হিলী পুৰাণ
(১৪)
খটাসুৰটো ম্ই আছিলোঁ বুলিটো গম পাইছেই। ভয়াতুৰো আছিলোঁ। লুটুৰা স্ৱভাৱটো সৰুৰে পৰাই এতিয়ালৈও আছে বাৰু। আগতকৈ কমিছে অলপ। সৰুতে ঘৰত ভাল বিস্কুট, মিঠাই, চানা, ভুজিয়া যি আনক, টেমাই টেমাই সোমোৱাৰ আগতে বহুত বস্তু মোৰ পেটত সোমাইছিল। ভুজিয়া, চানা খোৱাত দাদা মোতকৈ এখোপ চৰা। বাৰে বাৰে ফ্ৰিজ খুলি এদোখৰ এদোখৰকৈ মিঠাই, নহ'লে টেমা খুলি খুলি কাটা নিমকি খোৱাত দাদা উস্তাদ। আমূল গাখীৰৰ পাউডাৰটোও চেলেকি চেলেকি খাই মজা লাগিছিল।
মায়ে কেক বনালে ঠাণ্ডা হোৱাৰ আগৰে পৰা কেকৰ ওপৰত এটেক্ আৰম্ভ হৈ যায়। মায়ে লুকুৱাই থয়, আলহী আহিলে সূদা বিস্কুট দি লাজ পাম বুলি। গতিকে কেক খাবলৈ হ'লে চুৰি কাৰ্যত লিপ্ত হ'ব লগাত পৰে আৰু। মনে মনে টেমা খুলি, বস্তু লৈ আকৌ নিজৰ ঠাইত ধুনীয়াকৈ থোৱাৰ কলাবিধত পাৰ্গত হৈছিলো। এনেদৰে এদিন চুৰি কৰাৰ দিনাই ম্ই ডকাইতিৰ সন্মূখীন হৈছিলোঁ। মানুহ নাছিল, মেকুৰী নাছিল, আছিল আমাৰ ঘৰৰ পোহনীয়া ৰাঙলী কুকুৰাজনী। পাছবেলা এদিন কেক এটোকোৰ লৈ জেতুকা জোপাৰ ওচৰ পাওঁ তেই অতৰ্কিতে কুকুৰাজনীয়ে দেখোন মোলৈ চোচাঁ ল'লে। সেই তৎক্ষণাতেই তাই মোৰ হাতৰপৰা কেক দোখৰ লৈ দৌৰ মাৰিলে ম্ই ততেই ধৰিব নোৱাৰিলোঁ।
আজিকালি চুৰি নকৰোঁ, টেমা খুলি সৱ খাই থাকোঁ। কিন্তু চুৰ কৰি খাই পোৱাৰ মজাই বেলেগ পাই।
(হিলী পুৰাণ পঢ়ি ভাল পাই, মোক উৎসাহ দিয়াৰ বাবে সকলোলৈ ধন্যাবাদ।)
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়
No comments:
Post a Comment