হিলী পুৰাণ
(২৫)
সৰু সৰু অকণমান ক্ৰীম, শ্ৱেম্পুৰ টেমাবোৰ বৰ মৰম লাগে। সৰু সৰু ভেছলিন, পন্ডছৰ টেমাবোৰ মোৰ প্ৰয়োজন নাথাকিলেও কিনো মৰমতে। আজিও ব'ৰ'প্লাছৰ ১০ টকীয়া সৰু টেমাটো কিনি আনিলোঁ। গোন্ধটোৱে অইন দিনা চাগৈ ইমান প্ৰভাৱিত নকৰে, যিমান আজি কৰিছে।
ৰাতিপুৱাই মায়ে শুই উঠি ঘৰৰ বন কৰি পাকঘৰত লাগে মানে পাপাই লাহেকৈ শুই উঠে। শুই উঠিয়ে এক গিলাছ ঠান্ডা পানী খোৱাৰ অভ্যাস পাপাৰ বহুত যুগৰ। মাজতে বহুত দিন মেথি গুটিৰ গুড়ি পানীত দি খাইছিল চুগাৰৰ কাৰণে। চাহটুপি খাই, গা পা ধুই আহি দ্ৰেছিং টেবুল আহি প্ৰথমে বহি লয়। তাৰপিছত নাৰিকল তেল চুলিত ভালকৈ ঘহিব। তাৰপিছত নিজৰ সৰু ফনিখনেৰে চুলিখিনি একদম টিপ টপ কৰিব। ঠান্ডাৰ দিনতটো নাৰিকল তেল গোট মাৰি থাকে। গতিকে পাপাই শুই উঠায়ে তেলৰ বটলটো ৰ'দত দি থয়। ৰ'দ টান হ'লে বাৰু তেল গলি যায়েই, সময়ত নগলিলে আৰু গৰম পানী কৰি তাতেই বটলটো ডুবাই দিয়ে। সোনকালে কাম হৈ যায়। দাঢ়ি চুলি কটাৰ পিছত মানুহটোক হেনচাম লাগিছিল বাৰু। দাঢ়ি কটাৰ সজুঁলি কেইটা আছিল ৰেজৰ, ব্ৰাছ, ব্লেড, ব'ৰ'প্লাছ, অল্ড স্পাইছ বুলি ক্ৰীম আছে চাগৈ সেইটো। দাঢ়ি খুৰাবৰ বাবে আমাৰ বেলেগকৈ বেছিন নাছিল। পাপাই প্ৰথমে মুঢ়া এটাত কাঠৰ টুকুৰাটো দি তাত সৰু আইনা খন এড্জাস্ত কৰি লয়। সৰু বাটি এটাত পানী আনি পীৰাখনত বহি লয় আইনাৰ সন্মুখত। অলপ অল্ড স্পাইছ ব্ৰাছটোত লগাই তিতাই থোৱা গালত থিকছে লগাই। ৰেজৰেৰে সাৱধানে দাঢ়ি খুৰায়। ভালকৈ মুখ ধোৱাৰ পাছত ব'ৰ'প্লাছ লগাব্ই সদায়। গা ধুই উঠাৰ পাছতো ব'ৰ'প্লাছ লগায়। আগতে ব'ৰ'প্লাছ দৰকাৰ হ'লে চিধাই পাপাৰ দাঢ়ি কটা সজুঁলি থকা বেগটোয়েই খুছৰোগৈ।
পাছলৈ এলাহ কৰি নাপিতৰ তাতে টিপ টপ হৈ আহে। চুলিখিনিত ৰঙো কৰাই আনে। মোৰ লগত যদি ক'ৰবালৈ যাবলৈ থাকে ধূন পেছটো অলপ বেছি হয় আৰু। মোৰ এতিয়াও মনত আছে, ম্ই সৰু থাকোঁতে এদিন গৰমৰ দিনত সন্ধ্যা পটককৈ দোকানৰ পৰা কিবা আনোগৈ বুলি লুঙিখন পিন্ধি যাবলৈ লৈছিল, ম্ই গম পাই যি চিঞৰ দিলোঁ তাৰপিছৰপৰা ওচৰতে কৰবাত যাবলৈ হ'লেও লং পেন্ট পিন্ধিহে গৈছিল।
হিলী
তেজপুৰ বিশ্ববিদ্যালয়
Life is galvanizing...and ur words always prove this beautifully.
ReplyDeleteThank you Asha
ReplyDelete