চাইকেল খন যেন আমাৰ মধ্যবিত্ত মানুহখিনিৰ চালিকা শক্তি। গাড়ী নথকা মানুহখিনিৰ Status symbol আছিল scooter খন। সেইখনো নথকা মানুহখিনিৰ চাইকেলে ই সকলো।
আমাৰ ঘৰত এতিয়া গাড়ী , scooter সৱ আছে। কিন্তু আমি সৰু থাকোঁতে চাইকেলখনেই সম্বল আছিল। সেই Hero কোম্পানীৰ সেই চাইকেলখন পাপাৰ যেন স্ৱাভিমান। নিজৰ চাকৰিৰ টকাৰে কিনা সেইখন পাপাক বিক্ৰী কৰিব কলেও নিবিকে। কেতিয়াবা কোনোবাই নিলেও ৰাতি হ'লেও পাপাক সেইখন দি থৈ যায়।
আজি চাইকেলখন আৰু চাইকেলৰ লগত জড়িত স্মৃতিবোৰ বুটলিবলৈ বৰকৈ মন গৈছে।
মনলৈ অহা প্ৰথম দৃশ্যটোৱেই হৈছে পাপাৰ লগত প্ৰথম স্কুল যোৱাদিনটো। পাপাৰ চাইকেলত আগফালে সৰু অকণমানি চিটটো নাছিল। ম্ই বহিবলৈ গাৰু এটা বান্ধি দিছিল। দুফালে দুটা ভৰি ওলোমাই বহি স্কুললৈ গৈছিলোঁ। পাপা , ম্ই আৰু চাইকেলখনৰ লগত যে কিমান সময় পাৰ হৈছে। পৰীক্ষা দিবলৈ যাওঁতে পাপাই সুধি যায়, " সৱ বস্তু ল'লিনে? কলম, পেন্সিল, ৰবৰ, স্কেল। " পঢ়া হ'লনে বুলি সোধা নাছিল। হয়তো জীয়েকৰ ওপৰত confidence আছিল।
😊। কেতিয়াবা পাপাই গান গাই গাই যায়। ম্ই জনা গান হ'লে ময়ো গাওঁ।
লাচিত নগৰত ম্ই হৰেন চেতিয়া চাৰৰ তাত ইংৰাজী পঢ়িছিলোঁ। ৰাতিপুৱা ছটা মানৰে পৰা চাৰে পঢ়ুৱাইছিল। সময়ত পাবলৈ পাপাই ম্ই ঘৰৰ পৰা (dibrugarh university campus) ছাৰে চাৰিটা মানটে উলাইছিলো। ঠান্ডা দিনত আন্ধাৰেই হৈ থাকিছিল। পাপাই।ইমানদূৰ মোক চাইকেলত কঢ়িয়াই নিছিল, ছাৰৰ guidance পাম বুলিয়েই। এনেকুৱা নহয় যে মোৰ চাইকেল নাছিল তেতিয়া। কিন্তু মেইন ৰাস্তাত চলাবলৈ দিবলৈ ভয়। এইটো ক্ষেত্ৰত confidence নাছিল।
😢। (এতিয়া পিছে ছোৱালী expert চাইকেল চলোৱাত। )
পাপাই পিছে এতিয়া জীয়েকক গাড়ী আৰু scooter অত ফুৰাই। জীয়েকে ফুৰাব পৰা হোৱা নাই এতিয়াও।
😢
বাকীখিনি কাহিনী পাছলৈ থ'লো।
হিলী
তেজপুৰ বিশ্ৱবিদ্যালয়
তেজপুৰ বিশ্ৱবিদ্যালয়
No comments:
Post a Comment