পাপা ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ৰ কৰ্মচাৰী হোৱা হেতুকে , তাতে চৌহদত থাকিয়েই ডাঙৰ হলোঁ। আমাৰ ঘৰটো মেইন ৰাস্তাৰ কাষৰ বৰ্তমানৰ DUIET ৰ সন্মুখত আছিল। ঘৰটো চাৰিজনীয়া পৰিয়ালটোৰ বাবে জোখৰে আছিল কিন্তু বস্তু বহুত বাবে অলপ ঠেপা ঠেপি হৈছিল। কিন্তু ঘৰৰ সন্মুখৰ বাৰাণ্ডাত বহি আমাৰ বহুত কাম হৈছিল। কেতিয়াবা ঠাণ্ডাদিনত ৰ'দ পৰি থাকিলে সৰুতে গাও ধুৱাইছিল । মাৰ লগত সন্ধ্যা বহি বহি ডাঙৰ ডাঙৰ ট্ৰাকবোৰ যোৱা চাইছিলো। মায়ে কৈ থাকে "এইখনত বহী আহিছে, এইখনত মাটি পেঞ্চিল," ইত্যাদি। কথাবোৰ সচাঁ বুলিয়ে ভাৱিছিলোঁ। পূজাৰ বতৰত তাত বহি বহি পূজা চাবলৈ যোৱা মানুহবোৰ চাই বৰ ভাল লাগিছিল। বেলুন, পিষ্টল, পানী বেলুন, পেপা, ৰং বিৰংৰ কাপোৰ পিন্ধা কণ ল'ৰা ছোৱালীবোৰ, মাক দেউতাক বোৰ চাই ফূৰ্তি পাইছিলোঁ। নিজে ইমান পূজা চাবলৈ যোৱা নাছিলোঁ কিন্তু কুমাৰণীছিগাৰ পূজাভাগ চাই বেলুন আনিবলৈ পাহৰা নাছিলোঁ। Bikramjit Gohain Baruah
No comments:
Post a Comment