হিলী পুৰাণ
(১২)
আমি সৰু থাকোঁতে দেৱালী মানে আছিল কলগছ, মাটিচাকি, ফটকা আৰু খানা। দেৱালীৰ দিনা কলগছ লগাই তাতে বাঁহৰ কামি লগাই চাকিবোৰ তাতে থোৱা হৈছিল। দীঘল দীঘল কামিবোৰত শাৰী শাৰীকৈ লগোৱা চাকিবোৰ ধুনীয়া লাগিছিল। আগতে ঘৰলৈ অনা ফটকাবোৰ আছিল ফুলজাৰি(ঝিনঝিনি) , চকৰি, কলগছ, লখিমী দেৱী আকিঁ থোৱা ফটকা(ব'ম), জলকীয়া ব'ম। একেবাৰে সৰু থাকোঁতে ম্ই ফুলজাৰিদালো দীঘল লাঠি এডালত লগাইহে জ্বলাইছিলো। দাদাই লখিমীব'মটো লাথিত লগাই ফুটাইছিল। লাহে লাহে ডাঙৰ হ'লো। চুৱেটাৰ টুপী পিন্ধি হে আমি ঘৰৰ বাহিৰ ওলাইছিলোঁ। তেতিয়া দেৱালীত বহুত ঠাণ্ডা পৰিছিল। মুখৰপৰা ধোৱাঁ ওলোৱা চাই ভাল লাগিছিল। এতিয়াও ভাল লাগে পিছে। ফটকাবোৰ কাগজত থৈ কাগজখনত জুই লগাই দৌৰ দিওঁ, ফুটিলে ভয়ো লাগে, ভালো লাগে । কেতিয়াবা কেইবাটাও দি দিওঁ, একেলগে এটাৰ পিছত এটা ফুটে। কলগছ ফুটাবলৈ পিছলৈ শিকিছিলোঁ। চকৰিটো বাৰান্দাত লগাইছিলো। পকাত দাগ পৰে। বহুতদিন ভালকৈ মুছিলেহে দাগটো যায়। ৰকেট বেছি নানিছিলে। লোকে লগোৱাহে চাইছিলোঁ। পাছদিনা ৰাতিপুৱা উঠি দেখো, আগফালটো পূৰা বগা। কাগজবোৰ ঘাহঁত পৰি থকা নিয়ৰবোৰত লাগি ধৰে। বাহঁনি মাৰি আতঁৰাবলৈ দিগদাৰি হয়। বহুতদিনলৈ বগা ৰঙা কাগজৰ টুকুৰাবোৰ য'ত ত'ত পৰিয়েই থাকে।
লাহে লাহে কোৱাৰ্টাৰৰ মানুহখিনি বেলেগ বেলেগ ঠাইলৈ গ'ল। আমিবোৰো ডাঙৰ হ'লো। ঘৰৰ পৰা ওলাই আহিলোঁ। আমেজবোৰ যেন ক'ৰবাত হেৰাই গ'ল। ফটকা ঘৰলৈ আনিলেও ফুটাবলৈ যে মন নাযায় । অকল চাকিখিনি জ্বলাই ভালকৈ সজাই থৈ ভাল লাগে। ৰংগোলী আগতে চকেৰে বাৰান্দাত আকিঁছিলো, এতিয়া ৰঙেৰে আকিঁব পৰা হ'লো।
হোষ্টেলৰ দেৱালীত দেখোন ল'ৰালিৰ সেই আমেজবোৰ বিছাৰি নাপাওঁ। নিজকে সেই সৰুতে পোৱা দেৱালীবোৰৰ মাজতে বিছাৰি থাকোঁ।
No comments:
Post a Comment