Sunday, 13 January 2019

হিলী পুৰাণ (২৬)

হিলী পুৰাণ
(২৬)

আমাৰ খেতিৰ মাটি নাই। গতিকে গেলা মালকে ধৰি শাক পাছলিও প্ৰায়বোৰেই কিনি খোৱাই মানুহ আমি। ঠাণ্ডাৰ দিনত কৰা এটা দুটা শাক পাছলিৰ বাদে গোটেইবোৰ দেখোন কিনিয়ে খাওঁ। গেলামালৰ বজাৰ টাউনৰ তিনিখনমান দোকানৰ পৰাই কৰা হয়। তাৰে দুখনমানত চাহ খাবলৈও পোৱা যায় সময় বিশেষে। সাপ্তাহিক বজাৰ মানে বৰবৰুৱা বজাৰ বুলিয়েই জানো। সৰুৰে পৰা দেখিছোঁ, পাপাই প্ৰতি দেওবাৰে বৰবৰুৱা বজাৰ যাবই দুটা মোনা লৈ। কেতিয়াবা হয়তো চাইকেল লৈয়েই গুছি যায়, কেতিয়াবা পাব্লিক গাড়ীত। এটা মোনাত চাউল, এটাত আন শাক পাছলিবোৰ। আগতে ৩০০  টকা মানতে দুটা মোনা কেকোঁজেকো কৈ আনে চাইকেলত ওলোমাই। চাউলৰ বস্তাটো বৰ বেলেগ কিটিপ এটাৰে বান্ধে যাতে চাউল পৰি নাযায়। আহি পোৱাৰ লগে লগে গিলাছ এটাত পানী দিওঁ পাপাক। ডলা এখনত শাক পাছলিবোৰ ভাগে ভাগে উলিয়াও। আগতে গাহৰি মাংস অকল দেওবাৰৰ দিনাই আনে। আৰু গাহৰি মাংসৰ কোমল চৰ্বিখিনি ম্ই নাৰিকল মাংস বুলি কৈছিলোঁ। আগতে শাক পাছলিবোৰ লাগ বুলিলেই পটককে সৱতে পোৱা নহৈছিল, তাতে আকৌ গাৱঁলীয়া ফ্ৰেছ বস্তু। লাহে লাহে য'তে ত'তে বজাৰ বহা হ'ল, গতিকে দেওবৰীয়া বৰবৰুৱা বজাৰখনৰ লগত সম্পৰ্কটো কমি গৈছিল। চৌকিদিঙী, টি ভি চেন্টাৰৰ ওচৰ বজাৰখনলৈয়ো যোৱা হৈছিল।

কিন্তু যোৱাবছৰৰ পৰা বৰবৰুৱা বজাৰলৈ আকৌ অহা যোৱা আৰম্ভ হৈছে। আজিও গৈছিলোঁ। গাড়ী ঘোঁৰা ধেৰ। ভিৰ বেছি। তাতে আকৌ বগীবিল মেনিয়াৰ বাবেও যান যঁট বেছি ।

দুফালে দুটা বজাৰ ভৰ্তি মোনা দাঙিও সোঁহাতত বেজী লৈ ঘৰ পালোঁহি সুকলমে।

হিলী
ৰজাভেটা, ডিব্ৰুগড়

No comments:

Post a Comment