ডিব্ৰুগড় বিশ্ৱবিদ্যালয় চৌহদত থাকোঁতে আমাৰ সকলোৰে ঘৰৰ বাৰীখন ডাঙৰেই আছিল। সকলোৱে অলপ হ’লেও নিজাকৈ খেতি কৰিছিল। খেতি মানে শাক পাছলিৰ খেতিহে।বাৰিষাৰ পানী সম্পূৰ্ণ শুকাবলৈ বাকী থাকোঁতে ই মায়ে অলপ অলপকৈ বাৰীখন চাফা কৰা আৰম্ভ কৰে। মাটি কোমল হৈ থকাৰ বাবে হাবিবোৰ সোনকালে চাফা হয়। হাবিবোৰ সৱ একে ঠাইতেই গোটোৱা হয়। শুকালে সেইবোৰ জ্বলাই দিলে ধুনীয়া ফুৰফুৰীয়া গোন্ধ এটা উলাই, বৰ ভাল লাগে। বাৰীখন সম্পূৰ্ণ চাফা হোৱাৰ আগতেই পাপাই লাহে লাহে কোৰ মৰা আৰম্ভ কৰে। মাটিখিনি দুবাৰ কোৰ মাৰি হোৱাৰ আগতেই পাপাই গৈ শাকৰ গুটি আনেগৈ। গুটিৰ বেপাৰ কৰা বৰ্তাজন এতিয়াও আছে। বজাৰলৈ গ’লে সদায় তেওঁক মাত এষাৰ দি আহোঁ। ভাল পাই তেওঁ।
আমাৰ বাৰীত ধনীয়া, লাই, লফা বৰ ভালকৈ হৈছিল। ধনীয়া গুটিখিনি আনি কাপোৰ এখনেৰে মেৰিয়াই পানীত তিয়াই থৈ দিয়ে। দুনিশা তেনেকৈ থোৱাৰ পাছত গুটিখিনি পানিৰ পৰা টুকি বাহঁৰ পাছি এটাৰে ঢাকি থয়। এনিশা তেনেকৈ থৈ গুটিখিনি সিচিঁ দিয়ে। লাই আৰু লফাখিনি বেছি আপদাল নকৰিলেও ভাল হৈছিল। আমাৰ বাৰীত কিছুমান শাক নিজেই নিজেই হৈছিল। জিলমিল, মৰীছা আৰু খুটৰা । মান ধনীয়া বাৰু আমাৰ বাৰীত সদায়েই আছিল। ফ্ৰেন্সবিনৰ গুটি ৰুই ম্ই বৰ ভাল পাইছিলোঁ। কষ্ট ও নহয়, আৰু বিন লাগেও। গোবৰৰ চিন্তা নাছিল বেছি। গৰুৰ অবাধ বিচৰণ নিষিদ্ধ কৰাৰ আগলৈকে গোবৰৰ চাপ্লাই আৰামতেই হৈছিল। গৰু নোসোমোৱাৰ লগে লগে গোবৰ পিছে এঠেলামান প্ৰতিবাৰে কিনিব লগা হৈছিল। পাপাই ক’ৰবাৰপৰা কবি পুলিও আনিছিল। পুলিবোৰ সন্ধ্যা স্ট্ৰীট লাইটৰ পোহৰত হ’লেও ৰুইছিলোঁ। কবি ৰুৱা কামটো ম্ই মেট্ৰিক দি থকাৰ মাজতো কৰিছিলোঁ। স্কুলৰ পৰা আহি আবেলি আমাৰ শাকনিবাৰীত পানী দিয়া কামটো কৰি বহুত ভাল পাইছিলোঁ। পানী দিয়া জিনজিনি টো পাপাই ঘৰলৈ অনাৰ আগতে নাৰিকল তেলৰ টেমা এটাৰ তলিটোত ফুটা কৰি বাহঁৰ কামি এডাল দি লগাই পানী দিছিলোঁ।
ঘৰৰ বাৰীৰ পৰা শাক বুটলি আনি বনোৱা মাছৰ জোলখন যে কেনেকুৱা মজা লাগে। ৰঙো এক্দম সেউজীয়া। মায়ে তেতিয়া সদায় কয়, দেখিছ ঘৰৰ শাক যে। কিমান মজা। আমাৰ বাৰীত নিজে নিজে আৰু এবিধ বস্তু আছিল কণবিলাহী। কণবিলাহী আৰু খুটৰা শাকৰ জোলখন যে মোৰ প্ৰিয়।
বাৰীখন বৰ ভাল হৈছিল। কিন্তু লাও হে বৰ নালাগিছিল। লাও গছ বগাই হে বগাই। লাগিবৰ খবৰ নায়। এবাৰ লাওজোপা ইমানেই বগাইছিল, ঘৰৰ চকোৱা এখন দো খাই পৰিছিল। এদিন স্কুলৰ পৰা আহি থাকোঁতে আমাৰ স্কুলতে বি এডৰ ক্লাছ কৰা মিছ দুজনীমানে সুধিছিল ‘ তোমাৰ ঘৰ ক’ত?’। মোৰ উত্তৰ ‘সেই যে ৰাস্তাৰ কিনাৰৰ ,লাওজোপা যে ধেৰ বগাইছে, সেইটোৱে মোৰ ঘৰ।‘
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়
No comments:
Post a Comment