হিলী পুৰাণ
(১৭)
আমাৰ ঘৰৰ পাছফালৰ চোতালখন পাছফালৰ বাৰান্দাখনৰ সমানেই ওখ কৰিবৰ বাবে বাৰীৰেই দুটা চুকৰ পৰা মাটি খান্দি অনা হৈছিল। গাঁত দুটাত, বাৰীখনৰ পানী শুকোৱাৰ পাছতো পানী শুকোৱা নাছিল বহুতদিনলৈ। পানী গাতঁৰ আধামানলৈ শুকোৱাৰ পাছত , সেইটো সিচিঁ ছিলো। এইটো কাম সাধাৰণতে দেওবাৰৰ দিনটোত কৰা হৈছিল। মাছ ধৰাৰ যতন বিশেষ নাছিল ঘৰত। গতিকে বাহঁৰ পাছি, ষ্টিলৰ ফুটা লগা খৰাহী, পুৰণি ফটা কাপোৰেৰেই কাম চলাই ছিলো। গৰৈ, পুঠি, চেঙেলী, খলিহনা এনেকুৱা মাছবোৰেই বেছি পাইছিলো। মাছকিটা চাফা পানীত বাল্টিত জীয়াই থৈছিলোঁ। তেনেকৈ সিচিঁ হোৱাৰ পাছত গা পা ধুই আজৰি হৈ ভাত পানী খাওঁ তে দুপৰীয়াই হয়। দুপৰীয়া বাৰীলৈ নাযাবলৈ বাৰে বাৰে সকীয়নি পায়ো গৈছিলো। ঘোলা পানীৰে ভৰি থকা পুখুৰীত মাছ খাবলৈ সাপ সোমোৱা নিজেই দেখিলোঁ এদিন। তাৰপিছত সাপৰ ভয়তে মাছ সিচাঁ বন্ধ হ'ল আমাৰ ঘৰত।
এদিন মামাৰ লগত পুৰণা বিছনা চাদৰ লৈ বোকা পানী খছকি দৰিকণা মাছ ধৰাৰ কথাও মনত পৰিছে। বৰশী টোপাইছো কেচুঁৰ টোপেৰে। কেচুঁৰ টোপ নাথাকিলে আটাৰ লাডুৰে বৰশী টোপ দিওঁ। তেনেকৈ এদিন ডাঙৰ গৰৈ এটা আধাবাট আহিছিল, কিন্তু পিছল আটাৰ লগতে মাছো গৈ পানীত পৰিলগৈ। বৰশী টোপাই মাছ ধৰা/নধৰাৰ সেইটোৱেই চাগৈ শেষ দিন।
(১৮)
'মা, আমুকৰ মাকে ইমান ধুনীয়া টিফিন দিয়ে, তুমিও বনাই দিবাছোন।' মোৰ আব্দাৰ। আনৰ টিফিনত লুচি, তেলত ভজা আলু ভাজি, চিৰাৰ পোলাও , এনেকুৱা বস্তুবোৰ নিজৰ টিফিনত নেদেখিলে মনটো বেয়া লাগিছিল। সেইবাবে মাৰ আগত আব্দাৰ মোৰ। কিন্তু ঘৰৰ গোটেইকিটাক ভাত পানী খোৱাই নিজেও স্কুললৈ ওলাই যোৱা মাৰ বাবে সদায় টিফিনত লুচি ভাজি দিয়া সম্ভৱো নাছিল। তথাপি মায়ে ব্ৰেডত কণী লেটিয়াই ব্ৰেড অমলেট্ , চুজি, ৰিং পাপৰ , মেগী এনেকুৱা বস্তুবোৰ বনাই দিছিল। কেতিয়াবা শুকান ৰুটিও বনাই দিছিল। নিজে গেছ জ্বলাই বনাব হোৱাৰ পৰা নিজেও নিজৰ টিফিন বনাই নিছিলো। ৰাতিপুৱাই ভাত খাই যাওঁৱেই, গতিকে টিফিন হেভী নহ'লেও হৈছিল। টিফিন কেক্, ফল-মূল বিশেষকৈ আঙুৰ খুব নিছিলো টিফিনত। টিফিনত স্কুলৰ সমূখলৈ।চানাৱালা এজনো আহিছিল। চানাটানা খাই পেট বেয়া কৰিম বুলিয়েই মায়ে প্ইছাও নিদিছিল এটকাও। কেতিয়াবা খুব।কুটুৰিলে পাচঁ টকামান দিয়ে। ব্ইল মটৰ নহ'লে শুকান বুট আৰু বাদাম, এইকিটাই মোৰ চানা। বেলেগ ভাল নালাগে এতিয়াও। তেতিয়া পাচঁটকাত ব্ইল আলু আৰু টেটেলীপানী কিবাকিবি দি একপ্লেট পাইছিল, সেইটোকে খাবলৈ মাক প্ইছা খুজিলে ইমান যে গালি খাইছিলোঁ। হায়াৰ চেকেন্দাৰী পঢ়ি থাকোঁতে একেবাৰে ৰাতিপুৱাই মায়ে বনাই দিয়া গৰম গৰম খিছিৰী খাই ওলাই আহোঁ টিউছনলৈ। লগতে টিফিনটো খিছিৰীয়ে লৈ আনো। টিউছন শেষ কৰি কলেজ পাই ক্লাছ আৰম্ভ হোৱাৰ আগতে খাই ল্ওঁ। খিছিৰীত ড্ৰাই ফ্ৰুটছ্, ঘী খাই খাই ভাল ফুলিছিলো তেতিয়া।
আজিকালি মাৰ লগত বজাৰলৈ গ'লে মায়ে মোক সোধে, 'চানা খাবি? চাট্ খাবি? ' ৰাস্তাৰ কিনাৰৰ পৰা ময়ে মাক আজিকালি চানা জাতীয় বস্তু নাখাবলৈ কোৱা হ'লো। পৰঠা, ডোছাজাতীয় বস্তুবোৰ পেকিং কৰাই আনি ঘৰতে শান্তিত চাহৰ লগত খোৱাটোত হে আমেজ পোৱা হ'লো।
হিলী
তেজপুৰ বিশ্ববিদ্যালয়