হিলী পুৰাণ
(১১)
মোৰ সৰুতে ভাল লগা এটা খেল আছিল টিভিৰ নিউজ পঢ়া মানুহকেইগৰাকীৰ একটিং কৰা। টিভি বনাইছিলো আমাৰ ঘৰৰ চ'ফাৰ কুছন কেইটাৰে। টিভিটো বেছিভাগ বিছনাৰ ওপৰত বনাইছিলো। এটা কুছন তলত, দুটা কুছন দুফালে আৰু এটা কাষৰ কুছন দুটাৰ ওপৰত দি ম্ইজনী তাত সোমাই গৈছিলোঁ। আৰু মোৰ সন্মুখত এখন পাতল পৰ্দা দি লৈছিলোঁ, মানে সেইখন মোৰ টিভিটোৰ স্ক্ৰিন। নিউজ্ পঢ়াৰ সময়ত পৰ্দাখন আতৰাঁই লৈছিলোঁ। মোৰ সেই খেল ম্ই যেতিয়ালৈ সেই টিভিৰ ভিতৰত অনায়াসে সোমাইছিলো, তেতিয়ালৈহে বাৰু চলিছিল।
আমাৰ ঘৰৰ বাৰান্দাখনৰ পকাখন অলপ ভাঙিছিল। সেইকাৰণে অলপ হেলনীয়া হৈ গৈছিল। তাতে সৰু গাতঁ এটা কৰি আমি মানে বাবা, ম্ই আৰু পুপুনীয়ে মাৰ্বল খেলিছিলোঁ। সৰুৰে পৰা ম্ই বেছিভাগ ল'ৰাৰ লগতে খেলা। পাকি বা, নিতুমনিৰ লগত খেলিছিলোঁ যদিও ল'ৰাসোপাৰ লগতহে মোৰ দোস্তি। আগতে বাবা আৰু আমাৰ ঘৰৰ মাজৰ ঠাইখিনিত ক্ৰিকেট খেলোঁ টেনিছ বলেৰে। বল যদি ৱাল আৰু চকোৱা পাৰ হৈ যায় তেতিয়া হ'লে আউট। ৱাল আৰু চকোৱাত যদি লাগে তেতিয়া কিন্তু চিক্স। কেতিয়াবা সন্ধিয়া বল ৱাল যদি পাৰ হয়, সেই বল আৰু পোৱাৰ সম্ভাৱনা নিছেই কম।
আমি বেডমিণ্টন খেলিছোঁ, স্কিপিং ৰেছ কৰিছো। মাজে মাজে আকৌ এনেই দৌৰিছো। ঠান্দা দিনত চুৱেটাৰ পিন্ধিও ঘাহেঁ বনে বাগৰি চোৰ পুলিচ ৰ গুলীয়া গুলি হোৱাৰ একটিং কৰি খেলোঁ। লগ বাবা আৰু পুপুনী। ৰাতিলৈ চাহি উঠে গাত। মায়ে ডেটল লগাই দিয়ে, এনেকুৱা পোৰে অ'। ৰাম ৰাম। চিঞৰকিটা দিছিলোঁ আৰু।
এনেকুৱা খেল ধেমালি বহুত খেলিছিলোঁ। দাদাহঁতৰ লগত ক্ৰিকেট খেলা কাৰণেই চাগৈ বি টেক্ কৰোঁতে আমাৰ বেস্টটোৰ হৈ ক্ৰিকেট খেলিবলৈ সাহস কৰিছিলোঁ।
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়
No comments:
Post a Comment