ধৰা হ্ও্ঁক আপুনি বাছত উঠি ক'ৰবালৈ যাব খুজিছে। লক্ষ্য স্হান অনুসৰি আপুনি টিকেট কাটিলে। আপুনি সাধাৰণতে অকলশৰীয়া চিট ল'বলৈ ইচ্ছা কৰে গতিকে সেইদিনাও ব্যতিক্ৰম নহ'ল। যাত্ৰাৰ দিনটো আহিল। আপোনাৰ যাত্ৰা আৰম্ভ হ'ল। এই যাত্ৰাৰ আৰম্ভণিতে বাছখনৰ সকলো চিট পূৰণ হোৱা নাছিল। কিছুসংখ্যক লোক নিশ্চয়কৈ আন বেলেগ ষ্টপত উঠিব নাইবা বাছৰ কণ্ডাক্টৰে ৰাস্তাত উঠাই ল'ব। এই যে যাত্ৰাৰ আৰম্ভণিতে আপোনাৰ লগ দিয়া যাত্ৰীসকলৰ কিছুসংখ্যকৰ চাগৈ গন্তৱ্যস্হান আপোনাৰ সৈতে নাইবা বেলেগ। আৰু বাটতে বিভিন্ন ঠাইত উঠা যাত্ৰীসকলৰ ক্ষেত্ৰটো একে কথাই খাটে। এটা সময়লৈকে আপোনাৰ যাত্ৰাটিত লগৰীয়া মানে সহযাত্ৰী অহাটো প্ৰায় বন্ধ হ'বগৈ। লাহে লাহে কেইজনমানৰ যাত্ৰা শেষ হ'ব অতি সোনকালে মানে নিজৰ গন্তৱ্যস্হান পালে আৰু বাছৰ পৰা নামি আপোনাৰ সহযাত্ৰী হোৱা উপাধিকণ হেৰুৱাব। সেই যে চিট খালী হ'ল তাত পাৰিলে আকৌ নতুন যাত্ৰী আহিব তেওঁৰ যাত্ৰাকাল নিশ্চয়কৈ আপোনাতকৈ চুটি হ'ব কিয়নো আপুনি ইতিমধ্যেই সেই বাছখনত বহু দূৰ ভ্ৰমণ কৰিছে। কিন্তু সেইজনো নিজৰ ভিন্ন অভিজ্ঞতা লৈ আহিছে। এনে যাত্ৰাকালত লগ পোৱা সহযাত্ৰীসকলে হয়তো আপোনাৰ মনত কৌতুহল সৃষ্টি এওঁলোক বা কোন। তেখেতসকলৰ কাহিনী বা কি। কাপোৰ কানি , ফোনৰ বাৰ্তালাপ, আচাৰ ব্যৱহাৰ আপুনি মন কৰি যাব। আকস্মিকভাৱে আপুনি বহুতদিনীয়া চিনাকি মানুহো লগ পাই যাব পাৰে। তেতিয়া মনটো এনেই ভাল লাগিব আহ:, ইমান দিনৰ মূৰত যে লগ পালোঁ।
লাহে লাহে আপোনাৰ যাত্ৰা শেষ হ'বলৈ হ'ব। বাছখনত ইমানপৰে দেখি থকা সহযাত্ৰীসকলৰ চিনাকি মুখ দেখোন বহুত কমিল। গন্তৱ্যস্হান একে হ'লেও তেওঁলোক কিজানি বেলেগ বেলেগ ষ্টপত নামিব। আপোনাৰ যাত্ৰাৰ একেবাৰে অন্তিম ক্ষণত আপোনাৰ লগত থাকিব ড্ৰাইভাৰ, কণ্ডাক্টৰ আৰু এজন বা কিছুসংখ্যক চকুৰ চিনাকি সহযাত্ৰী।
জীৱনৰ বাট, বৰ সুন্দৰ৷
ReplyDelete-উজ্জ্বল দিপ্লু৷