Sunday, 18 November 2018

হিলী পুৰাণ (১৯)

হিলী পুৰাণ
(১৯)

চিংৰা আৰু ডোছা, এই দুটা বস্তুৰ ডিমাণ্ড আমাৰ ঘৰত আগৰে পৰাই আছে।গৰম গাখীৰৰ লগত গৰম গৰম চিংৰা খাই ভাল পাইছিলো, ভাল লাগে আৰু ভাল লাগি থাকিব। ডোছাৰ প্ৰতি যে হেপাঁহ আছেই। ঘৰত এই দুটা বস্তু সৰুৰে পৰা সন্ধিয়া গাখীৰ খাওঁ তে লগত খাইছিলোঁ। পাপাই অফিছৰ পৰা আহিয়ে চাহকাপ খাই বজাৰলৈ প্ৰায়েই গৈছিল। উভতি আহোঁতে লগত হয় চিংৰা, কছুৰী, পিয়াঁজী, কেক্, ডোছা এনেকুৱা বস্তুবোৰ আনেই। আমি সন্ধ্যা খেলি আহি মুখ-হাত ধুই পঢ়িব বহাৰ আগে আগে গাখীৰ আৰু তাৰেই কিবা এটা লগত খাওঁ। তাৰমাজতে গৰম গাখীৰ আৰু চিংৰাটো যে এনেকুৱা ভাল লাগিছিল। ৰামবদন আৰু প্ৰকাশ হোটেলৰ ডোছা, চিংৰাৰ টেস্ট্ এতিয়াও জিভাতে লাগি আছে। যিদিনা ডোছা খাম বুলি ভাৱো, সেইদিনা পাপাই তিনিখলপীয়া ষ্টিলৰ টিফিনটো লৈ যায়। তাতে ভৰাই আনে। আগতে ঘৰলৈ পেকিং কৰাই আনিবলৈ আজিকালিৰ নিছিনা ব্যৱস্থা নাছিল। পিছলৈ টিফিন নিনিলেও হৈছিল বাৰু। সাধাৰনতে ঘৰলৈ কিবা ভাল খবৰ আহিলে, বা আমাৰ ৰিজাল্ট ভাল হ'লে সন্ধ্যা যে কিবা এটা ভাল খাবলৈ পাম, জানিছিলোঁয়ে। সৰুতে ক্লাছত যিবাৰ ছেকেন্দ হ'বলগা হৈছিল মনটো বেয়া লাগিছিল। আনৰ ঘৰত চাগৈ গালি গালাজ চলিছিল, কিন্তু পৰীক্ষাৰ ৰিজাল্ট বেয়া হোৱাৰ দিনা এদিনো গালি এটা নাখালো, পাপাই সদায়েই কিবা এটা ভাল আনি খোৱাব্ই। কোনোবা এবাৰ ম্ই বহুত কান্দিছিলো পৰীক্ষাৰ ৰিজাল্টৰ দিনা। পাপাই কিন্তু একো কোৱা নাছিল, অফিছৰ পৰা হাফ টাইমত গৈ প্ৰকাশৰ পৰা গৰম গৰম ডোছা আনি খোৱাছিল। সেই মূহুৰ্তটো মোৰ এতিয়াও মনত আছে স্পষ্ট কৈ।
বজাৰলৈ গ'লে অনুৰাগ হোটেলত থিয় হৈ খোৱা কালাকান্দটো, চিংৰাটো, মিঠা চছ্টো! আস্, কিমান যে মজা সময়বোৰ আছিল। বজাৰৰপৰা আহোঁ তে প্ৰায়েই দেৰি হয়। চিটিবাছবোৰো বন্ধ হয়। গতিকে অটোতে আহোঁ গোটেইকিটা। শনিবাৰৰ দিনটোলৈ ৰৈ থাকোঁ, কেনেবাকৈ যাবলৈ পাওঁ ৱেই বা। সাধাৰণতে  মা আৰু পাপাই গৈছিল মাহিলী বজাৰ কৰিবলৈ। বজাৰ কৰি আহি নোপোৱালৈকে ৰৈ থাকোঁ, মোনাটোৰ পৰা বস্তুবোৰ উলিয়াবলৈ। এটা এটা উলিয়াই খোৱা বস্তুটো পালেই আৰু কি লাগে।

লিখিবলৈ ল'লে বহুত কথাই মনলৈ আহি যায়। আজিলৈ সামৰিছো।

হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়

No comments:

Post a Comment