Sunday, 2 December 2018

হিলী পুৰাণ (২২)

হিলী।পুৰাণ
(২২)

সৰুতে জ্বৰ পানী লগা হ'লে পটককৈ ডাক্টৰৰ ওচৰলৈ যোৱা হোৱা নাছিল। গা বেয়া মানেই গৰম পানী খোৱা আৰম্ভ। গধূলি হ'লেই জুইত গৰম পানী কৰি মায়ে চৰিয়াত ঢালে। গৰম পানীত নিমখ অকণ দি ভৰি কিটা ভালকৈ খছি খছি ধুৱাই। তাৰপিছত ভৰি ভালকৈ মুছাই মোজা পিন্ধাই লৈ কাপোৰত সোমোৱাই থয়। ৰাতি শুৱাৰ আগে আগে মিঠাতেলত নহৰু দি গৰম কৰি ভালকৈ মা / পাপাই মালিছ দিয়ে। ৰাতি শুলে ৰাতিপুৱালৈ অলপ ঠিক হয়। লোকেল কুকুৰাৰ জালুকীয়া খাই আৰু অলপ ভাল পাওঁ। তাৰপিছতো যদি দুদিনমানৰ পাছত ভাল নাপাওঁ, ডাক্টৰৰ দৰৱ খাই দিওঁ আৰু।

বৃহস্পতিবাৰে নাচৰ ক্লাছ থাকে। ম্ই ঘৰত নাচ প্ৰেক্টিছ কৰিলেও বহুত জোৰ দি দি নাচো বুলি মায়ে কৈছিল। তাতে ক্লাছৰ পৰা আহি ভৰিৰ বিষত কেকাই থাকো। পাপাই গৰম মিঠাতেল বা আয়ডেক্স জাতীয় কিবাৰে ভালকৈ মালিছ কৰিলেহে টোপনি গৈছিলোঁ।

আগতে ক'ৰবাত লিখিছো চাগৈ, পাহৰিছো। আকৌ লিখোঁ। ক্লাছ ফাইভ নে ছিক্সৰ বছেৰেকীয়া পৰীক্ষাৰ আগদিনা বৰ বেয়াকৈ জ্বৰ উঠিলে। বিছনাৰপৰা উঠিব নোৱাৰাকৈ। কপঁনি জ্বৰো উঠে মাজে মাজে। ইফালে পৰীক্ষা, ইফালে জ্বৰ। দিনত দৰৱ খায়ো ভাল নোপোৱা দেখি পাপাই আকৌ ডাক্টৰৰ তাত গৈ দৰৱ আনি খোওৱাৰ পাছতহে ৰাতিপুৱালৈ জ্বৰ গ'ল। পৰীক্ষাও দিব পাৰিলোঁ।

ক্লাছ এইটৰ পৰীক্ষাৰ মাজতেই মামপ্ছ হৈ ডিঙি ৰ বিষ। ডিঙিটো অলপ ফুলি থকা দেখি পৰীক্ষা দিবলৈ স্কুলত দিবলৈ নিদিব বুলিয়েই ডিঙিত মষ্ট মাৰ্ফলাৰ এখন মাৰি গৈছিলোঁ। কোনোৱে গমো নাপালে, তেনেকৈ পৰীক্ষাও দিলোঁ।

মেট্ৰিক পৰীক্ষাৰ আগে আগে স্কিনৰ ইনফেকছন হৈ অৱস্হা নায়। ডিছেম্বৰ মাহৰ মৰ জাৰত দুবাৰ গা ধুই ক্ৰিম সানিব লাগে। কপাহী কাপোৰ পিন্ধিব লাগে। চোৱেটাৰো ডাঠ ঊলৰ পিন্ধিব নোৱাৰি। লেপৰ তলত সোমাই ৰাতি, দিনত ৰ'দৰ উমতে পঢ়িবলগীয়া হৈছিল। পৰীক্ষাৰ দুদিনমানৰ আগে আগে যেনিবা বেমাৰ ভাল পালোঁ গৈ।

হায়াৰ ছেকেন্দাৰী প্ৰথম বছৰৰ পৰীক্ষাৰ আগে আগে কিবা এলাৰ্জি হৈ সোঁ নে বাওঁ চকুটো পূৰা ফুলি গৈছিল। চকু মেলিব্ই নোৱাৰি। তেনেকৈ পঢ়গ থকাৰ মাজতে সোনকণ দাদা আহি এলাৰ্জিৰ দৰৱ এটা লিখি দিলে ঘৰতে আহি। সেইটো খাইহে চকুটো ফুলা কমিল। বহুতদিনলৈ চকু টো ভাল চকুটোতকৈ অলপ সৰুয়েই আছিল। ভাল হ'বলৈ দিন লাগিছিল।

এতিয়া ভাৱিলেহে কিবাখন লাগে। পৰীক্ষাৰ মাজতেই যে মোৰ কিবা কিবি খন হৈছিল। এতিয়া হোষ্টেলত থাকি গাটো অলপ বেয়া লাগিলে যিমানপাৰি নিজেই আলপৈছান ধৰো নিজৰ।  বেছি হোৱা যেন দেখিলেই দেখোন চিধাই হেল্থচেন্টাৰ দৌৰো।

হিলী
তেজপুৰ বিশ্ববিদ্যালয়

No comments:

Post a Comment