Friday, 21 September 2018

হিলী পুৰাণ (৮)

হিলী পুৰাণ

(৮)

ম্ই গান গোৱাটো পাপাই বিচাৰিছিল। সেয়েহে গান স্কুলত নাম লগাই দিছিল। শিকিছিলো। গানৰ মেট্ৰিকটো পাছ কৰি তাতেই শিক্ষা সাং কৰিলোঁ। কেতিয়াও অকলে stage অত উঠি গান গাবলৈ সাহস নহ'ল এতিয়ালৈ। সমবেত গীত গোৱাতো ম্ই পাকৈত নহ'লো। এবাৰনে দুবাৰ চাগৈ গাইছিলো সমবেত সংগীত। ৰংঘৰ প্ৰেক্ষাগৃহত স্কুলৰ বাৰ্ষিক ক্ৰীড়াৰ বটাঁ বিতৰণীৰ দিনা। এদিন হাৰমনিয়ামত সংগত কৰিলোঁ আমাৰ গানৰ স্কুলৰ তৰফৰ পৰা গোৱা গান এটাত, ৰংঘৰ প্ৰেক্ষাগৃহতেই।

অৱশ্যে আমি অষ্টম নে নৱম শ্ৰেনীত পঢ়ি থাকোঁতে,  সদৌ অসম ভিত্তিত অসমৰ জাতীয় সংগীত গোৱা প্ৰতিযোগিতাত , জিলা পৰ্যায়ত , স্কুলৰ তৰফৰ পৰা যোৱা দলটিত ময়ো স্হান পাইছিলোঁ। স্কুলত হোৱা প্ৰতিযোগিতাবোৰত ভাগ লৈছিলোঁ যদি বটাঁ পোৱা নাছিলোঁ কিয়নো ভাল গান গোৱা দাদা, বা, ভন্টি ভাইটি বহুত  আছিল।

পাপাৰ পৰা শিকা হুহুৰিটো বজায়েই তেজপুৰ বিশ্ৱবিদ্যালয়ত প্ৰথম আহি miss fresher's হৈছিলোঁ। নেহু চিলংটো বাহ্ বাহ্ লৈছিলোঁ।

অলপ যহাইছো, ৰাইজে দায় দোষ নধৰে যেন।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

No comments:

Post a Comment