আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিজ্ঞান(ফাৰ্মাচিউতিকেল) বিভাগত এটা নৰ কংকাল আছিল। এতিয়া আছেনে নাই নাজানোঁ। সেই কংকালটো আছল নে নকল আছিল সেইটোৱো নাজানোঁ কিন্তু সৰুতে সেইবিধ আছল বুলিয়েই ভাৱিছিলোঁ। সেই মহাশয়/মহাশয়া গৰাকীক এখন খিৰিকীৰ কাষত ৰাখিছিল। খিৰিকীখন ৰাস্তাৰ কিনাৰতে আছিল। গতিকে আহোঁতে যাওঁতে তেখেতৰ দৰ্শন পাবৰ বাবে আমি পোৱালীমখাই জপিয়াব লগা হৈছিল। বহু কষ্টৰ মূৰতহে তেখেতৰ দৰ্শন পোৱা হৈছিল। এতিয়া পিছে তেখেত সেই বিশেষ খিৰিকীখনৰ কাষত নাথাকে। বোধহয় কেনিবা গ'ল। আজিকালি সেই খিৰিকীখনৰ কাষেদি গ'লে তেখেতক দেখি পোৱা নাযায়।
হিলী
No comments:
Post a Comment