ম্ই তেতিয়া ক্লাছ ফ'ৰ নে ফাইভত। পাহৰিছোঁ। বিশ্ৱ পৰিৱেশ দিৱস উপলক্ষে আমাৰ স্কুলত শ্লগান প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। সেই শ্ল'গানটো আকৌ বেনাৰ হিচাপে বনাই নিবলৈ কোৱা হৈছিল, যাতে সেইখন শোভাযাত্ৰাটো লৈ যাব পৰা যায়। দাদা আৰু ম্ই মিলি শ্ল'গান ভাৱি, অতি কষ্টৰে বেনাৰ বনাই লৈ গৈছিলোঁ। দাদাৰ আখৰ ভাল কাৰণে মোৰ বেনাৰৰ আখৰ দাদাই লিখি দিছিল। শোভাযাত্ৰা হোৱাৰ আগদিনা সকলোকে বেনাৰ জমা দিবলৈ কোৱা গৈছিল। মোৰ বেনাৰখনত কৰবাৰপৰা অকণমান পানী পৰিছিল। শুকাবলৈ আমাৰ ক্লাছৰ বাহিৰতে ৰ'দ পৰা ঠাইত থৈ দিছিলোঁ। এবাৰ ম্ই বাহিৰলৈ আহিছিলোঁ। ভাৱিলোঁ বেনাৰখন শুকালেনে নাই চাওঁ। কিন্তু বেনাৰখন তাত নাছিল। ভয়ো লাগিছে কলৈ গ'ল বুলি। ফিল্ডত অলপ দূৰত বগা কিবা এটা পৰি থকা দেখি দৌৰ মাৰি গ'লো, দেখিছো কোনোবাই বেনাৰখন ফালি থৈছে। কান্দোন ওলালেই। দাদাই কৰা কষ্টখিনি কোনোবাই নষ্ট কৰা দেখি চকুপানীৰ নৈ ব'বলৈ ধৰিলে। ক্লাছত মিছক গৈ লগাই দিলোঁ। হুলস্থুল লাগিল। সেই বেনাৰখন ফালি য'ত পেলাই থোৱা আছিল তাৰ অলপ দূৰত চিনিয়ৰ দাদাকেইজনমান ৰৈ আছিল। মিছে তেঁও লোককে সন্দেহ কৰিলে। কোনোৱে পিছে হৈ নাকাঢ়ে। পাছত এজন দাদাই ক'লে যে তেওঁ ফালিছিলে। কিন্তু মোৰ মনে এতিয়াও কয় যে সকলোৱে যাতে শাস্তি নাপাই সেইবাবেই তেওঁ মিছা মাতিছিল। তেওঁৰ শাস্তি আছিল মোৰ বেনাৰখন নতুনকৈ বনাই দিয়া। পাছদিনা তেওঁ বেনাৰখন বনাই আনিছিল। দাদাই আৰু ম্ই মিলি বনোৱা বেনাৰখনতকৈ ধুনীয়া নহ'লেও সেইখন লৈয়েই শোভাযাত্ৰাত অংশগ্ৰহন কৰিছিলোঁ।
No comments:
Post a Comment