হিলী পুৰাণ
(২৭)
সৰুতে ম্ই বহুত টিপ টপ আৰু পৰিপাটীকৈ আছিলোঁ বুলি খুৰী এগৰাকীয়ে কৈছিল। ম্ই ৰাতিপুৱা গা ধুই যিজোৰ কাপোৰ পিন্ধো, স্কুলৰ পৰা আহি সেইযোৰ নিপিন্ধো। বেলেগ পিন্ধো। খেলিবলৈ গ'লেও বেলেগ, খেলি আহিও বেলেগ, শুবৰ সময়তো বেলেগ। শুবৰ সময়ত আঠুঁৱা ঠিকছে ধুনীয়াকৈ ফিটিং কৰি তৰিলেহে মনটো মোৰ ভাল লাগে। বিছনা চাদৰখনো মানুহ শুৱা ঠাইখিনিৰ বাহিৰে বাকীখিনি একদম ফিট কৰিহে শুইছিলো। ৰাতি শুবৰ সময়ত পিন্ধিবলৈ মায়ে ধুনীয়াকৈ মিটাৰ কাপোৰেৰে ধুনীয়া আহল বহল ফ্ৰক চিলাই দিছিল। সেউজীয়া পাত থকা কাপোৰটো এতিয়াও মনত আছে। বগাত নীলা নীলা ফুট থকা ধুনীয়া ফ্ৰকটো, বেবী পিংক কালাৰৰ কটনৰ ফ্ৰকটো , হালধীয়া ফুলাম ফ্ৰকটো এইকিটা মোৰ বৰ পছন্দৰ আছিল। পিন্ধিব নোৱাৰ হোৱালৈকে হেপাঁহ পলুৱাই পিন্ধিলো সেইটো।
হিলী
No comments:
Post a Comment