Friday, 21 September 2018

হিলী পুৰাণ (৯)

হিলী পুৰাণ (৯)

আগতেও কৈছোঁ, আমি সৰুতে থকা ডিব্ৰুগড় বিশ্ৱবিদ্যালয় চৌহদৰ সৰু চুবুৰীৰ মানুহখিনি বৰ মিলা প্ৰীতিৰে আছিলো। মাজে মাজে সকলো মিলি চিনেমা চাবলৈও গৈছিলোঁ। অসমীয়া চিনেমাও চাব গৈছিলোঁ, হিন্দী চিনেমাও। তেতিয়া চিনেমা চাবলৈ চিনেমা হলবোৰত বৰ ভিৰ হৈছিল। টিকেট ব্লেকতহে ল’ব লগা হৈছিল কেতিয়াবা। পাপা, সন্দিকৈ খুৰাই ভিৰ ফালি ফালি লাইন পাতিও টিকেট কৰিছিল। দেওবাৰৰ দিনটোত হে যাব পাৰিছিলোঁ বন্ধৰ দিন বুলি। নায়ক, টাইটানিক আদি চিনেমা চোৱাৰ কথা মনত আছে।

পাপাইটো অকলে গৈ যৌৱনে আমনি কৰে্ খন চাই আহিছিল। Hum Dil Chuke Sanam আৰু Taal চিনেমা দুখন পাপা আৰু ম্ই গৈ চাইছিলো ব্লেকত টিকেট কাটি।  লাহে লাহে আমাৰ চিনেমা চোৱা কমিল। দাদা আৰু ময়ো ঘৰত নথকা হ’লো। তথাপি ৰামধেনু খন মা আৰু পাপাই গৈ চাইছিল। মাজে মাজে আমি পাপাহঁতক লৈ গেলেৰীয়া চিনেমাত গৈ চিনেমা চাইছিলোঁ। কেতিয়াবা পাপাই ফোন কৰি টিকেট কৰি দিব কয়, ভাল চিনেমা থাকিলে কৰি দিওঁ। চাই আহি ক’ব কেনেকুৱা পালে। মাৰ লগত সদায় Zee Cinema পুৰণি নতুন চিনেমা চাইছিল। সেইদিনাও পাপাৰ লগত আবেলি লেপটপত চিনেমা চালোঁ 102 Not Out.

কিন্তু সদায় ৮০ ৰাণ কৰিম বুলি কৈ থকা পাপা ৰাণ আউট হৈ থাকিল 67 ৰাণতেই।

হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়

No comments:

Post a Comment