Monday, 14 January 2019

হিলী পুৰাণ (২৮)

হিলী পুৰাণ
(২৮)

এতিয়া ম'বাইল ল'ৰাৰ পৰা বুঢ়া সৱৰে হাততে। ইউ টিউৱ, অনলাইন শ্ৱপিং, WhatsApp , Facebook, আৰু যে ক'ত কি। আমি সৰু থাকোঁতে ম'বাইল দূৰৰে কথা, লেণ্ডলাইন টেলিফোনো বহুত দিনৰ পাছতহে আহিছিল ঘৰলৈ। তেতিয়া কেৱল পিছিঅ। এখন দুখন পিছিঅ খোলাৰ পাছতে কেইবাখনো পিছিঅ খোলা হৈছিল university ৰ গেটৰ মুখত। এনাইৰ ঘৰলৈ ফোন কৰিবলৈ গৈ তাত লাইন পাতোঁগৈ। ফোন নম্বৰটো লগাই দিয়ে, তাতে থকা অকণমানি ঘৰটোত থকা ফোনটোত কথা পাতোঁ। বেছি বিল উঠিব বুলি দৰকাৰী কথাকিটা খৰকৈ ক্ওঁ। এনাইৰ ঘৰত লেণ্ডলাইন লোৱাৰ আগতে কাষৰ ঘৰলৈ ফোন কৰোঁ। তেতিয়া ইমানেই মিলাপ্ৰীতি মানুহৰ মাজত, অলপ পিছত ফোন কৰিবলৈ কৈ এনাই হতঁক মাতি দিয়ে। পূথাৰ চিকিৎসাৰ বাবে বম্বে যাওঁতে সিহতঁৰ ঘৰলৈ ফোন কৰিয়ে সৱিশেষ জনাই দিয়ে। আমাৰ ঘৰলৈ লেণ্ডলাইন, ম্ই তৃতীয় শ্ৰেণীত থাকোঁতে চাগৈ আনিছিল। নম্বৰটো আছিল ২৩৭০৩৮৮। প্ৰথম ফোন বাজোঁতে বৰ মজা লাগিছিল। এতিয়াও মনত আছে দিনটো। তেতিয়ালৈ আমাৰ লিংকটো দিয়া নাছিল। exchange ৰ বৰা খুৰাই trial বুলি অলপ দেৰিৰ বাবে লিংক দিছিল। ম্ই পঢ়া টেবুলখনতে আছিল ফোনটো। পটকটৈ বাজি উঠিল। ম্ই তুলিলো ৰিছিভাৰটো। তেতিয়া বৰা খুৰাই কৈছে অলপ দেৰিৰ কাৰণে লিংকটো দি check কৰি চাইছে। সেইটো ফোনটে ম্ই ঘন্টা ধৰি ঘন্টা লগৰবোৰৰ লগত কথা পাতিছিলো। মাজতে বছেৰেকীয়া পৰীক্ষা ৰ আগত খুব ব্লেংক কল কৰি কৰি ডিস্টাৰ্ব দিছিল কোনোবাই। মেট্ৰিক দিয়াৰ আগদিনা best of luck দিয়া মানুহৰ কোবত মায়ে উপায় নাপাই ৰিছিভাৰটো তুলি থৈছিল। মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পাছত ঘৰত নকিয়া মোবাইল এটা লৈছিল, বিএছ্এন্এল্ পোষ্টপেইড কানেকছন। দাদাই কলকাতা পঢ়িব যাওঁতেও সেইটো লৈ গৈছিল। সেইটো সি ফোন কৰে লেণ্ডলাইনত। আমি ঘন্টা ধৰি ঘন্টা একেৰাহে কথা পাতোঁ সদায়। লাহেকৈ  বিএছ্এন্এল্ চিম বাদ দি ভোদাফোন, এয়াৰটেল, এয়াৰচেল আহিল ঘৰলৈ। ফোনো বেলেগ বেলেগ হ'ল। এতিয়া মাৰ দুটা ফোন, মোৰ দুটা ফোন। দাদাৰ এটাই বাৰু। মায়ে আগতে অকল ফোন কৰিব জানে , ৰিছিভ কৰিব জানে। আজিকালি অনলাইনত শ্ৱপিঙো কৰিব জনা হ'ল।

এতিয়া মোৰ ভতিজাই দেতাকৰ লগত ভিডিঅ কলিং কৰে। নহ'লেযে বেছেৰাই দেতাকক লগেই নাপায়। সি আছে ডিব্ৰুগড়ত, দেতাক আছে মুম্বাইত।

হিলী
ৰজাভেটা , ডিব্ৰুগড়

No comments:

Post a Comment