এখন খোলা খিৰিকী। খিৰিকীখনৰ সন্মূখত এখন নতুন মেজ। নতুন নতুন গোন্ধ এটা ৰূমটোত বিয়পি আছে। খোলা খিৰিকীৰে সেইয়া কুৱঁলীৰ ধুনীয়া বগা চাদৰখনহে দেখা গৈছে। বাকী ৰংবোৰ যেন ম্লান পৰি ৰৈছে কুৱঁলীৰ শুভ্ৰ চাদৰৰ বাবে।
মেজখনত সেইয়া অলপ শেৱালি। কোনোবাই চাগৈ তাই শুই নুঠাৰ আগতেই গৈ তলশৰা শেৱালিখিনি বুটলি আনিছেগৈ। আজি তাইৰ জন্মদিন। এই দিনটোৰ বাবেই তাইৰ হেপাঁহ বহুত। অসমীয়া কাতি মাহৰ চাৰি তাৰিখে তাইৰ জন্মদিন।
নতুন কেলেণ্ডাৰ অনাৰ লগে লগে কি বাৰ পৰিছে, পূজা পৰিছেনে দেৱালী তাই চাই। বন্ধবাৰ পৰিলেই তাই ভাল পায়। আজি পিছে দশমী। পূজাৰ বন্ধত তাই এইবাৰ এনায়েকৰ ঘৰলৈ গৈছিল। কিন্তু বাৰ্থদেৰ দিনা ঘৰতে থাকিম বুলি তাই কালিয়েই মাহীয়েকৰ লগত ঘৰলৈ আহিলে। দেউতাকে কেক অৰ্দাৰ দিয়েই থৈছে। এইবাৰ মাকে তাইলৈ বগা কোমল চোলা এটা আনিছে। টেবুলখনো অনাইছে নতুন। আগতে ঘৰত এখনহে টেবুল আছিলে, এতিয়া দুখন হ'ল।
ঘৰত বাৰ্থদে মানে কেক, লুচি ভাজি, মটৰ পনীৰ, চিংৰা, ৰছগোল্লা, পায়স। সেইয়া গধূলীলৈ। ৰাতিপুৱা দেউতাকে গোসাঁইৰ ওচৰত চাকি এগছি দিয়ে। গধূলি ওচৰৰে দাদা বা হ'ত আহে। খুৰাক খুৰীয়েক, মোমায়েক হ'ত আহে। সদায়েই কোনোবা এজন নতুন আলহী আহেই। নমতা আলহী আহিলে হেনো ভাল। তাই ভালেই পায় সেইকাৰণে।
ৰাতিলৈ ঘৰৰ খিনিয়ে ভালকৈ মাছে মাংস্ই দি ভাতসাজ খাই তাই পোৱা উপহাৰবোৰ চাই। কাৰ্ড, কলম, পেন্সিল বক্স, টিফিন কত যে কি। কিতাপো পাই তাই কেতিয়াবা।
এইবাৰ তাইৰ দেখোন মনটো কুৱঁলীৰ ধুনীয়া নম্ৰ চেচাঁ বতাহজাকে শান্ত কৰি তুলিছে।
'মাইনা....ব্ৰাছ কৰ। গাখীৰ খাই ৰুমটো খালী কৰ। ভকত আহিবৰে হ'ব।' মাকে তাইক মাতিছে। আজি ঘৰত নাম এষাৰ গোৱাব। ঘৰটো সৰু কাৰণে কিবা পাতিলে ৰুমটো খালী কৰিব লাগে।
তাই মাকৰ মাত শুনি ব্ৰাছ কৰিবলৈ দৌৰ মাৰি গ'ল।
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়
How humble!!
ReplyDelete