কৃষ্ণ গোসাঁইৰ মৰম
আমাৰ ঘৰৰ গোসাঁই ঘৰত এখন ফটো আছে। কৃষ্ণ গোসাঁইৰ। সেইখনৰ আয়ুস নিশ্চিত ভাৱে ২৫ বছৰতকৈও অধিক। মনত পৰা দিন ধৰি সেই ফটোখনেই আমাৰ ঘৰৰ উপাসনা গৃহ। গজাল এটাত ওলমাই থোৱা এইখন ফটোৰ সমূখত ৰৈ আমি প্ৰাৰ্থনা কৰোঁ। খেলা ধূলা কৰি আহি মুখ হাত ধুই পাপা, দাদা, ম্ই তিনিওটাই প্ৰাৰ্থনা কৰোঁ। তাৰ পিছত কিবা এটা খাই পঢ়া শুনা কৰি উঠি ৰাতিৰ সাজ ভাত খাই শুই যোৱাই কাম। অলপ ডাঙৰ হৈ বুজা হোৱাৰ পাছত গা পা ধুই ধূপ লগোৱাটো নিয়মত পৰিণত হ'ল। ধূপ ডালো দিও সেই ফটোৰ কৃষ্ণ গোসাঁইৰ আগত। কেতিয়াবা মনত খুদুৱনি লাগি থাকিলে বা মনতকিবা চিন্তা কৰি থাকিলে, ঘৰৰ কোনো শুই নুঠুতেই ঘৰ দুৱাৰ সাৰি মছি গা পা ধুই চাকি বন্তি ভালদৰে সজাই প্ৰাৰ্থনা কৰোঁ। সেই চাকিগছিৰ জুইৰ শিখা আজিও চকুৰ মূখত ভাহি আহে। ঘৰৰ পৰা ওলাই যোৱাৰ পাছতো এই নিয়মৰ হিন দেৰি নহ'ল।
সৰুৰে পৰা জন্মাষ্টমী আৰু সৰস্বতী পূজা আমাৰ ঘৰত পাতি অহা হৈছে। জন্মাষ্টমী আৰু সৰস্বতী পূজাৰ আয়োজনৰ উৎসাহেই সুকীয়া। চাকি বন্তি ধোৱা, কল পাত কটা/ধুৱা ইত্যাদি সৰু সৰু কামবোৰৰ দায়িত্ব মোক দি বাকী গধুৰ কামৰ ভাৰ মা পাপাই লয়। ধুনীয়াকৈ নিয়াৰিকৈ মিলি জুলি কামখিনি হৈ যায়। জন্মাষ্টমী
ৰ দিনা আমাৰ নিৰামিষ। গধূলি পাপাই নামষাৰো গাই সেই ফটোৰ কৃষ্ণ জনাৰ সমূখতেই। পাপাই গোৱা জন্মাষ্টমীৰ নামষাৰ যে এতিয়াও ৰিণিকি ৰিণিকি কাণতেই বাজে।
কেইবছৰমান আগতে সেই কৃষ্ণ গোসাঁইৰ ফটোৰ সমূখতেই জন্মাষ্টমীৰ চাকিগছ দি হোৱাৰ অলপ পাছতে ম্ই বিছৰা fellowship অত PhD ৰ এডমিছনৰ বাবে নিৰ্বাচিত হোৱাৰ মেইলটি পাইছিলোঁ। কাকতলীয় সংযোগত, বিয়া হোৱাৰ পাছৰ প্ৰথম ৰাজহুৱা জন্মাষ্টমীৰ নাম হৈ যো্ৱাৰ পাছতে PhDৰ যুদ্ধৰ শেষৰ দিনটিৰ বিষয়ে খবৰ পাইছোঁ। আশা কৰিছোঁ এনেদৰেই কৃষ্ণ গোসাঁইৰ মৰম আৰু আশীৰ্বাদ ৰ সহায়ত আগুৱাই যোৱাৰ শক্তি পাম।
No comments:
Post a Comment