অনুভৱ
(১)
ৰাতি এক বাজিছে। হোষ্টেলৰ আন্ধাৰ কোঠাটিত কৰিড'ৰত জ্বলি থকা লাইটৰ মায়াময় পোহৰ। নীৰৱ নিশাটি, জিলিৰ গানে মাতাল কৰি তুলিছে। অকলশৰীয়া হোষ্টেলৰ ৰুমটোৰ মাদকতা যেন দুগুণ হৈ পৰিছে। আহিনমহীয়া কোমল চেচাঁ বতাহজাকেও যেন তাইক নীৰৱে দেৱীৰ উপস্হিতিৰ উমান দিছে।
(২)
'সৱে ম'বাইল বন্ধ কৰা আৰু আকাশলৈ চোৱা।' তাই চিঞৰি উঠিল। তাইৰ চিঞৰত সকলোৱে ম'বাইলত বজোৱা গান, টৰ্চ বন্ধ কৰি আকাশলৈ চালে। চাৰিওদিশ আন্ধাৰ। জ্বলাই থোৱা জুইকুৰাও উমি উমি জ্বলি আছে। ফৰকাল আকাশত সেইয়া তৰাৰ খেলধেমালি। সৰু ডাঙৰ উজ্জ্বল, হৰেক ৰকমৰ তৰাই যেন মেল পাতিছে। ম'বাইল, লেপটপ, উজ্জ্বল লাইটৰ মাজত থকা সিহঁতবোৰৰ বাবে এই দৃশ্য বিৰল। সকলোৰে চোতালত ৰৈ এই দৃশ্য উপভোগ কৰাৰ সৌভাগ্য নহয় আজিকালি। সিহঁত বহি থাকোঁতে হঠাৎ কাৰেন্ট গ'ল, গ'ল মানে ক'তো অকনো পোহৰ নাই, আছিল মাথোঁ তিৰবিৰ তৰাৰ জিলমিল।
No comments:
Post a Comment