Saturday, 1 September 2018

হিলী।পুৰাণ ৭

আমি তেতিয়া তৃতীয় নে দ্বিতীয় শ্ৰেণীত। স্কুলৰ বাৰ্ষিক ক্ৰীড়াৰ সময়। আমাৰ স্কুলৰ খেলৰ প্ৰতিযোগিতা বোৰ ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ৰ খেলপথাৰত হৈছিল। আমি সৰুবোৰৰ খেলবোৰ সাধাৰণতে আগবেলাতেই পাতা হৈছিল। গতিকে পাছবেলাটো পিয়া-পি দি ঘুৰি ফুৰিছিলোঁ। তেনেকুৱা কোনোবা এটা দিনতেই স্ৱস্তিকা আৰু ম্ই ভাৱিলো যে ৰ'দত ঘুৰি ফুৰাতকৈ আমাৰ ঘৰতে গৈ পুতলাকে খেলোঁগৈ। পাপাহঁতৰ অফিছ তেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমখন গেটৰ ওচৰৰ পুৰণি administrative Building অত আছিল। পাপাৰ ওচৰ গৈ ক'লো ,'পাপা চাবিটো দিয়া, ঘৰত খেলোঁগৈ'। পাপাই চাবিটো দি ক'লে,' তহঁতি গৈ থাক, ম্ই গৈ আছোঁ।' আমাৰ ঘৰটো Pharmaceutical department  পাৰ হৈয়ে পুখুৰীৰ কাষৰ প্ৰথম ঘৰটো। আমি দুয়োজনী গৈ থাকোতেই পাপাও পালেহি।

এতিয়াহে আচল কথাটো আৰম্ভ হ'ব।

ঘৰ পাই দেখোঁ, ঘৰত তলা নাই। ভাৱিলোঁ মা আহিল নেকি। মাতি আছো মাত দিয়া নাই। কলিং বেল বজাবলৈ ও কাৰেন্ট নাই। পাপায়ো মাতিছে। নাই , মাত নাই। নাজানো কি ভাৱি ম্ই বাৰান্দাৰ কাষৰ খিৰিকী খন টানিলো।

ট্ৰাংকবোৰ খোলা, কাপোৰবোৰ চেদেলি ভেদেলি। বিছনাবোৰৰো তুলি য'ত ত'ত। লগে লগে পাপাক মাতিলো। পাপাই দেখি লগে লগে ঘৰৰ পাছফালে গৈছে। নতুনকৈ দিয়া চকোৱা এৰোৱাই চোৰ আগতেই পলাল। তলা পেলাই থৈ গৈছে পাছফালৰ টিউবৱেলৰ কাষত। ঘৰৰ ভিতৰত মোক আৰু স্ৱস্তিকাক থৈ পাপা লগে লগে গ'ল থানাৰ পৰা পুলিচ আৰু মাক স্কুলৰ পৰা আনিবলৈ। থানাৰ পৰা পুলিচ পোৱাৰ আগতেই মা ঘৰ পালেহি।

মা পাপা আহি পোৱাৰ আগতেই ম্ই পিয়া পি দি চাই ফুৰিছো কিবা নিলে নেকি। একো নিবলৈ নোৱাৰিলে বাৰু চোৰে। চোৰে আলমাৰীৰ লক ভাঙিবলৈ আমাৰ ঘৰৰে হাথিয়াৰ কামত লগাইছিল। পুৰণি মজবুত আলমাৰী বুলিয়েই একো কৰিব নোৱাৰিলে চাগৈ।

চোৰৰ আচলতে ভাগ্যখন অলপ বেয়া আছিল। সদায় আলমাৰী লক কৰা নহৈছিল আমাৰ। চাবিটো আলমাৰীতেই উলমি থাকিছিল। সেইদিনা পাপাই অফিছ যোৱাৰ আগে আগে কিবা ভাৱি লক কৰি গৈছিল। আৰু বেছেৰা চোৰকিটাই জানিলে এতিয়াও দুখ কৰিব, কিয়নো চাবিটো ঘৰৰ ভিতৰতেই দৰ্জা এখনৰ কাষৰ গজাল এটাত আঁৰি থোৱা আছিল।

হিলী
তেজপুৰ বিশ্ৱবিদ্যাল

1 comment:

  1. হাঃ হাঃ। চোৰৰ ভাগ‍্য‍ বেয়া। মজ্জা।

    ReplyDelete