আমাৰ জীৱনটো বৰ মূল্যবান কিন্তু ক্ষণস্হায়ী। কাহানিবা ধুমুহা এজাকে ঠন ধৰি উঠা বৰ বৃক্ষ এজোপাকো উভালি পেলোৱাৰ দৰে আমাকো কলীয়া বতাহ এজাকে ভাঙি পেলাব পাৰে। উভালি পৰা গছজোপা চাবচোন, মৰি নাযায়। কেইটামান দিনৰ সংগ্ৰামৰ পাছতে সৰু সৰু বহুত ঠাল ঠেঙুলিত পাতেৰে সৈতে গছজোপাই নিজকে সজাই পৰাই লয়। ঠিক তেনেদৰে আমি বোৰেও জানো নিজকে অলপ সময় দি অলপ নতুনকৈ সজাই ল'ব নোৱাৰোঁ। উভালি পৰা গছজোপা যে আকৌ নতুনকৈ ঠন ধৰি উঠাত মাটি পানী বায়ুয়ে সহায় কৰে ঠিক তেনেদৰে আমাৰো শক্তি হ'ল আমাৰ লগৰীয়া সমূহ। সুখৰ দিনত যেনেকৈ গছজোপাৰ লগৰী বহুত ঠিক তেনেদৰে আমাৰ লগতো একেই। কিন্তু দুখৰ দিনত লগত থিয় দিয়া সমনীয়া খুব কমেই। এনেকুৱা নহয় যে সুখৰ দিনৰ বন্ধুত্ব অনৰ্থক , তেওঁলোকৰ লগতো আমি বহুত শিকিবলৈ পাওঁ। তেনেদৰে বিপদৰ বন্ধুসকলেও আমাক ভাঙি পৰিলে ঠন ধৰাত সহায় কৰে। এই যে লগৰীয়াসমূহৰ সৈতে মিলাপ্ৰীতিৰে থকাটো অতি প্ৰয়োজনীয়। আৰু আমি যদি ভাঙি পৰোঁ সহায় লোৱাটো একো ডাঙৰ কথা নহয়। কাৰোবাৰ আগত যদি কান্দিলে, কাৰোবাৰ মৰমৰ মাত এষাৰ, মৰম অলপে আমাক সাহস দিব পাৰে আমি কিয় নিজৰ লগতে যুজঁ দি মৰোঁ। আমাৰ আলোচনাই যদি আমাক নতুনকৈ গঢ় দিয়াত সহায় কৰে আমি নিজৰ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা উচিত।
আমি আমাৰ জীৱনটোৰ খনিকৰ নিজেই। যদি কিবা এটা বিচাৰি যাওঁতে আমি বেলেগ কিবা এটা পাওঁ , সেইটোকে লৈ আমি কেনেকৈ আগুৱাব পাৰোঁ তাৰ চেষ্টা চলোৱা উচিত। জীৱনটো নোপোৱা কিবাটোতে শেষ হোৱাটো একেবাৰে গ্ৰহণযোগ্য নহয়।
Sunday, 14 June 2020
খনিকৰ
Subscribe to:
Post Comments (Atom)
ভাল লাগিল। লিখি যা।
ReplyDeleteধন্যবাদ
ReplyDeleteসঁচা কথা।
ReplyDeleteধন্যবাদ
ReplyDelete