাৰে বাকীখিনি ছোৱালীক শিকোৱাতকৈ অলপ বেলেগ আছিল। মায়ে তথাপি মোক আকৌ কলৈকো নিনিও বুলি কোৱা নাছিল। সেইবাৰেই ইণ্ডিয়া ক্লাৱত পতা বছেৰেকীয়া প্ৰগেমত একেবাৰে আগত মাজত ৰৈ নাচিবলৈ সুবিধা পালোঁ আৰু প্ৰগেমৰ শেষত যেতিয়া সকলোৱে মোৰ ভাল হৈছিল বুলি কৈছিল মনটো সছাঁকৈ বহুত ভাল লাগিছিল।
মোৰ মায়ে মোক কেতিয়াও নিজকে সৰু বা কম বুলি ভাৱিবলৈ শিকোৱা মোৰ মনত নপৰে। মোৰ আজিও মনত আছে ছল্টব্ৰুকত এডমিছন লোৱা দিনটোলৈ। গৰমৰ দিন। ৰ'দ আৰু বৰষুণ, দুয়োটাৰে বাহাৰ। পাপা আৰু ম্ই ৰিক্সাত উঠি ছল্টব্ৰুক পোৱালৈ বৰষুণত জিপজিপীয়া হৈছিলোঁ, ইফালে কলেজৰ মুখত গাড়ীৰ লানি। ৰিক্সাত যোৱাৰ কাৰণে মোৰ মনটো আকৌ মনটো সেমেকা হৈছিলেই। এডমিছন লৈ আহি যেতিয়া মাক কৈছিলোঁহি যে সৱেই গাড়ী আনিছে আমি হে তিতিবুৰি গৈছোঁ, তেতিয়া মায়ে সুধিছিল, তহঁতি এডমিছন লৈ আহোঁ তে গাড়ীবোৰ আছিল নে গ'ল। ম্ই ক'লো সৱ আছিলে। তেতিয়া মায়ে বুজাইছিল, চা, গাড়ী লৈ আহিলে কি হ'ল, ত্ই দেখোন তিতি বুৰি গৈও সোনকালে এডমিছন লৈও পালিহি। সেইদিনাই মোৰ ছল্টব্ৰুকত পঢ়িবলৈ মনলৈ সাহস আহিছিল আৰু গাড়ী ঘোঁৰা নাথাকিলেও আমি আনতকৈ কম নহয় বুজি পাইছিলোঁ।
হিলী
তেজপুৰ বিশ্ববিদ্যালয়