যোৱা খন্ডৰ পাছৰ পৰা.....
ডিমকেইটা ভালদৰে ব্ইল নোহোৱাত অকল পানী খায়েই আমি ট্ৰেকিঙ আৰম্ভ কৰিলোঁ(ম্ই কেচাঁই ডিম এটা খাই দিলোঁ বাৰু এসময়ত খাইছিলোঁ বাবে। সেই কাহিনী কেতিয়াবা পাছলৈ জনাম)। আমি মানে, ম্ই,বাহুবলী, হাজা, বৰা ডাঙৰীয়া , এপি আৰু নেতৃত্বত শাহ ডাঙৰীয়া।পিঠিৰ বেগত পানী বটল, হাজাই ৰাতিয়েই তিয়াই গজালি ওলোৱা চানা, আদি। নামেৰী জংগল কেম্পৰ সন্মুখেৰে লুংলুঙীয়া কেচাঁ ৰাস্তাৰে আমি বাট বুলিলোঁ। আমাৰ সহযাত্ৰী হ'ল নামেৰী কেম্পতে লগ পোৱা ধুনীয়া মুগা বৰণীয়া কুকুৰ এজনী। তাই কেতিয়াবা আগবাঢ়ে কেতিয়াবা পিছ। কেতিয়াবা হেৰাল বুলি ভাৱোঁ, কিন্তু আকৌ তাই আহি আমাৰ লগ লাগেহি।
খোজেৰেই আমি আগবাঢ়ি গৈ আছিলোঁ। তাৰেই গাওঁ এখনৰ মাজেৰে যাওঁতে এঘৰত লমালমে ৰবাৱ টেঙা লাগি থকা দেখিলোঁ। ঘৰৰ সন্মুখতে সৰু ল'ৰা এটাই চাইকেল চলাই থকা দেখা পাই হাজা আৰু শাহ দাই এটা দিব নেকি বুলি সুধিলে। ল'ৰাজনৰ মাকেই নেকি ওলাই আমাক দেখি যিমান লাগে লৈ যোৱা বুলি অনুমতি দিলে । এপি, বৰা, হাজা আৰু শাহ দাই মিলি তিনিটামান টেঙা পাৰি আনিলে। ৰবাৱ টেঙা পাই বৰ ফূৰ্তি ৰাইজৰ। বেগত ৰবাৱ টেঙা ভৰাই লৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল।
যিহেতু আমি একোৱেই খোৱা নাছিলোঁ সৱৰে ভোকত পেট কলমটিয়াবলৈ ল'লে। নামেৰী ইক' কেম্পৰ সন্মুখতে আদহীয়া মহিলা এগৰাকীয়ে তেখেতৰ দোকান খুলিছিল। তাতে চাহ পাম নেকি সোধাত লাল চাহ পাম বুলি জনালে। তাতে লাল চাহ বিস্কুটৰ সৈতে খাই খাই মানুহগৰাকীৰ লগতে সকলোৱে কথা পাতিলোঁ। কথাই কথাই গম পালোঁ (যিমান দূৰলৈ মনত পৰিছে) তেখেতৰ বিবাহিত ল'ৰাজন ঢুকুৱা বেছি দিন হোৱাই নাই। বোৱাৰীয়েক আৰু নিচেই কণমানি নাতিৰ সৈতে তেওঁৰ পৰিয়াল। কথাবোৰ গম পাই বৰ বেয়া লাগিল মনটো। তেখেতৰ প্ৰাপ্যখিনি দি তেওঁৰ পৰা বিদায় লৈ আমি আকৌ আগবাঢ়িলোঁ।
চাহটোপা খাই গাত শক্তি পালোঁ, গতিকে ভৰিৰ গতি তীব্ৰ হ'ল। এঠাইত ৰাস্তাত পানী আছিল। তাতে ডৰিকণা দুটামানে খেলি থকাও দেখিলোঁ। গতিকে কাষৰে হাবি ভাঙি ৰাস্তা উলিয়াই আগবাঢ়িব লগীয়া হ'ল। তেনেদৰে যাওঁতে এঠাইত বনৰীয়া হাতীয়ে ভাঙি যোৱা গছ আৰু হাতীৰ বৃষ্ঠাও দেখিলোঁ, জীৱটো উৰিয়ে গৈছিল, কিজানিবা লগেই পাবলগীয়া হয় হাতী। পিছে। হাতী সেইটো সময়ত তাত নাহে বুলি শাহ দাই আশ্বাস দিয়াত বিনাদ্বিধাই যাত্ৰা অব্যাহত ৰাখিলোঁ। ইতিমধ্যে ৰ'দটো অলপ টান হৈছিল। লাহে লাহে আমি আমাৰ লক্ষ্য স্হানো পাবৰে হ'ল। তেতিয়াই বাহুবলীলৈ ফোন আহিল, যে সিহতঁৰ ঘৰলৈ লখিমী ছোৱালী এজনী আহিল তাৰ ভতিজীৰ ৰূপত। গতিকে সেইদিনাৰ দুপৰীয়াৰ সাজঁটো তেখেতেই খোৱাব বুলি ঘোষণা কৰিলে। ৰাতিৰ সেই বিয়াগোম ভাত সাজ খাই আকৌ পাৰ্টি এটা পাম বুলি মনটো ফূৰ্তিত নাছি উঠিল।
লক্ষ্য স্হান পালোঁ। কহুৱাৰে আৱৰা নদীৰ কাষ। শুকুলা আৱৰণৰ খনৰ মাজতে নিজকে পাই ভাল লাগিল। সকলোৱে ফটো তোলাত ব্যস্ত হ'ল। ভোকটোও লাগিছে অলপ। শাহ দাই গজালি ওলোৱা চানা খিনি ধুই আনিলেগৈ। ধুই হোৱাৰ পাছতে খাই চাবলৈ ক'লে। ম্ই ল'বলৈ পোৱাই নাই যিসকলে মুখত ভৰাইছিল, মুখ বিকটাই দিলে উকলিয়াই। কাৰণটো হ'ল কেৰাচিন। গোটেইখনতে কেৰাচিনৰ কেছেমা কেছেম গোন্ধ। নোৱাৰি খাব। সৱ তাতে পেলাবলগীয়া হ'ল আৰু। আমাৰ হাজাই চানা তিয়াওতে ৰাতি গ্ৰহণ কৰা প্ৰসাদৰ বলি হৈ কেৰাচিন তেলৰ বটল অনা পলিথিনটোৱেই ব্যৱহাৰ কৰিলে। গতিকেই চানাত কেৰাচিনৰ উপস্হিতি । গতিকে এতিয়া ৰবাৱ টেঙাতেই চকু সৱৰে। ম্ই ৰবাৱ টেঙা খাব নোৱাৰোঁ বেছি। তাতে আকৌ প্ৰায় খালী পেট। গতিকে নোখোৱাটোৱে শ্ৰেয় বুলি নাখালোঁ।
ইতিমধ্যেই দহমান বাজিল। গতিকে আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। সোনকালে কেম্প পাব লাগে বুলি আমি খোজ খৰ কৰিলোঁ। একেবাৰে আগত এইবাৰ হাজা আৰু শাহ ডাঙৰীয়া, মাজত ম্ই আৰু বাহুবলী, একেবাৰে শেষত এপি আৰু বৰা ডাঙৰীয়া। এপিয়ে জোতা খুলি লোৱাত কিজানি কষ্ট্ই পালে। ইফালে বৰা ডাঙৰীয়া সেইদিনা ভাগৰুৱা । আমাৰ লগতে যোৱা কুকুৰজনীও আমাৰ লগে লগেই কেম্প সোমালহি।
গোটেইমখাৰ ভাগৰে জুগৰে তঁত নাই। কেম্প পাই গা পা ধুই ব্ৰেকফাষ্ট কৰিলোঁ। ইফালো চিটিডনো উঠি গা পা ধুই ফিটফাট। গতিকে শ্ইকীয়া দাকো আমি মাতি দিলোঁ। শ্ইকীয়া দাৰ টেম্পটে গৈ টাউনৰ অন্নপূৰ্ণাত মাছ ভাত খাই আহি বিশ্ববিদ্যালয় পালোঁহি।
ইয়াৰ পাছতো বহুতবাৰ নামেৰীলৈ গৈছোঁ, কিন্তু এই যাত্ৰাটিৰ যে আছে পৃথক আমেজ আৰু অভিজ্ঞতা।
হিলী
বহুত ধুনীয়া লাগিলে তোমাৰ নামেৰী যাত্ৰাৰ কাহিনী পঢ়ি হিলী। নামেৰী বহুবাৰ গৈছোঁ, কিন্ত থকাকৈ যোৱাটো হোৱাগৈ নাই এবাৰো। তোমাৰ কাহিনী পঢ়ি মনটো এতিয়াও নামেৰীতে আছে। ভাল লাগিলে পঢ়ি তোমাৰ অভিজ্ঞতাখিনি...অমৃতা
ReplyDeleteধন্যবাদ অমৃতা।
Delete