Wednesday, 17 June 2020

হিলী পুৰাণ।(৪৫)

সেইদিনা ঘৰত আমাৰ ঘৰৰ পুৰণি টেপ ৰেকৰ্ডাৰটো পালোঁ। সেইটোত ৰেডিঅ' আৰু কেছেট প্লেয়াৰ দুয়োবিধৰে সুবিধা আছে। জনা হোৱাৰে পৰা সেইটোতেই ৰেডিঅ'ৰ অনুষ্ঠান সমূহ আৰু কেছেট বজাই গান শুনা মনত পৰে। ৰেডিঅ'ৰ অনুষ্ঠান অনুযায়ী দৈনন্দিন জীৱনটো চলিছিল। আৰু মন গ'লেই কেছেট বজাই বিভিন্ন গান শুনিছিলোঁ। মাহতেঁ কিনা জিতুল সোনোৱালৰ ধুনীয়া গীতৰ কেছেট, অথৱা ধুনীয়া বিহুৰ কেছেটবোৰ পাছলৈ দাদাই কিনি অনা নতুন বলীউডৰ চিনেমাৰ গান সকলোবোৰেই তাতেই শুনিছিলোঁ। মাজে মাজে বন্ধ হ'লে গান বজা, কেছেটটো উলিয়াই ৰিলটো কলম নহ'লে পেন্সিলেৰে ঘূৰাই ঘূৰাই ঠিক কৰি আকৌ শুনিছিলোঁ।  আগতে নাচৰ গানবোৰ চাৰে  কেছেটত ৰেকৰ্ড কৰি দিয়ে, সেইয়া বজাই বজাই ঘৰত অনুশীলন কৰিছিলোঁ। খালী (ব্লেংক) কেছেটবোৰৰ বাকছটোত আচঁ টনা কাগজ এখন থাকে তাতেই গানবোৰৰ বিষয়ে একাদিক্ৰমে লিখি থ'ব পাৰি। ঘৰত কিজানি কেছেটবোৰ এতিয়াও ক'ৰবাত পাম। বাজিব নে নাই নাজানোঁ বাৰু। আগতে ক'ৰবাত প্ৰতিযোগিতাত নাচিবলৈ গ'লে নিজৰ কেছেট লৈ যাওঁ। যিটো গানত নাচিম সেইটো গানেই যাতে লগে লগে বাজিব পাৰে তাৰ সুবিধা দাদাই  কৰি পঠাইছিল। আজিকালিৰ দৰে মোবাইল অথৱা পেন ড্ৰাইভৰ সুবিধা তেতিয়া নাছিল।

ম্ই কোন শ্ৰেণীত আছিলোঁ মনত নাই , কিন্তু সেই সময়ছোৱাত আমাৰ স্কুলত sound system ৰ সুবিধা নাছিল মানে গান বজাব পৰাৰ সুবিধা নাছিল। কোনো এবাৰ মোৰ কি হে পালে নাজানো কিন্তু স্কুলত  পাতিবলগীয়া শিক্ষক দিৱসৰ দিনা নাছিম বুলি জনালোঁ। ঘৰত ওখল মাখল। ছোৱালীক সজাই পৰাই দিব বাৰু কিন্তু গান ক'ত বজাব। গতিকে ঘৰৰ পৰাই এই এক গুলীত দুই চিকাৰ কৰিব পৰা সেই সৰু কেছেট প্লেয়াৰটো ল'লো। বজোৱাৰ দ্বায়িত্ব দাদাৰ। মোৰ সেইবাৰেই চাগৈ স্কুলত প্ৰদৰ্শন কৰা প্ৰথম একক নৃত্য। গানটো আছিল 'নিচলা আইৰে'। ম্ই নাছি থাকোঁতে হেনো দাদা বৰ গপচত মুখখন উফন্দাই থিয় হৈ ৰৈ আছিল। কাৰণটো বাৰু এতিয়াও নাজানোঁ। কিন্তু সেই একেটা মানুহেই স্কুলৰ ৰূপালী জয়ন্তীৰ দিনা মাৰ অনুপস্হিতিত মোৰ নৃত্যৰ গোটেই দায়িত্ব লৈছিল। মেক্আপৰ পৰা আৰম্ভ কৰি চুলিত খোপা বেণী সিয়েই কৰি দিছিল।
এই কেছেট প্লেয়াৰটো অলপ বেয়া হোৱাত আন এটা অনা গ'ল। য'ত কেছেট প্লেয়াৰ দুটা আছিল। ৰেডিঅ' ৰ কামো কৰে। গান ৰেকৰ্ডো কৰিব পাৰি। পিছে কেছেটৰ ব্যৱহাৰ কমাৰ লগে লগে কেছেট প্লেয়াৰো এলাগী হ'ল, কেৱল ৰেডিঅ ৰ কাম হে ক'ৰা হ'ল। এতিয়া সেইটোও বেয়া হ'ল। সৰু অকণমান ৰেডিঅ আৰু মোবাইল এপৰ যোগেদিয়েই কাম চলি যায়।

পিছে বহুত দিনৰ মূৰত দেখা প্ৰাণহীন যন্ত্ৰ বিধে বহু কথাই কৈ গ'ল।

হিলী

No comments:

Post a Comment